🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা

Class 4 Environmental Studies Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 9

অনুশীলনী

১। উত্তৰ লিখা-

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। 

(খ) ৰাষ্ট্ৰীয় প্রতীকৰ মোহৰটো আমি ক’ত ক’ত ব্যৱহাৰ কৰোঁ? 

উত্তৰঃ ৰাষ্ট্ৰীয় প্রতীকৰ মোহৰটো আমি চৰকাৰী কাগজ- পত্র, ডাক-টিকট, পোষ্টকার্ড আদিত ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

(গ) ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে?

উত্তৰঃ ভাৰতে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে।

(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম। 

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাখন ব্যৱহাৰৰ তিনিটা নিয়ম হৈছে- ১। জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে।

২। সূর্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে। 

৩। সূর্য অস্ত যোৱাৰ আগত নমাব লাগে। সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে।

(ঙ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম হৈছে- স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।

২। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
সেউজীয়াশক্তি আৰু সাহসৰ প্ৰতীক।
বগাউৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।
গেৰুৱাআকাশ আৰু সমুদ্ৰক বুজায়।
গাঢ়নীলাসত্য আৰু শান্তিৰ প্ৰতীক।

উত্তৰঃ

‘ক’‘খ’
সেউজীয়াকৃষি আৰু প্ৰগতিৰ প্ৰতীক।
বগাসত্য আৰু শান্তিৰ প্ৰতীক।
গেৰুৱাত্যাগ, দেশপ্রেম আৰু সাহসৰ প্ৰতীক।
গাঢ়নীলাআকাশ আৰু সমুদ্রক বুজায়।

৩। খালী ঠাই পূৰ কৰা- 

(ক) মহাত্মা গান্ধীৰ জন্মদিনটো _________ হিচাপে পালন কৰা হয়। 

উত্তৰঃ গান্ধী জয়ন্তী।

(খ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত ___________ বুলি পৰিচিত। 

উত্তৰঃ নেহৰু খুড়া।

(গ) ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়।

উত্তৰঃ গণতন্ত্ৰ দিৱস।

(ঘ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ।

(ঙ) আমাৰ জাতীয় প্রতীকটোক অশোক স্তম্ভ বোলে।

উত্তৰঃ অশোক স্তম্ভ।

৪। তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা-

উত্তৰঃ

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top