Class 12 Chemistry Important Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ

Class 12 Chemistry Important Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 4 d- আৰু f- গোষ্ঠীৰ মৌলসমূহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

১। সংক্রমণশীল মৌল বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক মৌলৰ শেষৰ ইলেকট্রনটো এটা d-অৰবিটেলত পূর্ণ হয়, তেনেবোৰ মৌলকে সংক্রমণশীল মৌল বোলে।

২। সংক্রমণশীল মৌলৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সংক্রমণশীল মৌলৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) সংক্রমণশীল মৌলবোৰে পৰিৱৰ্তনশীল যোজ্যতা দেখুৱায়।

(খ) সংক্রমণশীল মৌলবোৰে ৰঙীন যৌগৰ সৃষ্টি কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। Fe²⁺-তকৈ Fe³⁺ বেছি সুস্থিৰ কিয়?

উত্তৰঃ এই আয়ন দুটাৰ ইলেকট্রনীয় বিন্যাস হ’ল ক্রমে—

Fe²⁺ (24) = 1s²2s²2p⁶3s²3p⁶3d⁶

Fe³⁺ (23) = 1s²2s²2p⁶3s²3p⁶3d⁵

ইহঁতৰ ইলেকট্রনীয় বিন্যাস লক্ষ্য কৰিলে দেখা যায় যে Fe³⁺ আয়নত 3d অৰবিটেল অর্ধপূৰ্ণ হৈ আছে, আনহাতে Fe²⁺ আয়নত 3d অৰবিটেল পূর্ণ বা অর্ধপূর্ণ হৈ থকা নাই। যিহেতু কোনো এটা পৰমাণু বা আয়নত d-অৰবিটেল পূর্ণ বা অর্ধপূর্ণ হৈ থাকিলে তাৰ সুস্থিৰতা তুলনামূলকভাৱে বেছি হয়, সেয়েহে Fe²⁺ -তকৈ Fe³⁺ -ৰ সুস্থিৰতা বেছি।

৪। Fe³+ আয়নত থকা অযুগ্ম ইলেকট্রনৰ সংখ্যা কিমান?

উত্তৰঃ Fe²⁺ (23) = 1s²2s²2p⁶3s²3p⁶3d⁵

∴ অযুগ্ম ইলেকট্রনৰ সংখ্যা = 5

৫। 3d-খণ্ডৰ কোনবোৰ মৌলক সংক্রমণশীল মৌল ৰূপে গণ্য কৰা নহয়?

উত্তৰঃ 3d-খণ্ডৰ যিবোৰ মৌলৰ 3d অৰবিটেল পূর্ণ বা খালী হৈ থাকে, তেনেবোৰ মৌলক সংক্রমণশীল মৌল ৰূপে গণ্য কৰা নহয়।

৬। সংক্রমণশীল মৌলবোৰে কিয় পৰিৱৰ্তনশীল যোজ্যতা দেখুৱায়, ব্যাখ্যা কৰা।

উত্তৰঃ (n – 1) আৰু ns অৰবিটেলৰ মাজত শক্তিৰ পাৰ্থক্য নিচেই কম। ফলত, এই অৰবিটেলৰ ইলেকট্রনবিলাকে বান্ধনি সৃষ্টিত সমানে ভাগ ল’ব পাৰে।

৭। লেন্থেনাইড আৰু এক্টিনাইড শ্রেণী বুলিলে কি বুজা?

উত্তৰঃ লেন্থেনাইড শ্রেণীক 4f শ্রেণীও বোলে। ইয়াত মুঠ 14টা মৌল আছে। ইহঁত চিৰিয়াম (Ce)-ৰ পৰা আৰম্ভ হৈ লুটেচিয়ামত (Lu) শেষ হৈছে। সেইদৰে, এক্টিনাইড শ্রেণীক 5f শ্রেণীও বোলে। ইহঁত থোৰিয়ামত আৰম্ভ হৈ লৰেন্সিয়ামত (Lr) শেষ হৈছে।

৮। লেন্থেনাইড শ্ৰেণীৰ এটা মৌলৰ নাম লিখা, যিয়ে + জাৰণ অৱস্থা দেখুৱায়।

উত্তৰঃ চিৰিয়াম (Ce) [Z = 58].

৯। লেন্থেনাইড শ্ৰেণীৰ সুস্থিৰ জাৰণ অৱস্থা কি?

উত্তৰঃ লেন্থেনাইড শ্ৰেণীৰ মৌলসমূহৰ জাৰণ অৱস্থাৰ ভিতৰত M³⁺ আয়ন সুস্থিৰ।

১০। চিৰিয়াম আৰু ইউৰেনিয়ামৰ ইলেকট্রনীয় বিন্যাস লিখা।

উত্তৰঃ Ce(58) = [Xe] 4f¹5d¹6s²

U(92) = [Rn] 5f²6d¹17s²

১১। এক্টিনাইড শ্ৰেণীৰ সুস্থিৰ জাৰণ অৱস্থা কি?

উত্তৰঃ এক্টিনাইড শ্ৰেণীৰ মৌলসমূহৰ জাৰণ অৱস্থাৰ ভিতৰত M³⁺ আয়ন সুস্থিৰ।

১২। বেছিসংখ্যক সংক্রমণশীল ধাতুৱে এচিডৰপৰা H₂ অপসাৰণ নকৰে। ব্যাখ্যা কৰা।

উত্তৰঃ বেছিসংখ্যক সংক্রমণশীল ধাতুৰ বিজাৰণ বিভৱৰ মান ঋণাত্মক আৰু ইহঁতে বিদ্যুৎ ৰাসায়নিক শ্রেণীত হাইড্ৰ’জেনৰ তলত অৱস্থান কৰে।

১৩। 3d শ্ৰেণীৰ মৌলবিলাকৰ আয়নীকৰণ এনথালপি পাৰমাণৱিক ক্ৰমাংক বৃদ্ধিৰ লগে-লগে বিশেষ সলনি নহয়। ব্যাখ্যা কৰা।

উত্তৰঃ আয়নীকৰণ এনথালপি বৃদ্ধি কার্যকৰী নিউক্লীয় আধানৰ ওপৰত নিৰ্ভৰ কৰে। যদিও পর্যায় এটাত কাৰ্যকৰী নিউক্লীয় আধান বাঢ়ি যায়, কিন্তু ইয়াক ক্রমবর্ধমান আৱৰণী প্রভাৱে প্রশমিত কৰে। গতিকে, পৰ্যায়ত পাৰমাণৱিক ব্যাসার্ধৰ বৰ বেছি বৃদ্ধি নহয়।

১৪। Cu, Ag আৰু Au-ৰ সাধাৰণ জাৰণ অৱস্থা কি?

উত্তৰঃ ইহঁতৰ সাধাৰণ জাৰণ অৱস্থা হ’ল- +1.

১৫। মুদ্রা ধাতু কাক বোলে? ইহঁতক কিয় এনেদৰে কোৱা হয়?

উত্তৰঃ কপাৰ, ছিলভাৰ আৰু গ’ম্ভক মুদ্রা ধাতু বোলে; কাৰণ, পুৰণিকালত ইহঁতক মুদ্রা প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top