Class 4 Assamese Chapter 4 লঘোন

Class 4 Assamese Chapter 4 লঘোন, SEBA Chapter 4 লঘোন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.

Join Telegram channel

লঘোন

Chapter – 4

অংকুৰণ

ASSAMESE

☆ পদ্যটি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰা। 

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী শুদ্ধকৈ আবৃত্তি কৰিবা।)

☆ উত্তৰ দিয়া –

(ক) ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি ?

উত্তৰঃ কবিজনৰ নাম-নৱকান্ত বৰুৱা। 

(খ) ‘লঘোন’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘লঘোন’ শব্দৰ অৰ্থ হ’ল – উপবাস বা অনাহাৰ। 

(গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে ?

উত্তৰঃ পালোৱান বুলিলে বৰ শকত আৱত মানুহ। যিয়ে মাংসৰ ভৰত গহীন গম্ভীৰ খোজ দিয়ে। বৰ বলবান ব্যক্তি। যাৰ খাদ্য সর্ব সাধাৰণ লোকতকৈ বহু বেছি।

☆ ‘লঘোন’ পদ্যটিৰ ভিত্তিত ক-অংশৰ কথাখিনিৰ লগত খ-অংশৰ কথাখিনি মিলাই লিখা।

ক-অংশখ-অংশ
১৷ আছে যদি আধা সেৰজাহাজী কলকে আন
২৷ দৈ মোক নেলাগেইতাৰো দুচকল দে
৩৷ নাই যদি মালভোগচিৰা দিবা ভাল চাই
৪৷ পাপৰ আছিল বোলেগাখীৰৰ সৰ পালে
৫৷ ৰৌ মাছভজা আছেআঙঠাত সেকচোন

উত্তৰঃ

ক-অংশখ-অংশ
১৷ আছে যদি আধা সেৰচিৰা দিবা ভাল চাই
২৷ দৈ মোক নেলাগেইগাখীৰৰ সব পালে
৩৷ নাই যদি মালভোগজাহাজী কলকে আন
৪৷ পাপৰ আছিল বোলেআঙঠাত সেকচোন
৫৷ ৰৌ মাছভজা আছেতাৰো দুচকল দে

☆ ‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই, কিয় মিলা নাই লিখা। 

উত্তৰঃ ‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। ‘লঘোন’ মানে হ’ল উপাবাসে থকা। কবিতাটোত যিমানবোৰ খাদ্য বস্তুৰ তালিকা দিছে সেইবোৰ বস্তু খাব পালে তাক লঘোনে থকা নুবুজায়। উদৰ পুৰাই খোৱাৰ পিছতো তাৰ আধা ৰৈ যাব। গতিকে পদ্যটোৰ লগত লঘোন থকা নুবুজায়।

☆ তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়েদলত আলোচনা কৰি চমু টোকা লিখা।

(ক) মালভোগ কল। 

(খ) গাখীৰৰ সৰ।

(গ) আচাৰ।

(ঘ) পাপৰ।

উত্তৰঃ (ক) মালভোগ কল :- কলৰ ভিতৰত মালভোগ উত্তম।যিকোনো কল বৰ পুষ্টিকৰ খাদ্য। কল কেচাই থাকিলে আঞ্জা খাব পাৰি। পকিলে ইয়াৰ সোৱাদ মিঠা ফলক যি কোনো দেৱ কাৰ্যত ব্যৱহাৰ কৰা হয়। মালভোগ কল বৰ উপকাৰী। বেমাৰীৰ সু পথ্য।

(খ) গাখীৰৰ সৰ :- গাখীৰৰ সৰ হ’ল গাখীৰৰ ওপৰৰ চায়নি। গাখীৰ উতলালে ঠাণ্ডা হোৱাৰ পাছত যি ডাঠ তৰপ পৰে সেইটোৱে হ’ল গাখীৰৰ সব। দৈ গাখীৰৰ ওপৰতো এই তৰপটো দখা যায়। ই বৰ সোৱাদ যুক্ত।

(গ) আচাৰ :- যি কোনো ফলৰ পৰা আচাৰ তৈয়াৰ কৰিব পাৰি। ই কচি বোধক খাদ্য। ভাত বা রুটিৰ লগত খালে সোৱাদ পোৱা যায়। আচাৰত তেল, নিমখ আৰু বিভিন্ন মা-মছলা দিয়া হয় বাবে জুতি লগা যায়।

(ঘ) পাপৰ :- পাপৰ এবিধ ৰুচিকৰ খাদ্য। ইয়াক তেলত ভাজি বা জুইত সেকি খোৱা হয়। ভজা পাপৰ মুকলি অৱস্থাত ৰাখিলে ই সেমেকি যায়, তেতিয়া ইয়াৰ উপযুক্ত সোৱাদ পোৱা নাযায়। এইবিধ খাদ্য বেমাৰী মানুহৰ কাৰণে বৰ ভাল। পাপৰৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰিব পাৰি। আজিকালি বিয়া ভোজ আদিত এই পাপৰৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখা।

উদাহৰণ

উত্তৰঃ

☆ তলত দিয়া স্বৰবৰ্ণেৰে আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখোঁ আহা-

ন + এৰে  = ______ ন + অহা  =_______

ন + আছিল = _______ ন + আহিবা =_______

ন + উঠে   = _______ ন + ওলায় =_______

উত্তৰঃ 

ন + এৰে  =  নেৰে   ন + অহা  =  নাহা
ন + আছিল  =  নাছিল  ন + আহিবা = নাহিবা
ন + উঠে  = নুঠে   ন + ওলায়  =  নোলায়

☆ এটা শব্দত প্ৰকাশ কৰা।

উত্তৰঃ (ক) ভোকত আঙুৰ হোৱা লোক ―― ভোকাতুৰ।

(খ) নিয়ম মতে খৰচ কৰা লোক ―― মিতব্যয়ী।

(গ) বেছিকৈ ভাত খোৱা মানুহ ―― ভতুৱা।

(ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা ―― ৰান্ধনী।

☆ কোৱা আৰু লিখা :

(ক) কি কি কল তুমি খোৱা আৰু কিয় খোৱা।

উত্তৰঃ মালভোগ, চেনি চম্পা, আঠিয়া, পূৰা, জাহাজী আদি কল খাওঁ। কলৰ আপ্পা খাই ভাল পাওঁ, যি কোনো পকা কল খাই বৰ সোৱাদ পোৱা যায়। কলৰ উপকাৰী গুণ আছে বাবে কল খাওঁ।

(খ) কল গছ আমাৰ কি কি কামত লাগে ?

উত্তৰঃ কলগছ সকলোৰে বাবে বৰ উপকাৰী। কলগছৰ পাত সবাহ, বিবাহ, ভোজ আদিত ৰভা হিচাপে ব্যৱহাৰ কৰিছিল। আগলতী কলপাত ধর্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। গাঁ-গছৰ পৰা ডনা তৈয়াৰ কৰা হয়। কলগছ ফালি চিৰি ব’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰা হয়। ইয়াৰ পৰা আপ্পা খাব পাৰি আৰু কাপোৰ ধোৱা হয়। কলফুলটো আঞ্জা খোৱা হয়। কলফুলটো ধৰ্মীয় অনুষ্ঠানতো ব্যৱহাৰ কৰে। 

(গ) তোমাৰ কি কি ফল খাই ভাল লাগে ?

উত্তৰঃ মই যিকোনো ফলেই খাই ভাল পাওঁ। তাৰ ভিতৰত টেঙা ফল মোৰ। প্রিয়। যেনে – বগৰী, জলফাই, ৰবাব টেঙা, ঔ-টেঙা। মিঠা ফলৰ ভিতৰত কল, অমিতা, নাচপতি, আপেল, বেল, কেহা ফলৰ ভিতৰত শিলিখা, আমলখি। ইয়াৰ উপৰি আম, মাটি কঁঠাল, মধুৰীআম, ডালিম, কঁঠাল আদি ফল খাই ভাল পাওঁ। 

(ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ ভাল লগা ফলৰ বিষয়ে লিখিবা।)

☆ তলৰ শব্দবোৰেৰে অৰ্থৰ পাৰ্থক্য প্রকাশ পোৱাকৈ বাক্য ৰচনা কৰা।

উদাহৰণ —

সৰ্ – (ওপৰৰ পৰা পৰ্‌, খহ্) – গছৰ পকা ফলবোৰ সৰি তলত পৰিছে।

সৰ – (গাখীৰৰ ওপৰত পৰা চামেনি) – পগোৱা গাখীৰৰ ওপৰত ডাঠকৈ সৰ পৰিছে।

কল – (সুখাদ্য ফল বিশেষ) ..……………

কল – (যন্ত্র) ..……………

চিৰা – (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল) ..……………

চিৰা – (ছেই, গুটিৰ দীঘলীয়া ভঁৰাল) ..……………

দৈ – (দৈ গাখীৰ) ..…………………

আলু – (এবিধ পাচলি) ..…………………

আলু – (দাঁতৰ গুৰি) ..……………………

কোণ – (চুক) ..…………………

কোন – (প্রশ্নবোধক শব্দ) ..………………

উত্তৰঃ কল – (সুখাদ্য ফল বিশেষ) গৰমৰ দিনত আঠিয়া কল খাব লাগে। 

কল – (যন্ত্র) প্রদীপহঁতৰ ধান বনা কলটো বেয়া হৈছে। 

চিৰা – (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল) বোকা ধানৰ চিৰা খাবলৈ বৰ সোৱাদ।

চিৰা – (ছেই, গুটিৰ দীঘলীয়া ভঁৰাল) লেচেৰাৰ চিৰাবোৰ ফালি ওলাই পৰিছে।

দৈ – (দৈ গাখীৰ) ম’হৰ এঠা দৈ খাবলৈ বৰ সোৱাদ।

দৈ – (বাহৰ চেপেটা আৰু মিহি কাঠি) অতুলে বাহৰ দৈবে জেওৰা সাজিছে।

আলু – (এবিধ পাচলি) আলু পিটিকাৰে ভাত খালা নেকি ?

আলু – (দাঁতৰ গুৰি) লিকিৰ দাঁতৰ আলু উখহি উঠিছে।

কোণ – (চুক) বব্বীয়ে জাৱৰ জোঁথৰ বোৰ কোণটোত জমা কৰিছে। 

কোন – (প্রশ্নবোধক শব্দ) দুৱাৰত কোনে টুকুৰিয়াইছে ?

☆ পদ্যটোত আলু ভাজে, মাছ ভাজে বুলি পঢ়িছা। তেনেদৰে আৰু কি কি ভাজে, ৰান্ধে, পগায় আৰু পোৰে দলত আলোচনা কৰি তাৰ এখন তালিকা কৰা।

উত্তৰঃ

গ-জ্ঞান সম্প্ৰসাৰণ

☆ আলু ভজা খাবলৈ মজা। আলু ভাজি খোৱাৰ উপৰি আৰু কি কি ধৰণে খাই পাইছা ?

উত্তৰঃ ১। আলু পুৰি খাবলৈও মজা লাগে। 

২। আলু তৰকাৰি (চব্‌জি) হিচাপেও খাব পাৰি।

৩। মাংসৰ লগত আলু ৰান্ধি খাব পাৰি। 

৪। যিকোনো বস্তুৰ লগত চৰচৰি কৰিও আলু খাব পাৰি।

☆ মালভোগ কল আৰু জাহাজী কলৰ বাহিৰে আৰু কি কি কলৰ নাম জানা লিখা।

উত্তৰঃ ১। চেনিচম্পা।

২। মনোহৰ।

৩। আঠিয়া।

৪। কেচেলপা।

৫। পূৰা (কাচকল)।

☆ ‘পইতা ভাতে পোৰা মাছে’ বুলি ক’লে জিভাৰ পানী পৰে। পোৰামাছৰ বাহিৰে আৰু কি কি আঙঠাত পুৰি বা সেকি খাব পাৰি ? 

উত্তৰঃ বেঙেনা, আলু, পাপৰ, বিলাহী আদি আঙঠাত পুৰি বা সেকি খাব পাৰি।

☆ অসমীয়া মানুহেচিৰা, সান্দহ, মুড়ি আখৈ, কোমল চাউল, বৰা চাউলৰ জলপান খায়। চাহৰ লগত নানাবিধ পিঠা-পনা খায়। এতিয়া বজাৰত জিভাত জুতি লগা নানাবিধ খোৱা বস্তু ওলাইছে। তুমি পিছেজলপান কি কি খোৱা ?

উত্তৰঃ ১। চাও চাও ২। মেগী ৩। লুচি ভাজি ৪। এগ ৰোল ৫। আলু-পৰঠা ৬। চাওমিন ৭। চিংৰা ৮। পৰঠা ৯। মম’ ১০। ফুচকা ১১। চিকেন ৰোল ১২। ড’চা ১৩। তন্দুৰী চিকেন ১৪। পাও ভাজি ইত্যাদি। (ছাত্রী-ছাত্রী নিজৰ পছন্দ অনুযায়ী লিখিবা।)

☆ বহলাই লিখা –

অল্প অর্জন, বিস্তৰ ভোজন, 

সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।।

উত্তৰঃ অলপ আর্জি বেছিকৈ ভোজন কৰা লোকৰ লক্ষণটো দৰিদ্ৰ। কাৰণ উপাৰ্জন কমকৈ কৰি বেছিকৈ ভোগ কাৰ্যত খৰচ কৰিলে কেতিয়াও উন্নতি নহয়। মানুহে ভালদৰে বুজিব লাগে যে যিখিনি বা যিমানখিনি উপার্জন কৰে সেই অনুপাতে খৰচ কৰিব লাগে। মিতব্যয়ী লোকে কেতিয়াও বিপদত নপৰে। তেওঁলোকৰ উচিত বিবেচনাই যিকোনো ক্ষেত্ৰতে বিপদত হাত সাৰিব পাৰে। খৰচী মানুহক কোনেও সহায় কৰিব নিবিচাৰে। তেওঁলোকৰ খৰচী স্বভাৱটো

উপলব্ধি কৰি সহজতে বিপদত সহায় কৰিবলৈ ইচ্ছা নকৰে। বেছিকৈ খৰচ কৰা মানুহৰ উন্নতি নহয়। সদায় আনৰ ওচৰত ধৰৱা হৈ থাকে। এটা সময়ত ধাৰ ঋণ কৰি সেই ধাৰ ঋণতে মৃত্যুক আকোৱালী লব লগীয়া হয়।

দৰিদ্ৰ জীৱন বৰ দুখকর। এনেকুৱা জীৱন কোনেও কামনা নকৰে। দৰিদ্ৰ লোকক অৱজ্ঞাৰ চকুৰে চায়। সমাজতো আগস্থান নাপায়। ইয়াৰ বিপৰীতে থাকে ধনী লোক। ধনীলোকক সকলোৱে মান সম্মান কৰে। গতিকে মানুহে চিন্তা কৰিব লাগে যে তেওঁ যিমান আর্জে সেই অনুপাতেহে খৰচ কৰিব লাগে।

ঘ-প্রকল্প

☆ তোমাৰ ঘৰৰ বা জ্যেষ্ঠজনক সুধি তিনিটা ডাকৰ বচন সংগ্ৰহ কৰা আৰু সেই তিনিটাৰ ভাব বহলাই লিখা।

উত্তৰঃ (১) আপোন ভালে জগত ভাল।

(২) অচিন কাঠৰ থোৰা নলগাবা।

(৩) কথাত কটা যায়, কথাত বঁটা পায়।

১৷ আপোন ভালে জগত ভাল :- এখন সমাজত বিভিন্ন প্ৰকৃতিৰ মানুহ থাকে। মানুহ চাই সমাজ ধৰিব পাৰি। মানুবোৰ যদি ভাল হয় তেন্তে সেই সমাজৰ কলা সংস্কৃতিও ভাল হ’ব। যদি মানুহ বেয়া হয় তেন্তে সেই সমাজখনো বেয়া হ’ব। গতিকে ভাল মানুহে তেওঁৰ সুচিস্তাৰে বেয়া মানুহৰ লগতো ভালদৰে মিলিজুলি থাকিব পাৰে। কাৰণ ভাল মানুহে সদায় আন মানুহকো ভালেই দেখে। ইয়াৰ বিপৰীতে বেয়া মানুহে আন মানুহৰ লগত মিলিব নোৱাৰে। কাৰণ তেওঁলোকে আন মানুহকো নিজৰ নিচিনা বেয়া বুলিয়ে ভাবে। সেইবাবে কাৰো লগত মিলিব নোৱাৰা স্বভাৱৰ বিপৰীতে এই কথাষাৰ প্ৰয়োগ কৰা হয়।

২৷ অচিন কাঠৰ থোৰা নলগাবা :- ঢেকী এটা চলিবলৈ হলে থোৰাৰ প্ৰয়োজন। সেই থোৱাটো ভাল হোৱা প্রয়োজন। যদি অকাঠি কাঠৰ থোৱা হয় তেনেহলে সেই সামান্য ঢেঁকী থোৰাটোৱেও সময়ত বিপদ বা অসুবিধাৰ কাৰণ হ’ব পাৰে। কাৰণ ধান বানি থকা সময়ত থোৰাটো যদি ভাঙি যায় তেনেহলে ধান বনা কাম সমাধা নহ’ব। ধান বনা নহলে চাউল নাপাব। চাউল নহলে ভাত খাব নাপাব। সেইবাবে ঢেকীৰ লগতে থোৰাটোও সুকাঠি হ’ব লাগে। সেইদৰে নজনা নুশুনা মানুহৰ লগত মিতিৰালি কৰিব নালাগে। তেনে মিতিৰালি কৰিলে সময়ত বিপদতহে পৰাৰ সম্ভাৱনা থাকে। গতিকে নজনা নুশুনা মানুহক অচিন কাঠৰ থোৱাৰ লগত তুলনা কৰি আগন্তুক বিপদত পৰাৰ পৰা সাৱধান কৰি দিছে।

৩৷ কথাত কটা যায়, কথাত বঁটা পায় :- মানুহক চিনিব পাৰি তেওঁ কোৱা কথা, আচাৰ ব্যৱহাৰৰ পৰা। মানুহজন যদি ভাল হয় তেন্তে তেওঁৰ কথাৰ পৰাই আন মানুহৰ মৰম চেনেহ আদায় কৰি আনৰ প্ৰিয় পাত্ৰ হ’ব পাৰে। ঠিক সেইদৰেই কথাৰ বাবেই মানুহ আনৰ ঘৃণাৰ পাত্ৰও হ’ব পাৰে। সেইবাবে আমি কথা কওঁতে খুব সাৱধান হ’ব লাগে। বাক্ সংযমে মানুহক মহত্ব প্ৰদান কৰে। ইয়াৰ বিপৰীতে যদি মানুহে নকবলগীয়া কথা কয় তেন্তে সেই ব্যক্তি অইনৰ অপ্রিয় হয়। বাক্ সংযমতাৰ বিষয়ে কওঁতে এই ফকৰা যোজনাৰ অৱতাৰণা কৰিছে। 

☆ তলৰ সাঁথৰটো ভাঙা আৰু তেনে ধৰণৰ সাঁথৰ সংগ্ৰহ কৰি লিখা।

পাখি আছে মোৰ

নোৱাৰোঁ উৰিব,

আখি আছে মোৰ

নোৱাৰোঁ মুদিব ।

ভৰি নহ’লেও

ফুৰিছোঁ ঘূৰি,

জীৱন কটাওঁ

পানীত সাঁতুৰি।

যদি তুমি মোক চিনি পোৱা 

তেনেহ’লৈ মোৰ নামটো কোৱা।

উত্তৰঃ মাছ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top