🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 12 Biology Important Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Class 12 Biology Important Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

IMPORTANT QUESTION AND ANSWER

১। বংশগতি মানে কি?

উত্তৰঃ এটা জনুৰ পৰা পৰৱৰ্তী জনুলৈ বংশধাৰা সঞ্চাৰণ হোৱাকে বংশগতি বা হেৰিডিটি বোলে।

২। বংশগতি চৰ্চাৰ পিতৃস্বৰূপ কোন?

উত্তৰঃ বংশগতি চৰ্চাৰ পিতৃস্বৰূপ মেণ্ডেল।

৩। মটৰমাহে গছ বাচি লোৱাৰ কাৰণ কি?

উত্তৰঃ মটৰমাহ বছৰি গছ, যাৰ জীৱনচক্ৰ সৰু, বহু বীজ দিয়ে আৰু ই ছটা বিপৰীত বৈশিষ্ট্য থকা সহজ গছ।

৪। জিনতত্ত্ব বা আণুবংশিক বিজ্ঞান কাক বোলে?

উত্তৰঃ যি বিজ্ঞানত এটা জনুৰ পৰা অপত্যলৈ বৈশিষ্ট্যৰ সঞ্চাৰণ আৰু প্ৰকাৰণ অধ্যয়ন কৰে, তাকে জিনতত্ত্ব বোলে।

৫। মেণ্ডেল তত্ত্ব কাক বোলে?

উত্তৰঃ মেণ্ডেলৰ পৰীক্ষাৰ ফলাফল, বিশ্লেষণ আৰু সূত্ৰবোৰক মেণ্ডেল তত্ত্ব বোলে।

৬। অপ্রভাৱী চৰিত্ৰ কাক বোলে?

উত্তৰঃ যি চৰিত্ৰই নিৰ্দেশনা পায় কিন্তু F₁ অপত্যত প্ৰকাশ নকৰে তাক অপ্রভাৱী চৰিত্ৰ বোলে।

৭। এক সংকৰ জনন কাক বোলে?

উত্তৰঃ এটা চৰিত্ৰৰ বিপৰীত বৈশিষ্ট্য থকা দুটা প্ৰজাতিৰ মাজত হোৱা যৌন জননক সংকৰ জনন বোলে।

৮। মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ কি?

উত্তৰঃ বংশ পৰিক্ৰমাৰ সময়ত বিপৰীত বৈশিষ্ট্য কেতিয়াও মিশ্ৰিত নহয় আৰু জননকোষ গঠনৰ সময়ত এটাই আনটোৰ পৰা পৃথক হয়।

৯। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত কিমান?

উত্তৰঃ মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত – 9:3:3:1।

১০। হ’ম’যাইগাছ কাক বোলে?

উত্তৰঃ দুটা একে গুণসম্পন্ন জননকোষৰ মিলনত সৃষ্টি হোৱা অপত্যক হ’ম’যাইগাছ বোলে।

১১। হেটাৰ’যাইগাছ কাক বোলে?

উত্তৰঃ বিপৰীত গুণসম্পন্ন জননকোষৰ মিলনত সৃষ্টি হোৱা অপত্যক হেটাৰ’যাইগাছ বোলে।

১২। ব্যক্তৰূপ কাক বোলে?

উত্তৰঃ কোনো জীৱৰ বৈশিষ্ট্যবোৰৰ বাহ্যিক প্ৰকাশকে ব্যক্তৰূপ বোলে।

১৩। জিনীয় ৰূপ কাক বোলে?

উত্তৰঃ কোনো জীৱৰ জিনৰ সংযোজনক জিনীয় ৰূপ বোলে।

১৪। অধিসংগম কাক বোলে?

উত্তৰঃ F₁ অপত্যৰ সৈতে P জনুৰ যিকোনো এটাৰ সংকৰণক অধিসংগম বোলে।

১৫। প্রকাৰণ কাক বোলে?

উত্তৰঃ একে প্ৰজাতিৰ অন্তৰ্গত দুটা জীৱৰ বৈশিষ্ট্যৰ পাৰ্থক্যক প্রকাৰণ বোলে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top