Class 12 Chemistry Important Chapter 9 এমিন

Class 12 Chemistry Important Chapter 9 এমিন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 9 এমিন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

১। এমাইডৰপৰা এমিন পোৱা বিক্রিয়াত জড়িত বিজ্ঞানীগৰাকীৰ নাম কি?

উত্তৰঃ এমাইডৰপৰা এমিন পোৱা বিক্রিয়াত জড়িত বিজ্ঞানীগৰাকীৰ নাম হ’ল- হফমেন।

২। কোনটো যৌগৰ সৈতে HNO₂-ৰ বিক্রিয়াত তৈল সদৃশ নাইট্র’ছ’এমিন উৎপন্ন হয়?

উত্তৰঃ ডাইমিথাইল এমিন যৌগৰ সৈতে HNO₂-ৰ বিক্রিয়াত তৈল সদৃশ নাইট্র’ছ’এমিন উৎপন্ন হয়।

৩। কোনটো যৌগৰ প্ৰস্তুতিৰ বাবে ‘হফমেন ব্র’মেমাইড বিক্রিয়া’ ব্যৱহৃত হয়?

উত্তৰঃ 1° এমিন যৌগৰ প্ৰস্তুতিৰ বাবে ‘হফমেন ব্র’মেমাইড বিক্রিয়া’ ব্যৱহৃত হয়।

৪। এলিফেটিক এমিনৰ ক্ষাৰকীয়তা হ্ৰাসৰ ক্ৰম কিমান?

উত্তৰঃ এলিফেটিক এমিনৰ ক্ষাৰকীয়তা হ্ৰাসৰ ক্ৰম হ’ল- 2° > 1° > 3°

৫। প্রাইমাৰি এমিনৰ অভীক্ষণ কি?

উত্তৰঃ প্রাইমাৰি এমিনৰ অভীক্ষণ হ’ল– কার্বিল এমিন অভীক্ষণ।

৬। ইথানামাইনে নাইট্রাছ এচিডৰ সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে?

উত্তৰঃ ইথানামাইনে নাইট্রাছ এচিডৰ সৈতে বিক্রিয়া কৰি ইথানল উৎপন্ন কৰে।

৭। কোনটো বিক্ৰয়াই ‘সৰিয়হ তেল বিক্রিয়া’ দেখুৱায়?

উত্তৰঃ C₂H₅NH₂ বিক্ৰয়াই ‘সৰিয়হ তেল বিক্রিয়া’ দেখুৱায়।

৮। 1° এমিন, CHCI₃ আৰু এলক’হলীয় KOH-ৰ মাজৰ বিক্ৰিয়াটো লিখা।

উত্তৰঃ 1° এমিন, CHCI₃ আৰু এলক’হলীয় KOH-ৰ মাজৰ বিক্ৰিয়াটো হ’ল- কার্বিল-এমিন বিক্রিয়া।

৯। আটাইতকৈ তীব্ৰ ক্ষাৰকৰ নাম লিখা।

উত্তৰঃ আটাইতকৈ তীব্ৰ ক্ষাৰকৰ নাম হ’ল- (CH₃)₂NH

১০। C₄H₁₁N সংকেতৰ প্রাইমাৰি এমিনৰ সমযোগীৰ সংখ্যা কিমান?

উত্তৰঃ C₄H₁₁N সংকেতৰ প্রাইমাৰি এমিনৰ সমযোগীৰ সংখ্যা 3

১১। এমিন চিনাক্তকৰণৰ হিন্সবার্গৰ অভীক্ষণৰ মূল বিকাৰকটো কি?

উত্তৰঃ এমিন চিনাক্তকৰণৰ হিন্সবার্গৰ অভীক্ষণৰ মূল বিকাৰকটো হ’ল- বেনযিন ছালফ’নিল ক্ল’ৰাইড।

১২। আটাইতকৈ মৃদু ক্ষাৰকটোৰ নাম লিখা।

উত্তৰঃ আটাইতকৈ মৃদু ক্ষাৰকটোৰ নাম হ’ল- NH₃

১৩। প্রাইমাৰী এমিনক HgCl₂-ৰ উপস্থিতিত CS₂- ৰ সৈতে বিক্রিয়া ঘটালে কি উৎপন্ন হয়?

উত্তৰঃ প্রাইমাৰী এমিনক HgCl₂-ৰ উপস্থিতিত CS₂- ৰ সৈতে বিক্রিয়া ঘটালে এলকিল আইছ’থায়’চায়েনেট উৎপন্ন হয়।

১৪। কোনটো বিক্ৰিয়ায়ে CHCI₃ আৰু KOH-ৰ সৈতে উৎকট গোন্ধ উৎপন্ন কৰে?

উত্তৰঃ 1°এমিন বিক্ৰিয়ায়ে CHCI₃ আৰু KOH-ৰ সৈতে উৎকট গোন্ধ উৎপন্ন কৰে।

১৫। এনিলিনৰ পৰা 2, 4, 6-ট্ৰাইব্ৰ’ম’এনিলিন প্ৰস্তুত কৰিবলৈ কোন বিকাৰক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ এনিলিনৰ পৰা 2, 4, 6-ট্ৰাইব্ৰ’ম’এনিলিন প্ৰস্তুত কৰিবলৈ Br₂/H₂O বিকাৰক ব্যৱহাৰ কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top