Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী

Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী, Class 5 Assamese Chapter 14 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board সৰু ছোৱালী আৰু পাখী Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 14 সৰু ছোৱালী আৰু পাখী Solutions for All Subject, You can practice these here

সৰু ছোৱালী আৰু পাখী

Chapter – 14

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। পদ্যটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।

প্রশ্ন : ২। পদ্যটি আবৃত্তি কৰা। 

প্রশ্ন : ৩। উত্তৰ লিখা।

(ক) সৰু ছোৱালীয়ে পৰীক কি কি দিব বুলি কৈছে? 

উত্তৰ : সৰু ছোৱালীয়ে পখীক কোঁচ ভৰাই ফুল, থাকিবলৈ সোণৰ সজা আৰু খাবলৈ পকা ফল দিব বুলি কৈছে। 

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে ?

উত্তৰ : সৰু ছোৱালীয়ে পখীজনীক বৰ ভাল পায় বাবে বাৰে বাৰে তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে।

(গ) সৰু ছোৱালীয়ে কিছু পখীজনীক গীত গাবলৈ মাতিছে ? 

উত্তৰঃ পখীৰ সুললিত গীত শুনি আনন্দিত হ’বৰ বাবে সৰু ছোৱালীয়ে গীত গাবলৈ মাতিছে।

প্রশ্ন : ৪। পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। 

উত্তৰ : ওপৰত দিয়া সাৰাংশ চোৱা।

প্রশ্ন : ৫। তলত দিয়া শব্দৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা। 

উদৰ, সাউং, একেচিপে, সুললিত, হৰষিত, ততালিকে

উত্তৰ : 

শব্দঅর্থ
উদৰপেট
সাউৎততালিকে
একেচিপেবেগতে, সাউৎ কৰে।
সুললিতসুমধুৰ, সুন্দৰ।
হৰষিতআনন্দিত।
ততালিকেসাউৎকৰে, বেগতে।

প্রশ্ন : ৬। চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে ?

উত্তৰ : চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে চৰাইজনীক কোঁচ ভৰাই ফুল দিবলৈ, থাকিবলৈ সোণৰ সজা দিবলৈ, উদৰ পূৰাই খাবলৈ দিবলৈ আৰু পকাফল দিবলৈ গাত লৈছে।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। ‘সাউৎকৰে’ শব্দটোৰ অৰ্থ হৈছে ‘বেগতে’, ‘একে চোচাই’, ‘একে চিপতে’, ‘একে শোহাই’। ‘সাউং কৰেৰ’ দৰে অৰ্থ প্ৰকাশ কৰা, পাঠত থকা আন দুটা শব্দ হৈছে ‘ততালিকে’, ‘একে চিপে’। এতিয়া ‘‘সাউৎকৰে’ শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা ।

উত্তৰ : সাউৎকৰে : (১) ল’ৰাবিলাকে সাউৎ কৰে কামটো কৰি পেলাইছিল। 

(২) ডালত থকা চৰাইজনী সাউৎ কৰে উৰি গৈছিল।

(৩) তুমি সাউৎ কৰে গৈ তেখেতৰ খবৰটো লৈ আহাগৈ চোন। 

(৪) সি গৰম চাহ কাপ সাউৎ কৰে পি পেলাইছিল।

প্রশ্ন : ২। তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। (দলত আলোচনা কৰি কৰিবা।) 

শুৱলা ৰেগতে পেট আনন্দিত গগণ

উত্তৰ :

শব্দসমার্থক শব্দ (পদ্যটোৰ পৰা)
শুৱলাসুললিত
বেগতেসাউৎ কৰে
পেটউদৰ
আনন্দিতহৰষিত
গগণআকাশ

জানো আহা :

চন্দ্ৰ বিন্দু ( ঁ ) এটা সৰু চিন হ’লেও ই অসমীয়া ভাষাৰ এটা পূর্ণ বর্ণ। স্বৰ আৰু বাঞ্জন বৰ্ণৰ ওপৰত ইয়াৰ প্ৰয়োগ। পিচে ইয়াৰ প্ৰয়োগ বা ব্যৱহাৰত সাবধান হ লাগে। চন্দ্ৰ বিন্দু ( ঁ ) প্ৰয়োগৰ কিছুমান নিয়ম আছে। তাৰ কেইটামান নিয়ম (পিপি) উল্লেখ কৰা হ’ল।

(ক) প্ৰথম পুৰুষ (উত্তম পুৰুষৰ)ৰ ক্ৰিয়া বিভক্তি ‘ও’ত চন্দ্ৰ বিন্দু” ব্যৱহাৰ হয়। ওপৰৰ পদ্যটোত পাওঁ, ৰওঁ ক্রিয়াপদ দুটা এই নিয়ম অনুসৰি হৈছে। যেনে—মই/আমি খেলোঁ /পঢ়োঁ/লিখোঁ ইত্যাদি।

(খ) ‘হওঁ’ প্রত্যয়যুক্ত পদ্ৰত চন্দ্ৰবিন্দু”ব্যৱহাৰ হয়। যেনে— সর্বনাম পদ—ইহঁত, সিহঁত, তহঁত। বিশেষ্য পদ—ল’ৰাহঁত, জীয়াৰীহঁত, জীয়েকহঁত ইত্যাদি। 

(গ) ক্ৰিয়া পদৰ লগত যোগ হোৱা ‘হঁক’ প্রত্যয় চন্দ্র বিন্দু যুক্ত হয়; যেনে— তই/তহঁত আহিবিহঁক, তালৈ নাযাবিহঁক, আটায়ে খাবিহঁক/খাবাহঁক ইত্যাদি।

(ঘ) ‘ওঁতা’ আৰু ‘অঁতী’ প্রত্যয়যুক্ত ক্রিয়াত চন্দ্র বিন্দু যোগ হয়; যেনে— কৰোঁতা (পুং); কতী (স্ত্রী), মৰোঁতা (পুং), ‘মৰতী’ (স্ত্রী) ইত্যাদি। 

(ঙ) ‘ওঁতে’ যুক্ত ক্ৰিয়াত চন্দ্ৰ বিন্দু ব্যৱহাৰ হয়; যেনে— কওঁতে, যাওঁতে, খাওঁতে, পঢ়োঁতে ইত্যাদি।

চন্দ্ৰ বিন্দুৰ ‘ৰ প্ৰয়োগ জানিলে বহুত বানান শুদ্ধকৈ শিকিব বা লিখিব পাৰি। 

প্রশ্ন : ৩। উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা।

যেনে— ভৰি (চৰণ, পদ, ঠেং) – ভৰিত দুখ পোৱাৰ বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে।

ভৰি (পূৰ্ণ হৈ, পূৰ হৈ) -বাগিছাখন ফুলেৰে ভৰি আছে।

উত্তৰ :

শব্দ অর্থবাক্য
সজা (চৰাইৰ বাবে সজোৱা বাহ)সজাত থকা মইনা চৰাইটোৱে কথা ক’ব পাৰে।
সজা (আনৰ হতুৱাই নিৰ্মাণ কৰা)বতৰ ভালে থকা কেইদিনতে ঘৰটো সজাই লোৱা।
ফল (কোনো কাৰ্যৰ পৰিণতি)অন্যায়ৰ ফল এদিন ভুগিবই লাগিব।
ফল (গছৰ গুটি)তেওঁলোকৰ এখন ফলৰ বাগিচা আছে।
ৰং (আনন্দ)বহাগ বিহু অসমীয়া মানুহৰ ৰং ধেমালিৰ উৎসৱ।
ৰং (বৰণ, বোল)ঘৰটোৰ বেৰৰ ৰং বৰ উজ্জ্বল হৈছে।

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। পদ্যটোত সৰু ছোৱালীয়ে চৰাইজনীক বিভিন্ন বস্তু দিব বুলি লোভ দেখুৱাই মাতিছে। তেনেদৰে তোমাকো কোনোবাই বহু বস্তু দিব বুলি লোভ দেখুৱালে তুমি কি কৰিবা ? বস্তুৰ লোভত অচিনাকি লোকৰ ওচৰলৈ গ’লে তোমাৰ কেনে ধৰণৰ বিপদ হ’ব পাৰে ?

উত্তৰ : বিভিন্ন বস্তু দিয়াৰ লোভ দেখুৱাই অচিনাকি মানুহে মাতিলে কেতিয়াও ওচৰ চাপিব নালাগে। লোভ দেখুৱাই তেনে মানুহে আমাৰ নানা ধৰণৰ বিপদ ঘটাব পাৰে। সিহঁতে আমাৰ বস্তু নিব পাৰে, আমাক কোনো দ্ৰব্য প্ৰয়োগ কৰি অচেতন কৰি অপহৰণ কৰি নিব পাৰে।

প্রশ্ন : ২। ‘আহ, পখী আহ। ফুল দিম কোঁচ ভৰি। খুৱাম উদৰ পূৰি। সাজি দিম সোণোৱালী বাহ’ – সৰু ছোৱালীয়ে পখীক ওপৰত উল্লেখ কৰা বস্তু দিম বুলি কৈছে। সেইদৰে ছোৱালীজনী যদি পখীৰ ওচৰলৈ যায় পখীয়ে তাইক কি কি দিব পাৰিব বুলি তুমি ভাবা ?

উত্তৰ : সৰু ছোৱালী পখীৰ ওচৰলৈ গ’লে পখীয়ে তাইক পকা ফল, ফুল আদি আনি দিব পাৰিব আৰু মনত ৰং লগাবৰ বাবে সুললিত সুৰেৰে গীত গাই শুনাব পাৰিব।

ঘ-প্ৰকল্প

প্রশ্ন : ১। তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা। 

উত্তৰ : (নিজে উত্তৰ কৰাৰ যত্ন কৰা।)

প্রশ্ন : ২। তোমাৰ চিনাকি চৰাইৰ ছবি আঁকা। 

উত্তৰ : (নিজে উত্তৰ কৰাৰ যত্ন কৰা।)

প্রশ্ন : ৩। ওপৰৰ ছবিখন চাই কাহিনী এটা লিখা।

উত্তৰ : (নিজে উত্তৰ কৰাৰ যত্ন কৰা।)

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising