🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Environmental Studies Chapter 14 আমাৰ অধিকাৰ

Class 4 Environmental Studies Chapter 14 আমাৰ অধিকাৰ Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 14 আমাৰ অধিকাৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 14

অনুশীলনী

১। উত্তৰ লিখা-

(ক) লিংগ-বৈষম্য মানে কি?

উত্তৰঃ লিংগ-বৈষম্য মানে হ’ল ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। 

(খ) শিশুৰ অধিকাৰ বুলিলে কি বুজা? 

উত্তৰঃ শিশুৰ অধিকাৰ বুলিলে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে আদৰ যত্নৰে জীৱন-যাপন কৰাৰ অধিকাৰ। সকলো প্ৰকাৰৰ হিংসাৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ। সু-স্বাস্থ্যৰ অধিকাৰী হৈ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ অধিকাৰ। সু-নাগৰিক হিচাপে গঢ় লৈ উঠাৰ বাবে শিক্ষাৰ অধিকাৰ, যিহেতু শিক্ষা অবিহনে জীৱনৰ কোনো অর্থ নাথাকে।

(গ) শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। 

উত্তৰঃ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হ’ল-শিক্ষাৰ আইন আৰু শিশু-শ্রমিক আইন। 

(ঘ) অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ অসমত শিশু সুৰক্ষা দিৱস ৪ মার্চ তাৰিখে পালন কৰা হয়।

২। খালী ঠাই পূৰ কৰা। 

(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান ________দেখিলে।

উত্তৰঃ খেতি।

(খ) সিহঁতে বিদ্যালয়খনৰ ________ সভাত অংশ গ্ৰহণ কৰিলে। 

উত্তৰঃ প্রাঃসভাত। 

(গ) আমাৰ দেশৰ চৰকাৰে _________চনত শিশু শ্রমিক আইন প্রণয়ন কৰে।

উত্তৰঃ ১৯৮৬।

(ঘ) ২০০৯ চনত _________ শিক্ষাৰ আইন প্রবর্তন কৰা হয়।

উত্তৰঃ শিশুৰ।

৩। সত্যনে অসত্য লিখা-

(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল।

উত্তৰঃ সত্য।

(খ) সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল।

উত্তৰঃ সত্য।

(গ) লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। 

উত্তৰঃ সত্য। 

(ঘ) মালালা ইউচফযাই ভাৰতীয় মহিলা। 

উত্তৰঃ অসত্য।

৪। আকস্মিক বক্তৃতা আয়োজন কৰা- 

লিংগ-বৈষম্য, শিশু শ্রমিক, শিশুৰ অধিকাৰ, ক্ষেত্ৰ ভ্রমণ, প্রাতঃসভা, বিদ্যালয়।

উত্তৰঃ সকলো ছাত্র-ছাত্রীয়ে নিজে কৰিবা।

৫। প’ষ্টাৰ লিখা-

(ক) শিক্ষা শিশুৰ মৌলিক অধিকাৰ। 

উত্তৰঃ শিক্ষাৰ অধিকাৰত স্কুল আদিৰ দ্বাৰা প্রাথমিক শিক্ষা সাং কৰিব নোৱাৰা লোক সকলক বুনিয়াদী শিক্ষা প্ৰদানৰ দায়িত্বৰ কথাও উল্লেখ আছে। শিক্ষাৰ অধিকাৰে শিক্ষাৰ্থী সকলৰ মাজত কোনো ভেদাভেদ নোহোৱাকৈ, ন্যনতম শৈক্ষিক মান বর্তাই ৰাখি শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ গুণগত মান বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। 

(খ) ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক। 

উত্তৰঃ ‘বাধ্যতামূলক শিক্ষা’ বুলিলে চৰকাৰৰ ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে শিশুৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা আৰু নামভৰ্তি, উপস্থিতিৰ খতিয়ানৰ লগতে শিক্ষা সম্পূর্ণ হোৱাৰ দায়িত্বক বুজায়। ‘বিনামূলীয়া শিক্ষা’ ই সকলো শিশুয়ে কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্রাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top