Class 12 Economics Important Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ

Class 12 Economics Important Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। ভাৰত আৰু পাকিস্তানত অৰ্থনৈতিক উন্নয়নৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪৭ চনত স্বাধীনতাৰ পাছত ভাৰত আৰু পাকিস্তানত অৰ্থনৈতিক উন্নয়নৰ আৰম্ভণি হৈছিল।

২। চীনত অৰ্থনৈতিক উন্নয়নৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪৯ চনত চীন গণপ্ৰজাতন্ত্রী গঠন হোৱাৰ পাছত অৰ্থনৈতিক উন্নয়ন আৰম্ভ হৈছিল।

৩। চীনত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭৮ চনত চীনত ডেং জিয়াওপিংৰ নেতৃত্বত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৮৮ চনত পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল।

৫। ভাৰতত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯১ চনত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতিৰে সংস্কাৰ আৰম্ভ হৈছিল।

৬। তিনিওখন দেশৰ মূখ্য জনসংখ্যাগত সমস্যাটো কি?

উত্তৰঃ জনসংখ্যা বৃদ্ধি— যাৰ হাৰ পাকিস্তানত সৰ্বাধিক, তাৰপাছত ভাৰত আৰু চীন।

৭। পাকিস্তানত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?

উত্তৰঃ পাকিস্তানত জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় ২.৫ শতাংশ।

৮। চীনত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কি নীতি গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৭৮ চনত এক-শিশু পৰিয়াল নীতি প্ৰৱৰ্ত্তন কৰা হৈছিল।

৯। ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?

উত্তৰঃ ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় ১.৭ শতাংশ।

১০। চীনৰ GDP-ত সৰ্বাধিক অৱদান কোন খণ্ডৰ?

উত্তৰঃ চীনৰ GDP-ত উদ্যোগ খণ্ডই প্ৰায় ৩৬.৫% অৱদান দিয়ে।

১১। ভাৰত আৰু পাকিস্তানৰ GDP-ত সৰ্বাধিক অৱদান কোন খণ্ডৰ?

উত্তৰঃ সেৱা খণ্ড ভাৰতত প্ৰায় ৫৫% আৰু পাকিস্তানত প্ৰায় ৫৭.৭% অৱদান।

১২। মুক্ত দুৱাৰ নীতি (Open Door Policy) চীনত কোনে প্ৰৱৰ্ত্তন কৰিছিল?

উত্তৰঃ ডেং জিয়াওপিংয়ে ১৯৭৯ চনত এই নীতি প্ৰৱৰ্ত্তন কৰে।

১৩। কিমান চনত চীন WTO-ৰ সদস্য হয়?

উত্তৰঃ ২০০১ চনত চীন WTO-ৰ সদস্য হয়।

১৪। পাকিস্তানৰ GDP বৃদ্ধিৰ হাৰ ২০০৯-১০ চনত কিমান আছিল?

উত্তৰঃ পাকিস্তানৰ GDP বৃদ্ধিৰ হাৰ ২০০৯-১০ চনত প্ৰায় ২ শতাংশ আছিল।

১৫। ২০০৯-১০ চনত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ ২০০৯-১০ চনত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ প্ৰায় ৭.৪ শতাংশ আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top