Class 4 Environmental Studies Chapter 1 গছ-গছনিৰ কথা Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.
Class 4 Environmental Studies Chapter 1 গছ-গছনিৰ কথা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.
গছ-গছনিৰ কথা
Chapter – 1
অনুশীলনী |
১। উত্তৰ লিখা-
(ক) উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা।
উত্তৰঃ উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ’ল- গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল।
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম-গাজৰ, মূলা, বীট।
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি?
উত্তৰঃ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ’ল-পাতত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে।
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা।
উত্তৰঃ বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ’ল-নয়নতৰা, জবা, গোলাপ।
(ঙ) গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা।
উত্তৰঃ গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হল- আম, জামু, লিচু।
(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা।
উত্তৰঃ চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ’ল- কমলা, অমিতা, কঁঠাল আৰু ডালিম।
২। খালী ঠাই পূৰ কৰা-
(ক) উদ্ভিদে আহাৰ প্রস্তুত কৰিবলৈ _______ গেছ ব্যৱহাৰ কৰে।
উত্তৰঃ অক্সিজেন।
(খ) লিচু, জলফাই আদিৰ ________গুটি থাকে।
উত্তৰঃ এটা।
(গ) উদ্ভিদে বায়ুমণ্ডলত _______ গেছ আৰু কার্বন-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰঃ অক্সিজেন।
(ঘ) ফুলৰ পৰাই ________ উৎপন্ন হয়।
উত্তৰঃ ফল।
(ঙ) ফুলৰ ৰং আৰু _________ কীট-পতংগক আকর্ষণ কৰে।
উত্তৰঃ গোন্ধে।
৩। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া-
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কার্বন-ডাই-অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে।
উত্তৰঃ উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই- অক্সাইড গেছ আহৰণ কৰে।
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত / ৰাতি ফুলে।
উত্তৰঃ শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে।
(গ) কমলা বগৰি আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল।
উত্তৰঃ কমলা বগৰি আদি শীত ঋতুত হোৱা ফল।
(ঘ) মাটি কঁঠাল তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।
উত্তৰঃ মাটি কঁঠাল তৰমুজ আদিৰ আকাৰ ডাঙৰ।
৪। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা।
উত্তৰঃ