Class 12 Geography Important Chapter 2 পৃথিৱীৰ জনসংখ্যাঃ বিতৰণ, ঘনত্ব আৰু বৃদ্ধি

Class 12 Geography Important Chapter 2 পৃথিৱীৰ জনসংখ্যাঃ বিতৰণ, ঘনত্ব আৰু বৃদ্ধি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 2 পৃথিৱীৰ জনসংখ্যাঃ বিতৰণ, ঘনত্ব আৰু বৃদ্ধি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

দ্বিতীয় গোট: জনসংখ্যা আৰু উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। কিহৰ বাবে সমভূমি অঞ্চলত জনসংখ্যা অধিক হয়?

উত্তৰঃ সমভূমি অঞ্চল সমান আৰু সামান্য ঢালবিশিষ্ট হোৱাৰ বাবে কৃষি, পৰিবহন, উদ্যোগ আৰু নিৰ্মাণ কাৰ্যৰ সুবিধা থাকিলেও এনে অঞ্চলত জনসংখ্যা অধিক হয়।

২। পাহাৰীয়া অঞ্চলত জনসংখ্যা কম হোৱাৰ কাৰণ কি?

উত্তৰঃ পাহাৰীয়া অঞ্চলত উৰ্বৰ মাটিৰ অভাৱ, কঠিন যাতায়াত ব্যৱস্থা, আৰু প্ৰকৃতিৰ প্ৰতিকূলতাৰ বাবে জনসংখ্যা কম হয়।

৩। কিহৰ বাবে ব্রহ্মপুত্ৰ-গংগা উপত্যকা জনবহুল অঞ্চল হিচাপে পৰিচিত?

উত্তৰঃ উৰ্বৰ মাটিৰ সহজলভ্যতা, প্ৰচুৰ পানী আৰু যাতায়াত ব্যৱস্থাৰ সুবিধাৰ বাবে ব্রহ্মপুত্ৰ-গংগা উপত্যকা জনবহুল অঞ্চল হিচাপে পৰিচিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অতিশয় উষ্ণ, শীতল, শুকান বা আর্দ্র অঞ্চলত জনসংখ্যা কিয় কম?

উত্তৰঃ এনে অঞ্চলসমূহত শস্য উৎপাদন সীমিত, জীৱনযাত্রা কঠিন আৰু ৰোগ-ব্যাধিৰ সম্ভাৱনা বেছি হোৱাৰ বাবে জনসংখ্যা কম।

৫। কোন এলাকা জনবসতিৰ বাবে প্ৰাচীনকালৰ পৰা উপযোগী বুলি বিবেচিত?

উত্তৰঃ ভূমধ্য সাগৰীয় অঞ্চল, দক্ষিণ ইউৰোপৰ নদী উপত্যকা অঞ্চল আদি জনবসতিৰ বাবে প্ৰাচীনকালৰ পৰা উপযোগী বুলি বিবেচিত।

৬। জনসংখ্যাৰ বৃদ্ধি মানে কি?

উত্তৰঃ সময়ৰ লগে লগে এখন অঞ্চলৰ জনসংখ্যা বৃদ্ধি পোৱাক জনসংখ্যাৰ বৃদ্ধি বোলে।

৭। জনসংখ্যা বৃদ্ধিৰ হাৰ কিহৰ মাধ্যমে প্ৰকাশ কৰা হয়?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ হাৰ মুঠ বৃদ্ধি অথবা শতাংশ ৰূপত প্ৰকাশ কৰা হয়।

৮। ১৯৯১ চনত অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১৯৯১ চনত অসমৰ মুঠ জনসংখ্যা ২,২৪,১৪,৩২২ জন আছিল।

৯। ২০০১ চনত অসমৰ মুঠ জনসংখ্যা কিমান হৈছিল?

উত্তৰঃ ২০০১ চনত অসমৰ মুঠ জনসংখ্যা ২,৬৬,৩৮,৪০৭ জন আছিল।

১০। ১৯৯১-২০০১ চনৰ ভিতৰত অসমৰ জনসংখ্যা কিমান বৃদ্ধি পাইছিল?

উত্তৰঃ ১৯৯১-২০০১ চনৰ ভিতৰত অসমৰ জনসংখ্যা ৪২,২৪,০৮৫ জন বৃদ্ধি পাইছিল।

১১। স্বাভাৱিক বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ নির্দিষ্ট সময়সীমাৰ ভিতৰত অঞ্চল এটাৰ অধিবাসীসকলৰ মাজত ঘটা জন্ম আৰু মৃত্যুজনিত হ্রাস-বৃদ্ধিৰ ফলত অঞ্চলটোত জনসংখ্যাৰ যি পৰিৱর্তন হয় তাক জনসখ্যাৰ স্বাভাৱিক বৃদ্ধি (Natural Growth) বোলে।

১২। জনসংখ্যাৰ মুঠ বৃদ্ধি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ জন্ম, মৃত্যু, অন্তঃপ্ৰৱ্রজন আৰু বহিঃপ্ৰৱ্রজনৰ ওপৰত নিৰ্ভৰ কৰে।

১৩। প্রব্রজনৰ কাৰণসমূহক মূলতঃ কেইটা শ্রেণীত বিভক্ত কৰা হয় আৰু কি কি?

উত্তৰঃ প্রব্রজনৰ কাৰণসমূহক মূলতঃ দুটা শ্রেণীত বিভক্ত কৰা হয়, এই শ্রেণী দুটা হৈছে যথাক্রমে- ‘আকর্ষণী কাৰক (Pull factor) আৰু বিকর্ষণী কাৰক (Push factor)।

১৪। প্রব্রজন মানে কি?

উত্তৰঃ জনসংখ্যাৰ স্থানান্তৰণ বা এক এলেকাৰ পৰা অন্য এলেকালৈ স্থায়ী অথবা সময়সীমিতভাৱে অভিবাসনক প্রব্রজন বোলে।

১৫। প্ৰব্ৰজনৰ উৎসস্থলৰ আৰু লক্ষ্যস্থলৰ পাৰ্থক্য কি?

উত্তৰঃ উৎসস্থল হৈছে য’ৰ পৰা লোক পৰিৱৰ্তন হয়, আৰু লক্ষ্যস্থল হৈছে য’ত লোকৰ বসতি স্থাপন হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top