Class 12 Chemistry Important Chapter 1 দ্ৰৱ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry Important Solutions and select need one. Class 12 Chemistry Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Chemistry.
Class 12 Chemistry Important Chapter 1 দ্ৰৱ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Chemistry Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
দ্ৰৱ
Chapter: 1
| IMPORTANT QUESTION AND ANSWER |
১। আইছট’নিক দ্ৰৱ কি?
উত্তৰঃ যিবোৰ দ্ৰৱৰ ৰসাকর্ষী চাপ সমান হয়, তেনেবোৰ দ্ৰৱকে আইছ’ট’নিক দ্রৱ বোলে।
২। ম’লাৰিটি আৰু ম’লেলিটি বুলিলে কি বুজা?
উত্তৰঃ এক লিটাৰ দ্ৰাৱকত দ্রৱীভূত হৈ থকা দ্ৰৱ এটাৰ ম’লৰ সংখ্যাকে দ্ৰৱটোৰ ম’লাৰিটি বোলে। আনহাতে, এক কি.গ্রা. দ্রাৱকত হৈ থকা প্ৰৱ এটাৰ ম’লৰ সংখ্যাকে দ্ৰৱটোৰ ম’লেলিটি বোলে।
৩। ৰসাকর্ষণ কি?
উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা অর্ধভেদ্য আৱৰণৰ মাজেদি কোনো কম গাঢ়তাৰ দ্ৰৱৰপৰা বেছি গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ অণুৰ স্বতঃস্ফূর্ত ব্যাপন হয়, তাকে ৰসাকর্ষণ বোলে।
৪। তৰলৰ হিমাংক বুলিলে কি বুজা?
উত্তৰঃ যি উষ্ণতাত কোনো তৰল আৰু কঠিন অৱস্থাৰ বাষ্পীয় চাপৰ মান সমান হয়, তাকে তৰলটোৰ হিমাংক বোলে।
৫। অনুদ্বায়ী তৰল এটাৰ বাষ্পীয় চাপ বুলিলে কি বুজা?
উত্তৰঃ নির্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ এটাৰ বাষ্পই দেখুওৱা চাপক তৰলটোৰ বাষ্পীয় চাপ বোলে।
৬। অস্বাভাৱিক সংখ্যাগত ধর্ম কি?
উত্তৰঃ দ্রৱত থকা দ্রাব্যৰ অণু বা কণিকাৰ সংখ্যাৰ তাৰতম্য ঘটাৰ বাবে সংখ্যাগত ধর্মবোৰৰ মান অস্বাভাৱিক হয়; কাৰণ, সংখ্যাগত ধৰ্মবোৰৰ মান দ্ৰৱৰ গাঢ়তা বা নির্দিষ্ট আয়তনত থকা অণুৰ বা কণিকাৰ ওপৰত নিৰ্ভৰ কৰে।
৭। হেন্দ্ৰৰ সূত্ৰটো কি?
উত্তৰঃ “স্থিৰ উষ্ণতাত কোনো তৰলৰ নিৰ্দিষ্ট আয়তনত দ্রৱীভূত হোৱা গেছৰ ভৰ ইয়াৰ চাপৰ সমানুপাতিক।”
৮। ৰসাকর্ষী চাপৰ সংজ্ঞা লিখা।
উত্তৰঃ দ্রৱ এটাক দ্ৰাৱক এটাৰপৰা অর্ধভেদ্য আৱৰণৰ দ্বাৰা পৃথক কৰি ৰাখিলে যি অতিৰিক্ত চাপ প্রয়োগৰ ফলত দ্ৰৱৰ দিশত হোৱা দ্ৰাৱকৰ অণুৰ ব্যাপন বন্ধন হয়, তাকে ৰসাকর্ষী চাপ বোলে।
৯। সংখ্যাগত ধর্ম বুলিলে কি বুজা?
উত্তৰঃ দ্ৰৱৰ যিবোৰ ধৰ্ম কেৱল দ্রাব্যৰ কণিকাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, দ্রাব্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে; তেনেবোৰ ধৰ্মক সংখ্যাগত ধর্ম বোলে।
১০। আম এটা লঘু HCI-ৰ দ্ৰৱত ডুবালে ফুলি যায় কিয়?
উত্তৰঃ আমটোত ৰসাকর্ষণ ঘটে বাবে ফলৰ ভিতৰলৈ পানীৰ ৰসাকর্ষণ হয়। ফলত আমটো ফুলি উঠে।
১১। সাধাৰণ লৱণ (NaCI) বা অনাৰ্দ্ৰ কেলচিয়াম ক্ল’ৰাইড (CaCl₂) ব্যৱহাৰ কৰি ৰাস্তাত জমা হোৱা বৰফ আঁতৰোৱা হয় কিয়?
উত্তৰঃ NaCl বা অনাৰ্দ্ৰ CaCl₂ -য়ে পানীৰ হিমাংক এনে উষ্ণতালৈ কমাই দিয়ে, যি উষ্ণতাত বৰফ গলি যায় আৰু পানী গোট মাৰি বৰফ উৎপন্ন কৰিব নোৱাৰে। সেইবাবে ৰাস্তাত জমা হোৱা বৰফ আঁতৰোৱাৰ বাবে NaCl বা অনাৰ্দ্ৰ CaCl₂ ব্যৱহাৰ কৰা হয়।
১২। 1 ম’লাৰ জলীয় দ্ৰৱৰ গাঢ়তা 1 ম’লেন দ্রৱতকৈ বেছি হয় কিয়?
উত্তৰঃ 1 ম’লাৰ প্ৰৱত 1000 mL, অর্থাৎ 1000g দ্রৱত 1 ম’ল দ্রাব্য দ্রৱীভূত হৈ থাকে। আনহাতে, 1 ম’লেন দ্রৱত 1 ম’ল দ্রাব্য 1000g দ্রাৱকত দ্রৱীভূত হৈ থাকে। গতিকে, ম’লেন দ্রৱত দ্রাৱকৰ পৰিমাণ বেছি হয় আৰু সেয়েহে দ্রৱৰ গাঢ়তা 1 ম’লাৰ দ্ৰৱতকৈ কম হয়।
১৩। পিপিএম একক বুলিলে কি বুজা? ইয়াক কেনেদৰে প্ৰকাশ কৰা হয়।
উত্তৰঃ কোনো দ্ৰৱত থকা এক নিয়ত অংশৰ মুঠ ভৰৰ ভিতৰত দ্ৰৱটোৰ যিমান ভৰ থাকে, তাকে দ্রৱটোৰ পিপিএম একক বোলে।
অর্থাৎ, পিপিএম = দ্রাব্যৰ ভৰ/দ্রৱৰ ভৰ × 10⁶
১৪। উতলাংকৰ উন্নয়নৰ ৰাউল্টৰ সূত্ৰকেইটা লিখা।
উত্তৰঃ ৰাউণ্টৰ সূত্ৰসমূহঃ
প্রথম সূত্রঃ অবিদ্যুৎ বিশ্লেষ্যৰ দ্রাব্য দ্রৱীভূত হৈ থকা দ্রাৱকত উতলাংকৰ উন্নয়নৰ পৰিমাণ দ্রৱৰ ম’লেন গাঢ়তাৰ সমানুপাতিক।

দ্বিতীয় সূত্রঃ নির্দিষ্ট পৰিমাণৰ কোনো দ্রাৱকত বিভিন্ন পদাৰ্থৰ সমান সংখ্যক ম’ল দ্রৱীভূত কৰিলে দ্রাৱকৰ উতলাংকৰ উন্নয়নৰ পৰিমাণ একে হয়।
১৫। পানীত কর্মী সিদ্ধ কৰোঁতে টান সিদ্ধ কণী পাবৰ বাবে সামান্য নিমখ যোগ কৰা হয় কিয়?
উত্তৰঃ নিমখ যোগ কৰিলে পানীৰ উতলাংক বৃদ্ধি পায়। কণী বেছি উষ্ণতাত সিদ্ধ হয় বাবে সিদ্ধ কণী টান হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



