Class 12 Economics Important Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ

Class 12 Economics Important Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। ভাৰতীয় অৰ্থনীতিৰ বাবে দৰিদ্ৰতা কিয় এক বিৰাট প্ৰত্যাহ্বান?

উত্তৰঃ কিয়নো ই ন্যূনতম আহাৰ, আশ্ৰয়, শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষাৰ অভাৱ সৃষ্টি কৰে আৰু জনসংখ্যাৰ এক বৃহৎ অংশক অপুষ্টি আৰু আৰ্থিক অনিশ্চয়তাৰ মুখলৈ ঠেলে।

২। গাঁও অঞ্চলৰ দৰিদ্ৰ শ্ৰেণীত কোন কোন লোক অন্তৰ্ভুক্ত হয়?

উত্তৰঃ গাঁও অঞ্চলৰ দৰিদ্ৰ শ্ৰেণীত ভূমিহীন লোক, আধিয়াৰ, উপান্ত খেতিয়ক, বানাক্রান্ত লোক আৰু লুপ্তপ্ৰায় কুটিৰ শিল্পৰ কাৰিকৰ আদি লোক অন্তৰ্ভুক্ত হয়।

৩। খাদ্য সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ প্ৰতিজন ব্যক্তি বা পৰিয়ালে দুবেলা দুমুঠি আহাৰ যোগান দিব পৰা সক্ষমতা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বন্ধা শ্রমিক কাক কোৱা হয়?

উত্তৰঃ ঋণ পৰিশোধ কৰিব নোৱাৰি ঋণদাতাৰ ঘৰত বিনা মজুৰীৰে কাম কৰিবলৈ বাধ্য হোৱা ব্যক্তিক।

৫। কেলৰি ভিত্তিক দৰিদ্ৰ সীমাৰেখাত গাঁও আৰু চহৰ অঞ্চলৰ কেলৰি প্ৰয়োজন কিমান?

উত্তৰঃ গাঁও অঞ্চলত ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি।

৬। দীর্ঘস্থায়ী দৰিদ্ৰতাৰ উদাহৰণ দিয়া।

উত্তৰঃ দীর্ঘস্থায়ী দৰিদ্ৰতাৰ উদাহৰণ হ’ল- দিন হাজিৰা কৰা লোক।

৭। অমর্ত্য সেনৰ মতে দৰিদ্ৰতা নিৰ্মূলৰ মূল শর্ত কি?

উত্তৰঃ সুখী জীৱনৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা গ্ৰহণৰ ক্ষমতা আৰু স্বাধীনতা লাভ কৰা।

৮। মানৱ মূলধনৰ প্ৰধান উৎস দুটা লিখা।

উত্তৰঃ মানৱ মূলধনৰ প্ৰধান উৎস দুটা হ’ল- শিক্ষা আৰু প্ৰশিক্ষণ স্বাস্থ্য।

৯। শিক্ষা অধিকাৰ আইন কোন চনত বলবৎ হৈছিল?

উত্তৰঃ শিক্ষা অধিকাৰ আইন ২০১০ চনত বলবৎ হৈছিল।

১০। গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি কি?

উত্তৰঃ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি কৃষি উন্নয়ন।

১১। NABARD কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ NABARD ১৯৮২ চনত গঠন কৰা হৈছিল।

১২। ক্ষুদ্র ঋণ ব্যৱস্থা (Micro credit programme) কি?

উত্তৰঃ আত্ম-সহায়ক গোটৰ মাধ্যমে কম সুদে আৰু সহজ কিস্তিত ঋণ প্ৰদানৰ ব্যৱস্থা।

১৩। নিয়োগবিহীন উন্নয়ন (Jobless growth) বুলি কি বুজায়?

উত্তৰঃ জাতীয় আয় বৃদ্ধি হলেও নিয়োগৰ হাৰ নিম্নগামী হোৱা।

১৪। অসংগঠিত খণ্ডত নিয়োগৰ গুণগত মান কিয় নিম্ন?

উত্তৰঃ কিয়নো নিম্নতম মজুৰী, স্বাস্থ্যসেবা, বীমা আদি সামাজিক সুৰক্ষাৰ অভাৱ আছে।

১৫। আন্তঃগাঁথনিৰ তিনিধৰণ কি কি?

উত্তৰঃ ভৌতিক, বিত্তীয় আৰু সামাজিক আন্তঃগাঁথনি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top