Class 12 Economics Important Chapter 3 আয় আৰু নিয়োগ নির্ধাৰণ

Class 12 Economics Important Chapter 3 আয় আৰু নিয়োগ নির্ধাৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 3 আয় আৰু নিয়োগ নির্ধাৰণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি
IMPORTANT QUESTION AND ANSWER

১। কেইনৰ অর্থনীতিৰ মুখ্য ধাৰণা কি?

উত্তৰঃ কেইনৰ অর্থনীতিত মুখ্য ধাৰণা হৈছে সক্রিয় চাহিদা, যি আয় আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰে।

২। “Supply creates its own demand” কোনে আগবঢ়াইছিল?

উত্তৰঃ “Supply creates its own demand” এই মত ফৰাচী অর্থনীতিবিদ জে. বি. ছে আগবঢ়াইছিল।

৩। কেইনে কোন তত্ত্বৰ সমালোচনা কৰিছে?

উত্তৰঃ কেইনে সংস্থাপিত অর্থনীতিবিদৰ ছে’ৰ বিধিৰ সমালোচনা কৰিছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। গড় উপভোগ প্রৱণতা কেনেকৈ গণনা কৰা হয়?

উত্তৰঃ গড় উপভোগ প্রৱণতা = মুঠ ভোগকাৰ্য ÷ মুঠ আয়।

৫। প্রান্তিক উপভোগ প্রৱণতা সদায় কেনে ধৰণৰ হয়?

উত্তৰঃ প্রান্তিক উপভোগ প্রৱণতা সদায় ধনাত্মক আৰু ১-ৰ কম হয়।

৬। বিনিয়োগ গুণকৰৰ সূত্ৰ কি?

উত্তৰঃ বিনিয়োগ গুণকৰ (K) = 1/(1 – MPC), MPC = প্রান্তিক উপভোগ প্রৱণতা।

৭। গুণকৰৰ মান কেতিয়াও কেনেকৈ নহয়?

উত্তৰঃ গুণকৰৰ মান কেতিয়াও ১ বা শতকৰা ১০০ নহয়, কাৰণ আয়ৰ কিছু অংশ সঞ্চয় হয়।

৮। গড় সঞ্চয় প্রৱণতা কেনেকৈ গণনা কৰা হয়?

উত্তৰঃ গড় সঞ্চয় প্রৱণতা = মুঠ সঞ্চয় ÷ মুঠ আয়।

৯। কেইনে সঞ্চয়কাৰীক কেনেকৈ বৰ্ণনা কৰিছে?

উত্তৰঃ কেইনে সঞ্চয়কাৰীক “Keynesian economic mythology” ত খলনায়ক বুলি বৰ্ণনা কৰিছে, কাৰণ সঞ্চয় সক্রিয় চাহিদা হ্ৰাস কৰে।

১০। মূলধনৰ প্ৰান্তিক উৎপাদন ক্ষমতা কিহত নিৰ্ভৰ কৰে?

উত্তৰঃ মূলধনৰ প্ৰান্তিক উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে প্রত্যাশিত লাভ আৰু মূলধনী সামগ্রীৰ যোগান-দৰৰ ওপৰত।

১১। বিনিয়োগৰ দুটা ধৰণ কি?

উত্তৰঃ বিনিয়োগৰ দুটা ধৰণ হ’ল-

(i) স্বায়ত্ত বিনিয়োগ। আৰু

(ii) প্রেৰিত বিনিয়োগ।

১২। ‘Propagation period’ কি?

উত্তৰঃ বিনিয়োগ গুণকৰ কার্যকৰ হোৱাত লাগো সময়কেই Propagation period বোলা হয়।

১৩। ‘Paradox of thrift’ কি?

উত্তৰঃ অধিক সঞ্চয় কৰাৰ ফলত সক্রিয় চাহিদা হ্ৰাস পায়, নিয়োগ আৰু আয় কমে, ফলত সঞ্চয়ৰ পৰিমাণও কমি যায়, এইটোই Paradox of thrift।

১৪। কেইনে বিনিয়োগৰ বাবে কোনটো দিশত অধিক গুৰুত্ব দিছে?

উত্তৰঃ কেইনে বিনিয়োগৰ বাবে সুদৰ হাৰৰ পৰিবৰ্তে মূলধনৰ প্ৰান্তিক উৎপাদন ক্ষমতাক অধিক গুৰুত্ব দিছে।

১৫। ‘Effective demand’ ৰ দুটা অংশ কি?

উত্তৰঃ ‘Effective demand’ ৰ দুটা অংশ হ’ল-

(i) ভোগকাৰ্যৰ চাহিদা। আৰু

(ii) বিনিয়োগ কাৰ্যৰ চাহিদা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top