Class 12 Chemistry Important Chapter 3 ৰাসায়নিক গতিবিজ্ঞান

Class 12 Chemistry Important Chapter 3 ৰাসায়নিক গতিবিজ্ঞান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 3 ৰাসায়নিক গতিবিজ্ঞান

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। বিক্ৰিয়াৰ গতিবেগ কি?

উত্তৰঃ একক সময়ত সংঘটিত হোৱা ৰাসায়নিক পৰিৱৰ্তনৰ পৰিমাণকে বিক্রিয়াৰ গতিবেগ বোলে।

২। বিক্ৰিয়াৰ আণবৱিকতা কাক বোলে?

উত্তৰঃ বিক্রিয়া এটাত অংশগ্রহণ কৰা বিক্রিয়ক অণু, পৰমাণু, আয়ন আদিৰ মুঠ যোগফলক বিক্ৰিয়াটোৰ আণৱিকতা বোলে।

৩। বিক্ৰিয়াৰ ক্ৰম কাক বোলে?

উত্তৰঃ বিক্রিয়া এটাৰ যিমানসংখ্যক বিক্রিয়কৰ গাঢ়তাৰ ওপৰত বিক্ৰিয়াৰ বেগ নিৰ্ভৰ কৰে, তাকে বিক্রিয়াটোৰ ক্রম বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। শূন্য ক্রম বিক্রিয়া বুলিলে কি বুজা?

উত্তৰঃ যদি বিক্রিয়া এটাৰ গতিবেগ বিক্রিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ নকৰে, তেনে বিক্রিয়াক শূন্য ক্রমৰ বিক্রিয়া বোলে।

৫। প্রথম ক্ৰমৰ বিক্ৰিয়াৰ অৰ্ধজীৱন কাল বুলিলে কি বুজা?

উত্তৰঃ কোনো বিক্রিয়াত বিক্রিয়কৰ গাঢ়তা ইয়াৰ প্ৰাৰম্ভিক গাঢ়তাৰ আধা হ’বলৈ যি সময়ৰ প্রয়োজন, তাকে বিক্ৰিয়াৰ অৰ্ধজীৱন কাল বোলে।

৬। মৌলিক বিক্রিয়া কাক বোলে?

উত্তৰঃ যিবিলাক বিক্রিয়া এটা খাপত সম্পন্ন হয়, তাক মৌলিক বিক্রিয়া বোলে।

৭। উষ্ণতা বঢ়ালে বিক্ৰিয়াৰ গতিবেগ বাড়ে কিয়?

উত্তৰঃ সক্রিয়ন শক্তিৰ সমান বা তাতকৈ বেছি শক্তি থকা বিক্রিয়ক অণুৰ ভগ্নাংশ বাড়ে।

৮। প্রত্যেক 10° উষ্ণতা বৃদ্ধিত বিক্ৰিয়াৰ গতিবেগ প্রায় দুগুণ হয় কিয়?

উত্তৰঃ ইয়াৰ কাৰণ হ’ল, সক্রিয়ন শক্তিতকৈ বেছি শক্তি থকা অণুৰ সংখ্যা প্রায় দুগুণ হয়।

৯। গে’ছ’লিন পানীতকৈ বেছি দ্রুতগতিত বাষ্পীভৱন হয় কিয়?

উত্তৰঃ পানীৰ বাষ্পীভৱন প্ৰক্ৰিয়াৰ সক্রিয়ন শক্তি গেছ’লিনতকৈ বেছি।

১০। আলোক ৰাসায়নিক বিক্রিয়া এটা বেঙুনীয়া পোহৰৰ সহায়ত আৰম্ভ কৰা সম্ভৱ, কিন্তু বেলেগ দৃশ্যমান পোহৰৰ সহায়ত কৰিব নোৱাৰি কিয়?

উত্তৰঃ বেঙুনীয়া পোহৰৰ ফ’টন এটাৰ শক্তি আন যিকোনো দৃশ্যমান পোহৰৰ শক্তিতকৈ বেছি। বেলেগ দৃশ্যমান পোহৰত বিক্ৰিয়াটো সম্ভৱ নহয়; কিয়নো, বেঙুনীয়া পোহৰৰ তুলনাত এইবোৰৰ শক্তি কম।

১১। শূন্য ক্ৰমৰ বিক্রিয়া গতিশ্ৰুৱকৰ একক কি?

উত্তৰঃ ম’ল L⁻¹ S⁻¹

১২। বিক্ৰিয়াৰ ক্ৰম আৰু আণৱিকতাৰ দুটা পার্থক্য লিখা।

উত্তৰঃ বিক্ৰিয়াৰ ক্ৰম আৰু আণৱিকতাৰ দুটা পার্থক্য হ’ল—

বিক্ৰিয়াৰ ক্ৰমবিক্ৰিয়াৰ আণৱিকতা
বিক্ৰিয়াৰ ক্ৰম গোটা সংখ্যা, শূন্য বা ঋণাত্মক হ’ব পাৰে।কিন্তু বিক্ৰিয়াৰ আণৱিকতা সদ ধনাত্মক গোটা সংখ্যা হয়।
বিক্ৰিয়াৰ ক্ৰম উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰশীল।কিন্তু বিক্ৰিয়াৰ আণৱিকতা উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ নকৰে।

১৩। প্রথম ক্ৰমৰ বিক্ৰিয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ প্রথম ক্ৰমৰ বিক্ৰিয়াৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) প্রথম ক্ৰমৰ বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ একক হ’ব সময়⁻¹।

(খ) প্রথম ক্ৰমৰ বিক্ৰিয়াৰ অৰ্ধজীৱনকাল বিক্ৰিয়কৰ প্ৰাৰম্ভিক গাঢ়তাৰ ওপৰত নিৰ্ভৰ নকৰে।

১৪। সক্রিয়ন শক্তি বুলিলে কি বুজা?

উত্তৰঃ কোনো বিক্রিয়কৰ এক ম’ল বিক্রিয়ক এটা যি ন্যূনতম অতিৰিক্ত শক্তি লাভ কৰিলে বিক্রিয়াজাত পদার্থলৈ ৰূপান্তৰিত হয়, সেই পৰিমাণৰ শক্তিকে বিক্ৰিয়াটোৰ সক্রিয়ন শক্তি বোলে।

১৫। আলোক ৰাসায়নিক বিক্রিয়া কি?

উত্তৰঃ কিছুমান ৰাসায়নিক বিক্রিয়া আলোক ৰশ্মিৰ প্ৰভাৱত সংঘটিত হয়। তেনেবোৰ বিক্ৰিয়াক আলো ৰাসায়নিক বিক্রিয়া বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top