🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 8 আমাৰ উৎসৱসমূহ

Class 4 Environmental Studies Chapter 8 আমাৰ উৎসৱসমূহ Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 8 আমাৰ উৎসৱসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 8

অনুশীলনী

১। চমু উত্তৰ লিখা-

(ক) শিখ ধর্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? 

উত্তৰঃ শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ’ল গুৰু নানক জয়ন্তী’।

(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? 

উত্তৰঃ বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে।

(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? 

উত্তৰঃ অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে।

(ঘ) বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়?

উত্তৰঃ ব’হাগ মাহৰ পূৰ্ণিমাৰ দিনটোক এক পৱিত্ৰ দিন হিচাপে বুদ্ধ পূর্ণিমা পালন কৰা হয়।

(ঙ) সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? 

উত্তৰঃ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটেৰ নাম হ’ল- ফাঁকুৱা বা হোলী। 

২। শুদ্ধ উত্তৰটোত ‘✓’ চিন দিয়া-

(ক) গুৰুনানক বৌদ্ধধর্ম/শিখ ধর্ম/খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক।

উত্তৰঃ গুৰুনানক শিখ ধর্ম।

(খ) বিহু/হোলী/দেৱালী এক কৃষিভিত্তিক উৎসৱ।

উত্তৰঃ বিহু এক কৃষিভিত্তিক উৎসৱ।

(গ) ৰঙালী বিহু/কঙালী বিহু/ভোগালী বিহুত ভেলাঘৰ সজা হয়।

উত্তৰঃ ভোগালী বিহুত ভেলাঘৰ সজা হয়।

৩। উৎসৱ বুলিলে কি বুজা লিখা। 

উত্তৰঃ অসমৰ বিভিন্ন জাতি জনগোষ্ঠিয়ে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি-নিয়ম মানি উলহ- মালহৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি-নিয়মৰ মাজেৰে উলহ-মালহেৰে সম্পন্ন কৰা এনে কার্যকে উৎসৱ বুলি কোৱা হয়। 

৪। আমি উৎসৱমূহ কিয় পালন কৰিব লাগে? 

উত্তৰঃ আমি উৎসৱ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা-প্রীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে।

৫। তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাচটা বাক্য লিখা। 

উত্তৰঃ বিহুঃ

১। বিহু হৈছে আমাৰ জাতিয় উৎসৱ। 

২। বিহু তিনিটা ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। 

৩। ব’হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়।

৪। বিহুত সকলোৰে ঘৰত বিভিন্ন লাৰু, পিঠা বনায়।

৫। বিহুত সৰুয়ে ডাঙৰৰ আর্শিবাদ লয়।

৬। ফাঁকুৱা বা হোলী উৎসৱ কেনদৰে পালন কৰা হয়?

উত্তৰঃ ফাঁকুৱা বা হোলী উৎসৱটো প্ৰথমতে শ্রীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও কালক্ৰমত সকলো ধৰ্মৰ লোকেই এই উৎসৱ পালন কৰিবলৈ লয়। 

৭। মাঘ বিহুত কি কি কৰা হয়। সেই বিষয়ে পাঁচটা বাক্য লিখা।

উত্তৰঃ মাঘ বিহুত মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়। পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। সেই ভেলাঘৰতে নিশা ৰাইজে মিলি- জুলি ভোজ ভাত খায়। পাছদিনা ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে।

মাঘ বিহুঃ ১। এই বিহুৰ কেইদিনমান আগৰে পৰা সকলোৱে পথাৰৰ নৰা কাটী মেজি বনাই।

২। বিহু দিনা ৰাতিপুৱা মেজি জ্বলায় অগ্নি দেৱতাক সেৱা কৰা হয়।

৩। এই সময়ত সূর্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। 

৪। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। 

৫। এই বিহুত আবেলি সকলোৱে খেল-ধেমালি কৰে আৰু বিভিন্ন খেল খেলে। যেনে- পাৰ-পুখুৰী, কাবাদী, হাঁহা কান্দা আদি। 

৮। গৰু বিহুৰ দিনাখন গৰুক গা-ধুওৱাৰ উপৰি আৰু কি কি কৰা হয়?

উত্তৰঃ গৰু বিহুৰ দিনাখন গৰুক মাহ-হালধি ঘঁহি ধুৱাই-পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে। এনেদৰেই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।

৯। এজোপা খ্রীষ্টমাছ গছ আঁকা।

 উত্তৰঃ

১০। ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি ক’লাজ তৈয়াৰ কৰা।

উত্তৰঃ

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top