Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ and select needs one.

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মেগাস্থানিচে উল্লেখ কৰা অনুসৰি মৌর্যযুগৰ বিষয়াসকলক কেইটা ভাগত ভাগ কৰা হৈছিল ? প্ৰতিটো ভাগৰ কামকাজবােৰ কি আছিল ?

উত্তৰঃ মেগাস্থানিচৰ উল্লেখ অনুসৰি মৌর্য যুগৰ বিষয়াসকলক ছয়টা বিভাগত ভাগ কৰা হৈছিল । প্ৰতিটো বিভাগত পাঁচজনকৈ বিষয়া আছিল । 

ইয়াৰে প্ৰথমটো বিভাগে শিক্ষা সম্পর্কীয় দিশৰ তদাৰক কৰিছিল । 

দ্বিতীয়টো বিভাগে বিদেশীসকলৰ আমােদ – প্রমােদৰ দিশটো চোৱা – চিতা কৰিছিল । 

তৃতীয়টো বিভাগে জন্ম – মৃত্যুৰ হিচাপ ৰাখিছিল । 

চতুর্থটো বিভাগে ব্যৱসায় , বাণিজ্যৰ দিশবােৰ চোৱা – চিতা কৰিছিল । 

পঞ্চমটো বিভাগে হস্তশিল্পৰ পৰিদৰ্শন কৰিছিল আৰু ৰাজহুৱাভাৱে জাননী দি সেইবােৰ বিক্ৰীৰ ব্যৱস্থা কৰিছিল । 

ষষ্ঠ বিভাগটোৱে দেশৰ কাৰণে কৰ সংগ্ৰহ কৰিছিল আৰু কৰফাকি দিয়া লােকসকলক শাস্তি প্রদানৰ ব্যৱস্থা কৰিছিল । 

প্রশ্ন ২। মেগাস্থানিচ কোন আছিল ? তেওঁ কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল ? 

উত্তৰঃ মেগাস্থানিচ এগৰাকী গ্রীক দেশীয় তােক আছিল । মৌর্যবংশৰ প্রতিষ্ঠাতা চন্দ্রগুপ্ত মৌর্যৰ ৰাজ্যসভালৈ মেগাস্থানিচ গ্রীক কটকী হিচাপে আহিছিল । 

প্রশ্ন ৩। মৌর্য ৰাজবংশৰ শাসন কালত বিষয়াসকলে কেনেধৰণে নিজৰকার্য পৰিচালনা কৰিছিল বুলি মেগাস্থানিচে তেওঁৰ টোকাত উল্লেখ কৰিছিল ? 

উত্তৰঃ মেগাস্থানিচে তেওঁৰ টোকাত উল্লেখ কৰিছিল যে মৌর্য যুগৰ বিষয়াসকলে ইজিপ্টৰ বিষয়াসকলৰ দৰে মাটিৰ জোখ – মাখ , নদীসমূহৰ পর্যবেক্ষণ আৰু সকলাে লােকে যাতে পানীৰ যােগান সমানে পায় সেইবােৰৰ হিচাপ ৰাখিছিল ৷ ইয়াৰােপৰি তেওঁলােকৰ হাতত চিকাৰীসকলৰ তত্ত্বাৱধান আৰু যােগ্যতা অনুসৰি তেওঁলােকক পুৰস্কৃত কৰাৰ বা শাস্তি বিধান কৰাৰ ক্ষমতা আছিল । তেওঁলােকে মাটিৰ ৰাজহ সংগ্ৰহ কৰাৰ লগতে নানা কামত জড়িত কর্মীসকলৰ কাম কাজবােৰাে পৰিদৰ্শন কৰিছিল । 

প্রশ্ন ৪। মৌর্য যুগত বিষয়াসকলক কিয় নিয়ােগ কৰা হৈছিল । 

উত্তৰঃ মৌর্য যুগত কৃষিকার্যই আছিল ৰাজহৰ প্রধান উৎস মাটিৰ ৰাজহ সংগ্ৰহ কৰাৰ বাবেই বিষয়াসকলক নিয়ােগ কৰা হৈছিল ।

প্রশ্ন ৫। লিপি বুলিলে কি বুজা ? 

উত্তৰঃ প্রাচীন ভাৰতৰ লিপি হ’ল তথ্য সংগ্রহৰ আধাৰ স্বৰূপ । প্রাচীন ভাৰতৰ ইতিহাস তথ্য সংগ্রহৰ ক্ষেত্ৰত প্রাচীন লিপিবােৰেই আটাইতকৈ নিৰ্ভৰযােগ্য বুলি কোৱা হয় । অশােকৰ শিলাস্তম্ভ আৰু গুহালিপিবােৰৰ পৰাই লিপি যুগৰ আৰম্ভণি বুলি কোৱা হয় । এই লিপিবােৰৰ আৰম্ভণিতে ধর্মীয় অনুদান , মাটি , বৃত্তিদান দিয়াৰ কথা , বংশাৱলী , কোনাে ৰজাৰ শাসনকাল , যুদ্ধ বিগ্রহ আদিৰ কথা লিপিবদ্ধ কৰা হৈছিল । এই লিপিবােৰ শিল আৰু নানা ধৰণৰ ধাতুৰে তৈয়াৰ কৰা হৈছিল ।

প্রশ্ন ৬। লিপিসমূহে ঘটনাসমূহ স্থায়ী কৰাত কেনেধৰণে সহায় কৰে ? 

উত্তৰঃ কোনাে ঘটনাৰ স্থায়ী ৰূপ দিয়াৰ ক্ষেত্ৰত লিপিবােৰৰ ভূমিকা অতি উল্লেখযােগ্য । শশ বছৰ আগতে লিপিবদ্ধ কৰা ঘটনাসমূহৰ পৰা আমি সেই যুগৰ বিষয়ে তথ্য সংগ্রহ কৰিব পাৰো , কাৰণ ধাতুৰ লিপি বা শিলালিপিত লিপিবদ্ধ কৰা ঘটনাসমূহ সাধাৰণতে নষ্ট নোহােৱাকৈ বহুদিনলৈ থাকি যায় । 

প্রশ্ন ৭। ( ক ) প্রাচীন লিপিসমূহত সাধাৰণতে কি ভাষা ব্যৱহাৰ হৈছিল ? 

উত্তৰঃ প্রাচীন লিপিসমূহত সাধাৰণতে পালি ভাষা ব্যৱহাৰ কৰা হৈছিল । পিছলৈ অৱশ্যে লিপি লিখাৰ ক্ষেত্ৰত সংস্কৃত বা তামিল ভাষাৰ প্রয়ােগ ঘটিছিল । 

প্রশ্ন ৮। ( খ ) দুবিধ প্রাচীন লিপিৰ নাম লিখা । কোন ব্যক্তিয়ে অশােকান শিলালিপিৰ পৰা পাঠোদ্ধাৰ কৰিছিল আৰু কেতিয়া কৰিছিল ? 

উত্তৰঃ ( ক ) ( ১ ) ব্রাহ্মী ( Brahmi ) ( 2 ) কাৰোচথি ( Karosthi ) আখৰ । 

( খ ) ১৮৩০ চনত জেমছ প্রিন্সেপে পাঠোদ্ধাৰ কৰিছিল । তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া আছিল । 

প্রশ্ন ৮। ভাৰতৰ নেপােলিয়ন কাক আখ্যা দিয়া হয় ? 

উত্তৰঃ গুপ্ত সম্রাট সমুদ্রগুপ্তক ভাৰতৰ নেপােলিয়ন বুলি কোৱা হয় ।

প্রশ্ন ৯। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সহায় কৰা চাৰিটা উপাদানৰ কথা উল্লেখ কৰা ।

উত্তৰঃ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সহায়কাৰী উপাদান কেইটা হ’ল— লিপি , সাহিত্য , মুদ্ৰা আৰু দৃশ্যমান সামগ্রী । 

প্রশ্ন ১০। খ্রীঃ পূঃ যষ্ঠ শতিকাৰ দুজন ধর্ম প্রচাৰকৰ নাম লিখা । 

উত্তৰঃ খ্রীঃ পূঃ ষষ্ঠ শতিকাৰ দুজন ধর্ম প্রচাৰক হ’ল — মহাবীৰ জৈন আৰু গৌতম বুদ্ধ । 

প্রশ্ন ১১। বুদ্ধ অষ্টাংগিক মার্গ বা আঠদীয়া সৎ পথ কেইটা কি কি ? 

উত্তৰঃ উল্লিখিত পথকেইটা হ’ল — সংবাক্য , সৎ দৃষ্টি , সৎ চিন্তা , সৎ শ্রম , সৎ মনােবৃত্তি , সৎ আদর্শ , সৎ ব্যৱহাৰ আৰু সৎ জীৱন । 

প্রশ্ন ১২। জৈনসকলৰ নির্বাণ প্রাপ্তিৰ পন্থা তিনিটা কি কি ? 

উত্তৰঃ জৈনসকলৰ নির্বাণ প্রাপ্তিৰ পন্থা তিনিটা হ’ল — সৎকর্ম , সৎ জ্ঞান আৰু সৎব্যৱহাৰ । 

প্রশ্ন ১৩। অশােকে ৰাজ্যবােৰ পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজনৰ নাম লিখা । 

উত্তৰঃ অশােকে ৰাজ্য পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজন হ’ল – ৰাজুক আৰু বৰ্জুক । 

প্রশ্ন ১৪। খ্রীঃ পূঃ ষষ্ঠ শতিকাত কোন দিশত বিশেষভাৱে প্রগতি হৈছিল ? 

উত্তৰঃ ঐতিহাসিকসকলে উল্লেখ কৰা মতে নতুন নতুন ৰাজবংশৰ উত্থানৰ লগে লগে খ্রীঃপূঃ ষষ্ঠ শতিকাত নগৰ বা চহৰসমূহৰ বিশেষভাৱে বিকাশ সাধন হৈছিল । 

প্রশ্ন ১৫। বুদ্ধচৰিত আৰু সূত্রা লংকাৰ নামৰ গ্ৰন্থ দুখন কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ অশ্বঘােষে ৰচনা কৰিছিল ।

প্রশ্ন ১৬। হৰপ্পা সভ্যতাৰ পতন পােন্ধৰ বছৰ পিছত ভাৰতবৰ্ষৰ প্ৰগতিৰ বিষয়ে জনাৰ কাৰণে ঐতিহাসিকসকলে উল্লেখ কৰা উৎসমূহৰ চমু বিৱৰণ দিয়া । নাইবা , যেতিয়া বুৰঞ্জীবিদসকলে কোনাে পাঠ্যক উৎস হিচাপে লৈ বুৰঞ্জী নিৰ্মাণ কৰে আৰু কোনবােৰ কাৰক হিচাপে লয় ? 

উত্তৰঃ ঐতিহাসিকসকলে উল্লেখ কৰা মতে হৰপ্পা সভ্যতাৰ পতনৰ পােন্ধৰশ বছৰ পিছত লাভ কৰা কিছুমান তথ্যৰপৰা ভাৰতবৰ্ষৰ প্ৰগতিৰ দিশসমূহৰ কথা জনা যায় । তেনে উৎসসমূহ হ’ল— শিলালিপি , নানা ধৰণৰ প্রাচীন পুথি , মুদ্রা আৰু সেইসময়ত উদ্ধাৰ হােৱা কিছুমান দৃশ্যমান সামগ্রী । 

প্রশ্ন ১৭। মগধৰ প্রাচীন ৰাজধানী ৰাজগৃহৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ মগধৰ প্রাচীনতম ৰাজধানী হ’ল গিৰিগৃহ বা ৰাজগৃহ । এই ৰাজধানীখনৰ চাৰিওফালে ওখ দেৱালেৰে আগুৰা আছিল । বর্তমান ই বিহাৰৰ অন্তৰ্গত । ৰাজধানীৰ মাজত কিছুমান দুর্গ নির্মাণ কৰা হৈছিল । ৰাজগৃহ শব্দটো প্রাকৃত ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল ৰাজপ্রাসাদ । 

প্রশ্ন ১৮। খ্রীঃপূঃ ষষ্ঠ শতিকাত চহৰৰ অগ্রগতি , কৃষি ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু ৰাজ্য গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ ( ক ) খ্রীঃ পূঃ যষ্ঠ শতিকাত নগৰসমূহৰ সৃষ্টি , ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু আঞ্চলিক শাসনকর্তাসমূহৰ ৰাজধানী প্রতিষ্ঠা হােৱাৰ প্ৰমাণ পােৱা যায় । 

( খ ) উক্ত সময়ছােৱাৰ ভিতৰত কৃষিৰ বিশেষ উন্নতি হােৱা পৰিলক্ষিত হয় । সমাজত তিনি শ্ৰেণীৰ খেতিয়ক থকাৰ উমান পােৱা যায় । তেওঁলােক হ’ল অধিক মাটিৰ মালিক বা প্রথম শ্ৰেণীৰ খেতিয়ক , মধ্যবিত্ত শ্রেণীৰ খেতিয়ক আৰু তৃতীয় শ্রেণীৰ খেতিয়ক বা ভূমিহীন খেতিয়ক । 

( গ ) ইয়াৰােপৰি সেই শতিকাত নানা ধৰণৰ আঞ্চলিক ৰাজবংশৰ উত্থান ঘটিছিল । ইয়াৰ লগে লগে ৰজাসকলে প্রশাসনীয় সুবিধাৰ কাৰণে নিজা নিজা ৰাজধানী প্রতিষ্ঠা কৰিছিল । এই বিলাকক সাধাৰণতে মহাজন পদ বুলি কোৱা হৈছিল । 

প্রশ্ন ১৯। খ্রীঃপূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা কিছুমান চহৰৰ বা নগৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ( ক ) খ্রীঃপূঃ ষষ্ঠ শতিকাত নগৰসমূহৰ সৃষ্টি , ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু আঞ্চলিক শাসনকর্তাসমূহৰ ৰাজধানী প্রতিষ্ঠা হােৱাৰ প্ৰমাণ পােৱা যায় । 

( খ ) উক্ত সময়ছােৱাৰ ভিতৰত কৃষিৰ বিশেষ উন্নতি হােৱা পৰিলক্ষিত হয় । সমাজত তিনি শ্ৰেণীৰ খেতিয়ক থকাৰ উমান পােৱা যায় তেওঁলােক হ’ল— অধিক মাটিৰ মালিক বা প্রথম শ্ৰেণীৰ খেতিয়ক , মধ্যবিত্ত শ্রেণীৰ খেতিয়ক আৰু তৃতীয় শ্রেণীৰ খেতিয়কবা ভূমিহীন খেতিয়ক । 

( গ ) ইয়াৰােপৰি সেই শতিকাত নানা ধৰণৰ আঞ্চলিক ৰাজবংশৰ উত্থান ঘটিছিল । ইয়াৰ লগে লগে ৰজাসকলে প্রশাসনীয় সুবিধাৰ কাৰণে নিজা নিজা ৰাজধানী প্রতিষ্ঠা কৰিছিল । এইবিলাকক সাধাৰণতে মহাজন পদ বুলি কোৱা হৈছিল । 

প্রশ্ন ২০। খ্রীঃ পূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা কিছুমান চহৰৰ বা নগৰৰ নাম উল্লেখ কৰে । 

উত্তৰঃ খ্রীঃ পূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা চহৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল — ৰাজগিৰি , ৰাজগৃহ , পাটলিপুত্র , উজ্জয়িনী , বৈশালী , সাবনাথ , বাৰানসী , মথুৰা , গিৰনাৰ , কনৌজ , থানেশ্বৰ , তক্ষশীলা , তােচালী , সুবর্ণগিৰী , নালন্দা আদি ।

প্রশ্ন ২১। হর্ষ চৰিতৰ বিষয়ে চমুকৈ লিখা । নাইবা , হর্ষচৰিত কোনে লিখিছিল ? 

উত্তৰঃ হর্ষচৰিত পুথিখন বাণভট্টই হর্ষবর্ধনৰ জীৱনৰ ভেটিত লিখিছিল । এই পুথিৰ জৰিয়তে তেওঁ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । হর্ষচৰিত পুথিৰ দ্বাৰা বাণভট্টই হর্ষবর্ধনৰ ৰাজনৈতিক জীৱনৰ এটি সুন্দৰ প্রতিচ্ছবি ফুটাই তুলিবলৈ যত্ন কৰিছিল । 

প্রশ্ন ২২। মৌর্য আৰু গুপ্ত যুগত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গঢ়ি উঠা কিছুমান যােগাযােগ । ব্যৱস্থাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ মৌর্য আৰু গুপ্তযুগত অন্য দেশৰ লগত ব্যৱসায় বাণিজ্য প্রসাৰ ঘটিছিল প্রধানকৈ জল আৰু স্থল পথেৰে । স্থল পথেৰে মধ্য এছিয়াৰ লগত ব্যৱসায়ৰ যােগাযােগ ঘটিছিল । আনহাতে আৰৱ সাগৰ আৰু বঙ্গোপসাগৰৰ মাজেৰে পূর্ব আফ্রিকা , মধ্য এছিয়া , দক্ষিণ এছিয়া । আৰু চীনৰ লগত ব্যৱসায় বাণিজ্যৰ আদান প্রদান ঘটিছিল । 

প্রশ্ন ২৩। মৌর্য যুগত দক্ষিণ ভাৰতত উত্থান ঘটা তিনিটা ৰাজবংশৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই তিনিটা ৰাজবংশ চোল ৰাজবংশ , চিৰাচ ৰাজবংশ আৰু পাণ্ড্য ৰাজবংশ । 

প্রশ্ন ২৪। খ্রীঃ পূঃ ষষ্ঠ শতিকাত উত্থান ঘটা মহাজন পদসমূহৰ বিষয়ে আমি ক’ৰ পৰা তথ্য লাভ কৰিছে ? 

উত্তৰঃ অন্যান্য বিষয়বােৰৰ বাহিৰেও বৌদ্ধ আৰু জৈন সাহিত্যৰ পৰা খ্রীঃপূঃ ছয় নতুবা বুদ্ধৰ জন্মৰ ঠিক কিছু বছৰৰ আগৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিব পাৰে । জৈন আৰু বৌদ্ধ সাহিত্যৰ জৰিয়তে ষােড়শ মহাজন পদৰ উৎপত্তি আৰু বিকাশ সম্পর্কীয় তথ্য লাভ কৰিব পৰা হৈছে । এই দুই সাহিত্যৰ তথ্য অনুসৰি এই মহাজন পদ বা ৰাজ্যসমূহৰ কিছুমান আছিল ৰাজতান্ত্রিক আৰু কিছুমান প্রজাতান্ত্রিক আছিল । 

প্রশ্ন ২৫। মহাজন পদ আৰু ‘ গণ ’ বা সংঘৰ মাজত থকা এটি ৰাজনৈতিক পার্থক্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ মহাজন পদবােৰৰ শাসনভাৰ এজন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল । আনহাতে গণৰাজ্য বা সংঘবােৰৰ শাসনকার্য আৰু বিচাৰকার্য চলােৱাৰ কাৰণে এনে ৰাজ্যত একোখন পৰিষদ আছিল । এই পৰিষদক গণ বা সংঘ বুলি কোৱা হৈছিল । এই পৰিষদৰ লােকসকলক জ্যেষ্ঠ , গণপতি , সংঘমুখ্য আৰু কেতিয়াবা কেতিয়াবা গণৰাজ্য বােলা হৈছিল । 

প্রশ্ন ২৬। মহাজন পদ বা গণৰাজ্যবােৰৰ দিনত গঢ়ি উঠা নগৰবােৰৰ প্রধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ মহাজন পদ বা গণৰাজ্যসমূহ প্রতিষ্ঠা হােৱাৰ লগে লগে ইয়াৰ শাসন ব্যৱস্থাৰ সুবিধাৰ কাৰণে কিছুমান চহৰ বা নগৰৰ জন্ম হৈছিল । এই নগৰসমূহ সুৰক্ষিত কৰাৰ কাৰণে ৰাজধানী বা চহৰৰ ভিতৰত কিছুমান দুর্গও নির্মাণ ৰা হৈছিল । ইয়াৰ চাৰিওফালে ওখ দেৱাল নির্মাণ কৰা হৈছিল । ইয়াৰ বাহিৰেও ৰাজ্যখনৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজধানী বা চহৰৰ ভিতৰত কিছুমান দুৰ্গও নিৰ্মান কৰা হৈছিল ।

প্রশ্ন ২৭। গণ বা সংঘবােৰৰ তিনিটা প্রধান বৈশিষ্ট্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ গণ বা সংঘৰ প্রধান বৈশিষ্ট্য তিনিটা হ’ল—

( ক ) গণৰাজ্যবিলাকত প্রশাসনৰ কাৰণে একোখন পৰিষদ আছিল । এই পৰিযদক সংঘ বা গণ বােলা হৈছিল । 

( খ ) জৈন ধর্মপ্রচাৰক মহাবীৰ আৰু বৌদ্ধধর্মৰ প্রৱক গৌতম বুদ্ধ এই গণৰাজ্যৰ লােক আছিল । 

( গ ) জৈন সাহিত্য আৰু বৌদ্ধ সাহিত্যৰ পৰা জনা যায় যে এই গণৰাজ্যসমূহৰ কিছুমান এহেজাৰ বছৰলৈ বৰ্তি আছিল । 

প্রশ্ন ২৮। প্রাচীন কালত সমাজত বৈষম্যৰ সৃষ্টি কিয় হৈছিল ? 

উত্তৰঃ প্রাচীন কালৰে পৰা সমাজত বৈষম্য হােৱাৰ প্ৰমাণ পােৱা যায় । ইয়াৰ প্ৰধান কাৰণ হিচাপে ধনী শ্রেণীৰ আৱির্ভাব , নিবনুৱা আৰু নতুন প্রযুক্তিবিদ্যাৰ কথাকে উল্লেখ কৰিব পাৰি । 

প্রশ্ন ২৯। জোটবন্ধন ( oligarchy ) শাসন বুলিলে কি বুজা ? 

উত্তৰঃ শাসন ব্যৱস্থাৰ সকলাে দিশ য’ত কিছুমান লােকৰ হাতত ন্যস্ত থাকে তাকে জোটবন্ধন বা oligarchy বােলে । উদাহৰণ হিচাপে ৰােমান শাসন ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি । 

প্রশ্ন ৩০। জন প্রিঞ্চেপ কোন আছিল ? তেওঁক কিয় ভাৰত বুৰঞ্জীত উল্লেখযােগ্য বুলি কোৱা হয় ? 

উত্তৰঃ জন প্রিঞ্চেপইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালৰ এজন ধাতুবিদ আছিল । তেৱেঁই সেই সময়ৰ ভাৰতবৰ্ষৰ বহুতাে প্রাচীন লিপিৰ পাঠোদ্ধাৰ কৰিছিল । প্রাচীন লিপি আৰু মুদ্রা  অধ্যয়নৰ জৰিয়তে তেওঁ অশােকৰ শাসনকালৰ বহুতাে তথ্য উদ্ধাৰ কৰিছিল । 

প্রশ্ন ৩১। খ্রীঃপূঃ ষষ্ঠ শতিকাটো কিয় ভাৰত বুৰঞ্জীত উল্লেখযােগ্য বুলি বিবেচনা কৰা হয় ? 

উত্তৰ খ্রীঃ পূঃ যষ্ঠ শতিকাটো ৰাজনৈতিক আৰু ধর্মীয় দিশৰ পৰা ভাৰতবৰ্ষৰ ইতিহাস এটা গুৰুত্বপূৰ্ণ শতিকা । এই শতিকাতে ব্রাহ্মণ ধৰ্মৰ প্রতিবাদী ধর্ম জৈন ধর্ম আৰু বৌদ্ধ ধর্মৰ উৎপত্তি হয় । ৰাজনৈতিক দিশত ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্যবােৰৰ ঠাইত বিশাল সাম্রাজ্যই গঢ় লৈ উঠে । এই শতিকাৰে পৰা ভাৰত বুৰঞ্জী স্পষ্ট হৈ পৰে । খ্রীঃ পূঃ ষষ্ঠ , শতিকাৰ ভাৰতৰ ইতিহাস সম্পর্কে বৌদ্ধগ্রন্থ , হিন্দু পুৰাণ আৰু জৈন উপাদানৰ পৰা জানিব পাৰি ।

প্রশ্ন ৩২। ‘জনপদ ’ বুলিলে কি বুজা ? 

উত্তৰঃ জনপদ শব্দটো প্রাকৃত আৰু সংস্কৃত ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল কোনাে এটুকুৰা ঠাইত জনসাধাৰণে বাসস্থান নির্মাণ কৰা বা স্থায়ীভাৱে খেতি – বাতি কৰাকে বুজায় । 

প্রশ্ন ৩৩। ট্রান্স প্লেন্টেছন বা প্রতিষ্ঠাপন ( Trans Plantation ) বুলিলে কি বুজা ? 

উত্তৰঃ খেতি পথাৰ উপযুক্ততা আৰু উৰ্বৰতা লক্ষ্য কৰি ঠাই সলনি কৰি ধান খৈতি কৰা ব্যবস্থাকে ট্রান্স প্লেন্টেছন বা প্রতিষ্ঠাপন কৰা বুলি কোৱা হয় । প্রথমে কোনাে এঠাইত ধানৰ বীজ সিচা হয় । পিছলৈ সেইবোৰ উপযুক্ত হােৱাৰ পিছত পানী থকা ঠাইত ৰােৱা হয় বা প্রতিষ্ঠাপন কৰা হয় । 

প্রশ্ন ৩৪। ধর্ম প্রবর্তিকা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজত প্রচলিত ধর্মীয় বা সামাজিক নীতিসমূহ সুচাৰুৰূপে পালন হােৱাকে ধর্ম প্ৰৱৰ্তিকা বুলি কোৱা হৈছিল । অশােকে ৰাজ আদেশ পালন কৰাটো বিচাৰিছিল । তেওঁ ৰাজ্যৰ শাসনতন্ত্ৰৰ ব্যৱস্থাসমূহক প্রচাৰ কার্যত ব্যৱহাৰ কৰিছিল ।

প্রশ্ন ৩৫। ‘ধর্ম মহামাত্র’ কোন আছিল ? 

উত্তৰঃ ‘ধর্ম মহামাত্র’ ধর্মনীতি বিষয়ক এক শ্ৰেণীৰ বিষয়া । এই পদটো অশােকে সৃষ্টি কৰিছিল । কাৰণ মহাৰাজ অশােকে ৰাজ্যৰ সকলাে লােকে ধৰ্মৰ অনুশাসনবােৰ পালন কৰা আৰু জনসাধাৰণৰ মনত ধৰ্মৰ ভাব উদয় হােৱাটো বিচাৰিছিল । সেই কাৰণেই তেওঁ ‘ধর্ম মহামাত্র ’ নামৰ এক শ্রেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল । তেওঁলােকে দেশৰ ভিতৰত পৰিভ্রমণ কৰি ৰাজ্যৰ সকলাে ঠাইতে ধর্মনীতি প্রচাৰ কৰিছিল ।

প্রশ্ন ৩৬। ‘ধর্মঘঘাষ’ বুলিলে কি বুজা ? 

উত্তৰঃ কলিঙ্গ যুদ্ধৰ আগতে অশােকে ভেৰীঘােষ নীতি গ্রহণ কৰিছিল । অর্থাৎ ঢােল বজোৱা কাৰ্য বা ভেৰীঘােয যুদ্ধৰ বাবেহে ব্যৱহাৰ কৰিছিল । 

কিন্তু কলিঙ্গ যুদ্ধৰ পিছত তেওঁ সেই নীতি পৰিহাৰ কৰি ভেৰীঘােষক ধর্মঘােষলৈ পৰিৱৰ্তন ঘটাইছিল । অর্থাৎ তেওঁ যুদ্ধৰ বিপৰীতে ধৰ্মৰ দ্বাৰাহে মানুহৰ মন জয় কৰি সাম্রাজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল । এই নীতিৰ জৰিয়তে তেওঁ ‘ ভেৰীঘােষক ‘ ধর্মঘােষ ’ বা ধৰ্মৰ নিনাদত পৰিণত কৰিছিল । 

প্রশ্ন ৩৭। ( ক ) ‘ ভেৰীঘােষ ’ বুলিলে কি বুজা ? 

উত্তৰঃ ‘ভেৰীঘােষ’ হ’ল যুদ্ধৰ সময়ত ঢােল বা বাজনা বজোৱা । যুদ্ধৰ সময়ত ঢােল বা বাজনা বজোৱা কার্যকে ভেৰীঘােষ বুলি কোৱা হৈছিল । কিন্তু মহাৰাজ অশােকে কলিঙ্গ যুদ্ধৰ পিছত এই ঢােল বজোৱা কার্য যুদ্ধৰ বাবে নকৰি ধৰ্মৰ বাবেহে কৰিবলৈ লৈছিল । অর্থাৎ অশােকে এই ভেৰীঘােষকে ধর্মঘােষলৈ বা ধর্ম নিনাদত পৰিণত কৰিছিল । এই নীতিৰ জৰিয়তে তেওঁ সকলাে লােকৰ সৈতে মিত্ৰতাপূর্ণ নীতি গ্রহণ কৰিছিল । 

প্রশ্ন ৩৭। ( খ ) মৌর্য প্রশাসনিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ বৈশিষ্ট্য দুটা— ( ক ) ৰাজতান্ত্রিক শাসন , ৰজা শাসন সর্বোচ্চ আছিল । 

( খ ) এখন মন্ত্রীপৰিষদ আছিল । পৰিষদ বহুতাে বিভাগীয় বিষয়াই শাসনকার্যত সহায় কৰিছিল । 

প্রশ্ন ৩৮। ‘ৰাজুক’ শব্দটোৱে কি বুজাইছিল ? 

উত্তৰঃ অশােকে নিজৰ ধৰ্ম প্ৰচাৰৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । তেওঁ নিজেও ধর্ম যাত্রা কৰিছিল । কিন্তু ইমান ডাঙৰ এখন সাম্রাজ্যত অকলে ধৰ্ম প্ৰচাৰ কৰাটো অসম্ভৱ  আছিল । সেয়ে তেওঁ ধর্ম প্রচাৰৰ কাৰণে কিছুমান বিষয় নিযুক্ত কৰিছিল । এই বিষয়াসকলৰ ভিতৰত ‘ ৰাজুক ’ নামৰ বিষয়াজনাে আছিল উল্লেখযােগ্য । ধর্ম প্রচাৰৰ কাৰণে তেওঁক পাঁচ বছৰ সময় দিছিল । তেওঁক ধর্ম প্রচাৰৰ লগতে চৰকাৰী কামাে দিছিল । 

প্রশ্ন ৩৯। ‘ধম্ম’ ( Dhamma ) বুলিলে কি বুজা ? 

উত্তৰঃ অশােকে তেওঁৰ ধৰ্মক বৌদ্ধধর্ম বুলি নকৈ ‘ ধম্ম বুলি কৈছে । অশােকৰ ‘ধৰ্ম্ম ’ আছিল কিছুমান আচৰণ বিধি । ‘ধম্ম’ শব্দৰ বৈশিষ্ট্য এই যে , ই কোনাে ধর্মীয় তত্ত্বৰ আধাৰত প্রতিষ্ঠিত নহয় । ই মহাৰাজ অশােকৰ নিজা আৱিষ্কাৰ । ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ব্যক্তিজীৱন আৰু সমাজজীৱন নিকা কৰা । এই দিশত তেওঁ প্রতিজন ব্যক্তিক কিছুমান নৈতিক অনুশীলন যেনে , দয়া , দান , সত্য কথা কোৱা , পৱিত্ৰতা পালন কৰা , ভদ্ৰতা আৰু নম্রতা পালন মানি । চলিবলৈ আহ্বান জনাইছিল ।

প্রশ্ন ৪০। বিষয় ( Vishya ) বুলিলে কি বুজা ? 

উত্তৰঃ গুপ্ত সাম্রাজ্য কেইখনমান প্রদেশত বিভক্ত আছিল । প্রদেশসমূহ দেশ , ভুক্তি আৰু ভােগত ভাগা হৈছিল । সেইবােৰক আৰু কিছুমান ভাগত ভাগা হৈছিল । এইভাগবােৰকে জিলা বা বিষয় নামে জনা গৈছিল । বিষয়পতিসকলে ‘ বিষয়’ৰ শাসনকার্য চাৰিজন প্রতিনিধিৰ সহায়ত চলাইছিল । 

প্রশ্ন ৪১। ভুক্তি ( Bhukti ) বুলিলে কি বুজা ? 

উত্তৰঃ গুপ্তসকলৰ শাসনকালত সাম্রাজ্যখনক কেবাখনাে প্রদেশত বিভক্ত কৰা হৈছিল । প্রদেশবিলাকক দেশ , ভুক্তি আৰু ভােগ এই তিনিনামেৰে জনা গৈছিল । ভুক্তিনামৰ প্ৰদেশবােৰ আছিল উত্তমণ্ডল ভুক্তি , তিৰাভুক্তি , শ্ৰাৱন্তী ভুক্তি আদি । 

প্রশ্ন ৪২। বিষ্টী বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগত যিবিলাক গৰু শস্য , সােণ , কেঁচামাল আৰু শ্ৰমদান কৰাৰ মাধ্যমত খাজনা দিছিল সেইবিলাকক বিষ্টী বােলা হৈছিল । 

প্রশ্ন ৪৩। ‘সন্নিধাতা ’ বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগৰ বিষয়াসকলৰ ভিতৰত সন্নিধাতা’নামৰ বিষয়াজনাে আছিল উল্লেখযােগ্য । কেন্দ্রীয় ৰাজকোষৰ দায়িত্বত থকা বিষয়াজনক সন্নিধাতা বুলি জনা গৈছিল । তেৱো ২৪,০০০ পানাকৈ মজুৰি লাভ কৰিছিল ।

প্রশ্ন ৪৪। ‘সমাহর্তা ’ বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগত বিভিন্ন ধৰণৰ পদবী বা বিষয়াপদৰ সৃষ্টি কৰিছিল । কেন্দ্রীয় ৰাজহ সংগ্ৰহকাৰী বিষয়াজন সমাহর্তা বুলি জনা গৈছিল । সমাহর্তা’ই সন্নিধাতা নামৰ আন এজন বিষয়াৰ লগত পাৰস্পৰিক সহযােগিতাৰে নিজ নিজ দায়িত্ব পালন কৰিব লাগিছিল । তেওঁলােকে প্রত্যেকেই ২৪,০০০ পানাকৈ দৰমহা লাভ কৰিছিল ।

প্রশ্ন ৪৫। পানা ( pana ) বুলিলে কি বুজা ? 

উত্তৰঃ পানা হ’ল মৌর্য যুগৰ এবিধ মুদ্রা । মৌর্য যুগৰ কৰ্মচাৰীসকলে বেতন হিচাপে এই পানা লাভ কৰিছিল । এজন উচ্চ শ্ৰেণীৰ কৰ্মচাৰীয়ে ২৪,০০০ পানাকৈ বেতন লাভ কৰিছিল । 

প্রশ্ন ৪৬। অৱতাৰ বুলিলে কি বুজা ? 

উত্তৰঃ অৱতাৰ মানে হ’ল পুনৰ আৱির্ভাব । বৈষ্ণৱ ধৰ্মত অৱতাৰ বা পুনৰ আৱির্ভাবৰ বিষয়ে বিশ্বাস কৰা হয় । 

প্রশ্ন ৪৭। ভক্তি বুলিলে কি বুজা ? 

উত্তৰঃ ভক্তি মানে হ’ল পূজা অর্চনা নাইবা সৰুৱে ডাক সন্মান কৰা । ৰজাক প্রজাসাধাৰণে সন্মান কৰা কার্যকো ভক্তি বুলি কোৱা হয় । তেনেদৰে ঈশ্বৰৰ ওচৰত নতশিৰ হােৱাকো ভক্তি বােলে । 

প্রশ্ন ৪৮ মেগালিথ ( Megaligh ) মানে কি বুজা ? 

উত্তৰঃ  ‘মেগা’ মানে নিযুত বা তাতকৈও অধিক । ‘লিথ’ মানে হ’ল শিলৰ গঠন বা আকৃতি । গতিকে মেগালিথ মানে অগণন শিলৰ টুকুৰা । এইবােৰ দক্ষিণ ভাৰতত পােৱা যায় ।

প্রশ্ন ৪৯। মেগালিথ নামৰ শিলৰিধ পােৱা কিছুমান ঠাইৰ নাম উল্লেখ কৰা । 

উত্তৰঃ দক্ষিণ ভাৰতৰ কিছুমান ঠাইত এই মেগালিথােৰ পােৱা যায় । এই ঠাইসমূহ হ’ল — মহাৰাষ্ট্রৰ মালপা , টোকা ঘাট , নাইকুণ্ড আৰু মাছৰ জাবি । তেনেদৰে দক্ষিণ ভাৰতৰ আন আন ঠাইসমূহ হ’ল ব্রহ্মগিৰী , মাছকি , হালুৰ আৰু হাৰদলহালি । 

প্রশ্ন ৫০। মেগাস্থানিচ কোন আছিল ? 

উত্তৰঃ ( ক ) চন্দ্রগুপ্তৰ ৰাজসভালৈ গ্রীক কটকী মেগাস্থানিচ আহিছিল । 

( খ ) তেওঁ ‘ইণ্ডিকা’ নামৰ পুথিখন লিখিছিল । 

( গ ) এই ইণ্ডিকা’নামৰ পুথিৰ জৰিয়তে সেই সময়ৰ ভাৰতবৰ্ষৰ বহুতাে গুৰুত্বপূর্ণ তথ্যৰ সন্ধান পােৱা যায় । 

See Next Page…

1 thought on “Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top