Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য

Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য, Class 5 Assamese Chapter 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ৰঙৰ ৰহস্য Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য Solutions for All Subject, You can practice these here

ৰঙৰ ৰহস্য

Chapter – 8

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।

প্রশ্ন : ২। উত্তৰ দিয়া :

(ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীণ ছবি ক’ত আঁকিছিল ? 

উত্তৰ : আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীণ ছবি আঁকিছিল।

(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে ? সেই ৰং কেইটাৰ নাম কি?

উত্তৰ : সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। সেই ৰং কেইটাৰ নাম ক্রমে— বেঙুণীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

(গ) আমি বস্তু এটা কেতিয়া দেখো? আন্ধাৰত থকা বস্তু নেদেখাৰ কাৰণ কি ? 

উত্তৰ : কোনো বস্তুত পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখো। আন্ধাৰত পোহৰ প্ৰতিফলিত নহয় বাবে আমি আন্ধাৰত থকা বস্তু নেদেখোঁ।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি ? 

উত্তৰ : (ঘ) সাতোটা ৰং লগ লাগি বগা ৰং সৃষ্টি হয়। সূৰ্যৰ পোহৰত সাতোটা ৰং থকাৰ বাবে পোহৰত চক পেঞ্চিলডাল বগা দেখা যায়। 

(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি ?

উত্তৰ : মানুহৰ দৰে গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংওটাং জাতীয় বনমানুহবোৰ, কিছুমান চৰাই আৰু মৌ-মাখিয়ে ৰং চিনি পায়। ঘঁৰিয়ালে সকলো বস্তু মটীয়া দেখে।

প্রশ্ন : ৩। কাৰ কি ৰং মিলোৱা।

উত্তৰ : (ৰংবোৰ আঁচটানি মিলোৱা হৈছে।)

আকাশখননীলা 
গছৰ পাতসেউজীয়া 
গাখীৰবগা 
সৰিয়হৰ ফুলহালধীয়া
চুলিটাৰিক’লা 
বেঙেনাবেঙুণীয়া

প্রশ্ন : ৪। খালী ঠাই পূৰ কৰা

(ক) ঘঁকি বোলে সকলো বস্তুৰে ৰং—–দেখে।

(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক———আমি দেখোঁ ৷

(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম——I

উত্তৰ : (ক) ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটীয়া দেখে।

(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক’লা দেখোঁ।

(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।

প্রশ্ন ; ৫। সঁচা নে মিছা লিখা। 

উত্তৰ : (ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। → সঁচা

(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া। → মিছা 

(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। → সঁচা

(ঘ) কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়। → সঁচা

(ঙ) মানুহে অতি বেঙুণীয়া ৰংটোও দেখে। → সঁচা

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। তলত আঁচ দিয়া যুক্তাক্ষৰ কেইটা ভাঙি দেখুওৱা ৷

নিশ্চয়অস্তএকাদিক্রমেআৱিষ্কাৰ
পেঞ্চিলবিজ্ঞানীচিম্পাঞ্জীবায়ুমণ্ডল

উত্তৰ : শ্চ = শ+চ → শ’ই ‘চ’ই → শ্চ

স্ত = স + ত → ‘স’ই ‘ত’ই → স্ত

ক্ৰ = ক + ৰ → ‘ক’ ই ‘ৰ’ই → ক্ৰ

ষ্ক = ষ + ক → ‘ষ’ই ‘ক’ই → ষ্ক

ঞ্চ = ঞ+চ → ‘ঞ’ই ‘চ’ই → ঞ্চ

জ্ঞ = জ+ঞ → ‘জ’ই ‘ঞ’ই → জ্ঞ

স্প = ম + প→ ‘ম’ই ‘প’ই →ম্প

ঞ্জ = ঞ+জ → ‘ঞ’ই ‘জ’ই → ঞ্জ 

ণ্ড = ণ + ড → মূর্ধণ্য ‘ণ’ই মূর্ধণ্য ‘ড’ই → ণ্ড

প্রশ্ন : ২। পাঠটোত ৰঙা, ৰীণ, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে কি কি পদৰ গুণ বুজাইছে লিখা।

উত্তৰ : 

বিশেষণ পদগুণ বুজোৱা পদ
ৰঙাবেলি
ৰঙীণবস্তু
নীলাআকাশ
সেউজীয়াপথাৰ
সোণোৱালীশইচ

প্রশ্ন : ৩। তলত অৰ্থেৰে সৈতে শব্দ দিয়া হৈছে। সেই শব্দবোৰেৰে বাক্য সাজা।

উত্তৰ :

অৰ্থেৰে সৈতে দিয়া শব্দবাক্য ৰচনা
ৰং (আনন্দ, ধেমালি)সৰু ল’ৰা বিলাকে ৰং খেলি আছে।
ৰং (বৰণ)সূৰ্যৰ পোহৰত সাতটা ৰং আছে।
বহুৰঙী (কেবাটাও ৰঙৰ)বহুৰঙী ফুলেৰে বাগিছাখন ভৰি আছে।
ৰঙীণ (ৰং থকা, ৰং যুক্ত)ৰঙীণ সাজ তোমাৰ ভাল লাগেনে ?
ৰঙিল (ৰং বোলোৱা)কোঠাটোৰ বেৰবোৰ ৰঙিলকৈ সজোৱা হৈছিল।
ৰঙিলী (ৰঙিয়াল তিৰোতা বা ছোৱালী)ৰঙিলী এজনী ভাল বিহু নাচনী।
ৰঙালী (আনন্দপূর্ণ, ৰঙে ভৰা)বহাগ বিহুক ৰঙালী বিহু বোলা হয়।
ৰঙিয়াল (ৰং মনৰ, আনন্দময়)ৰঙিয়াল ল’ৰা-ছোৱালী কিছুমানে খেলি আছিল।
ৰঙচুৱা (অলপ ৰঙা বৰণৰ)ৰঙচুৱা পোহৰে মঞ্চ আগুৰি ধৰিছিল।
ৰংচঙীয়া (নানা ৰঙৰ সাজ-পাৰ)সৌ ৰংচঙীয়া সাজ-পাৰ পিন্ধা ছোৱালীজনী কোন অ ?
ৰং ধেমালি (আমোদ প্রমোদ, আনন্দ)বহাগ বিহুত ৰং ধেমালি কৰা হয়।
ৰং ৰহইচ (ৰং ধেমালি, আনন্দ)কঙালী বিহুত ৰং ৰহইচ নাথাকে।

প্রশ্ন : ৪। জানো আহাঁ।

‘ঙ’ আখৰৰ এটা ৰূপ ‘অনুশ্বাৰ’ (ং)। শব্দত অনুশ্বাৰ (ধ্বনি) লগ লাগিলে তাৰ উচ্চাৰণ ব্যঞ্জনান্ত হয়। আকৌ অনুশ্বাৰ যুক্ত শব্দত বিভক্তি যোগ হ’লে অনুশ্বাৰ ধ্বনি ‘ঙলৈ সলনি হয়। যেনে: ৰং ―ৰঙৰ, ৰঙত, খঙত, চাঙত; কলং―কলঙৰ, কলঙত, কলঙলৈ, দলঙত, দলঙৰ, দলঙলৈ ইত্যাদি।

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। জানো আহা :

ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজন : ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল ১৬৪২ চনত ইংলণ্ডত। তেওঁ আইতাকৰ লগত ডাঙৰ-দীঘল হৈছিল। সৰুকালত পঢ়া-শুনাত মনোযোগ নাছিল; কিন্তু বিবিধ খেলনা, যন্ত্রপাতি তৈয়াৰ কৰাত পাকৈত আছিল। নিউটনে কম বয়সতে বায়ুকল আৰু বেলিঘড়ী সাজি উলিয়াইছিল।

নিউটন কেম্রিজ বিশ্ববিদ্যালয়ত পঢ়িছিল আৰু পাছ কৰাৰ পিছত তাতেই অধ্যাপনা কৰিছিল। গণিত, পদার্থ বিজ্ঞান আৰু জ্যোতির্বিজ্ঞানলৈ নিউটনে আগবঢ়োৱা অৱদান অবিস্মৰণীয়। পদাৰ্থৰ গতি সম্পৰ্কত নিউটনে আৱিষ্কাৰ কৰা বিখ্যাত তিনিটা সুত্র নিউটনৰ সুত্ৰ নামে জনাজাত। আপেল সৰি মাটিত পৰা দেখি নিউটনে আৱিষ্কাৰ কৰা মধ্যাকৰ্ষণ তত্ত্বৰ কাহিনী সকলোৱে জানে। আন আন আৱিষ্কাৰৰ ভিতৰত নিউটনৰ পোহৰৰ প্ৰতিফলন আৰু দূৰবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ উল্লেখযোগ্য। সত্য অন্বেষণকাৰী এই মহান বিজ্ঞানীজনৰ ১৭২৭ চনৰ ২০ মাৰ্চত ৮০ বছৰ বয়সত পৰলোক ঘটে। 

প্রশ্ন : ১। পোহৰৰ সাত ৰঙৰ সংক্ষেপণ ‘ভিবজিওৰ’ (VIBGYOR) ৰ লগত পৰিচয় হওঁ আহাঁ।

উত্তৰ : V – VIOLET (ভায়লেট) …… বেঙুণীয়া। 

I – INDIGO (ইণ্ডিগো)…..…… ঘননীলা।

B – BLUE (ব্লু)……… নীলা।

G – GREEN (গ্রীণ)……… সেউজীয়া ।

Y – YELLOW (ইয়েলো)…….. হালধীয়া

0 – ORANGE (অ’ৰেঞ্জ)………. সুমথিৰা

R – RED (ৰেড্‌)…………ৰঙা ৷

প্রশ্ন : ২। কবিতাটি লগে-ভাগে গোৱা।

ৰঙৰ খেলা

ৰঙা নীলা হালধীয়া

অকলশৰীয়া,

ৰঙা নীলা মিলি দুয়ো

হ’ল বেঙুণীয়া

ৰঙাৰ সতে হালধীয়া

পালো সুমথিৰা,

হালধীয়া নীলা মিলি

হ’ল সেউজীয়া ।

ৰঙা নীলা হালধীয়া

 কৰিলে মিহল,

মটীয়া ৰংটি পাবা

ডাঠ বা পাতল।

কবি– নৱকান্ত বৰুৱা।

প্রশ্ন : ৩। এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা ।

(ক) ৰঙা + নীলা = বেঙুণীয়া।

(খ) ৰঙা + হালধীয়া = সুমথিৰা। 

(গ) হালধীয়া + নীলা = সেউজীয়া ।

(ঘ) ৰঙা + নীলা হালধীয়া = মটীয়া।

প্রশ্ন : ৪। ৰামধেনু এখন আঁকি তলত দিয়া ক্ৰমত ৰং বোলোৱা।

R – ৰঙা

O – সুমথিৰা

Y – হালধীয়া

G – সেউজীয়া

B- নীলা 

I – ঘননীলা

V – বেঙুণীয়া 

প্রশ্ন : ৫। দলত আলোচনা কৰি চমুটোকা লিখা।

ৰংপুৰ            ৰামধেনু,             বায়ুমণ্ডল,

গুহ,              বন-মানুহ,            অক্ষিপট।

উত্তৰ : ৰংপুৰ : উজনি অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত এখন প্ৰসিদ্ধ ঠাই। এসময়ত ৰংপুৰ নগৰ আহোম ৰজাসকলৰ ৰাজধানী আছিল।

ৰামধেনু : পাতলীয়া বৰষুণ বা পানীৰ কণিকাৰ মাজেৰে সূৰ্যৰ ৰশ্মি আহিলে আকাশত সাতৰঙৰ ৰামধেনু দেখা যায়। ৰামধেনুত দেখা সাতটা ৰং মিলি সূৰ্যৰ বগা পোহৰ হৈছে।

বায়ুমণ্ডল : আমাৰ মূৰৰ ওপৰৰ আকাশখনলৈ দেখা মহাশূন্য ঠাইখন বায়ুৰে ভৰি থাকে। এই শূন্য অঞ্চলেই বায়ুমণ্ডল।

গুহা : পৰ্বতৰ মাজৰ শিলত থকা ডাঙৰ গাত। গুহাবোৰ ঘৰৰ কোঠালিৰ দৰে। আদিম মানুহে এনে পৰ্বতৰ গুহাত বাস কৰিছিল।

বন-মানুহ : গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংওটাং আদিৰ দৰে প্ৰাণীবিধক বন-মানুহ বোলা হয়। দেখাত মানুহৰ দৰে দেখিলেও ইহঁত বনৰীয়া প্ৰাণী। মানুহৰ দৰে সাজ-পাৰ বা ভাব প্ৰকাশৰ ভাষা সিহঁতৰ নাই। 

অক্ষিপট : চকুৰ পৰ্দাক অক্ষিপট বোলা হয়। প্রতিফলিত সূৰ্যৰ পোহৰ আমাৰ চকুৰ পৰ্দাত পৰিলে বস্তুটো আমি দেখো। 

প্রশ্ন : ৬। তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা।

প্রশ্ন : ৬। তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা।

প্রশ্ন : ৭। VIBGYOR-অৰ দৰে সাতোটা ৰঙৰ অসমীয়া নামবোৰৰ প্ৰথম আখৰবোৰেৰে এটা অসমীয়া শব্দ গঠন কৰা।

উত্তৰ : V – VIOLET = বেঙুণীয়া → বে 

I – INDIGO = ঘণনীলা → ঘ

B- BLUE = নীলা → নী

G – GREEN = সেউজীয়া → সে

Y-YELLOW = হালধীয়া হা

0 – ORANGE = সুমথিৰা → সু

R-RED = ৰঙা → ৰ

এতেকে অসমীয়া শব্দটো ‘বেঘনীসেহাসুৰ’ হ’ব।

ঘ- প্রকল্প

প্রশ্ন : ১। ৰঙীণ কাগজেৰে ফুল, ফুলৰ মালা, শিকলি বা সজাই থোৱা সামগ্রী তৈয়াৰ কৰা।

উত্তৰ : নিজে যত্ন কৰি চোৱা। 

প্রশ্ন : ২। আকাশত ৰামধেনু ওলোৱা দৃশ্য এটা ৰং বোলাই আঁকা।

উত্তৰ : তুমি নিজে যত্ন কৰা।

প্রশ্ন : ৩। কি ৰং হয় চোৱা আৰু বহীত লিখা। 

উত্তৰ : – চূণৰ পানীৰ লগত হালধি মিহলালে

— কলাখাৰৰ লগত মিঠাতেল মিহলালে 

―পুৰৈ শাকৰ পকা গুটি হাতেৰে মোহাৰিলে

―জেতুকাৰ পাত বটি হাতত লেপ দিলে 

প্রশ্ন : ৪। কেনে দেখি কোৱা আৰু বহীত লিখা।

—এটি ৰঙা ফুল ভিন্‌ ভিন ৰঙৰ অতি পাতল কাগজ বা কাঁচৰ মাজেৰে চালে।

উত্তৰ : নিজে প্ৰমাণ কৰি চোৱা।

প্রশ্ন : ৫। তলৰ ছবিবোৰত ৰং কৰা।

কাউৰীৰ ছবি      জবাফুলৰ ছবি

ছাতিৰ ছবি         জিকাৰ ছবি

উত্তৰ : ৰং কৰি চোৱা ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising