🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Class 4 Environmental Studies Chapter 13 শিৱসাগৰলৈ যাত্ৰা Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 13

অনুশীলনী

১। উত্তৰ লিখা-

(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা। 

উত্তৰঃ আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম হ’ল- বানকাঁহী, বানবাটী আৰু গাগৰী।

(খ) শিৱসাগৰত থকা তিনিটা কীর্তিচিহ্ন নাম লিখা। 

উত্তৰঃ শিৱসাগৰত থকা তিনিটা কীর্তিচিহ্ন নাম হ’ল- কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ। 

(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ’ল- জয়সাগৰ পুখুৰী। 

(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ তিনিবিধ যান-বাহনৰ নাম হ’ল- ঠেলা, গৰুগাড়ী আৰু ঘোঁৰাগাড়ী।

২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল? 

উত্তৰঃ আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 

৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?

উত্তৰঃ যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ। ৰিক্সা, চাইকেল, বাছ, ৰে’ল, উৰাজাহাজ আদিৰে আমি বিভিন্ন ঠাইলৈ যাব পাৰোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে। এনে ধৰণৰ এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যই হৈছে যাতায়াত। 

সকলো ছাত্ৰ-ছাত্ৰীৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে নিজে কৰিবা।

৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰিশাৰীকৈ বাক্য লিখা-

পৰিবহণ, ৰে’লগাড়ী, বাচন-বর্তন, যান-বাহন আৰু জলপথ 

উত্তৰঃ পৰিবহণঃ ১। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। 

২। আমাৰ দেশত স্থল বা পথ-পৰিবহণ, জল-পৰিবহণ, ৰে’ল- পৰিবহণ, আকাশী পৰিবহণ আৰু ৰজ্জু পৰিবহণ ব্যৱস্থা আছে।

৩। পৰিবহণ ব্যৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্যৱহাৰ কৰোঁ। 

৪। আমাৰ গাৱত স্থল বা পথ-পৰিবহণ ব্যৱস্থা আছে। 

ৰে’লগাড়ীঃ ১। ৰে’লগাড়ীৰ জৰিয়তে দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰি। 

২। ৰে’লগাড়ীত উঠিবলৈ হ’লে টিকট সংগ্ৰহ কৰাতো প্রয়োজন। 

৩। ৰে’লগাড়ীত উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে। 

৪। নির্দিষ্ট সময়তহে ৰে’লগাড়ী চলে। 

বাচন-বর্তনঃ ১। আগৰ দিনৰ বাচন-বৰ্তনবোৰ আজিকালি প্ৰায় নোহোৱা হৈছে। 

২। বানকাঁহী, বানবাটি, গাগৰী আদি বাচন-বৰ্তনবোৰ আজো ককা. আইতাহঁতৰ দিনৰে বাচন-বর্তন।

৩। আগৰ দিনৰ বাচন-বৰ্তনবোৰ দেখিবলৈ বৰ ধুনিয়া। 

৪। সকলোৰে ঘৰত বাচন-বৰ্তন থাকে।

যান-বাহনঃ ১। যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ যোৱা কৰিব পাৰোঁ।

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে।

৩। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াব পাৰি।

৪। আগৰ দিনত যান-বাহন নথকাত প্রায় খোজকাঢ়িয়েই এঠাইৰ পৰা আনঠাইলৈ যাব লগা হৈছিল। 

জলপথ: ১। পানীৰ দ্বাৰা মানুহে অহা-যোৱা কৰিব পৰা ব্যৱস্থাক জলপথ বোলে। 

২। নাও, পানীজাহাজ আদি জলপথ ব্যৱস্থাৰ উদাহৰণ।

৩। আগৰ দিনত মানুহে অহা-যোৱা কৰিবলৈ জলপথ ব্যৱস্থা আছিল এক উত্তম ব্যৱস্থা।

৪। জলপথৰ দ্বাৰাও মানুহে দূৰ-দূৰণিলৈ যাব পাৰিছিল।

৫। ‘ক’ অংশৰ লগত  ‘খ’ অংশ মিলোৱা।

‘ক’‘খ’
নাওআকাশী পথ 
উৰাজাহাজআলিবাট
ৰে’লগাড়ীজলপথ
ঘোঁৰাগাড়ীৰে’লপথ

উত্তৰঃ

‘ক’‘খ’
নাওজলপথ
উৰাজাহাজআকাশী পথ
ৰে’লগাড়ীৰে’লপথ
ঘোঁৰাগাড়ীআলিবাট

৬। তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচনৰ ছবি আঁকা।

উত্তৰঃ ছাত্র-ছত্রীয়ে নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top