Class 12 Chemistry Important Chapter 2 বিদ্যুৎ ৰসায়ন

Class 12 Chemistry Important Chapter 2 বিদ্যুৎ ৰসায়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.

Class 12 Chemistry Important Chapter 2 বিদ্যুৎ ৰসায়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। বিদ্যুৎ ৰাসায়নিক কোষ কি?

উত্তৰঃ যি ব্যৱস্থাৰ সহায়ত ৰেড’ক্স বিক্রিয়া এটাত ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় তাকে বিদ্যুৎ ৰাসায়নিক কোষ বোলে।

২। বিদ্যুৎ দ্বাৰ বিভৱ কি?

উত্তৰঃ দুখন বিদ্যুৎ দ্বাৰৰ মাজত উদ্ভৱ হোৱা বিভৱ ভেদৰ বাবে এখন বিদ্যুৎ দ্বাৰৰপৰা আন এখন বিদ্যুৎ দ্বাৰলৈ বিদ্যুৎ শক্তি প্রবাহিত হয়। বিদ্যুৎ দ্বাৰৰ এই বিভৱ ভেদকেই বিদ্যুৎ দ্বাৰ বিভৱ বোলে।

৩। বিদ্যুৎ ৰসায়নিক শ্রেণী কি?

উত্তৰঃ বিভিন্ন বিদ্যুৎ দ্বাৰসমূহক সিহঁতৰ প্ৰমাণ বিজাৰণ বিভৱৰ মানসমূহৰ উর্দ্ধক্রমত সজালে যি শ্রেণী যায়, তাকে বিদ্যুৎ ৰাসায়নিক শ্রেণী বা সক্রিয়তা শ্রেণী বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বিদ্যুৎ দ্বাৰ বিভৱৰ নিৰ্ভৰশীল কাৰকসমূহ কি কি?

উত্তৰঃ বিদ্যুৎ দ্বাৰ বিভৱৰ নিৰ্ভৰশীল কাৰকসমূহ হ’ল—

(i) দ্রৱত থকা আয়নৰ গাঢ়তা।

(ii) ধাতু আৰু ইয়াৰ আয়নৰ প্ৰকৃতি।

(iii) উষ্ণতা।

৫। গেলভেনিক কোষত লৱণ সেতু ব্যৱহাৰৰ প্রয়োজনীয়তা কি?

উত্তৰঃ লৱণ সেতুৱে দুয়োটা অর্ধ কোষৰ মাজত সংযোগ স্থাপন কৰি বর্তনীটো সম্পূর্ণ কৰি তোলে আৰু অর্ধ কোষ দুটাত থকা দ্রৱ দুটা বৈদ্যুতিকভাৱে প্রশম কৰি ৰাখে।

৬। প্রমাণ হাইড্র’জেন ইলেকট্ৰ’ডৰ প্রমাণ ইলেকট্র’ডৰ বিভৱৰ মান কিমান?

উত্তৰঃ প্রমাণ হাইড্র’জেন ইলেকট্ৰ’ডৰ প্রমাণ ইলেকট্র’ডৰ বিভৱৰ মান শূন্য।

৭। CuSO₄ দ্ৰৱৰ সৈতে Ag-য়ে বিক্রিয়া নকৰে কিয়?

উত্তৰঃ Ag-ৰ বিজাৰণ বিভৱৰ মান কপাৰতকৈ বেছি বাবে CuSO₄ দ্রৱৰ সৈতে Ag-য়ে বিক্রিয়া নকৰে।

৮। কাম কৰি থকা এটা কোষৰপৰা লৱণ সেতু আঁতৰালে ভল্টেজ কমি শূন্য হয় কিয়?

উত্তৰঃ কোষটোৰ পৰা লৱণ সেতু আঁতৰালে বিদ্যুৎ প্রবাহ বন্ধ হয়।

৯। প্রমাণ ইলেকট্ৰ’ডৰ বিভৱ কি?

উত্তৰঃ দ্ৰৱ এটাত যেতিয়া আয়নৰ গাঢ়তা Imoldm⁻³ আৰু গেছৰ বাবে 1atm চাপ হয়, তেতিয়া এইবোৰৰ অর্ধ কোষ বিভৱক প্রমাণ ইলেকট্ৰ’ডৰ বিভৱ বোলে।

১০। নাৰ্নষ্টৰ সমীকৰণটো লিখা।

উত্তৰঃ 

১১। সাম্য ধ্ৰুৱক ব্যৱহাৰ কৰি নাৰ্নষ্টৰ সমীকৰণটো লিখা।

উত্তৰঃ 

১২। মুক্ত শক্তিৰ পৰিৱৰ্তন আৰু বৈদ্যুতিক কার্যৰ মাজত সম্বন্ধ কি?

উত্তৰঃ 

১৩। পৰিবাহিতাক প্ৰভাৱিত কৰা কাৰকসমূহ কি?

উত্তৰঃ পৰিবাহিতাক প্ৰভাৱিত কৰা কাৰকসমূহ হ’ল—

(i) বিদ্যুৎ বিশ্লেষ্য দ্রৱত থকা আয়নৰ সংখ্যা।

(ii) বিদ্যুৎ বিশ্লেষ্য দ্রৱত থকা আয়নসমূহৰ প্ৰব্ৰজন বেগ।

১৪। তুল্যাংক পৰিবাহিতা আৰু ম’লাৰ পৰিবাহিতাৰ মাজত সম্বন্ধ কি?

উত্তৰঃ λₘ = Z.λₑqᵣ (য’ত Z বিদ্যুৎ বিশ্লেষ‍্যয়ৰ প্ৰতি সংকেত গোট)।

১৫। ম’লাৰ পৰিবাহিতাৰ একক কি?

উত্তৰঃ ওম⁻¹ মি² ম’ল⁻¹ (Sm²mol⁻¹)

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top