Class 12 Geography Important Chapter 1 মানৱ-ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ

Class 12 Geography Important Chapter 1 মানৱ-ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 1 মানৱ-ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম গোট: মানৱ-ভূগোল পৰিচিতি
IMPORTANT QUESTION AND ANSWER

১। সম্ভাব্যবাদৰ মূল মতবাদ কি?

উত্তৰঃ সম্ভাব্যবাদ মতে, মানুহে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত আধিপত্য বিস্তাৰ কৰি, প্ৰকৃতিকে নিজৰ প্ৰয়োজন অনুসৰি পৰিৱর্তন কৰিব পাৰে।

২। সম্ভাব্যবাদৰ প্রবর্তক কোন আছিল?

উত্তৰঃ সম্ভাব্যবাদৰ প্রবর্তক আছিল ভাইডেল-দা-লা-ব্লাচি (Vidal-da-la-Blache)।

৩। সম্ভাব্যবাদৰ মতে, মানুহৰ বৌদ্ধিক ক্ৰিয়া কিদৰে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে?

উত্তৰঃ সম্ভাব্যবাদৰ মতে, মানুহৰ বৌদ্ধিক ক্ৰিয়া আৰু প্ৰযুক্তিৰ সাহায্যে, মানুহে প্ৰাকৃতিক পৰিৱেশক প্ৰয়োজন অনুসৰি সাল-সলনি কৰিব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। “মানুহে নিজে পৰিৱেশ গঢ় দি ল’ব পাৰে” এই মতবাদ কোনে প্ৰসাৰিত কৰিছিল?

উত্তৰঃ “মানুহে নিজে পৰিৱেশ গঢ় দি ল’ব পাৰে” এই মতবাদ সম্ভাব্যবাদৰ অধীনত প্ৰসাৰিত হৈছিল।

৫। বাস্তৱ জগতত মানৱ আৰু পৰিৱেশৰ সম্পর্ক কেনেকুৱা থাকে?

উত্তৰঃ বাস্তৱ জগতত আকৌ মানৱ আৰু পৰিৱেশৰ পাৰস্পৰিক সম্পৰ্কৰ ধৰণকৰণসমূহ কোনোক্ষেত্রতেই একমাত্র পাৰিপাৰ্শ্বিক নির্ণয়বাদী অথবা সম্ভাব্যবাদী আর্হিত গঢ় লোৱা দেখা নাযায়।

৬। মানৱে পৰিৱেশৰ ওপৰত কিহৰ সহায়ত প্ৰভাৱ পেলাব পাৰে?

উত্তৰঃ মানৱে প্রযুক্তিৰ সহায়ত পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

৭। প্ৰযুক্তি ব্যৱহাৰ কৰি কি পৰিৱর্তন ঘটাব পৰা যায়?

উত্তৰঃ প্ৰযুক্তি ব্যৱহাৰ কৰি গছৰ গুটিৰ গুণগত বা পৰিমাণগত উন্নতি সাধন কৰা যায়।

৮। এ. গ্রিফিথ টেইলৰে কোন দৃষ্টিভংগী উপস্থাপন কৰিছিল?

উত্তৰঃ এ. গ্রিফিথ টেইলৰে নব্যনির্ণয়বাদ (Neodeterminism) দৃষ্টিভংগী উপস্থাপন কৰিছিল।

৯। নব্যনির্ণয়বাদ অনুসৰি, উন্নয়ন কিহৰ ওপৰত নির্ভৰশীল?

উত্তৰঃ নব্যনির্ণয়বাদ অনুসৰি, উন্নয়ন প্ৰধানভাৱে প্রাকৃতিক দৃশ্যপটৰ ওপৰত নির্ভৰশীল থাকে।

১০। প্ৰযুক্তিৰ অতিপ্রয়োগৰ ফলত কি হয়?

উত্তৰঃ প্ৰযুক্তিৰ অতিপ্রয়োগৰ ফলত প্রকৃতিৰ অনিষ্ট ঘটিব পাৰে, যাৰ ফলস্বৰূপ মানুহৰ উন্নতিত অন্তৰায় ঘটে।

১১। টেইলৰৰ দৃষ্টিভংগীক কি নামে জনা যায়?

উত্তৰঃ টেইলৰৰ দৃষ্টিভংগীক “মধ্যম মার্গ” অথবা “যতি আৰু গতি ধর্মী (stop and go) নির্ণয়বাদ” নামে জনা যায়।

১২। নব্যনির্ণয়বাদ অনুসৰি, মানৱ আৰু পৰিৱেশৰ মাজৰ সম্পর্ক কিদৰে বৰ্ণনা কৰা হয়?

উত্তৰঃ নব্যনির্ণয়বাদ অনুসৰি, মানৱ আৰু পৰিৱেশৰ মাজত একানুক্রমিক ভাৱে পৰিৱেশ মানৱৰ দ্বাৰা পৰিচালিত হ’লে, মানৱীয় প্রযুক্তিও প্ৰাকৃতিক পৰিৱেশ পৰিচালিত কৰে।

১৩। মানৱ-ভূগোলৰ গঢ়-গতি কেনে ধৰণে পৰিৱর্তিত হৈছে?

উত্তৰঃ মানৱ-ভূগোলৰ গঢ়-গতি সময়ৰ সোঁতত, মানৱ-ভূগোলৰ গঢ়-গতি পৰিৱর্তন হৈ অহা স্বাভাৱিক, যাৰ মাধ্যমে মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হয়।

১৪। মানৱ-ভূগোলৰ চর্চাৰ শ্ৰেষ্ঠ সময় কেতিয়া হৈছিল?

উত্তৰঃ মানৱ-ভূগোলৰ চর্চা প্ৰাচীন কালত আৰম্ভ হৈছিল, কিন্তু এই চর্চাৰ গতি সময়ৰ সোঁতত পৰিৱৰ্তিত হৈছে।

১৫। কেনেকৈ অঞ্চলবিশেষে গঠন হোৱা সমাজ-ব্যৱস্থা অন্য অঞ্চলৰ মানুহৰ পৰা জানিবলৈ পাৰিছিল?

উত্তৰঃ কিছুসংখ্যক পর্যটক অথবা আক্রমণকাৰীৰ দিগ্বিজয়ৰ মাধ্যমে বিভিন্ন অঞ্চলৰ মাজত সাংস্কৃতিক, সামাজিক অথবা অর্থনৈতিক চিন্তাৰ বিনিময় হোৱা আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top