🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 2 ভিন ভিন প্ৰাণী

Class 4 Environmental Studies Chapter 2 ভিন ভিন প্ৰাণী Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 2 ভিন ভিন প্ৰাণী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 2

অনুশীলনী

১। উত্তৰ লিখা- 

(ক) মানুহক কিয় সর্বভোজী প্রাণী বোলে?

উত্তৰঃ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে।

(খ) মাংসভোজী প্রাণী কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে মাংস খায় জীয়াই থাকে তেনে প্রাণীবোৰকে মাংসভোজী প্রাণী বোলে। যেনে- বাঘ, সিংহ আদি। 

(গ) তৃণভোজী প্রাণী কাক বোলে? 

উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খায় জীয়াই থাকে, তেনে প্রাণীবোৰক তৃণভোজী প্রাণী বোলে। যেনে- গৰু, ছাগলী আদি।

(ঘ) প্রাণীক বাসস্থানৰ কিয় প্রয়োজন? 

উত্তৰঃ ৰ’দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন।

(ঙ) ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায়? 

উত্তৰঃ ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক-পৰুৱা ধৰি খায় কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থকা। 

(চ) প্রাণীক আহাৰৰ কিয় প্রয়োজন? 

উত্তৰঃ প্ৰাণীৰ দেহ গঠন হ’বলৈ আহাৰৰ প্ৰয়োজন লগতে প্রাণী জীয়াই থাকিবলৈ আৰু শক্তি পাবলৈ আহাৰৰ প্ৰয়োজন। 

(ছ) টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে?

উত্তৰঃ টোকোৰা চৰায়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছৰ আদিৰ পাতৰ আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো সাজে।

(জ) মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে?

উত্তৰঃ কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। শিঙি, মাগুৰ, কুচিয়া, চেঙেলি আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলঘৰীয়া মাছে শিলৰ ফাঁকত আশ্রয় লয়।

(ঝ) পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ-বিদেশ ঘুৰি ফুৰে? 

উত্তৰঃ পৰিভ্ৰমী চৰাইবোৰ দেশ-বিদেশ ঘূৰি ফুৰে কাৰণ-ইহঁতে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য নোৱাৰি দেশ-বিদেশে ঘূৰি ফুৰে।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) টুনী/কুলি/বুলবুলী চৰায়ে বাহ নাসাজে।

উত্তৰঃ কুলি চৰায়ে বাহ নাসাজে।

(খ) ধৃতৰাজ/বুলবুলী/ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। 

উত্তৰঃ ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই।

৩। খালী ঠাই পূৰ কৰা- 

(ক) দেশ-বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক ________ বোলে।

উত্তৰঃ পৰ্যটক।

(খ) হাঁহৰ ঠোঁট ______ আৰু ______।

উত্তৰঃ বহল, চেপেটা।

(গ) বাহ সজাত পাৰ্গত বাবে টোকোৰা চৰাইক _______  বুলিও কয়। 

উত্তৰঃ শিপিনী চৰাই।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা- 

‘ক’‘খ’
কণামুচৰিশামুক খায়।
চিলনীয়েফলমূল খায়।
হাঁহেমাছ খায়।
ভাটৌৱেমাংস খায়।

উত্তৰঃ

‘ক’‘খ’
কণামুচৰিয়েমাছ খায়।
চিলনীয়েমাংস খায়।
হাঁহেশামুক খায়।
ভাটৌৱেফলমূল খায়।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top