Class 12 Chemistry Important Chapter 6 হেল’এলকেন আৰু হেল’এৰিন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.
Class 12 Chemistry Important Chapter 6 হেল’এলকেন আৰু হেল’এৰিন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
হেল’এলকেন আৰু হেল’এৰিন
Chapter: 6
| IMPORTANT QUESTION AND ANSWER |
১। Mg-ৰ সৈতে কোনটো বিক্রিয়া কৰি গ্ৰিগনার্ড বিকাৰক প্ৰস্তুত কৰে?
উত্তৰঃ Mg-ৰ সৈতে CH₃Br বিক্রিয়া কৰি গ্ৰিগনার্ড বিকাৰক প্ৰস্তুত কৰে।
২। এলকিল হেলাইডে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰে কৰা বিক্রিয়াটো কি?
উত্তৰঃ এলকিল হেলাইডে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰে কৰা বিক্রিয়াটো হ’ল— উৰ্যৰ বিক্রিয়া।
৩। এলকিল হেলাইড আৰু ছডিয়াম এলকক্সাইডৰ বিক্ৰিয়াত উৎপন্ন যৌগটো কি?
উত্তৰঃ এলকিল হেলাইড আৰু ছডিয়াম এলকক্সাইডৰ বিক্ৰিয়াত উৎপন্ন যৌগটো হ’ল— ইথাৰ।
৪। আর্দ্র AgO-ৰ সৈতে এলকিল হেলাইডৰ বিক্ৰিয়াত কি উৎপন্ন হয়?
উত্তৰঃ আর্দ্র AgO-ৰ সৈতে এলকিল হেলাইডৰ বিক্ৰিয়াত এলকক্সিএলকেন উৎপন্ন হয়।
৫। ইথাইল আয়’ডাইডে এলক’হলীয় KOH-ৰ সৈতে বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে?
উত্তৰঃ ইথাইল আয়’ডাইডে এলক’হলীয় KOH-ৰ সৈতে বিক্ৰিয়া কৰি ইথিন প্ৰস্তুত কৰে।
৬। পেৰক্সাইডৰ উপস্থিতিত প্ৰ’পিনে হাইড্র’জেন ব্ৰ’মাইডৰ সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে?
উত্তৰঃ পেৰক্সাইডৰ উপস্থিতিত প্ৰ’পিনে হাইড্র’জেন ব্ৰ’মাইডৰ সৈতে বিক্রিয়া কৰি বিউটেন প্ৰস্তুত কৰে।
৭। ব্রমইথেনে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰ সৈতে ক্ৰিয়া কৰি কি উৎপন্ন কৰে?
উত্তৰঃ ব্রমইথেনে শুকান ইথাৰৰ উপস্থিতিত ধাতৱ Na-ৰ সৈতে ক্ৰিয়া কৰি বিউটেন প্ৰস্তুত কৰে।
৮। ফেটি এচিডৰ ছিলভাৰ লৱণে এলকিল হেলাইডৰ সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে?
উত্তৰঃ ফেটি এচিডৰ ছিলভাৰ লৱণে এলকিল হেলাইডৰ সৈতে বিক্রিয়া কৰি এষ্টাৰ প্ৰস্তুত কৰে।
৯। টফ্লনৰ ম’ন’মাৰবিধ কি?
উত্তৰঃ টফ্লনৰ ম’ন’মাৰবিধ হ’ল— টেট্রাফ্ল’ৰ’ইথিন।
১০। এটা নির্দিষ্ট এলকিল থুপৰ বাবে এলকিল হেলাইডৰ ঘনত্ব/উতলাংক/গলনাংক আদিৰ বৃদ্ধিৰ ক্রম কি?
উত্তৰঃ এটা নির্দিষ্ট এলকিল থুপৰ বাবে এলকিল হেলাইডৰ ঘনত্ব/উতলাংক/গলনাংক আদিৰ বৃদ্ধিৰ ক্রম হ’ল— RCI < RBr < RI
১১। মিথাইল আয়’ডাইড আৰু ছডিয়াম ইথক্সাইডৰ বিক্ৰিয়াত কি উৎপন্ন হয়?
উত্তৰঃ মিথাইল আয়’ডাইড আৰু ছডিয়াম ইথক্সাইডৰ বিক্ৰিয়াত মিথক্সিইথেন উৎপন্ন হয়।
১২। জলীয় KOH আৰু ব্ৰ’ম’ইথেনৰ বিক্ৰিয়াত কি উৎপন্ন হয়?
উত্তৰঃ জলীয় KOH আৰু ব্ৰ’ম’ইথেনৰ বিক্ৰিয়াত ইথানল উৎপন্ন হয়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। এলকিল হেলাইডৰ দুটা ধৰ্মৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভৌতিক ধর্মঃ নিম্ন ক্ৰমৰ এলকিল হেলাইড, যেনে— CH₃F, CH₃CI, CH₃Br, CH₃CH₂Cl আদিবোৰ কোঠালিৰ উষ্ণতাত গেছ, লৈ বাকীবোৰ এলকিল হেলাইড তৰল আৰু C₁₈-ৰ ওপৰৰ এলকিল হেলাইডবোৰ গোন্ধহীন কঠিন। এলকিল হেলাইডবোৰ পানীত অদ্রৱণীয় যদিও জৈৱ দ্রাৱকত দ্রৱীভূত হয়। এলকিল ব্র’মাইড বা আয়’ডাইডবোৰ পানীতকৈ গধূৰ। আনহাতে, এলকিল ব্ল’ৰাইড বা ফ্ল’ৰাইডবোৰ পানীতকৈ পাতল। সমসংখ্যক কার্বন পৰমাণুবিশিষ্ট এলকেনৰ তুলনাত এলকিল হেলাইডৰ উতলাংক অতি বেছি হয়।
এলকিল হেলাইডৰ উতলাংক হ্রাসৰ ক্ৰম হ’ল—
(i) R – I > R – Br > R – Cl > R – F [নির্দিষ্ট R-ৰ বাবে]
(ii) CHCHCHI > CHCHI > CHI [নির্দিষ্ট হেলাইডৰ বাবে]
(iii) 1° হেলাইড > 2° হেলাইড > 3° হেলাইড [নির্দিষ্ট হেলাইড আৰু এলকিলৰ বাবে]
ৰাসায়নিক ধর্মঃ হেল’জেন পৰমাণু অধিক বিদ্যুতঋণ হোৱাৰ বাবে এলকিল হেলাইডৰ C — X বান্ধনিডাল ধ্রুৱীয় হয়।

সেয়ে C — X বান্ধনিৰ কাৰ্বন পৰমাণুৱে নিউক্লিঅ’ফাইল এটা সহজে আক্ৰমণ কৰিব পাৰে। গতিকে এলকিল হেলাইডে নিউক্লিঅ’ফিলিক প্রতিষ্ঠাপন বিক্রিয়া দেখুৱায়।

২। এলকিল হেলাইডৰ গঠন বৰ্ণনা কৰা।
উত্তৰঃ এৰিল হেলাইডৰ গঠনত হেল’জেন পৰমাণু একাকী যুগ্ম ইলেকট্রন থকা p অৰবিটেলটোৱে এৰ’মেটিক চক্ৰৰ π আণৱিক সৈতে ক্ৰিয়া কৰি এক সম্প্ৰসাৰিত π আণৱিক অৰবিটেলসৃষ্টি কৰে। চক্ৰৰ কাৰ্বনৰ ছয়টা ইলেকট্রন আৰু হেল’জেনৰ দুটা ইলেকট্রন গোটেই সাতোটা পৰমাণুৰে সৈতে জড়িত হৈ পৰে। ইলেকট্রনৰ এই অস্থানীকৰণৰ বাবে কার্বন-হেল’জেন বান্ধনিয়ে কিছু পৰিমাণে দ্বি-বান্ধনিৰ চৰিত্ৰ আহৰণ কৰে।

এৰিল হেলাইডৰ সংস্পন্দিত গঠনসমূহ হ’ল—

C – X বান্ধনিয়ে কিছু দ্বি-বান্ধনিৰ চৰিত্ৰ আহৰণ কৰে বাবে এলকিল হেলাইডৰ C – X বান্ধনিব তুলনাত এৰিল হেলাইডৰ C – X বান্ধনি চুটি আৰু শক্তিশালী হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

