Class 12 Economics Important Chapter 5 চৰকাৰী বাজেট আৰু আর্থিক ব্যৱস্থা

Class 12 Economics Important Chapter 5 চৰকাৰী বাজেট আৰু আর্থিক ব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 5 চৰকাৰী বাজেট আৰু আর্থিক ব্যৱস্থা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি
IMPORTANT QUESTION AND ANSWER

১। চৰকাৰী বাজেট কি?

উত্তৰঃ আগন্তুক বিত্তীয় বছৰৰ বাবে যুগুত কৰা এটা বাৰ্ষিক বিত্তীয় বিবৃতি, য’ত চৰকাৰৰ অনুমানিত আয় আৰু ব্যয়ৰ বিস্তৃত তথ্য থাকে।

২। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বাজেট দাখিলৰ কথা আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 112-ত বাজেট দাখিলৰ বিধান আছে।

৩। ৰাজহুৱা সামগ্ৰী কি?

উত্তৰঃ যিবোৰ সামগ্ৰী বজাৰৰ পৰা সংগ্ৰহ কৰিব নোৱাৰি কিন্তু সমাজৰ সকলো সদস্যৰ বাবে প্ৰয়োজনীয়, তেনে সামগ্রীক ৰাজহুৱা সামগ্ৰী বুলি কোৱা হয়।

৪। ব্যক্তিগত সামগ্ৰী কি?

উত্তৰঃ যিবোৰ সামগ্ৰী বজাৰৰ পৰা সংগ্ৰহ কৰিব পৰা যায় আৰু যাৰ ভোগকাৰীত ব্যক্তিগত অধিকাৰ থাকে, সেইবোৰক ব্যক্তিগত সামগ্ৰী বুলি কোৱা হয়।

৫। প্ৰত্যক্ষ কৰ কি?

উত্তৰঃ যি কৰৰ সংঘাত আৰু কৰভাৰ একেজন ব্যক্তিৰ ওপৰত পৰে আৰু অন্যজনলৈ ঠেলি নিযাব নোৱাৰি, তাক প্রত্যক্ষ কৰ বুলি কোৱা হয়।

৬। পৰোক্ষ কৰ কি?

উত্তৰঃ যি কৰৰ সংঘাত আৰু কৰভাৰ ভিন্ন ব্যক্তিৰ ওপৰত পৰে, অৰ্থাৎ ভোগকাৰীৰ ওপৰত শেষত প্ৰভাৱ পেলায়, তাক পৰোক্ষ কৰ বুলি কোৱা হয়।

৭। কাগজী কৰ কি?

উত্তৰঃ যিবোৰ প্রত্যক্ষ কৰৰ পৰা চৰকাৰে অত্যন্ত কম ৰাজহ সংগ্ৰহ কৰে, তেনে কৰক কাগজী কৰ বুলি কোৱা হয়।

৮। অনাকৰ ৰাজহ কি?

উত্তৰঃ কৰ ছাড়া অন্য উৎসৰ পৰা চৰকাৰে সংগ্ৰহ কৰা ৰাজহক অনাকৰ ৰাজহ বুলি কোৱা হয়, যেনে— জৰিমনা, মাছুল, অনুদান ইত্যাদি।

৯। ৰাজহ ব্যয় কি?

উত্তৰঃ যি চৰকাৰী ব্যয়ৰ ফলত নতুন পৰিসম্পদ সৃষ্টি নহয় বা মূলধন গঠন নহয়, তাক ৰাজহ ব্যয় বুলি কোৱা হয়।

১০। মূলধনী ৰাজহ কি?

উত্তৰঃ যি ৰাজহৰ ফলত চৰকাৰৰ আৰ্থিক দায়বদ্ধতা সৃষ্টি হয় বা অৰ্থনৈতিক পৰিসম্পদ হ্ৰাস পায়, তাক মূলধনী ৰাজহ বুলি কোৱা হয়।

১১। FRBMA কেতিয়া প্ৰণয়ন কৰা হয়?

উত্তৰঃ বিত্তীয় দায়িত্ব আৰু বাজেট ব্যৱস্থাপনা আইন (FRBMA) 2003 চনত প্ৰণয়ন কৰা হয়।

১২। ৰাজহ ঘাটি কি?

উত্তৰঃ চৰকাৰৰ ৰাজহ ব্যয় আৰু ৰাজহ আয়ৰ মাজৰ পাৰ্থক্যক ৰাজহ ঘাটি কয়।

সুত্ৰঃ ৰাজহ ঘাটি = ৰাজহ ব্যয় – ৰাজহ আয়।

১৩। ৰাজকোষীয় ঘাটি কি?

উত্তৰঃ চৰকাৰৰ মুঠ ব্যয় আৰু (ৰাজহ আয় + ঋণ সৃষ্টিকাৰীবিহীন মূলধনী আয়)-ৰ মাজৰ পাৰ্থক্যক ৰাজকোষীয় ঘাটি বুলি কোৱা হয়।

১৪। প্ৰাথমিক ঘাটি কি?

উত্তৰঃ ৰাজকোষীয় ঘাটিৰ পৰা চৰকাৰে পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণ বিয়োগ কৰিলে যি থাকে তাক প্ৰাথমিক ঘাটি বুলি কোৱা হয়।

১৫। মুদ্রাগত বাজেট ঘাটি কি?

উত্তৰঃ বাজেট ঘাটি পূৰণ কৰিবলৈ RBI-এ নতুনকৈ মুদ্রা ছপি চৰকাৰক ধন যোগান ধৰিলে তাক মুদ্রাগত বাজেট ঘাটি বুলি কোৱা হয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top