Class 12 Economics Important Chapter 6 সমষ্টিবাদী মুক্ত অর্থনীতি

Class 12 Economics Important Chapter 6 সমষ্টিবাদী মুক্ত অর্থনীতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 6 সমষ্টিবাদী মুক্ত অর্থনীতি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি
IMPORTANT QUESTION AND ANSWER

১। মুক্ত অৰ্থনীতি কাক বোলে?

উত্তৰঃ য’ত বিদেশৰ সৈতে সামগ্ৰী, সেৱা আৰু অৰ্থনৈতিক লেনদেন হয় সেই অৰ্থনীতিক মুক্ত অৰ্থনীতি বোলে।

২। মুক্ত অৰ্থনীতিত মুঠ GDPৰ সমীকৰণ কি?

উত্তৰঃ মুক্ত অৰ্থনীতিত মুঠ GDPৰ সমীকৰণ হ’ল- Y = C + I + G + X – M।

৩। মুক্ত অৰ্থনীতিত X আৰু M কি বুজায়?

উত্তৰঃ X = ৰপ্তানি, M = আমদানি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। লেনদেনৰ হিচাপ কাক বোলে?

উত্তৰঃ এখন দেশ আৰু বাকী বিশ্বৰ মাজত হোৱা সকলো অৰ্থনৈতিক লেনদেনৰ প্ৰণালীবদ্ধ বিবৃতিক লেনদেনৰ হিচাপ বোলে।

৫। Flow variable কাক কয়?

উত্তৰঃ নিৰ্দিষ্ট সময়ছোৱাত মাপ কৰা পৰিমাণক Flow variable কয়।

৬। Stock variable কাক কয়?

উত্তৰঃ নিৰ্দিষ্ট সময় বিন্দুত মাপ কৰা পৰিমাণক Stock variable কয়।

৭। দৃশ্যমান বাণিজ্যত কি অন্তৰ্ভুক্ত হয়?

উত্তৰঃ দৃশ্যমান বাণিজ্যত সামগ্ৰী ৰপ্তানি আৰু আমদানি অন্তৰ্ভুক্ত হয়।

৮। অদৃশ্যমান বাণিজ্যত কি অন্তৰ্ভুক্ত হয়?

উত্তৰঃ অদৃশ্যমান বাণিজ্যত সেৱা ৰপ্তানি আৰু আমদানি অন্তৰ্ভুক্ত হয়।

৯। Devaluation কাক বোলে?

উত্তৰঃ চৰকাৰীভাৱে দেশীয় মুদ্ৰাৰ বৈদেশিক মূল্য হ্ৰাস কৰাক Devaluation বোলে।

১০। ‘Real exchange rate’ কাক বোলে?

উত্তৰঃ স্বদেশী আৰু বৈদেশিক মূল্যস্তৰৰ অনুপাতৰ দ্বাৰা প্ৰতিফলিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ক্ষমতা।

১১। স্থিৰ বিনিময় হাৰত বিনিময় হাৰ কিহে নিৰ্ধাৰণ কৰে?

উত্তৰঃ স্থিৰ বিনিময় হাৰত বিনিময় হাৰ চৰকাৰ বা মুদ্ৰা কর্তৃপক্ষই নিৰ্ধাৰণ কৰে।

১২। নমনীয় বিনিময় হাৰত বিনিময় হাৰ কিহে নিৰ্ধাৰণ কৰে?

উত্তৰঃ নমনীয় বিনিময় হাৰত বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ধাৰণ কৰে।

১৩। পৰিচালিত ভাসমান বিনিময় হাৰ কাক বোলে?

উত্তৰঃ স্থিৰ আৰু নমনীয় বিনিময় হাৰৰ সংমিশ্ৰণ।

১৪। বাণিজ্যিক বাহি মানে কি?

উত্তৰঃ ৰপ্তানিৰ মূল্য আমদানিৰ মূল্যতকৈ বেছি হোৱা অৱস্থা।

১৫। Twin deficit কাক বোলে?

উত্তৰঃ বাণিজ্যিক ঘাটি আৰু বাজেট ঘাটি একেলগে হোৱা অৱস্থা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top