Class 4 Environmental Studies Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা

Class 4 Environmental Studies Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 5

অনুশীলনী

১। চমু উত্তৰ দিয়া-

(ক) প্রাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু ৰাখিব লাগে?

উত্তৰঃ বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপোৰ, গ্ল’ভছ, থার্ম’মিটাৰ, জুলীয়া এন্টিচেপ্টিক, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আৰু এখন সৰু কেঁচী।

(খ) আলিবাটত খোজ কাঢ়োতে কি কি নিয়ম মানিব লাগে?

উত্তৰঃ আলিবাটত খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। আলিবাট পাৰ হওঁতে প্রয়োজন সাপেক্ষ আগলৈ-পাছলৈ, সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান-বাহন নাহিলেহে পাৰ হোৱা উচিত। আলিবাটত সদায় ‘ট্ৰেফিক’ৰ সংকেত মানি চলা অতি প্রয়োজন। 

(গ) যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়?

উত্তৰঃ যোগাসন আৰু প্ৰাণায়াম কৰিলে আমাৰ দেহ-মন ভালে থাকে। একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। খেলা-ধূলা, পঢ়া-শুনাত মনোযোগ বৃদ্ধি হয়। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত? 

উত্তৰঃ খেলোঁতে ল’বলগীয়া সাৱধানতা সমূহ হ’ল- শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। ওখোৰা-মোখোৰা ঠাইত খেলিব নালাগে। নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি-বন থকা ঠাইত খেলিব নালাগে। আলিবাটৰ মাজত খেলিব নালাগে। লাঠি, দা, কটাৰী, জুই আদি হাতত লৈ খেলিব নালাগে। খেলি থাকোতে ইজনে-সিজনৰ গালৈ বস্তু দলিয়াব নালাগে। খেলোঁতে অযথা ঠেলা-হেঁচা কৰিব নালাগে।

২। খালী ঠাই পূৰ কৰা-

(ক) শৰীৰত কম পৰিমাণে পোৱা আঘাত __________ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি।

উত্তৰঃ প্রাথমিক।

(খ) বেমাৰ-আজাৰ হ’লে আমাৰ শৰীৰটো_________ হৈ পৰে।

উত্তৰঃ দুৰ্বল।

(গ) অকস্মাতে হোৱা দুর্ঘটনাই হ’ল ___________  দুর্ঘটনা। 

উত্তৰঃ আকস্মিক।

(ঘ) তিতা হাতেৰে __________ আৰু ________ চুব নালাগে।

উত্তৰঃ বৈদ্যুতিক সৰঞ্জাম, ছুইছ।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা- 

(ক) চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক/ প্রাথমিক চিকিৎসা বোলে। 

উত্তৰঃ চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক চিকিৎসা বোলে।

(খ) ওখোৰা-মোখোৰা ঠাইত খেলিব লাগে । নালাগে। 

উত্তৰঃ ওখোৰা-মোখোৰা ঠাইত খেলি নালাগে। 

(গ) আলিবাটত সদায় নিজৰ বাওঁহাতে/সোহাঁতে খোজ খাঢ়িব লাগে।

উত্তৰঃ আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে।

(ঘ) জুইৰ কাষত/আঁতৰত বহিব লাগে।

উত্তৰঃ জুইৰ আঁতৰত বহিব লাগে। 

৪। স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে?

উত্তৰঃ স্বাস্থ্য ভালে ৰাখিবলৈ আমি ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগে। ভালদৰে যোগাসান কৰিব লাগে। ভালদৰে সেউজীয়া শাক-পাচলি খাব লাগে। খেলা-ধূলা কৰিব লাগে। 

৫। আলোচনা চক্র আয়োজন কৰা-

বিষয়ঃ প্রাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা

উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top