Class 12 Chemistry Important Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড

Class 12 Chemistry Important Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 8 এলডিহাইড, কিট’ন আৰু কার্বক্সিলিক এচিড

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। এলডিহাইড আৰু কিট’নৰ সাধাৰণ আণৱিক সংকেত লিখা।

উত্তৰঃ এলডিহাইড আৰু কিট’নৰ সাধাৰণ আণৱিক সংকেত হ’ল— CₙH₂ₙO

২। কেলচিয়াম এচিটেটৰ শুষ্ক পাতনৰ ফলত উৎপন্ন যৌগটো কি?

উত্তৰঃ কেলচিয়াম এচিটেটৰ শুষ্ক পাতনৰ ফলত উৎপন্ন যৌগটো হ’ল- প্র’পান’ন।

৩। HgSO₄-ৰ উপস্থিতিত প্র’পাইনে জলীয় H₂SO₄-ৰ সৈতে বিক্রিয়া কৰি কি প্ৰস্তুত কৰে?

উত্তৰঃ HgSO₄-ৰ উপস্থিতিত প্র’পাইনে জলীয় H₂SO₄-ৰ সৈতে বিক্রিয়া কৰি প্র’পান’ন প্ৰস্তুত কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কোনটো যৌগৰ জাৰণত ইথাইল মিথাইল কিট’ন উৎপন্ন হয়?

উত্তৰঃ বিউটান-2-অল যৌগৰ জাৰণত ইথাইল মিথাইল কিট’ন উৎপন্ন হয়।

৫। ইথানেল আৰু প্ৰ’পান’নে সহজে বিক্রিয়া কৰিব পৰা বিকাৰকবিধ কি?

উত্তৰঃ ইথানেল আৰু প্ৰ’পান’নে সহজে বিক্রিয়া কৰিব পৰা বিকাৰকবিধ হ’ল- গ্রিগনার্ড বিকাৰক।

৬। আয়’ড’ফর্ম বিক্রিয়া দেখুওৱা এটা যৌগৰ নাম লিখা।

উত্তৰঃ আয়’ড’ফর্ম বিক্রিয়া দেখুওৱা এটা যৌগৰ নাম হ’ল- পেন্টান-2-অন।

৭। কেনিজাৰ’ বিক্রিয়া নেদেখুৱা এটা বিক্ৰিয়াৰ নাম লিখা।

উত্তৰঃ কেনিজাৰ’ বিক্রিয়া নেদেখুৱা এটা বিক্ৰিয়াৰ নাম হ’ল- এচিটেলডিহাইড।

৮। ইথানেলক ফেলিং দ্ৰৱৰ সৈতে উত্তপ্ত কৰিলে পোৱা ৰঙা অধঃক্ষেপটোৰ নাম লিখা।

উত্তৰঃ ইথানেলক ফেলিং দ্ৰৱৰ সৈতে উত্তপ্ত কৰিলে পোৱা ৰঙা অধঃক্ষেপটোৰ নাম হ’ল- Cu₂O

৯। মিথাইল কিট’নবোৰ কিহৰ দ্বাৰা চিনাক্ত কৰিব পাৰি?

উত্তৰঃ মিথাইল কিট’নবোৰ হেল’ফর্ম বিক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰিব পাৰি।

১০। ‘এলডল ঘনীভৱন’ৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ‘এলডল ঘনীভৱন’ৰ এটা উদাহৰণ হ’ল—

১১। গ্রিগনার্ড বিকাৰকৰ সৈতে কোনটোৱে কিট’ন প্রস্তুত কৰে?

উত্তৰঃ গ্রিগনার্ড বিকাৰকৰ সৈতে ইথানেল-এ কিট’ন প্রস্তুত কৰে।

১২। এলডিহাইডৰ সমযোগী যৌগটো কি?

উত্তৰঃ এলডিহাইডৰ সমযোগী যৌগটো হ’ল- কিট’ন।

১৩। 1, 1-ডাইক্ল’ৰ’এলকেনৰ ক্ষাৰীয় আর্দ্র বিশ্লেষণত কি পোৱা যায়?

উত্তৰঃ 1, 1-ডাইক্ল’ৰ’এলকেনৰ ক্ষাৰীয় আর্দ্র বিশ্লেষণত এলকানেল পোৱা যায়।

১৪। কোনটো যৌগৰ পৰা ইউৰ’ট্ৰ’পিন পাব পাৰি?

উত্তৰঃ মিথানেল যৌগৰ পৰা ইউৰ’ট্ৰ’পিন পাব পাৰি।

১৫। কিট’নৰপৰা চায়েন’হাইড্রিন প্রস্তুতিৰ বিক্রিয়াটোৰ নাম লিখা।

উত্তৰঃ কিট’নৰপৰা চায়েন’হাইড্রিন প্রস্তুতিৰ বিক্রিয়াটোৰ নাম হ’ল- নিউক্লিঅ’ফিলিক যোজন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top