Class 12 Economics Important Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন

Class 12 Economics Important Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। প্ৰকল্প (Project) কাক বুজায়?

উত্তৰঃ হাতে-কামে কৰা অনুসন্ধানমূলক অধ্যয়নক প্ৰকল্প বোলে, য’ত শিক্ষার্থী প্রত্যক্ষভাৱে অংশ লয়।

২। প্ৰকল্প পদ্ধতিৰ প্ৰৱর্তক কোন?

উত্তৰঃ উইলিয়াম কিলপেট্ৰিক (William Kilpatrick)।

৩। ক্ষেত্ৰ অধ্যয়ন (Field Study) কাক বোলে?

উত্তৰঃ কোনো বিশেষ উদ্দেশ্যৰে নিৰ্দিষ্ট ক্ষেত্ৰৰ পৰা মুখ্য আৰু গৌণ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। সফল প্ৰকল্প প্ৰস্তুতৰ প্ৰথম পদক্ষেপ কি?

উত্তৰঃ পৰিস্থিতি আৰু উদ্দেশ্য নিৰ্ধাৰণ।

৫। ক্ষেত্ৰ অধ্যয়নক কিমান ধাপত ভাগ কৰিব পাৰি?

উত্তৰঃ পৰিস্থিতি আৰু উদ্দেশ্য নিৰ্ধাৰণ, পৰিকল্পনা, পৰিচালনা-লিপিবদ্ধকৰণ, আৰু প্ৰতিবেদন প্ৰস্তুতকৰণ।

৬। প্ৰতিবেদনৰ তিনিখন মূল ভাগ কি কি?

উত্তৰঃ প্ৰতিবেদনৰ তিনিখন মূল ভাগ হ’ল- প্ৰাৰম্ভিক অংশ, মূল বিষয়বস্তু আৰু বিশ্লেষণ, ওপৰঞ্চি অংশ।

৭। শিৰোনাম পৃষ্ঠাত কি কি থাকে?

উত্তৰঃ শিৰোনাম, শিক্ষার্থীৰ নাম-ৰোল-শ্ৰেণী, প্ৰতিষ্ঠানৰ নাম, আৰু তাৰিখ।

৮। স্বীকৃতিপত্ৰত কি উল্লেখ কৰা হয়?

উত্তৰঃ অধ্যয়নৰ উদ্দেশ্য, পৰিসৰ, আৰু সহায়-সহযোগৰ ধন্যবাদজ্ঞাপন।

৯। সূচীপত্ৰত কি থাকে?

উত্তৰঃ অংশৰ নাম আৰু সংশ্লিষ্ট পৃষ্ঠা নম্বৰ, তালিকা আৰু চিত্ৰৰ বিৱৰণ।

১০। মূল অংশৰ অন্তত কি থাকে?

উত্তৰঃ ফলাফল, পৰামৰ্শ আৰু সামৰণি।

১১। ওপৰঞ্চি অংশত কি থাকে?

উত্তৰঃ পৰিশিষ্ট আৰু গ্ৰন্থপঞ্জী।

১২। পৰিশিষ্টত কি থাকে?

উত্তৰঃ প্রশ্নতালিকা, সমীক্ষা সঁজুলি, মানচিত্ৰ, তালিকা আদি।

১৩। NABARD-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ NABARD-ৰ সম্পূৰ্ণ ৰূপ হ’ল- National Bank for Agriculture and Rural Development.

১৪। নেডফি (NEDFi)-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ নেডফি (NEDFi)-ৰ সম্পূৰ্ণ ৰূপ হ’ল- North Eastern Development Finance Corporation Ltd.

১৫। ২০১৮ চনৰ মার্চত অসমত মুঠ জমা-ঋণৰ শতাংশ কিমান আছিল?

উত্তৰঃ ২০১৮ চনৰ মার্চত অসমত মুঠ জমা-ঋণ ৪২.৬% আছিল।

১৬। অসমত ২০১৮ চনৰ মার্চ মাহত ৰাজহুৱা খণ্ডৰ বেংকৰ জমা-ঋণৰ শতাংশ কিমান আছিল?

উত্তৰঃ অসমত ২০১৮ চনৰ মার্চ মাহত ৰাজহুৱা খণ্ডৰ বেংকৰ জমা-ঋণ ৩৬.০% আছিল।

১৭। ক্ষেত্ৰ অধ্যয়ন কেনেদৰে তথ্য সংগ্ৰহ কৰে?

উত্তৰঃ প্ৰশ্নাৱলী, তালিকা, সাক্ষাৎকাৰ আদিৰ জৰিয়তে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top