Class 4 Assamese Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল (অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু), SEBA Chapter 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.
মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল (অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু)
Chapter – 2
অংকুৰণ
ASSAMESE
☆ উত্তৰ দিয়া –
১। কামলাং নৈখন কোন প্ৰদেশত আছে ?
উত্তৰঃ অৰুণাচল প্ৰদেশত অৱস্থিত কামলাং নৈখন।
২৷ কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি ?
উত্তৰঃ ডেকাজনৰ নাম হ’ল- কোৱান্ ছা।
৩৷ কোৱান্ছাই কামলাঙৰ পানীত কি পাতি থৈছিল ?
উত্তৰঃ কোৱানছাই কামলাঙৰ পানীত এখন দলঙা পাতি থৈছিল।
৪৷ ডাঙৰ মাছটো কোৱান্ছাই ক’ত জীয়াই থৈছিল ?
উত্তৰঃ কোৱান্ছাই ডাঙৰ মাছটো লাউৰ খোলা এটাত জীয়াই থৈছিল।
৫৷ কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে ?
উত্তৰঃ কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে।
৬৷ তাঁতশালখন মেলি খট্খটাই কোনে কাপোৰ বৈছিল ?
উত্তৰঃ কোৱান্ছাই জীয়াই থোৱা ডাঙৰ মাছটোৱে নিজ ৰূপ এৰি এজনী দিপ্লিপ্ ছোৱালী হৈ তাঁত শালখন খট্খটায়া কাপোৰ বৈছিল।
☆ সাধুটো নিজৰ কথাৰে কোৱা।
উত্তৰঃ অৰুণাচল প্ৰদেশৰ কামলাং নৈখনত কোৱানছা নামৰ ডেকা জনে মাছ মাৰিবলৈ যায়। তেওঁ বৰ পৰিশ্ৰমী ডেকা। তেওঁ কৰা কামবোৰৰ ভিতৰত মাছ মৰা কামটো বৰ বেছি ভাল পাইছিল। এদিন তেওঁ কামলাঙৰ পানীত এখন দলভা পাতি থোৱাত তাত দুটা অচিনাকী মাছ উঠিছিল। তাৰে এটা সৰু আনটো ডাঙৰ। সৰু মাছটো খাই ডাঙৰ মাছটো তেওঁ এটা লাওঁখোলাৰ ভিতৰত জীয়াই থৈছিল।
এদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। কাপোৰৰ দমটো দেখি সি বিস্ময় মাগিছিল। কেইবাদিনো ধৰি কোৱান্ছাই তাৰ ঘৰটো বিভিন্ন বং কাপোৰেৰে ভৰি থকা দেখা পায়হি। এদিন তেওঁ লুকাই থাকি সেই ৰহস্য ভেদ কৰিলে। মাছটোৱে নিজৰ ৰূপ এৰি এজনী দিপলিপ ছোৱালী হৈ তাতশাল মেলি খটখটাই কাপোৰ বলৈ ধৰিছিল। কোৱানছাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰিছিল, আৰু সুধিছিল তাই কোন ? ক’ৰ পৰা আহিছে ? কেনেকৈ কাপোৰ ববলৈ শিকিলে ? ফুলবোৰৰ নমুনা ক’ত পাইছিল ? ভয়তে ছোৱালীজনীয়ে কৈছিল যে তাই হাম্ৰ ফৈদৰ জীয়াৰী হামব্রুমাই। ঘৰ কামলাঙত। আদি মানৱী নিমণকেই তেওঁক শিপিনী হ’বলৈ কোৱা বাবে তেওঁ কাপোৰ বইছে। ফুলৰ নমুনাৰ ক্ষেত্ৰত কলে যে পানীৰ বুৰবুৰণি, পানীৰ ঢৌ,পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্যত মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিছিল। পানীত দেখা ৰঙা, নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো বঙীণ চানেকিবে বুটা তুলিলে। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিক্মিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলে। হামব্রুমাইৰ কথা শুনি কোৱানছা মোহিত হ’ল আৰু তাইক বিয়া কৰালে।
এদিন তেওঁলোকে কাপোৰবোৰ ৰ’দত শুকুৱাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুক-কোণে সিচৰিত কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল সেই ঠাইৰ মানুহবোৰে তেতিয়াৰে পৰা কাপোৰ বব জনা হ’ল। হামব্রুমায়ে কথাটো গম পাই কৈছিল যে পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিম্কেৰ মনোবাঞ্ছাও পূৰ্ণ হ’ল।
☆ কোনে কাক কৈছিল লিখা।
(ক) ‘তই কোন ? ক’ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি ? ফুলবোৰৰ এই নমুনাবোৰ ক’ত পালি ?
উত্তৰঃ কোৱান্ছাই হামব্রুমাইক কৈছিল।
(খ) পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিম্কে মনোবাঞ্চাও পূৰ্ণ হ’ল।’
উত্তৰঃ হামব্রুমায়ে কোৱান্ছাক কৈছিল।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
☆ তলৰ প্ৰবচন ফাকিৰ ভাব বহলাই লিখা।
“ৰাইজে নখ জোকাৰিলে নৈ বয়।”
উত্তৰঃ এজনে নোৱাৰা কাম এটাত যদি বহুতো লোকে বা ৰাইজে সহযোগ কৰে তেন্তে সেই কামটো অতি সহজে কৰিব পৰা যায়। অর্থাৎ একতাৰ বল বুজাবলৈ এই প্ৰবচনটো ব্যৱহাৰ কৰা হৈছে। নৈ এখন বোঁৱাবলৈ হ’লে তাৰ উৎস স্থলত বহুতো পানী থকাটো প্রয়োজন। যদি পানী বেছি নাথাকে তেন্তে নৈ বৈ যাব নোৱাৰে। সেইদৰে এজন মানুহৰ এটা নখত কিমান পানী উঠিব? সেই পানীৰে নৈ বোৱাতো সম্ভৱ নহয়। কিন্তু ৰাইজ যদি একে লগ লাগে আৰু তেখেত সকলৰ নখৰ পিঠিত এখুদ বা এটোপ এটোপ কৈ পানী অনা যায় তেন্তে নৈ বা সাগৰৰ সৃষ্টি হ’ব পাৰে। ৰাজহুৱা কাম কাজবোৰ ৰাইজৰ সামান্য শ্রম বা ধনৰ বিনিময়ত সহজে যিকোনো কঠিন কাম সহজে কৰিবলৈ সক্ষম হয়। গতিকে এক গোট হৈ কাম কৰিলে সেই কাম সহজে কৰিব পৰা যায়। সেয়েহে আমি সকলোৱে একতাবদ্ধ হৈ কাম কৰিবলৈ যত্ন কৰা উচিত।
☆ বাক্য ৰচনা কৰা।
ঘাট-মাউৰা, চুকে-কোণে, গছ-গছনি, লুকা-ভাকু
উত্তৰঃ ঘাট-মাউৰা :- ঘাট-মাউৰা ল’ৰা ছোৱীলী হালক বুঢ়ীমাকে ডাঙৰ দীঘল কৰিলে।
চুকে-কোণে :- আজিকালি ন-খোৱা, মাউৰী দিয়া প্রথা চুকে-কোণে। দুই এঠাইতহে আছে।
গছ-গছনি :- গছ-গছনি ৰুৱাটো আমাৰ কৰ্তব্য।
লুকা-ভাকু :- শৈশৱৰ লুকা-ভাকু খেলৰ কথা আজিও ৰিণি ৰিণি মনত পৰে।
☆ পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ প্রদেশ, বিস্ময়, হামব্রু, আৰম্ভ, সৌন্দর্য, যুগ্ম, পৃথিৱী, মনোবাঞ্ছা, পূর্ণ।
☆ তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্ৰশ্নবোধক বাক্যলৈ নিয়া।
উদাহৰণ – মই হামব্রুমাই – তই কোন ?
মই বামব্রু ফৈদৰ জীয়াৰী–
মোৰ ঘৰ কামলাঙত–
মই বজাৰৰ পৰা আহিছোঁ–
মই সাধু শুনি ভাল পাওঁ–
কোৱান্ছাই মাছ মাৰি ভাল পায়–
উত্তৰঃ (ক) তই কোন খৈদৰ জীয়াৰী ?
(খ) তোৰ ঘৰ ক’ত ?
(গ) তুমি ক’ৰ পৰা আহিছা ?
(ঘ) তুমি কি শুনি ভাল পোৱা ?
(ঙ) কোৱান্ছাই কি কৰি ভাল পায় ?
☆ যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
যুগ্ম গ্ম = গ + ম গই মই গ্ম
গ্ম = গ + ম গই মই গ্ম — অযুগ্ম, বাগ্মিতা
☆ যুক্তাক্ষৰ গঠন কৰোঁ আহা
গ + ম = গই মই গ্ম
☆ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা।
বুঢ়া ___
নিৰানন্দ ___
শেষ ___
খালী ___
জপাই ___
উত্তৰঃ বুঢ়া ___ ডেকা
নিৰানন্দ ___ আনন্দ
শেষ ___ আৰম্ভ
খালী ___ ভর্তি (ভৰি থকা)
জপাই ___ মেলি।
গ-জ্ঞান সম্প্ৰসাৰণ
☆ লিখা-
☆ কোৱান্ছাই কামলাং নদীত দলঙাৰে মাছ ধৰিছিল। তোমালোকে দলা দেখিছানে? দলঙাৰ বাহিৰেও আন কি কি সঁজুলিৰে মাছ ধৰিব পাৰি ?
উত্তৰঃ আমি দলঙা দেখিছো।(ইয়াৰ আকৃতি পিঠা জাপিৰ দৰে) দলঙাৰ বাহিৰেও পল’, জাল, আচৰা, চেপা, জাকৈ, চহৰা আদিৰে মাছ ধৰিব পাৰি।
☆ অৰুণাচল অসমৰ এখন চুবুৰীয়া ৰাজ্য। অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ কি কি মেপত চাই নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যসমূহ হ’ল ― মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্রদেশ।
☆ মাছ কি কি প্ৰণালীৰে খাব পাৰি ?
উত্তৰঃ মাছ বিভিন্ন প্ৰণালীৰে খাব পাৰি। যেনে –
১। মাছ ভাজি বা ৰান্ধি।
২। চুঙাত সেকি।
৩। ৰ’দত শুকাই।
৪। পাতত মেৰিয়াই।
৫। জুইত পুৰি খাব পাৰি ইত্যাদি।
☆ পাতে, মাৰে, বায় আদি শব্দবোৰ আমি মাছধৰা সঁজুলিৰ লগত ব্যৱহাৰ কৰোঁ। এই শব্দবোৰ অন্য শব্দৰ লগত ব্যৱহাৰ কৰিও বাক্য গঠন কৰা হয়। তেনেধৰণৰ বাক্য লিখোঁ আহা।
উত্তৰঃ
(ক) জাল পাতে। | (খ) জাল মাৰে | (গ) জাকৈ বায়। |
চেপা পাতে। | পল মাৰে। | জুলুকি বায়। |
দৈ পাতে। | বঠা মাৰে। | ঢোলা বায়। |
সমাজ পাতে। | ধেনু মাৰে। | বেণু বায়। |
দোকান পাতে | কোদাল মাৰে। | হাল বায়। |
ঘ-প্রকল্প
☆ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্ৰহ কৰি লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহায় লৈ লিখিব।
☆ বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।

উত্তৰঃ (১) উকিল (২) খেলুৱৈ (৩) মাছ বিক্ৰী কৰা তিৰোতা (৪) জাকৈ মৰা তিৰোতা (৫) পুলিচ (৬) বিহু নচা পেপা বজোৱা
অতিৰিক্ত প্রশ্নোত্তৰ
১৷ মিচিমি জনজাতি কোন ঠাইৰ বাসিন্দা ?
উত্তৰঃ অৰুণাচল প্ৰদেশৰ বাসিন্দা।
২৷ ঘাট-মাউৰা ল’ৰাজনৰ নাম কি ?
উত্তৰঃ কোৱান্ছা।
৩৷ কোৱান্ছাই ওৰে দিনটো ক’ত কাম কৰিছিল ?
উত্তৰঃ পথাৰত কাম কৰিছিল।
৪৷ কোৱানছাৰ কি বিষয়ত ৰাপ বেছি ?
উত্তৰঃ কোৱানছাৰ মাছ মৰাতহে বেছি ৰাপ আছিল।
৫৷ কোনটো মাছ দেখি কোৱানছাৰ চকু থৰ হৈছিল ?
উত্তৰঃ ডাঙৰ মাছটো দেখি চকু থৰ হৈছিল।
৬৷ কামৰ পৰা উভতি আহি তেওঁ ঘৰটো কিহেৰে ভৰি আছিল ?
উত্তৰঃ কামৰ পৰা উভতি আহি কোৱানাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিছিল।
৭৷ বিস্ময়ত তেওঁৰ চকু কপালত উঠিল ? বিস্ময় মানে কি ? কাৰ কিয় চকু কপালত উঠিছিল ?
উত্তৰঃ বিস্ময় মানে হ’ল তধা লগা অৱস্থা বা আচৰিত হোৱা কাৰ্য।
কোৱান্ছাৰ চকু কপালত উঠিছিল।এদিন কামৰ পৰা গধূলি ঘৰলৈ উভতি আহি দেখিছিল যে তাৰ ঘৰটো কাপোৰেৰে ভৰি আছিল। এদম কাপোৰ। কোনে বাৰু আনি থলে কাপোৰৰ দ’মটো। বিষ্ময়ত কোৱান্ছাৰ চকু কপালত উঠিছিল।
৮৷ কোনে কি ৰহস্য ভেদ কৰিবলৈ লুকাই আছিল ?
উত্তৰঃ কোৱান্ছাই প্রতিদিনে ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়। এই ৰহস্য ভেদ কৰিবলৈ তেওঁ লুকাই আছিল।
৯। হাব্রুমাইক কোনে শিপিনী হ’বলৈ কৈছিল ?
উত্তৰঃ আদি মানৱী নিম্কেই হামব্রুমাইক শিপিনী হ’বলৈ কৈছিল।
১০। হামব্রুমাই কোন ফৈদৰ জীয়াৰী আছিল ?
উত্তৰঃ হামব্রু ফৈদৰ জীয়াৰী আছিল।
১১। হামব্রুমাহৰ ঘৰ ক’ত ?
উত্তৰঃ হামব্রুমাইৰ ঘৰ কামলাঙত।
১২। আদি মানৱী নিৰ্মূৰে মনোবাঞ্ছা কেনেদৰে পূৰ্ণ হৈছিল ?
উত্তৰঃ আদি মানৱী নিম্কেৰ নিৰ্দেশত মাছ ৰূপী হামব্রুমাই কোৱানছাৰ ঘৰত কাপোৰ বয়ছিল। সেই কাপোৰবোৰ বতাহে উৰুৱাই নি যিবোৰ ঠাইত পেলাইছিল, সেইবোৰ ঠাইৰ মানুহে তাত বব জনা হ’ল। পৃথিৱীৰ মানুহক তাত বব জনা কৰাটো আছিল নিমকে একমাত্র উদ্দেশ্য। তাইৰ জৰিয়তে নিমকেইৰ মনোবাঞ্ছা পূৰণ হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.