Class 5 Environment Chapter 17 আমাৰ দেশ ভাৰতবৰ্ষ

Class 5 Environment Chapter 17 আমাৰ দেশ ভাৰতবৰ্ষ, SEBA Chapter 17 আমাৰ দেশ ভাৰতবৰ্ষ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 17 আমাৰ দেশ ভাৰতবৰ্ষ Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ

Chapter – 17

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ দিশত নেপাল, ভুটান আৰু চীন দেশ আছে। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। একেবাৰে দক্ষিণত শ্রীলংকা আছে।

(খ) ভাৰতৰ প্ৰধান প্রাকৃতিক অঞ্চল কেইটাৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ প্ৰধান প্রাকৃতিক অঞ্চলকেইটা হ’ল– 

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল। 

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

(গ) দক্ষিণৰ মালভূমি অঞ্চল। আৰু 

(ঘ) উপকূলীয় অঞ্চল।

(গ) ‘ভাৰতৰ চাৰিখন প্রধান নৈৰ নাম লিখা

উত্তৰঃ ভাৰতৰ চাৰিখন প্রধান নৈ হ’ল— ব্রহ্মপুত্র, গংগা, যমুনা আৰু গোদাবৰী।

(ঘ) দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম লিখা।

উত্তৰঃ নীলগিৰি পৰ্বত, পূর্বঘাট পর্বত, পশ্চিমঘাট পর্বত আৰু সাতপুৰা পর্বত। 

(ঙ) উপকূল অঞ্চলত থকা ৰাজ্যখেইখনৰ নাম লিখা। 

উত্তৰঃ গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, তামিলনাড়ু, অন্ধ্রপ্রদেশ, উৰিষ্যা আৰু গোৱা।

(চ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম লিখা।

উত্তৰঃ  ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’ল- দিল্লী, চণ্ডীগড়, পণ্ডিচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’ অংশ‘খ’ অংশ
চিকিমৰাচী
তামিলনাড়ুমুম্বাই
হাৰিয়ানাচেন্নাই
ঝাৰখণ্ডগেংটক
মহাৰাষ্ট্ৰচণ্ডীগড়

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
চিকিমগেংটক
তামিলনাড়ুচেন্নাই
হাৰিয়ানাচণ্ডীগড়
ঝাৰখণ্ডৰাঁচী
মহাৰাষ্ট্ৰমুম্বাই

প্রশ্ন ৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা।

(ক) থৰ মৰুভূমি উত্তৰৰ সমভূমি/উপকূল অঞ্চলত অৱস্থিত।

(খ) পার্বত্য অঞ্চলত ধান খেতি/ গোমধান খেতি হয়। 

(গ) মৰুভূমিত বালি/পানীৰ অভাৱ।

(ঘ) গোদাবৰী/গংগা দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।

(ঙ) মৰুভূমিত জনবসতি পাতল/ঘন।

উত্তৰঃ (ক) থৰ মৰুভূমি উত্তৰৰ সমভূমি অঞ্চলত অৱস্থিত। 

(খ) পার্বত্য অঞ্চলত গোমধান খেতি হয়।

(গ) মৰুভূমিত পানীৰ অভাৱ।

(ঘ) গোদাবৰী দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ। 

(ঙ) মৰুভূমিত জনবসতি পাতল।

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা :-

(ক) ভাৰতবৰ্ষত ___ খন ৰাজ্য আছে।

(খ) থৰ এখন ____ ।

(গ) পশ্চিমঘাট পর্বত ____অঞ্চলত অৱস্থিত।

(ঘ) ____ পৰ্বতমালাই ভাৰতৰ উত্তৰ আৰু পূব দিশত আগুৰি আছে।

(ঙ) ভাৰতৰ ৰাজধানী ___। 

উত্তৰঃ (ক) ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আছে।

(খ) থৰ এখন মৰুভূমি।

(গ) পশ্চিমঘাট পর্বত দক্ষিণৰ মালভূমি অঞ্চলত অৱস্থিত। 

(ঘ) হিমালয় পর্বতমালাই ভাৰতৰ উত্তৰ আৰু পূব দিশত আগুৰি আছে।

(ঙ) ভাৰতৰ ৰাজধানী নতুন দিল্লী।

প্রশ্ন ৫। ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতবৰ্ষ এখন অতি প্রাচীন দেশ। প্রাচীন কালত ‘ভৰত’ নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি পণ্ডিতসকলে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক লেটিন ভাষাত ‘ইন্দাজ’ বুলি কোৱা হয়, সেই ইদাজ’ শব্দৰ পৰাই ইংৰাজীত ‘ইণ্ডিয়া’ হয় বুলি কোনো কোনোৱে কয়।

প্রশ্ন ৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা ?

উত্তৰঃ জাতি বৰ্ণ, ভাষা, ধর্ম নির্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সম্মান আৰু সম্ভাৱ দেখুওৱা হয়, সেয়াই হৈছে ৰাষ্ট্ৰীয় সংহতি। আন কথাত ক’বলৈ গ’লে সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি।

প্রশ্ন ৭। মালভূমি অঞ্চলত কি কি খেতি হয় ? 

উত্তৰঃ মালভূমি অঞ্চলত কপাহ, কুঁহিয়াৰ, যত ধানৰ খেতি কৰা হয়। কোনো কোনো ঠাইত চাহ আৰু কফি খেতিও কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কোনজন প্রাচীন ৰজাৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হোৱা বুলি কোৱা হয় ?

উত্তৰঃ ‘ভৰত’ নামৰ ৰজাজনৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হোৱা বুলি কোৱা হয়।

প্রশ্ন ২। ‘ইণ্ডিয়া’ শব্দটোৰ মূল কোন ভাষাৰ ?

উত্তৰঃ ইণ্ডিয়া’ শব্দটোৰ মূল লেটিন ভাষাৰ।

প্রশ্ন ৩। ভাৰতৰ পূব-পশ্চিম আৰু দক্ষিণ দিশক কি কি সাগৰ-মহাসাগৰে আগুৰি আছে তাৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ পূবে বংগোপসাগৰ, পশ্চিমে আৰবসাগৰ, আৰু দক্ষিণে ভাৰত মহাসাগৰ

আছে।

প্রশ্ন ৪। ভাৰতৰ পূবে থকা সাগৰখনৰ নাম কি ? 

উত্তৰঃ বঙ্গোপসাগৰ।

প্রশ্ন ৫। ভাৰতৰ পশ্চিমে থকা সাগৰখনৰ নাম কি ?

উত্তৰঃ আৰব সাগৰ। 

প্রশ্ন ৬। ভাৰতৰ দক্ষিণে থকা মহাসাগৰখনৰ নাম কি ?

উত্তৰঃ ভাৰত মহাসাগৰ। 

প্রশ্ন ৭। ভাৰতৰ কোনকেইখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে লগ লাগি আছে ?

উত্তৰঃ অসম, পশ্চিমবংগ, ত্রিপুরা, মেঘালয়।

প্রশ্ন ৮। ম্যানমাৰ ভাৰতৰ কোন দিশত আছে ? 

উত্তৰঃ ম্যানমাৰ ভাৰতৰ পূব দিশত আছে।

প্রশ্ন ৯। ভাৰতৰ উত্তৰ দিশত থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ উত্তৰ দিশত থকা বিদেশী ৰাষ্ট্ৰকেইখন হ’ল- নেপাল, ভুটান আৰু চীনদেশ।

প্রশ্ন ১০। ভাৰতৰ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ পাকিস্তান আৰু আফগানিস্তান।

প্রশ্ন ১১। ভাৰতৰ দক্ষিণৰ শেষ স্থানৰ কাষতেই থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

উত্তৰঃ ভাৰতৰ দক্ষিণৰ শেষ স্থানৰ কাষতেই থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ’ল শ্রীলংকা।

প্রশ্ন ১২। কেইটামান প্রাকৃতিক অবয়বৰ নাম লিখা।

উত্তৰঃ পৰ্বত-পাহাৰ, নৈ, বনভূমি, মালভূমি, মৰুভূমি, উপকূল আদি প্রাকৃতিক অবয়ব।

প্রশ্ন ১৩। ভাৰতৰ প্ৰাকৃতিক অৱয়ব আৰু মনোৰম পৰিৱেশে ভাৰতৰ কোনবোৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে ?

উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক অৱয়ব আৰু মনোৰম পৰিৱেশে ভাৰতৰ সভ্যতা, সংস্কৃতি তথা ভাৰতীয় মানুহৰ জীৱন ধাৰণ প্ৰণালীত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। 

প্রশ্ন ১৪। ভাৰতৰ উত্তৰ পাৰ্বত্য অঞ্চলটো ক’ৰ পৰা কলৈ বিস্তৃত ?

উত্তৰঃ কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তলৈকে হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলিৰে উত্তৰৰ পাৰ্বত্য অঞ্চলটো গঠিত। 

প্রশ্ন ১৫। পার্বত্য অঞ্চলৰ নগৰবোৰে দেশী-বিদেশী পর্যটকক কিয় আকর্ষণ কৰে ?

উত্তৰঃ পার্বত্য অঞ্চলৰ নগৰবোৰ সুন্দৰ। ইয়াৰ জলবায়ু স্বাস্থ্যকৰ, মনোৰম প্ৰাকৃতিক দৃশ্য আৰু আমোদ প্রমোদৰ সুবিধা থকা বাবেই বহুতো দেশী-বিদেশী পর্যটকক এই নগৰসমূহে আকর্ষণ কৰে।

প্রশ্ন ১৬। উত্তৰৰ সমভূমি অঞ্চলত থকা ভাৰতৰ পাঁচখন মহানগৰৰ নাম লিখা।

উত্তৰঃ নতুন দিল্লী, গুৱাহাটী, কলকাতা, লক্ষ্ণৌ, জয়পুৰ। 

প্রশ্ন ১৭। উত্তৰৰ সমভূমি অঞ্চলৰ মাজেদি বৈ যোৱা চাৰিখন নৈৰ নাম লিখা। 

উত্তৰঃ ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু শতদ্ৰ নদী উত্তৰৰ সমভূমি অঞ্চলৰ মাজেদি বৈ গৈছে।

প্রশ্ন ১৮। উত্তৰৰ সমভূমি অঞ্চলৰ মাটি সাৰুৱা কিয় ?

উত্তৰঃ উত্তৰৰ সমভূমি অঞ্চলৰ মাজেদি কেবাখনো ডাঙৰ নৈ বৈ গৈছে। নৈৰ পলসেবে গঠিত হোৱা বাবে এই অঞ্চলৰ মাটি বৰ সাৰুৱা। 

প্রশ্ন ১৯। দক্ষিণৰ মালভূমি অঞ্চলৰ প্ৰধান নৈ সমূহ কি কি ?

উত্তৰঃ দক্ষিণৰ মালভূমি অঞ্চলৰ প্ৰধান নৈসমূহ হ’ল মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী ইত্যাদি।

প্রশ্ন ২০। বংগোপসাগৰৰ পৰা তথা দক্ষিণৰ মালভূমি অঞ্চলৰ অন্তৰ্গত চাৰিখন নদীৰ নাম লিখা।

উত্তৰঃ মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী।

প্রশ্ন ২১। আরব সাগৰত পৰা তথা দক্ষিণৰ মালভূমি অঞ্চলৰ অন্তৰ্গত দুখন নদীৰ নাম লিখা।

উত্তৰঃ নর্মদা আৰু তাপ্তী।

প্রশ্ন ২২। দক্ষিণৰ মালভূমি অঞ্চলৰ দুটা উল্লেখযোগ্য মালভূমিৰ নাম লিখা।

উত্তৰঃ মালৱ মালভূমি আৰু চোটনাগপুৰ মালভূমি।

প্রশ্ন ২৩। ভাৰতৰ উপকূল অঞ্চল কোনটো ?

উত্তৰঃ দক্ষিণ মহাসাগৰৰ পাৰে পাৰে থকা সমতল অঞ্চলেই হৈছে উপকূল অঞ্চল।

প্রশ্ন ২৪। উপকূলীয় অঞ্চলত গৰম ঠাণ্ডাৰ পাৰ্থক্য কম কিয় ?

উত্তৰঃ উপকূলীয় অঞ্চলত সাগৰীয় বতাহ বলে কাৰণে গৰম আৰু ঠাণ্ডাৰ পাৰ্থক্য কম।

প্রশ্ন ২৫। উপকূলীয় অঞ্চলত কোনবিধ খেতি অধিক পৰিমাণে হয় ? 

উত্তৰঃ উপকূলীয় অঞ্চলত নাৰিকলৰ খেতি প্ৰচুৰ পৰিমাণে হয়।

প্রশ্ন ২৬। লাক্ষা দ্বীপপুঞ্জ কোনটো সাগৰত আছে ? 

উত্তৰঃ লক্ষাদ্বীপপুঞ্জ আৰব সাগৰত আছে।

প্রশ্ন ২৭। আন্দামান-নিকোবৰ দ্বীপপুঞ্জ কোনটো সাগৰৰ ভিতৰুৱা ? 

উত্তৰঃ বঙ্গোপসাগৰত আন্দামান-নিকোবর দ্বীপপূঞ্জ আছে।

প্রশ্ন ২৮। ভাৰতত সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান ?

উত্তৰঃ ২২ টা।

প্রশ্ন ২৯। ভাৰতত কিমান ভাষা-উপভাষা আছে ? 

উত্তৰঃ ভাৰতত ২৫০ টাতকৈ অধিক ভাষা-উপভাষা আছে।

প্রশ্ন ৩০। অসমৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ ভাত অসমৰ প্ৰধান আহাৰ। 

প্রশ্ন ৩২। উত্তৰ প্ৰদেশৰ মানুহৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ উত্তৰ প্ৰদেশৰ মানুহৰ প্ৰধান আহাৰ ৰুটি।

প্রশ্ন ৩৩। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ নাম কি ?

উত্তৰঃ মৌলানা আবুল কালাম আজাদ।

প্রশ্ন ৩৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় সভানেত্রী কোন আছিল ?

উত্তৰঃ সৰোজনী নাইডু।

প্রশ্ন ৩৫। স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। 

প্রশ্ন ৩৬। আমাৰ দেশৰ তিনিটা ৰাষ্ট্ৰীয় দিৱসৰ নাম লিখা।

উত্তৰঃ আমাৰ দেশৰ তিনিটা ৰাষ্ট্ৰীয় দিৱস হৈছে— গণতন্ত্র দিৱস, স্বাধীনতা দিবস আৰু গান্ধীজয়ন্তী।

প্রশ্ন ৩৭। সাংস্কৃতিক বিনিময়ৰ এটা সুফল লিখা।

উত্তৰঃ সাংস্কৃতিক বিনিময়ৰ জৰিয়তে বিভিন্ন জাতি- উপজাতিৰ গীত-মাত, নৃত্য, খেল-ধেমালি, বাদ্যযন্ত্র, সাহিত্য, কলা-সংস্কৃতি আদিৰ বিষয়ে জানিব পাৰি।

প্রশ্ন ৩৮। ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ হকে সেৱা আগবঢ়োৱা কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম লিখা।

উত্তৰঃ গোপীনাথ বৰদলৈ, মৌলানা আবুল কালাম আজাদ, সৰোজনী নাইডু, মহাত্মাগান্ধী ইত্যাদি।

প্রশ্ন ৩৯। ছবি চাই নাম লিখা।

উত্তৰঃ (ক) মহাত্মা গান্ধী ।

(খ) গোপীনাথ বৰদলৈ ।

(গ) মৌলানা আবুল কালাম ।

প্রশ্ন ৪০। ভাৰতৰ এখন মেপ আঁকি ৰাজ্যৰ ৰাজধানী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানীসমূহ দেখুওৱা।

উত্তৰঃ

প্রশ্ন ৪১। ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহ দেখুৱাই এখন মেপ আঁকা।

উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহ

প্রশ্ন ৪২। ভাৰতৰ এখন আৰ্হি মেপ আঁকি তলত উল্লেখ কৰাবোৰ চিহ্নিত কৰা।

পর্বত :- নীলগিৰী, পূর্বঘাট, পশ্চিমঘাট, সাতপুৰা, বিন্ধ্য, আৰাৱলী, হিমালয়, লংগ, কাৰ্বি, পাটকাই।

নদী :- কাবেৰী, কৃষ্ণা, গোদাবৰী, তাপ্তী, নর্মদা, মহানদী, গংগা, ব্রহ্মপুত্র, শোন, যমুনা, কোশী।

উত্তৰঃ ভাৰতৰ প্ৰধান পাহাৰ-পৰ্বত আৰু নদ নদী

প্ৰশ্ন ৪৩। ভাৰতৰ ৰাজ্যৰ ৰাজধানী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা।

ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হল―দিল্লী, চণ্ডীগৰ, পণ্ডিচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লাক্ষা দ্বীপ, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাবেলি।

প্রশ্ন৪৪। প্ৰচুৰ ধান উৎপাদন হোৱা তিনিখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ উৰিষ্যা, অসম, পশ্চিম বংগ।

প্ৰশ্ন৪৫। ভাৰতৰ প্ৰধান ধৰ্মকেইটাৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ প্ৰধান ধৰ্মকেইটা হল– হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈন।

প্রশ্ন৪৬। ভাৰতৰ প্ৰচুৰ পৰিমানে গমধান উৎপাদন হোৱা তিনিখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ভাৰতত প্ৰচুৰ পৰিমাণে গমধান উৎপাদন হোৱা ৰাজ্য তিনিখন হ’ল পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ।

প্রশ্ন ৪৭। শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা :

(ক) ভাৰতৰ সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য হ’ল ‘অনৈক্যৰ মাজত ঐক্য”।

(খ) সংহতি হৈছে ৰাষ্ট্ৰ এখনৰ ঐক্য শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি।

(গ) ভাৰতবৰ্ষ হৈছে জাতি আৰু সংস্কৃতিৰ মিলনভূমি।

(ঘ) ইন্দিৰা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্রী। 

উত্তৰঃ (ক) শুদ্ধ (খ) শুদ্ধ (গ) শুদ্ধ (ঘ) অশুদ্ধ (ঙ) অশুদ্ধ

প্রশ্ন ৪৮। ভাৰতৰ কেইটামান পৰ্যটকৰ আকর্ষণীয় স্থানৰ নাম লিখা। 

উত্তৰঃ দার্জিলিং, নাইনিতাল, ডেৰাডুন, কুলু, মানালি, মুচৌৰী, গেংটক, কাশ্মীৰ আদি পৰ্যটকৰ আকর্ষণীয় স্থান।

প্রশ্ন ৪৯। খালী ঠাই পূৰ কৰা :

উত্তৰঃ 

প্রশ্ন ৫০। ভাৰতক কি কি প্রাকৃতিক ভাগত ভগোৱা হৈছে ? প্ৰতিটো ভাগৰে চমু আলোচনা কৰা।

উত্তৰঃ ভাৰতক প্ৰধানকৈ চাৰিটা প্ৰাকৃতিক ভাগত ভগাব পাৰি— 

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

(গ) দক্ষিণৰ মালভূমি অঞ্চল।

(ঘ) উপকূলীয় অঞ্চল।

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল :- হিমালয় পর্বতমালাই ভাৰতৰ উত্তৰ আৰু পূব দিশক আগুৰি আছে। কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তলৈকে হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলিৰে উত্তৰৰ পাৰ্বত্য অঞ্চলটো গঠিত। হিমালয় পৰ্বতৰ উচ্চ অংশ আৰু শৃংগবোৰ বছৰৰ সৰহ সময় বৰফেৰে আবৃত হৈ থাকে। ইয়াত মানুহৰ বসতি পাতল। উত্তৰ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো নৈৰ উৎপত্তি স্থল হৈছে এই পার্বত্য অঞ্চল। হিমালয়ৰ নামনি অঞ্চল গছ-গছনিৰে ভৰা। ইয়াত ফল-মূল, গোমধান, চাহ আদি খেতি কৰা হয়। এই অঞ্চলতে দার্জিলিং, নাইনিতাল, ডেৰাডুন, কুলু, মানালি, মুচৌৰী, কাশ্মীৰ, গেংটক আদি সুন্দৰ সুন্দৰ নগৰবোৰ অৱস্থিত। স্বাস্থ্যকৰ জলবায়ু, মনোৰম প্রাকৃতিক দৃশ্য, আমোদ-প্রমোদৰ সুবিধা থকা বাবেই বহুতো দেশী-বিদেশী পর্যটকক এই নগৰসমূহে আকর্ষণ কৰে।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল :- উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ভাৰতৰ পশ্চিম সীমাৰ পৰা পূবে অসমলৈ বিস্তৃত হৈ আছে। এই অঞ্চল প্রায় সমতল। সিন্ধু নৈ আৰু ইয়াৰ উপনৈসমূহৰ উপত্যকা অঞ্চল, ব্রহ্মপুত্র, গংগা, যমুনা নৈৰ উপত্যকা অঞ্চল আৰু ৰাজস্থানৰ মঞ্চভূমি অঞ্চল মিলি এই সমভূমি অঞ্চল গঠিত। ব্রহ্মপুত্র, গংগা, যমুনা, শতঙ্ক আদি প্রধান নৈ এই অঞ্চলৰ মাজেদি বৈ গৈছে। নৈৰ পলসেৰে গঠিত হোৱা বাবে এই অঞ্চলৰ মাটি বৰ সাৰুৱা আৰু খেতিৰ বাবে উপযোগী। গতিকে ইয়াত ধান, মাহ, ঘেঁহু, সৰিয়হ, কুঁহিয়াৰ, ফল-মূল আৰু বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি হয়। এই অঞ্চলত জনবসতি ঘন আৰু যাতায়াতৰ ব্যৱস্থা উন্নত। বহুতো বৃহৎ নগৰ এই অঞ্চলত গঢ়ি উঠিছে। নতুন দিল্লী, লক্ষ্ণৌ, পাটনা, চণ্ডীগড়, জয়পুৰ, গুৱাহাটী, ক’লকাতা আদি নগৰসমূহ উত্তৰৰ সমভূমি অঞ্চলত অৱস্থিত।

উক্ত অঞ্চলৰ পশ্চিমবংগত বৰষুণ কমকৈ হয়। এই অঞ্চলটো মৰুভূমি আৰু বালিৰে ভৰা। ইয়াত জলবায়ু প্ৰায়েই গৰম আৰু শুকান হৈ থাকে। বিশাল থৰ মৰুভূমি এই অঞ্চলতেই অৱস্থিত। ইয়াৰ আশে-পাশে জলসিঞ্চনৰ সহায়ত বজৰা, ঘেঁহু, চীনা বাদাম আদিৰ খেতি কৰা হয়।

(গ) দক্ষিণ ভাৰতৰ মালভূমি অঞ্চল :- সমভূমি অঞ্চলৰ দক্ষিণফালে থকা বৃহৎ মালভূমি অঞ্চলটোৱেই হ’ল দক্ষিণৰ মালভূমি বা দাক্ষিণাত্য মালভূমি অঞ্চল। এই অঞ্চলটো পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ এঢলীয়া। ইয়াত থকা উল্লেখযোগ্য নৈসমূহ হ’ল মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী আদি। এই আটাইবোৰ নৈয়েই পশ্চিমৰ পৰা পূবলৈ আহি বংগোপসাগৰত পৰিছে। আনহাতে উত্তৰৰ অংশত থকা বিন্ধ্য পর্বত আৰু সাতপুৰা পৰ্বতৰ মাজৰ অংশটো পূবৰ পৰা পশ্চিমলৈ ঢাল খোৱা। সেইবাবে নর্মদা আৰু তাৰ্থী নৈ দুখন পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আৰব সাগৰত পৰিছে। এই অঞ্চলৰ আন কেইখনমান প্রধান পৰ্বত হ’ল আৰাৱলী, মহাদেৱ, পূর্বঘাট, পশ্চিমঘাট আৰু দক্ষিণে থকা নীলগিৰি আদি। ইয়াত থকা উল্লেখযোগ্য মালভূমি সমূহ হ’ল—মালৱ আৰু চোটনাগপুৰ মালভূমি। মালভূমি অঞ্চলত কপাহ, কুঁহিয়াৰ, যৱ ধানৰ খেতি কৰা হয়। নীলগিৰী পাহাৰত চাহ আৰু কফি খেতি কৰা হয়। এই অঞ্চলৰ পাহাৰবোৰত চন্দন গছ যথেষ্ট হয়।

(ঘ) উপকূলীয় অঞ্চল :- দক্ষিণ ভাৰতৰ সাগৰৰ পাৰে পাৰে থকা সমতল অঞ্চলেই হৈছে উপকূল অঞ্চল। ভাৰতৰ এই উপকূল অঞ্চল পূব উপকূল আৰু পশ্চিম উপকূল এই দুই ভাগত বিভক্ত। পশ্চিমঘাট পৰ্বতৰ কাষে কাষে থকা পশ্চিমৰ উপকূলভাগ বৰ ঠেক। তাৰ তুলনাত পূবৰ উপকূল বহল। উপকূলীয় অঞ্চলত সাগৰীয় বতাহ বলে কাৰণে গৰম আৰু ঠাণ্ডাৰ পাৰ্থক্য কম। পশ্চিম উপকূলত যথেষ্ট পৰিমাণে বৰষুণ হয় কাৰণে গভীৰ অৰণ্য অঞ্চল আছে। উপকূলীয় অঞ্চলত অধিক পৰিমাণে নাৰিকলৰ খেতি হয়। ঠায়ে ঠায়ে ধান খেতিও কৰা হয়। ইয়াৰ উপকূল অঞ্চলত কেইবাটাও বন্দৰ আছে। এই বন্দৰসমুহেৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ লগত সাগৰীয় পথেৰে বেহা-বেপাৰ চলে। উপকূল অঞ্চলত থকা ৰাজ্যকেইখন হ’ল— গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা, তামিলনাড়ু, অন্ধ্রপ্রদেশ আৰু উৰিষ্যা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top