Class 12 Chemistry Important Chapter 5 সমন্বয়ী যৌগবোৰ

Class 12 Chemistry Important Chapter 5 সমন্বয়ী যৌগবোৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 5 সমন্বয়ী যৌগবোৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

IMPORTANT QUESTION AND ANSWER

১। দুটা এম্বিডেণ্টেট লিগাণ্ডৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা এম্বিডেন্টেট লিগাণ্ড হ’ল নাইট্র’ (-NO₂) আৰু থায়’চায়েনেট (SCN⁻)।

২। পানীৰ কঠিনতা নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা লিগাণ্ডটোৰ নাম লিখা।

উত্তৰঃ ইথিলিন ডাইএমিন টেট্রাএচিটেট আয়ন (EDTA)।

৩। লিগাণ্ড কি?

উত্তৰঃ সমন্বয়ী সংকুলবোৰত যিবিলাক প্রশম অণু (যেনে— H₂O, NH₃) বা এনায়ন (CI⁻, CN⁻, SO₄⁻₂ কেন্দ্রীয় ধাতৱ পৰমাণু বা আয়নৰ সৈতে সমন্বয়ী বান্ধনিৰে যুক্ত হৈ থাকে, তাকে লিগাণ্ড বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। এম্বিডেন্টেট লিগাণ্ড কি?

উত্তৰঃ কিছুমান লিগাণ্ডৰ এটাতকৈ বেছি পৰমাণু থাকে, যিবিলাকে ইলেকট্রন যোৰ দান কৰিব পাৰে। এনে লিগাণ্ডবোৰত যিকোনো এটা পৰমাণুৰ জৰিয়তে ধাতৱ পৰমাণুৰ সৈতে যুক্ত হয়। এনেবোৰ লিগাণ্ডক এম্বিডেন্টেট লিগাও বোলে। উদাহৰণস্বৰূপে SCN⁻ লিগাণ্ডৰ দাতা পৰমাণু ছালফাৰ।

৫। সমন্বয়ী সংখ্যা কাক বোলে?

উত্তৰঃ সমন্বয়ী যৌগত কেন্দ্রীয় ধাতৱ আয়নটোৰ সৈতে যুক্ত হৈ থকা লিগাণ্ডৰ মুঠ পৰমাণুৰ সংখ্যাক সমন্বয়ী সংখ্যা বোলে।

৬। প্রতি আয়ন কাক বোলে?

উত্তৰঃ যিবিলাক আয়ন মুখ্য সমন্বয়ী মণ্ডলৰ বাহিৰত থাকে, তাকে প্রতি আয়ন বোলে। যেনে– K₄[Fe (CN)₆] সমন্বয়ী সংকুলত K⁺ হ’ল প্রতি আয়ন।

৭। এটা হেক্সাডেন্টেট লিগাণ্ডৰ উদাহৰণ দিয়া।

উত্তৰঃ এটা হেক্সাডেন্টেট লিগাণ্ডৰ উদাহৰণ হ’ল— ইথিলিন ডাইএমিন টেট্রা এডিটেট আয়ন (EDTA)।

৮। [Co(en)₂Cl₂)CI যৌগত Co-ৰ সমন্বয়ী সংখ্যা কিমান?

উত্তৰঃ [Co(en)₂Cl₂)CI যৌগত Co-ৰ সমন্বয়ী সংখ্যা 4।

৯। পানীৰ কঠিনতা নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা লিগাণ্ডটোৰ নাম কি?

উত্তৰঃ পানীৰ কঠিনতা নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা লিগাণ্ডটোৰ নাম হ’ল— ইথিলিনডাই এমিন টেট্রা এচিটেট আয়ন (EDTA)।

১০। [Ni(CO)₄] চতুর্ফলকীয়, কিন্তু [Ni(CN)₄]²⁻ বর্গসমতলীয়— কাৰণ দর্শোৱা।

উত্তৰঃ [Ni(CO)₄]-ত Ni-য়ে sp³ সংকৰণ দেখুৱায় বাবে ই চতুর্ফলকীয়, আনহাতে [Ni(CN)₄]²⁻-ত Ni-য়ে dsp² সংকৰণ দেখুৱায়, সেইবাবে ই বর্গসমতলীয়।

১১। [NiCI₄)²- অণুচুম্বকীয় কিন্তু [Ni(CO)₄] অপচুম্বকীয়— কাৰণ দর্শোৱা।

উত্তৰঃ দুয়োটা সমন্বয়ী সংকুলতে Ni-য়ে, sp³ সংকৰণ দেখুৱায়, কিন্তু [NiCI₄]²⁻-ত দুটা অযুগ্ম ইলেকট্রন আছে বাবে ই অণুচুম্বকীয়, আনহাতে [Ni(CO)₄]-ত অযুগ্ম ইলেকট্ৰন নাই বাবে ই অপচুম্বকীয়।

১২। সমযোগিতা কাক বোলে?

উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু ইহঁতৰ গঠন সংকেত বেলেগ-বেলেগ, তেনে যৌগবোৰক সমযোগী আৰু এই বিশেষ পৰিঘটনাটোক সমযোগিতা বোলে।

১৩। জ্যামিতিক সমযোগিতা কাক বোলে?

উত্তৰঃ এনে ধৰণৰ সমযোগিতাত সংকুল আয়নটো কেন্দ্ৰীয় পৰমাণুটোৰ চাৰিওফালে লিগাগুসমূহৰ জ্যামিতিক সাজোন। বেলেগ-বেলেগ হয়। যদি সমযোগী এটাত দুটা একে লিগাগু ওচৰা-উচৰিকৈ থাকে, তেতিয়া তাক চিছ (cis) আৰু একে লিগাণ্ড বিপৰীত স্থানত থাকিলে তাক ট্রেন্স (trans) সমযোগী বোলে।

১৪। আলোক সমযোগিতা কাক বোলে?

উত্তৰঃ সমন্বয়ী সংকুল যৌগ বা আয়নৰ লিগাণ্ডবোৰ কেন্দ্রীয় ধাতৱ আয়নৰ চাৰিওফালে এনে ধৰণে থাকে, যাতে এটাৰ আকৃতি আনটোৰ প্ৰতিবিম্ব হয়। এনেক্ষেত্রত সংকুল যৌগ বা আয়ন দুটাক আলোক সমযোগী আৰু পৰিঘটনাটোক আলোক সমযোগিতা বোলে।

১৫। দুটা এম্বিডেণ্টেট লিগাণ্ডৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা এম্বিডেণ্টেট লিগাণ্ডৰ উদাহৰণ হ’ল— নাইট’ (-NO₂) আৰু থায়’চায়েনেট (SCN⁻)।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top