Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ

Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ and select needs one.

Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ Solutions for All Subject, You can practice these here…

জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ

Chapter: 12

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। বংশান্তৰিত বেক্টেৰিয়া বিলাক কি ? এটি উদাহৰণৰ দ্বাৰা বৰ্ণনা কৰা ।

উত্তৰঃ ট্ৰেন্সজিনীক বেক্টেৰিয়াৰ জিনমৰ ভিতৰত ইচ্ছামূলকভাৱে বহিৰাগত জিনৰ প্ৰৱেশ ঘটোৱা হয় । ইহঁতৰ আৱশ্যকীয় জিনটো প্ৰকাশ পাবলৈ সুবিধামতে ৰূপান্তৰ কৰা হয় , যাতে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ দ্ৰব্যবোৰৰ উৎপাদন বৃদ্ধি পায় ।ট্ৰন্সজিনীক বেক্টেৰিয়াৰ এটা উদাহৰণ হৈছে E. Coli. E. Coli ৰ প্লাজমিডত দুডাল DNA অনুক্ৰম যি A আৰু B শৃংখল মানৱ দেহত পোৱা ইনছুলিনৰ A আৰু B শৃংখলৰ দৰে আৰু সেই ইনছুলিন বান্ধনি প্ৰস্তুত কৰিবলৈ প্ৰৱেশ কৰোৱা হয় । ইয়াৰ ফলত ই নিৰ্দিষ্ট মানৱ ইনছুলিনৰ শিকলি উৎপন্ন কৰে । এতেকে , ইনচুলিন জিনটো বেক্টেৰিয়াত প্ৰৱেশ ঘটোৱাৰ পাছত ই ট্ৰেন্সজিনীক হৈ পৰে আৰু মানৱ ইনছুলিন শৃংখল উৎপন্ন কৰিবলৈ আৰম্ভ কৰে । পাছলৈ এই শৃংখলবোৰ E. Coli – ৰ পৰা বাহিৰলৈ অনা হয় আৰু শৃংখলবোৰ সংযোগ কৰাই মানৱ ইনছুলিন প্ৰস্তুত কৰা হয় ।

প্ৰশ্ন ২। ভাৰতীয় জীৱসম্পদৰ কোন দুটা পেটেন্ট উঠাই লোৱা হৈছে ? 

উত্তৰঃ বাচমতি চাউল আৰু নিম ।

প্ৰশ্ন ৩। আনুবংশিকভাৱে ৰূপান্তৰিত শস‍্য মানে কি ? আনুবংশিকভাৱে ৰূপান্তৰিত খাদ্য শস্য কেনেকৈ প্ৰচলিত পদ্ধতিত উন্নত কৰা খাদ্য শস‍্যতকৈ কিভাৱে পৃথক ? 

উত্তৰঃ আনুবংশিকভাৱে উওৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্ৰেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে ― 

(ক) গৰিষ্ঠসংখ‍্যাক জিনীয়ভাৱে উওৰণ ঘটোৱা শস‍্যৰ , কীট – পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে । যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে ।

(খ) জিনীয়ভাৱে উওৰণ ঘটোৱা বহু সংখ্যাক খাদ্য সংখ্যাক বিকাশ ঘটোৱা হৈছে য’ত পুষ্টিকৰ উপাদানৰ পৰিমাণ যথেষ্ট আছে । উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্ৰেন্সজিনীক উদ্ভিদ য’ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে ।

(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে । 

(ঘ) ইহঁতৰ যিকোনো প্ৰাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি ।

(ঙ) জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ খেতি কৰিলে শেষত লাভ কৰা শস্যৰ পৰিমাণ তুলনামূলকভাৱে বৃদ্ধি পায় ।এনে ধৰণৰ শস্যৰ ব‍্যৱহাৰে স্থানীয় জৈৱ – বৈচিত্ৰ্যতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । উদাহৰণস্বৰূপে Bt টক্সিন ব‍্যৱহাৰৰ ফলত কীট – পতংগৰ সংখ্যা কমি যায় যদিও , পৰাগযোগৰ ক্ষেত্ৰত অহিৰণা যোগোৱা মৌমাখিৰ ক্ষেত্ৰত ই বিৰূপ প্ৰভাৱ পেলায় । যদিহে Bt টক্সিনৰ জিন পৰাগৰেণুত থাকে তেন্তে ই মৌমাখিক পোনপটীয়াকৈ ক্ষতি কৰে । 

ফলস্বৰূপে মৌমাখিৰ জৰিয়তে হোৱা পৰাগযোগ প্ৰক্ৰিয়াত বাধা জন্মে । ইয়াৰোপৰি জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যই মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় কিয়নো ই দেহত এলাৰ্জেন দিয়ে এন্টিবায়টিক ৰোধকাৰী দ্ৰব‍্যৰ  সৃষ্টি কৰে । ইয়াৰ বাদেও ই উদ্ভিদৰ বন‍্য প্ৰজাবোৰৰ ক্ষেত্ৰত জিনীয় প্ৰদূষণৰ এক কাৰণা হ’ব পাৰে । সেইবাবে উদ্ভিদৰ জিনীয় উওৰণে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱাম্বিত কৰিছে । 

প্ৰশ্ন ৪। ভিন্ন প্ৰজাতিৰ জিন কি আৰু বংশান্তৰিত উদ্ভিদ কি ? 

উত্তৰঃ কোনো এক প্ৰজাতিৰ নিজৰ জিনৰ পৰিপ্ৰেক্ষিতত অন‍্য প্ৰজাতিৰ জিন যদি আনি তাৰ DNA ত স্থাপন কৰা হয় তেতিয়া তেনে অন্য প্ৰজাতিৰ জিনক ট্ৰেন্সজিন বোলে ।অন্য প্ৰজাতিৰ জিন আনি যি উদ্ভিদক বংশান্তৰিত কৰা হয় তাক বংশান্তৰিত উদ্ভিদ বোলে ।

প্ৰশ্ন ৫। বায়’ৰিয়েক্টৰ কি ? আশা কৰা উৎপাদনৰ বাবে বায়ৰিয়েক্টৰে দিয়া অন্ততঃ দুটা বৃদ্ধি কাৰক অৱস্থা উল্লেখ কৰা ।

উত্তৰঃ প্ৰয়োজনীয় অণুজীৱ যথেষ্ট পৰিমাণে উৎপন্ন কৰিবলৈ এটি সঁজুলি ব‍্যৱহাৰ কৰা হয় য’ত অণুজীৱটোৰ বংশবৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো পৰিৱেশ সৃষ্টি কৰা হয় । এনে স‍‌ঁজূলিক বায়’ৰিয়েক্টৰ বোলে ।

ইয়াত অণুজীৱৰ বৃদ্ধিৰ বাবে উপযুক্ত pH , তাপ , আৰ্দ্ৰতা , পুষ্টি আদি নিয়ন্ত্ৰণ অৱস্থাত ৰখা হয় ।

প্ৰশ্ন ৬। প্ৰচলিত উদ্ভিদ প্ৰজনন পদ্ধতি কেনেকৈ শস্য বংশান্তৰিত কৰা কৌশলতকৈ ভিন্ন ?

উত্তৰঃ বংশান্তৰিত শস্যক আণুবংশিক অভিযন্ত্ৰণৰ দ্বাৰা জিনীয় ৰূপান্তৰ ঘটোৱা হয় । তাৰ মানে অন্য প্ৰজাতিৰ থকা বিশেষ গুণ বহন কৰা জিন সংগ্ৰহ কৰি আনি পুৰ্ণগঠন কৌশলৰ দ্বাৰা শস্যৰ DNA ত স্থাপন কৰা হয় । তাৰ ফলত শস্যটো নতুন বিশেষ গুণ অধিকাৰী হয় ।

আনফালে চলিত প্ৰজনন পদ্ধতিত একে প্ৰজাতিৰ বিশেষ গুণ থকা অন্য উদ্ভিদৰ পৰাগৰেণু আনি নিষেচন কৰি গৰ্ভধান কৰা হয় ।

প্ৰশ্ন ৭। যিকোনো দুটা কৌশলৰ পৰামৰ্শ দিয়া যি শৰীৰত উপসৰ্গ দেখা দিয়াৰ আগতেই শৰীৰত বেক্টেৰিয়া / ভাইৰাচৰ আক্ৰমণৰ সংকেত দিয়ে ।

উত্তৰঃ PCR (Polvmerase Chain Reaction) আৰু ELISA (Enzyme Linked  Immunosorbant Assay) ।

প্ৰশ্ন ৮। ELISA ক সম্পূৰ্ণকৈ লিখা ।

উত্তৰঃ ELISA (Enzyme Linked Immunosorbant Assay) ।

প্ৰশ্ন ৯। আনবিধ চিকিৎসা কৌশল কি ? পৰম্পৰা গড় পদ্ধতিৰ তুলনাত ইয়াৰ সুবিধাসমূহ লিখা ।

উত্তৰঃ বৰ্তমান কোনো বেমাৰ অথবা শৰীৰবৃত্তীয় কোনো কাৰ্য্যৰ কাৰণে PCR পদ্ধতি ব‍্যৱহাৰ কৰা হয় । ELISA ক্ল’ন জিনবোৰ ব‍্যৱহাৰ কৰি অনুকৃত‍্যায়িত প্ৰ’টিনৰ প্ৰতি সংবেদনশীল প্ৰ’টিনে চিকিৎসাবিষয়ক লক্ষণসমূহ প্ৰদৰ্শন কৰে ।আগৰ পৰম্পৰাগত প্ৰক্ৰিয়াৰ তুলনাত এই প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে ই জিন বিশেষক আৰু নিৰ্দিষ্টকৈ চিকিৎসা কৰিভ পাৰো ।

প্ৰশ্ন ১০। প্ৰতিদেহ আৰু প্ৰতিকণাৰ প্ৰত‍্যেকৰে উদাহৰণ দি সংজ্ঞা লিখা ।

উত্তৰঃ আমাৰ দেহলৈ যিবোৰ বাহিৰৰ প্ৰ’টিন আহে তাকে প্ৰতিকণা বোলে । এই প্ৰতিকণাৰ কাৰণে আমাৰ দেহে যিবোৰ কোষ উৎপন্ন কৰে তাকে প্ৰতিদেহ বোলে । 

উদাহৰণস্বৰূপে ৰোগৰ কাৰক ভাইৰাছ , বেক্টেৰিয়া আমাৰ দেহত প্ৰৱেশ কৰিলে এইবোৰক প্ৰতিকণা বোলে । এই কাৰক বা বাহকবোৰক কাৰণে যি কোষৰ সৃষ্টি কৰে তাক প্ৰতিদেহ বোলে । প্ৰতিদেহবোৰ সাধাৰণতে WBC বা শ্বেতৰক্ত কণাই উৎপন্ত কৰে। 

প্ৰশ্ন ১১। ট্ৰেনজেনিক প্ৰাণীৰ ওপৰত চমুটোকা লিখা । 

উত্তৰঃ অন্য প্ৰাণীৰ জিন প্ৰতিষ্ঠাপন কৰি সৃষ্টি কৰা প্ৰাণীবোৰক ট্ৰেনছজেনিক প্ৰাণী বোলে । উদাহৰণস্বৰূপে ১৯৯৭ চনত স্কটলেণ্ডত গৱেষকসকলে পলি আৰু মলি নামৰ দুটা ক্ল’ন ভেৰাৰ সৃষ্টি কৰিছিল । ডলিৰ সৈতে এই ভেৰা দুজনীৰ পাৰ্থক্য হ’ল যে পলি আৰু মলিৰ গাত মানুহৰ দেহৰ প্ৰ’টিন সৃষ্টিকাৰী জিন প্ৰতিস্থাপন কৰা হৈছিল ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১) জীৱ প্ৰযুক্তিবিদ‍্যাৰ বাবে প্লাজমিড আৰ্শীবাদ স্বৰূপ । জীৱপ্ৰযুক্তি বিদ‍্যাৰ আৱিষ্কাৰৰ উল্লেখ কৰি ইয়াৰ যথাৰ্থতা দেখুওৱা ।

উত্তৰঃ প্লাজমিড হ’ল বেক্টেৰিয়াৰ কোষত থকা অতিৰিক্ত গোলাকাৰ ক্ষুদ্ৰ DNA । জীৱ প্ৰযুক্তি বিদ‍্যাত ইয়াৰ গুৰুত্ব অসীম । জীৱৰ আনুবংশিক ৰূপান্তৰ কৰণত ইয়াক ব‍্যৱহাৰ কৰা হয় । আনুবংশিক ৰূপান্তৰৰ বাবে জীৱৰ DNA ৰ পুৰ্ণগঠন হোৱা প্ৰয়োজন । এই কাৰ্য্যৰ বাবে অন্য জীৱৰ পৰা সংগ্ৰহ কৰা জিন পৰিবাহকৰ যোগেদি পোষক কোষত প্ৰৱিষ্ট কৰা প্ৰয়োজন । প্লাজমিডে এনে পৰিবাহকৰ কাম কৰে । প্লাজমিডৰ কোনো এক নিৰ্দিষ্ট ক্ৰমৰ নিউক্লিয়টাইডৰ আঁতৰাই তাৰ ঠাইত সংগ্ৰহ কৰা জিন সংযোজন কৰাই তাক পোষক দেহত প্ৰৱিষ্ট কৰোৱা হয় । পোষকৰ DNA ক পুৰ্ণগঠিত কৰে ।

ইনচুলিন উৎপাদন কৰা বেক্টেৰিয়া সৃষ্টিৰ বাবে প্লাজমিড ব‍্যৱহাৰ কৰা হৈছিল এন্দুৰৰ ইনচুলিন উৎপাদনৰ বাবে সংকেত বহন কৰা জিন বেক্টেৰিয়াৰ DNA ত স্থাপনৰ বাবে ।গৰুৰ ভৰি আৰু মুখৰ ভাইৰাছজনিত অসুখ অতি মাৰাত্মক । ইয়াৰ বেজী প্ৰস্তুত কৰোতে ভাইৰাছটোৰ VPI জিন প্লাজমিডৰ যোগেদি E. Coli বেক্টেৰিয়াত সুমুৱাই দিয়াৰ পিছত এই বেক্টেৰিয়াই ৰোগ সৃষ্টি কৰা ভাইৰাছটোক প্ৰতিহত কৰিবলৈ এন্টিবডি সৃষ্টি কৰিবলৈ সক্ষম হ’ল , যাৰ পৰা এনে ভাইৰাছৰ বিৰুদ্ধে বেজি সৃষ্টি কৰা সম্ভৱ হ’ল ।

প্ৰশ্ন ২। ADA নামক উৎসেচক সম্পূৰ্ণভাৱে লিখা । মানুহৰ শৰীৰত এই উৎসেচক কিয় ইমান আৱশ্যক ? এটা জিনীয় চিকিৎসাৰ উল্লেখ কৰা যাৰ দ্বাৰা ইয়াৰ চিকিৎসা হয় ? 

উত্তৰঃ জিন থেৰাপী হৈছে এটা কৌশল যাৰ সহায়ত দোষযুক্ত জিন এটাক কৌশলগতভাৱে ৰূপান্তৰিত কৰি নতুন শুদ্ধ জিন একোটা পাব পাৰি । ইয়াত সাধাৰণতে এটা দোষযুক্ত জিন আঁতৰাই তাত এটা সাধাৰণ জিন স্থাপন কৰিব পাৰি । উদাহৰণস্বৰূপে ― ADA অভাৱ থকা এটা একক জীৱৰ দেহত এডিন’চাইন ডিয়ামিনেজ জিনৰ প্ৰৱেশ দেহৰ সাধাৰণ বা স্বাভাৱিক কাৰ্য্যক্ষমতাৰ বাবে এডিন’ছাইন ডিয়ামিনেজ এনজাইমবিধ অপৰিহাৰ্য । এই ধৰণৰ ৰোগত ভুগি থকা একক জীৱবিধৰ আৰোগ‍্যৰ বাবে অস্থিমজ্জা কোষৰ ট্ৰেন্সপ্লানটেছনৰ প্ৰয়োজন । প্ৰাথমিক অৱস্থাত ৰোগীৰ দেহৰ অস্থিমজ্জাৰ পাৰ লিমফছাইট বাহিৰ কৰা হয় । ইয়াৰ পাছত ADA ৰ বাবে একোটা কাৰ্য্যক্ষম জিন , ৰিট্ৰভাইৰাছৰ সহায়ত লিমফছাইটত প্ৰৱেশ ঘটোৱা হয়।এতিয়া জিন থকা T লিমফছাইট উৎপন্ন কৰে যাৰ ফলত ৰোগীৰ দেহলৈ পুনৰ আগৰ অসংক্ৰাম‍্য অৱস্থা ঘূৰি আহে ।

উত্তৰঃ ক্ৰাই প্ৰ’টিনবোৰৰ ভিতৰত ক্ৰাই জিনবোৰ সংকেত হিচাবে আৱদ্ধ হৈ থাকে । এই ধৰণৰ প্ৰ’টিনবোৰ টক্সিন আৰু ইয়াক বেছিলাছ থুৰিণজিয়েনছিচ নামৰ বেক্টেৰিয়াবিধে উৎপন্ন কৰে । বেক্টেৰিয়ামৰ ভিতৰত এই প্ৰ’টিনবোৰ নিক্ৰিয় গঠনত থাকে । যেতিয়া এই নিষ্কিৰয় প্ৰ’টিন পোক , পৰুৱাৰ দেহত প্ৰৱেশ কৰে , ই এলকেলাইন pH – ৰ প্ৰভাৱত সক্ৰিয় অৱস্থালৈ আহে । ফলস্বৰূপে পতংগটোৰ আৱৰণী কলাৰ ভাঙোন ঘটি ক্ৰমান্বয়ে ইয়াৰ মৃত্যু হ’ব পাৰে । সেইবাবে মানুহে ইয়াক নিজৰ স্বাৰ্থৰ বাবে ব‍্যৱহাৰ কৰি ট্ৰেন্সজেনীক শস্য উৎপন্ন কৰিছে য’ত ই পোক – পতংগনাশক হিচাবে থাকে । যেনে , Bt কটন , Bt কৰ্ণ আদি।

প্ৰশ্ন ৪। GMO বিলাক কি ? আনুবংশিকভাৱে ৰূপান্তৰিত শস্য উৎপাদন অন্ততঃ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ আনুবংশিকভাৱে উওৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্ৰেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে ― 

(ক) গৰিষ্ঠসংখ্যাক জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ , কীট – পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে । যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে । 

(খ) জিনীয়ভাৱে উওৰণ ঘটোৱা বহু সংখ‍্যাক খাদ্য সংখ্যাক বিকাশ ঘটোৱা হৈছে য’ত পুষ্টিকৰ উপাদানৰ পৰিমাণ যথেষ্ট আছে । উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্ৰেন্সজিনীক উদ্ভিদ য’ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে ।

(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে ।

(ঘ) ইহঁতৰ যিকোনো প্ৰাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি ।

প্ৰশ্ন ৫। GEAC মানে কি বুজা ? ইয়াৰ ভূমিকা কি ? 

উত্তৰঃ ট্ৰেন্সজিনীক প্ৰাণীৰ সৈতে জড়িত হৈ থকা কিছু নৈতিক সমল :- ভাৰত চৰকাৰে GEAC (Genetic Engineering Approval Committee) নামেৰে সংস্থা গঠন কৰিছিল । এই সংস্থাটোৱে GM (জিনীয় ৰূপান্তৰ) গৱেষণাৰ ক্ষেত্ৰত বৈধতা আৰু জনসাধাৰণৰ উপকাৰৰ বাবে ইয়াৰ ব‍্যৱহাৰ আদিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে । পৰিৱৰ্তনৰ ফলস্বৰূপে প্ৰাণীৰ জৈৱিক চৰিত্ৰবোৰ নাইকিয়া হোৱা পৰীক্ষাবোৰ কৰ্তৃত্বৰ অবিহনে যাব নালাগে । প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰত যদি এই প্ৰাণীবোৰৰ প্ৰৱেশ ঘটোৱা হয় তেন্তে কেতিয়াবা নভাবা ফলাফলো দেখিবলৈ পোৱা যায় । 

এই ট্ৰেন্সজিনীক প্ৰকাৰণবোৰৰ কৃতি স্বত্ব কৰাৰ ক্ষেত্ৰত কিছু সমস্যা আছে । কিয়নো বহু ৰাষ্ট্ৰীয় কোম্পানীবোৰে পৰম্পৰাগত সম্পদবিলাক নিজৰ আৱিষ্কাৰ বুলি দাবী কৰে । উদাহৰণস্বৰূপে ― এবিধ নতুন প্ৰকাৰৰ বাচমতি ধানক আমেৰিকাৰ এটা কোম্পানীয়ে পেটেন্ট কৰি নিজৰ বুলি দাবী কৰিছিল । কিন্তু এই নতুন প্ৰকাৰটো প্ৰকৃততে ভাৰতীয় কৃষকে , ভাৰতীয় বাচমতিৰ সৈতে এবিধ অৰ্দ্ধ চাপৰ প্ৰকাৰৰ সংকৰণ ঘটাই উদ্ভাৱন কৰিছিল । একেদৰে নিম আৰু হালধি , যাক ভাৰতীয়সকলে ঔষধৰ ক্ষেত্ৰত ব‍্যৱহাৰ কৰে তাকো পেটেন্টৰ ক্ষেত্ৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আছে ।

প্ৰশ্ন ৬। প্ৰস্তুত কৰা বিষাক্ত কীটনাশক প্ৰটিন দ্ৰব্য যি Bt কপাহৰ কীটক ধ্বংস কৰে কিন্তু তাৰ নিজৰ কোনো ক্ষতি নহয় কিয় ? 

উত্তৰঃ খেতি পথাৰৰ মাটিত থকা এবিধ বেক্টেৰিয়াম , বেচিলাছ থুৰিণজিয়েনছিছে ইয়াৰ প্লাজমিডত ক্ৰাই জিন নামৰ এটা জিন গোট লাভ কৰে । এই ক্ৰাই জিনে এবিধ এণ্ডট’ক্সিক প্ৰ’টিন সংশ্লেষণ কৰে আৰু কিছুমান নিৰ্দিষ্ট পতংগৰ ভ্ৰূণবোৰ নাশ কৰে । বিভিন্ন পতংগৰ বিভিন্ন ভ্ৰূণৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰৰ ক্ৰাইপ্ৰ’টিন পোৱা যায় । যিহেতু টক্সিক ক্ৰাই প্ৰ’টিনবোৰ বেচিলাছ থুৰিণজিয়েনছিছৰ পৰা পোৱা যায় , সেইবাবে ইহঁতক Bt টক্সিন বুলি কোৱা হয় আৰু জিনবোৰক Bt টক্সিন জিন বোলা হয় ।

জিনবোৰ বেক্টেৰিয়াৰ পৰা ক্ল’ন কৰা হয় আৰু বিভিন্ন ধৰণৰ উদ্ভিদত সন্নিবিষ্ট কৰা হয় , যেনে Bt কটন , Bt ধান , আলু , চয়াবিন । জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ ক্ৰাই বা Bt টক্সিন জিন থাকে , সেইবাবে কীট – পতংগ নাশ কৰাৰ বাবে অন্য দ্ৰব্যৰ কোনো প্ৰয়োজন নাথাকে , কিয়নো সিহঁতৰ নিজৰে জৈৱ কীট – পতংগনাশক ক্ষমতা থাকে । কিছুমান সাধাৰণ কীট – পতংগৰ বাধক হিচাবে ক্ৰাই প্ৰ’টিন ; যেনে লেপিড’পটেৰানছ (ধপাত ৱাডৱৰ্ম , আৰ্মিৱৰ্ম) , ক’লিয়পটেৰানছ (গুৱৰুৱা) আৰু ডিপটেৰাণছ ম’হ , মাখি আদি বেক্টেৰিয়াৰ জিনবোৰ নিষ্কিৰয় প্ৰ’টেক্সিন ক্ৰিষ্টেল অৱস্থাত কীট – পতংগ নাশক প্ৰ’টিন উৎপন্ন কৰে‌। 

যিবোৰ কীট – পতংগই উদ্ভিদক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে সিহঁতৰ আৱৰণী কলাৰ মাজেদি প্ৰট’ক্সিনৰ ক্ৰিষ্টেলবোৰ সোমাই পৰে আৰু এলকেলাইন pH ৰ প্ৰভাৱত ই দ্ৰৱীভূত হৈ প্ৰট’ক্সিন টক্সিনলৈ ৰূপান্তৰ হয়।ইয়াৰ ফলস্বৰূপে পতংগটোৰ এপিথেলিয়েল কোষবোৰৰ ভাঙোন ঘটি ইয়াৰ দেহত কিছুমান সুৰঙাৰ সৃষ্টি হয় । ফলত পতংগটোৰ মৃত্যু ঘটে । যিহেতু বিভিন্ন কীট – পতঙ্গৰ বাবে ভিন্ন ক্ৰাই প্ৰ’টিনৰ আৱশ‍্যক হয় বাবে শস্যৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট ক্ৰাই প্ৰ’টিন ব‍্যৱহাৰ কৰা হয় । 

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ৭। এন্টিবায়টিকছ কাক বোলে ? বিভিন্ন ‘এন্টিবায়টিকছ’ৰ নামৰ লগত এইবিলাক প্ৰস্তুত কৰা অণুজীৱৰ নাম লিখা ।

উত্তৰঃ কোনো জীৱৰ বিপাকীয় কাৰ্য্যত ক্ষৰণ হোৱা যি পদাৰ্থৰ আন জীৱৰ ক্ৰিয়াকলাপ বন্ধ কৰে অথবা আন জীৱক ধ্বংস কৰে, সেই বিপাকীয় পদাৰ্থটোক প্ৰতিজৈৱিক (antibiotics) বোলে । ইয়াৰ সূত্ৰ এনেদৰেও দিব পাৰি ‘A special kind of chemotherapeutic agent obtained from living micro – organisms and capable of antimicrobial activity .” প্ৰতিজৈৱিকবোৰ জীৱদেহত প্ৰধানকৈ বেক্টেৰিয়াৰ বৃদ্ধি বন্ধ কৰে বা সিহঁতক ধ্বংস কৰে । ইহঁতৰ ৰাসায়নিক গঠন অতি জটিল । প্ৰতিজৈৱিক আৱিষ্কাৰৰ ফলত নানা ধৰণৰ মাৰাত্মক ৰোগৰ পৰা মানুহ আৰু আন জীৱ – জন্তুবোৰক ৰক্ষা কৰিব পৰা হৈছে । বেক্টেৰিয়া , ভেকুঁৰ , এক্টিন’মাইচিটিছ (actinomycetes) আদিৰ পৰা এই প্ৰতিজৈৱিকবোৰ প্ৰস্তুত কৰা হয় । প্ৰতিজৈৱিকৰ সাধাৰণ ধৰ্ম হ’ল ― 

(ক) ই শৰীৰত ৰোগ সৃষ্টিকাৰী জীৱাণু ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা দিয়ে । 

(খ) ই শৰীৰত কোনো ধৰণৰ পাৰ্শ্ব – প্ৰতিক্ৰিয়া নকৰে বা শৰীৰৰ ক্ষতি নকৰে ।

(গ) ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱান্বিত নহয় ।

(ঘ) শৰীৰত থকা উপকাৰী জীৱাণু ই ধ্বংস নকৰে ।

(ঙ) ই শৰীৰত একেলগে কেইবাপ্ৰকাৰ ৰোগজনক জীৱাণু ধ্বংস কৰিব পাৰে বা সিহঁতৰ বৃদ্ধিত বাধা প্ৰদান কৰিব পৰা ক্ষমতা থাকে ।

তলত কেইটামান প্ৰতিজৈৱিকৰ নাম আৰু সিহঁতক উৎপন্ন কৰিবলৈ ব‍্যৱহাৰ হোৱা জীৱাণুৰ নাম দিয়া হ’ল ― 

প্ৰতিজৈৱিক ―জীৱাণুৰ নাম ―
পেনিচিলিনPenicillium notation
ষ্ট্ৰেপ্ত’মাইচিনStreptomyces griseus
বেছিট্ৰাচিনBacillus licheniformis
ক্লৰামফেনিকল্Streptomyces venezuelae
ক্লৰ’টেট্ৰাচাইক্লিনStreptomyces aureofaciens
নিঅ’মাইচিনStreptomyces fradiae
অক্সিটেট্ৰাচাইক্লিনStreptomyces niveus
ন’ভবায়’চিনStreptomyces halstedii
ইৰিথ্ৰ’মাইচিনStreptomyces erythraeus
টাইৰ’গ্ৰিচিনBacillus brevis
পালমাইস্কিনBacillus polymyxa
কাৰ্ব’মাইচিনStreptomyces puniceus
ভায়’মাইচিনStreptomyces canus
এম্ফ’মাইচিনAspergillus sp
ফিউমাজিলিনStreptomyces noursei
নিষ্টাটিনStreptomyces spp
এনিচ’মাইচিনStreptomyces orchidaceus
চাইক্ল’চেৰাইনStreptomyces antibiotius
অলিয়ানড’মাইচিনPenicillium chrysogenum .

প্ৰশ্ন ৮। ট্ৰেনজেনিক শস‍্য কি ? প্ৰজনন প্ৰক্ৰিয়াতকৈ ট্ৰেনজেনিক শস্য উৎপাদন কৌশলটো বেছি সুবিধাজনক উল্লেখ কৰা ।

উত্তৰঃ অন্য শস্যৰ পৰা জিন সংগ্ৰহ কৰি অন্য শস্যও প্ৰতিষ্ঠাপন কৰি নতুন গুণবিশিষ্ট শস্যৰ জন্ম দিয়াই হ’ল ট্ৰেনছজেনিক ক্ৰপ আৰু গছজোপাক কোৱা হয় ট্ৰেনছজেনিক উদ্ভিদ সাধাৰণতে প্ৰজনন কৌশলত টোপোলাকৰণ আৰু পুংৰেণুৰ বিতৰণ আমি বিচৰা মতে গুণবিশিষ্ট উদ্ভিদৰ কৰা হয় । কিন্তু ট্ৰেনজেনিক উদ্ভিদ উৎপাদন কৌশলত এটা বিশেষ প্ৰজাতিৰ গুণ বহন কৰা জিনক আমাৰ সুবিধানুযায়ী অন‍্য এটা জীৱৰ দেহত প্ৰতিস্থা কৰো ।

প্ৰশ্ন ৯। অনিষ্টকাৰী পতংগ এটাৰ নাম লিখা যাক ……… জিনৰ উৎপাদনৰ দ্বাৰা মাৰা হয় । এই পতংগবিধৰ বিৰুদ্ধে গছজোপাই কিদৰে ৰোধক সৃষ্টি কৰে ব‍্যাখ‍্যা কৰা । 

উত্তৰঃ আৰু য়ে কটন বল ৱৰ্মত আৰু য়ে কৰ্ণব’ৰাৰ নামৰ পতংগবিধত প্ৰ’টিনক নিৰ্দেশ কৰে ।প্ৰ’টিনটো পলুৰ কাৰণে বিষাক্ত যেনে লেপিড’পেটেৰান পলুৰ (ট’বেকো বাত ৱৰ্ম , আৰ্মি ৱৰ্ম) বালিপটেৰা পলুৰ বিলৈ বা গুবৰুৱা পোক) আৰু ডিপটেৰান পতংগ মাখিৰ কাৰণে ।

প্ৰশ্ন ১০। জিনীয়ভাৱে ৰূপান্তৰিত উদ্ভিদে মুঠৰ ওপৰত কিদৰে উৎপাদন বৃদ্ধি কৰে উল্লেখ কৰা ।

উত্তৰঃ জিনীয়ভাৱে ৰূপান্তৰিত জীৱসমূহৰ সুবিধাবোৰ হ’ল :- 

(ক) এইবোৰে প্ৰাকৃতিক , ভৌতিক সমস্যা যেনে : খৰাং , শুকান , ঠাণ্ডা,লৱণযুক্ত আৰু উষ্ণতাক সহ‍্য কৰিব পাৰে ।

(খ) নানা পোক পৰুৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে ।

(গ) বননাশক বা অপতৃণ নাশক ব‍্যৱহাৰ কৰিলেও ইহঁতৰ ক্ষতি হয় ।

(ঘ) ইহঁতৰ খাদ্যৰ গুণাগুণ বহুত উন্নত ।

(ঙ) বেছি উৎপাদন হয় ।

(চ) ৰাসায়নিক সাৰৰ প্ৰতি সহজে আৰু অতি সংবেদনশীল ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top