🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Class 4 Environmental Studies Chapter 6 বায়ু আৰু আমাৰ চৌপাশ Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 6

অনুশীলনী

১। উত্তৰ লিখা- 

(ক) বায়ু কি? 

উত্তৰঃ বায়ু এবিধ গেছীয় মিশ্র পদার্থ। 

(খ) জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি? 

উত্তৰঃ জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হ’ল- অক্সিজেন গেছ। 

(গ) উশাহত লোৱা বায়ু কেনে হ’ব লাগে?

উত্তৰঃ উশাহত লোৱা বায়ু নিৰ্মল আৰু স্বচ্চ হ’ব লাগে।

(ঘ) বতাহ কাক বোলে? 

উত্তৰঃ চলাচল কৰা বায়ুকে বতাহ বোলে। 

২। খালী থাই পূৰ কৰা- 

(ক) বায়ু আমি চকুৰে দেখা ________।

উত্তৰঃ নাপাওঁ।

(খ) জোৰেৰে বলা বতাহক _________ বোলে। 

উত্তৰঃ ধুমুহা।

(গ) উদ্ভিদে বায়ুপৰা __________  গেছ সংগ্ৰহ কৰি প্ৰ’টিন তৈয়াৰ কৰে। 

উত্তৰঃ নাইট্ৰ’জেন।

(ঘ) ________ বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক।

উত্তৰঃ দূষিত বায়ু। 

৩। শুদ্ধ উত্তৰটো বাছি’ উলিওৱা ‘✓’ চিন দিয়া।

(ক) নিৰ্মল বায়ুৰ বৰণ আছে/নাই। 

উত্তৰঃ নাই।

(খ) বায়ু আমি দেখোঁ/অনুভৱ কৰোঁ।

উত্তৰঃ অনুভৱ কৰো।

(গ) জীয়াই থাকিবলৈ সকলো প্রাণী আৰু উদ্ভিদক বায়ু লাগে / নালাগে। 

উত্তৰঃ লাগে। 

(ঘ) প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় /নহয়। 

উত্তৰঃ হানিকাৰক হয়।

৪। বায়ু চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখা। 

উত্তৰঃ বায়ু আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ।

(১) উশাহ লবলৈ আমি বায়ু ব্যৱহাৰ কৰোঁ।

(২) বেলুনত আমি বায়ু ভৰোৱাও।

(৩) চাইকেল, ৰিক্সা, গাড়ী, আদি চকাতো বায়ু ভৰোৱাও। 

(৪) বায়ু থকাৰ বাবে চকৰি ঘূৰে। 

৫। (ক) দূষিত বায়ুৰপৰা হ’ব পৰা তিনিটা বেমাৰৰ নাম লিখা?

উত্তৰঃ দূষিত বায়ুৰ পৰা হ’ব পৰা তিনিটা বেমাৰ হ’ল- এলাৰ্জি, চৰ্দি, কাহ-জ্বৰ। 

(খ) বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা। 

উত্তৰঃ বায়ু প্ৰদূষন ৰোধ কৰা চাৰিটা উপায় হ’ল-

১। গছ-গছনি বেছিকৈ ৰোপন কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰো। 

২। গাড়ী-মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়।

৩। মৰা জীৱ-জন্তু আদি গাঁতত পুতিও বায়ু প্রদূষণ ৰোধ কৰিব পৰা যায়।

৪। কল-কাৰাখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্রদূষণ কমাব পাৰি।

(গ) পার্থক্য লিখাঃ ধুমুহা আৰু ফিৰফিৰীয়া বতাহ।

উত্তৰঃ ধুমুহা বতাহ-যেতিয়া কোনো এজাক বতাহ জোৰেৰে বলে আৰু গছ-গছনিৰ লগতে ঘৰ-দুৱাৰো ক্ষতি দায়ক হয় সেই বতাহক ধুমুহা বতাহ বোলে।

ফিৰফিৰীয়া বতাহ-যেতিয়া কোনো এজাক বতাহ লাহে লাহে বলি কাৰো ক্ষতি নকৰে সেই বতাহক ফিৰফিৰীয়া বতাহ বোলে।

৬। পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয়?

উত্তৰঃ পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি হয় কাৰণ মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top