Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ and select needs one.
Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ Solutions for All Subject, You can practice these here.
জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter: 12
চমু প্রশ্নোত্তৰ
প্ৰশ্ন ১। বংশান্তৰিত বেক্টেৰিয়া বিলাক কি ? এটি উদাহৰণৰ দ্বাৰা বৰ্ণনা কৰা ।
উত্তৰঃ ট্ৰেন্সজিনীক বেক্টেৰিয়াৰ জিনমৰ ভিতৰত ইচ্ছামূলকভাৱে বহিৰাগত জিনৰ প্ৰৱেশ ঘটোৱা হয় । ইহঁতৰ আৱশ্যকীয় জিনটো প্ৰকাশ পাবলৈ সুবিধামতে ৰূপান্তৰ কৰা হয় , যাতে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ দ্ৰব্যবোৰৰ উৎপাদন বৃদ্ধি পায় ।ট্ৰন্সজিনীক বেক্টেৰিয়াৰ এটা উদাহৰণ হৈছে E. Coli. E. Coli ৰ প্লাজমিডত দুডাল DNA অনুক্ৰম যি A আৰু B শৃংখল মানৱ দেহত পোৱা ইনছুলিনৰ A আৰু B শৃংখলৰ দৰে আৰু সেই ইনছুলিন বান্ধনি প্ৰস্তুত কৰিবলৈ প্ৰৱেশ কৰোৱা হয় । ইয়াৰ ফলত ই নিৰ্দিষ্ট মানৱ ইনছুলিনৰ শিকলি উৎপন্ন কৰে । এতেকে , ইনচুলিন জিনটো বেক্টেৰিয়াত প্ৰৱেশ ঘটোৱাৰ পাছত ই ট্ৰেন্সজিনীক হৈ পৰে আৰু মানৱ ইনছুলিন শৃংখল উৎপন্ন কৰিবলৈ আৰম্ভ কৰে । পাছলৈ এই শৃংখলবোৰ E. Coli – ৰ পৰা বাহিৰলৈ অনা হয় আৰু শৃংখলবোৰ সংযোগ কৰাই মানৱ ইনছুলিন প্ৰস্তুত কৰা হয় ।
প্ৰশ্ন ২। ভাৰতীয় জীৱসম্পদৰ কোন দুটা পেটেন্ট উঠাই লোৱা হৈছে ?
উত্তৰঃ বাচমতি চাউল আৰু নিম ।
প্ৰশ্ন ৩। আনুবংশিকভাৱে ৰূপান্তৰিত শস্য মানে কি ? আনুবংশিকভাৱে ৰূপান্তৰিত খাদ্য শস্য কেনেকৈ প্ৰচলিত পদ্ধতিত উন্নত কৰা খাদ্য শস্যতকৈ কিভাৱে পৃথক ?
উত্তৰঃ আনুবংশিকভাৱে উওৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্ৰেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে ―
(ক) গৰিষ্ঠসংখ্যাক জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ , কীট – পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে । যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে ।
(খ) জিনীয়ভাৱে উওৰণ ঘটোৱা বহু সংখ্যাক খাদ্য সংখ্যাক বিকাশ ঘটোৱা হৈছে য’ত পুষ্টিকৰ উপাদানৰ পৰিমাণ যথেষ্ট আছে । উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্ৰেন্সজিনীক উদ্ভিদ য’ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে ।
(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে ।
(ঘ) ইহঁতৰ যিকোনো প্ৰাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি ।
(ঙ) জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ খেতি কৰিলে শেষত লাভ কৰা শস্যৰ পৰিমাণ তুলনামূলকভাৱে বৃদ্ধি পায় ।এনে ধৰণৰ শস্যৰ ব্যৱহাৰে স্থানীয় জৈৱ – বৈচিত্ৰ্যতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । উদাহৰণস্বৰূপে Bt টক্সিন ব্যৱহাৰৰ ফলত কীট – পতংগৰ সংখ্যা কমি যায় যদিও , পৰাগযোগৰ ক্ষেত্ৰত অহিৰণা যোগোৱা মৌমাখিৰ ক্ষেত্ৰত ই বিৰূপ প্ৰভাৱ পেলায় । যদিহে Bt টক্সিনৰ জিন পৰাগৰেণুত থাকে তেন্তে ই মৌমাখিক পোনপটীয়াকৈ ক্ষতি কৰে ।
ফলস্বৰূপে মৌমাখিৰ জৰিয়তে হোৱা পৰাগযোগ প্ৰক্ৰিয়াত বাধা জন্মে । ইয়াৰোপৰি জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যই মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় কিয়নো ই দেহত এলাৰ্জেন দিয়ে এন্টিবায়টিক ৰোধকাৰী দ্ৰব্যৰ সৃষ্টি কৰে । ইয়াৰ বাদেও ই উদ্ভিদৰ বন্য প্ৰজাবোৰৰ ক্ষেত্ৰত জিনীয় প্ৰদূষণৰ এক কাৰণা হ’ব পাৰে । সেইবাবে উদ্ভিদৰ জিনীয় উওৰণে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱাম্বিত কৰিছে ।
প্ৰশ্ন ৪। ভিন্ন প্ৰজাতিৰ জিন কি আৰু বংশান্তৰিত উদ্ভিদ কি ?
উত্তৰঃ কোনো এক প্ৰজাতিৰ নিজৰ জিনৰ পৰিপ্ৰেক্ষিতত অন্য প্ৰজাতিৰ জিন যদি আনি তাৰ DNA ত স্থাপন কৰা হয় তেতিয়া তেনে অন্য প্ৰজাতিৰ জিনক ট্ৰেন্সজিন বোলে ।অন্য প্ৰজাতিৰ জিন আনি যি উদ্ভিদক বংশান্তৰিত কৰা হয় তাক বংশান্তৰিত উদ্ভিদ বোলে ।
প্ৰশ্ন ৫। বায়’ৰিয়েক্টৰ কি ? আশা কৰা উৎপাদনৰ বাবে বায়ৰিয়েক্টৰে দিয়া অন্ততঃ দুটা বৃদ্ধি কাৰক অৱস্থা উল্লেখ কৰা ।
উত্তৰঃ প্ৰয়োজনীয় অণুজীৱ যথেষ্ট পৰিমাণে উৎপন্ন কৰিবলৈ এটি সঁজুলি ব্যৱহাৰ কৰা হয় য’ত অণুজীৱটোৰ বংশবৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো পৰিৱেশ সৃষ্টি কৰা হয় । এনে সঁজূলিক বায়’ৰিয়েক্টৰ বোলে ।
ইয়াত অণুজীৱৰ বৃদ্ধিৰ বাবে উপযুক্ত pH , তাপ , আৰ্দ্ৰতা , পুষ্টি আদি নিয়ন্ত্ৰণ অৱস্থাত ৰখা হয় ।
প্ৰশ্ন ৬। প্ৰচলিত উদ্ভিদ প্ৰজনন পদ্ধতি কেনেকৈ শস্য বংশান্তৰিত কৰা কৌশলতকৈ ভিন্ন ?
উত্তৰঃ বংশান্তৰিত শস্যক আণুবংশিক অভিযন্ত্ৰণৰ দ্বাৰা জিনীয় ৰূপান্তৰ ঘটোৱা হয় । তাৰ মানে অন্য প্ৰজাতিৰ থকা বিশেষ গুণ বহন কৰা জিন সংগ্ৰহ কৰি আনি পুৰ্ণগঠন কৌশলৰ দ্বাৰা শস্যৰ DNA ত স্থাপন কৰা হয় । তাৰ ফলত শস্যটো নতুন বিশেষ গুণ অধিকাৰী হয় ।
আনফালে চলিত প্ৰজনন পদ্ধতিত একে প্ৰজাতিৰ বিশেষ গুণ থকা অন্য উদ্ভিদৰ পৰাগৰেণু আনি নিষেচন কৰি গৰ্ভধান কৰা হয় ।
প্ৰশ্ন ৭। যিকোনো দুটা কৌশলৰ পৰামৰ্শ দিয়া যি শৰীৰত উপসৰ্গ দেখা দিয়াৰ আগতেই শৰীৰত বেক্টেৰিয়া / ভাইৰাচৰ আক্ৰমণৰ সংকেত দিয়ে ।
উত্তৰঃ PCR (Polvmerase Chain Reaction) আৰু ELISA (Enzyme Linked Immunosorbant Assay) ।
প্ৰশ্ন ৮। ELISA ক সম্পূৰ্ণকৈ লিখা ।
উত্তৰঃ ELISA (Enzyme Linked Immunosorbant Assay) ।
প্ৰশ্ন ৯। আনবিধ চিকিৎসা কৌশল কি ? পৰম্পৰা গড় পদ্ধতিৰ তুলনাত ইয়াৰ সুবিধাসমূহ লিখা ।
উত্তৰঃ বৰ্তমান কোনো বেমাৰ অথবা শৰীৰবৃত্তীয় কোনো কাৰ্য্যৰ কাৰণে PCR পদ্ধতি ব্যৱহাৰ কৰা হয় । ELISA ক্ল’ন জিনবোৰ ব্যৱহাৰ কৰি অনুকৃত্যায়িত প্ৰ’টিনৰ প্ৰতি সংবেদনশীল প্ৰ’টিনে চিকিৎসাবিষয়ক লক্ষণসমূহ প্ৰদৰ্শন কৰে ।আগৰ পৰম্পৰাগত প্ৰক্ৰিয়াৰ তুলনাত এই প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে ই জিন বিশেষক আৰু নিৰ্দিষ্টকৈ চিকিৎসা কৰিভ পাৰো ।
প্ৰশ্ন ১০। প্ৰতিদেহ আৰু প্ৰতিকণাৰ প্ৰত্যেকৰে উদাহৰণ দি সংজ্ঞা লিখা ।
উত্তৰঃ আমাৰ দেহলৈ যিবোৰ বাহিৰৰ প্ৰ’টিন আহে তাকে প্ৰতিকণা বোলে । এই প্ৰতিকণাৰ কাৰণে আমাৰ দেহে যিবোৰ কোষ উৎপন্ন কৰে তাকে প্ৰতিদেহ বোলে ।
উদাহৰণস্বৰূপে ৰোগৰ কাৰক ভাইৰাছ , বেক্টেৰিয়া আমাৰ দেহত প্ৰৱেশ কৰিলে এইবোৰক প্ৰতিকণা বোলে । এই কাৰক বা বাহকবোৰক কাৰণে যি কোষৰ সৃষ্টি কৰে তাক প্ৰতিদেহ বোলে । প্ৰতিদেহবোৰ সাধাৰণতে WBC বা শ্বেতৰক্ত কণাই উৎপন্ত কৰে।
প্ৰশ্ন ১১। ট্ৰেনজেনিক প্ৰাণীৰ ওপৰত চমুটোকা লিখা ।
উত্তৰঃ অন্য প্ৰাণীৰ জিন প্ৰতিষ্ঠাপন কৰি সৃষ্টি কৰা প্ৰাণীবোৰক ট্ৰেনছজেনিক প্ৰাণী বোলে । উদাহৰণস্বৰূপে ১৯৯৭ চনত স্কটলেণ্ডত গৱেষকসকলে পলি আৰু মলি নামৰ দুটা ক্ল’ন ভেৰাৰ সৃষ্টি কৰিছিল । ডলিৰ সৈতে এই ভেৰা দুজনীৰ পাৰ্থক্য হ’ল যে পলি আৰু মলিৰ গাত মানুহৰ দেহৰ প্ৰ’টিন সৃষ্টিকাৰী জিন প্ৰতিস্থাপন কৰা হৈছিল ।
ৰচনাধৰ্মী প্ৰশ্নোওৰ
প্ৰশ্ন ১) জীৱ প্ৰযুক্তিবিদ্যাৰ বাবে প্লাজমিড আৰ্শীবাদ স্বৰূপ । জীৱপ্ৰযুক্তি বিদ্যাৰ আৱিষ্কাৰৰ উল্লেখ কৰি ইয়াৰ যথাৰ্থতা দেখুওৱা ।
উত্তৰঃ প্লাজমিড হ’ল বেক্টেৰিয়াৰ কোষত থকা অতিৰিক্ত গোলাকাৰ ক্ষুদ্ৰ DNA । জীৱ প্ৰযুক্তি বিদ্যাত ইয়াৰ গুৰুত্ব অসীম । জীৱৰ আনুবংশিক ৰূপান্তৰ কৰণত ইয়াক ব্যৱহাৰ কৰা হয় । আনুবংশিক ৰূপান্তৰৰ বাবে জীৱৰ DNA ৰ পুৰ্ণগঠন হোৱা প্ৰয়োজন । এই কাৰ্য্যৰ বাবে অন্য জীৱৰ পৰা সংগ্ৰহ কৰা জিন পৰিবাহকৰ যোগেদি পোষক কোষত প্ৰৱিষ্ট কৰা প্ৰয়োজন । প্লাজমিডে এনে পৰিবাহকৰ কাম কৰে । প্লাজমিডৰ কোনো এক নিৰ্দিষ্ট ক্ৰমৰ নিউক্লিয়টাইডৰ আঁতৰাই তাৰ ঠাইত সংগ্ৰহ কৰা জিন সংযোজন কৰাই তাক পোষক দেহত প্ৰৱিষ্ট কৰোৱা হয় । পোষকৰ DNA ক পুৰ্ণগঠিত কৰে ।
ইনচুলিন উৎপাদন কৰা বেক্টেৰিয়া সৃষ্টিৰ বাবে প্লাজমিড ব্যৱহাৰ কৰা হৈছিল এন্দুৰৰ ইনচুলিন উৎপাদনৰ বাবে সংকেত বহন কৰা জিন বেক্টেৰিয়াৰ DNA ত স্থাপনৰ বাবে ।গৰুৰ ভৰি আৰু মুখৰ ভাইৰাছজনিত অসুখ অতি মাৰাত্মক । ইয়াৰ বেজী প্ৰস্তুত কৰোতে ভাইৰাছটোৰ VPI জিন প্লাজমিডৰ যোগেদি E. Coli বেক্টেৰিয়াত সুমুৱাই দিয়াৰ পিছত এই বেক্টেৰিয়াই ৰোগ সৃষ্টি কৰা ভাইৰাছটোক প্ৰতিহত কৰিবলৈ এন্টিবডি সৃষ্টি কৰিবলৈ সক্ষম হ’ল , যাৰ পৰা এনে ভাইৰাছৰ বিৰুদ্ধে বেজি সৃষ্টি কৰা সম্ভৱ হ’ল ।
প্ৰশ্ন ২। ADA নামক উৎসেচক সম্পূৰ্ণভাৱে লিখা । মানুহৰ শৰীৰত এই উৎসেচক কিয় ইমান আৱশ্যক ? এটা জিনীয় চিকিৎসাৰ উল্লেখ কৰা যাৰ দ্বাৰা ইয়াৰ চিকিৎসা হয় ?
উত্তৰঃ জিন থেৰাপী হৈছে এটা কৌশল যাৰ সহায়ত দোষযুক্ত জিন এটাক কৌশলগতভাৱে ৰূপান্তৰিত কৰি নতুন শুদ্ধ জিন একোটা পাব পাৰি । ইয়াত সাধাৰণতে এটা দোষযুক্ত জিন আঁতৰাই তাত এটা সাধাৰণ জিন স্থাপন কৰিব পাৰি । উদাহৰণস্বৰূপে ― ADA অভাৱ থকা এটা একক জীৱৰ দেহত এডিন’চাইন ডিয়ামিনেজ জিনৰ প্ৰৱেশ দেহৰ সাধাৰণ বা স্বাভাৱিক কাৰ্য্যক্ষমতাৰ বাবে এডিন’ছাইন ডিয়ামিনেজ এনজাইমবিধ অপৰিহাৰ্য । এই ধৰণৰ ৰোগত ভুগি থকা একক জীৱবিধৰ আৰোগ্যৰ বাবে অস্থিমজ্জা কোষৰ ট্ৰেন্সপ্লানটেছনৰ প্ৰয়োজন । প্ৰাথমিক অৱস্থাত ৰোগীৰ দেহৰ অস্থিমজ্জাৰ পাৰ লিমফছাইট বাহিৰ কৰা হয় । ইয়াৰ পাছত ADA ৰ বাবে একোটা কাৰ্য্যক্ষম জিন , ৰিট্ৰভাইৰাছৰ সহায়ত লিমফছাইটত প্ৰৱেশ ঘটোৱা হয়।এতিয়া জিন থকা T লিমফছাইট উৎপন্ন কৰে যাৰ ফলত ৰোগীৰ দেহলৈ পুনৰ আগৰ অসংক্ৰাম্য অৱস্থা ঘূৰি আহে ।
উত্তৰঃ ক্ৰাই প্ৰ’টিনবোৰৰ ভিতৰত ক্ৰাই জিনবোৰ সংকেত হিচাবে আৱদ্ধ হৈ থাকে । এই ধৰণৰ প্ৰ’টিনবোৰ টক্সিন আৰু ইয়াক বেছিলাছ থুৰিণজিয়েনছিচ নামৰ বেক্টেৰিয়াবিধে উৎপন্ন কৰে । বেক্টেৰিয়ামৰ ভিতৰত এই প্ৰ’টিনবোৰ নিক্ৰিয় গঠনত থাকে । যেতিয়া এই নিষ্কিৰয় প্ৰ’টিন পোক , পৰুৱাৰ দেহত প্ৰৱেশ কৰে , ই এলকেলাইন pH – ৰ প্ৰভাৱত সক্ৰিয় অৱস্থালৈ আহে । ফলস্বৰূপে পতংগটোৰ আৱৰণী কলাৰ ভাঙোন ঘটি ক্ৰমান্বয়ে ইয়াৰ মৃত্যু হ’ব পাৰে । সেইবাবে মানুহে ইয়াক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি ট্ৰেন্সজেনীক শস্য উৎপন্ন কৰিছে য’ত ই পোক – পতংগনাশক হিচাবে থাকে । যেনে , Bt কটন , Bt কৰ্ণ আদি।
প্ৰশ্ন ৪। GMO বিলাক কি ? আনুবংশিকভাৱে ৰূপান্তৰিত শস্য উৎপাদন অন্ততঃ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ আনুবংশিকভাৱে উওৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্ৰেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে ―
(ক) গৰিষ্ঠসংখ্যাক জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ , কীট – পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে । যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে ।
(খ) জিনীয়ভাৱে উওৰণ ঘটোৱা বহু সংখ্যাক খাদ্য সংখ্যাক বিকাশ ঘটোৱা হৈছে য’ত পুষ্টিকৰ উপাদানৰ পৰিমাণ যথেষ্ট আছে । উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্ৰেন্সজিনীক উদ্ভিদ য’ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে ।
(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে ।
(ঘ) ইহঁতৰ যিকোনো প্ৰাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি ।
প্ৰশ্ন ৫। GEAC মানে কি বুজা ? ইয়াৰ ভূমিকা কি ?
উত্তৰঃ ট্ৰেন্সজিনীক প্ৰাণীৰ সৈতে জড়িত হৈ থকা কিছু নৈতিক সমল :- ভাৰত চৰকাৰে GEAC (Genetic Engineering Approval Committee) নামেৰে সংস্থা গঠন কৰিছিল । এই সংস্থাটোৱে GM (জিনীয় ৰূপান্তৰ) গৱেষণাৰ ক্ষেত্ৰত বৈধতা আৰু জনসাধাৰণৰ উপকাৰৰ বাবে ইয়াৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে । পৰিৱৰ্তনৰ ফলস্বৰূপে প্ৰাণীৰ জৈৱিক চৰিত্ৰবোৰ নাইকিয়া হোৱা পৰীক্ষাবোৰ কৰ্তৃত্বৰ অবিহনে যাব নালাগে । প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰত যদি এই প্ৰাণীবোৰৰ প্ৰৱেশ ঘটোৱা হয় তেন্তে কেতিয়াবা নভাবা ফলাফলো দেখিবলৈ পোৱা যায় ।
এই ট্ৰেন্সজিনীক প্ৰকাৰণবোৰৰ কৃতি স্বত্ব কৰাৰ ক্ষেত্ৰত কিছু সমস্যা আছে । কিয়নো বহু ৰাষ্ট্ৰীয় কোম্পানীবোৰে পৰম্পৰাগত সম্পদবিলাক নিজৰ আৱিষ্কাৰ বুলি দাবী কৰে । উদাহৰণস্বৰূপে ― এবিধ নতুন প্ৰকাৰৰ বাচমতি ধানক আমেৰিকাৰ এটা কোম্পানীয়ে পেটেন্ট কৰি নিজৰ বুলি দাবী কৰিছিল । কিন্তু এই নতুন প্ৰকাৰটো প্ৰকৃততে ভাৰতীয় কৃষকে , ভাৰতীয় বাচমতিৰ সৈতে এবিধ অৰ্দ্ধ চাপৰ প্ৰকাৰৰ সংকৰণ ঘটাই উদ্ভাৱন কৰিছিল । একেদৰে নিম আৰু হালধি , যাক ভাৰতীয়সকলে ঔষধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে তাকো পেটেন্টৰ ক্ষেত্ৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আছে ।
প্ৰশ্ন ৬। প্ৰস্তুত কৰা বিষাক্ত কীটনাশক প্ৰটিন দ্ৰব্য যি Bt কপাহৰ কীটক ধ্বংস কৰে কিন্তু তাৰ নিজৰ কোনো ক্ষতি নহয় কিয় ?
উত্তৰঃ খেতি পথাৰৰ মাটিত থকা এবিধ বেক্টেৰিয়াম , বেচিলাছ থুৰিণজিয়েনছিছে ইয়াৰ প্লাজমিডত ক্ৰাই জিন নামৰ এটা জিন গোট লাভ কৰে । এই ক্ৰাই জিনে এবিধ এণ্ডট’ক্সিক প্ৰ’টিন সংশ্লেষণ কৰে আৰু কিছুমান নিৰ্দিষ্ট পতংগৰ ভ্ৰূণবোৰ নাশ কৰে । বিভিন্ন পতংগৰ বিভিন্ন ভ্ৰূণৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰৰ ক্ৰাইপ্ৰ’টিন পোৱা যায় । যিহেতু টক্সিক ক্ৰাই প্ৰ’টিনবোৰ বেচিলাছ থুৰিণজিয়েনছিছৰ পৰা পোৱা যায় , সেইবাবে ইহঁতক Bt টক্সিন বুলি কোৱা হয় আৰু জিনবোৰক Bt টক্সিন জিন বোলা হয় ।
জিনবোৰ বেক্টেৰিয়াৰ পৰা ক্ল’ন কৰা হয় আৰু বিভিন্ন ধৰণৰ উদ্ভিদত সন্নিবিষ্ট কৰা হয় , যেনে Bt কটন , Bt ধান , আলু , চয়াবিন । জিনীয়ভাৱে উওৰণ ঘটোৱা শস্যৰ ক্ৰাই বা Bt টক্সিন জিন থাকে , সেইবাবে কীট – পতংগ নাশ কৰাৰ বাবে অন্য দ্ৰব্যৰ কোনো প্ৰয়োজন নাথাকে , কিয়নো সিহঁতৰ নিজৰে জৈৱ কীট – পতংগনাশক ক্ষমতা থাকে । কিছুমান সাধাৰণ কীট – পতংগৰ বাধক হিচাবে ক্ৰাই প্ৰ’টিন ; যেনে লেপিড’পটেৰানছ (ধপাত ৱাডৱৰ্ম , আৰ্মিৱৰ্ম) , ক’লিয়পটেৰানছ (গুৱৰুৱা) আৰু ডিপটেৰাণছ ম’হ , মাখি আদি বেক্টেৰিয়াৰ জিনবোৰ নিষ্কিৰয় প্ৰ’টেক্সিন ক্ৰিষ্টেল অৱস্থাত কীট – পতংগ নাশক প্ৰ’টিন উৎপন্ন কৰে।
যিবোৰ কীট – পতংগই উদ্ভিদক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে সিহঁতৰ আৱৰণী কলাৰ মাজেদি প্ৰট’ক্সিনৰ ক্ৰিষ্টেলবোৰ সোমাই পৰে আৰু এলকেলাইন pH ৰ প্ৰভাৱত ই দ্ৰৱীভূত হৈ প্ৰট’ক্সিন টক্সিনলৈ ৰূপান্তৰ হয়।ইয়াৰ ফলস্বৰূপে পতংগটোৰ এপিথেলিয়েল কোষবোৰৰ ভাঙোন ঘটি ইয়াৰ দেহত কিছুমান সুৰঙাৰ সৃষ্টি হয় । ফলত পতংগটোৰ মৃত্যু ঘটে । যিহেতু বিভিন্ন কীট – পতঙ্গৰ বাবে ভিন্ন ক্ৰাই প্ৰ’টিনৰ আৱশ্যক হয় বাবে শস্যৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট ক্ৰাই প্ৰ’টিন ব্যৱহাৰ কৰা হয় ।
| Sl. No. | Contents |
| Chapter 1 | জীৱৰ প্ৰজনন |
| Chapter 2 | সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন |
| Chapter 3 | মানৱ প্ৰজনন |
| Chapter 4 | জনন স্বাস্থ্য |
| Chapter 5 | বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ |
| Chapter 6 | বংশগতিৰ আণৱিক ভিত্তি |
| Chapter 7 | ক্ৰমবিকাশ |
| Chapter 8 | মানুহৰ স্বাস্থ্য আৰু ৰোগ |
| Chapter 9 | খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ |
| Chapter 10 | মানৱ কল্যাণত অণুজীৱ |
| Chapter 11 | জীৱ প্ৰযুক্তিবিদ্যা |
| Chapter 12 | জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ |
| Chapter 13 | জীৱ আৰু আবাদী |
| Chapter 14 | পৰিস্থিতিতন্ত্ৰ |
| Chapter 15 | জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ |
| Chapter 16 | জীৱ সম্পদ |
| Chapter 17 | পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ |
প্ৰশ্ন ৭। এন্টিবায়টিকছ কাক বোলে ? বিভিন্ন ‘এন্টিবায়টিকছ’ৰ নামৰ লগত এইবিলাক প্ৰস্তুত কৰা অণুজীৱৰ নাম লিখা ।
উত্তৰঃ কোনো জীৱৰ বিপাকীয় কাৰ্য্যত ক্ষৰণ হোৱা যি পদাৰ্থৰ আন জীৱৰ ক্ৰিয়াকলাপ বন্ধ কৰে অথবা আন জীৱক ধ্বংস কৰে, সেই বিপাকীয় পদাৰ্থটোক প্ৰতিজৈৱিক (antibiotics) বোলে । ইয়াৰ সূত্ৰ এনেদৰেও দিব পাৰি ‘A special kind of chemotherapeutic agent obtained from living micro – organisms and capable of antimicrobial activity .” প্ৰতিজৈৱিকবোৰ জীৱদেহত প্ৰধানকৈ বেক্টেৰিয়াৰ বৃদ্ধি বন্ধ কৰে বা সিহঁতক ধ্বংস কৰে । ইহঁতৰ ৰাসায়নিক গঠন অতি জটিল । প্ৰতিজৈৱিক আৱিষ্কাৰৰ ফলত নানা ধৰণৰ মাৰাত্মক ৰোগৰ পৰা মানুহ আৰু আন জীৱ – জন্তুবোৰক ৰক্ষা কৰিব পৰা হৈছে । বেক্টেৰিয়া , ভেকুঁৰ , এক্টিন’মাইচিটিছ (actinomycetes) আদিৰ পৰা এই প্ৰতিজৈৱিকবোৰ প্ৰস্তুত কৰা হয় । প্ৰতিজৈৱিকৰ সাধাৰণ ধৰ্ম হ’ল ―
(ক) ই শৰীৰত ৰোগ সৃষ্টিকাৰী জীৱাণু ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা দিয়ে ।
(খ) ই শৰীৰত কোনো ধৰণৰ পাৰ্শ্ব – প্ৰতিক্ৰিয়া নকৰে বা শৰীৰৰ ক্ষতি নকৰে ।
(গ) ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱান্বিত নহয় ।
(ঘ) শৰীৰত থকা উপকাৰী জীৱাণু ই ধ্বংস নকৰে ।
(ঙ) ই শৰীৰত একেলগে কেইবাপ্ৰকাৰ ৰোগজনক জীৱাণু ধ্বংস কৰিব পাৰে বা সিহঁতৰ বৃদ্ধিত বাধা প্ৰদান কৰিব পৰা ক্ষমতা থাকে ।
তলত কেইটামান প্ৰতিজৈৱিকৰ নাম আৰু সিহঁতক উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা জীৱাণুৰ নাম দিয়া হ’ল ―
| প্ৰতিজৈৱিক ― | জীৱাণুৰ নাম ― |
| পেনিচিলিন | Penicillium notation |
| ষ্ট্ৰেপ্ত’মাইচিন | Streptomyces griseus |
| বেছিট্ৰাচিন | Bacillus licheniformis |
| ক্লৰামফেনিকল্ | Streptomyces venezuelae |
| ক্লৰ’টেট্ৰাচাইক্লিন | Streptomyces aureofaciens |
| নিঅ’মাইচিন | Streptomyces fradiae |
| অক্সিটেট্ৰাচাইক্লিন | Streptomyces niveus |
| ন’ভবায়’চিন | Streptomyces halstedii |
| ইৰিথ্ৰ’মাইচিন | Streptomyces erythraeus |
| টাইৰ’গ্ৰিচিন | Bacillus brevis |
| পালমাইস্কিন | Bacillus polymyxa |
| কাৰ্ব’মাইচিন | Streptomyces puniceus |
| ভায়’মাইচিন | Streptomyces canus |
| এম্ফ’মাইচিন | Aspergillus sp |
| ফিউমাজিলিন | Streptomyces noursei |
| নিষ্টাটিন | Streptomyces spp |
| এনিচ’মাইচিন | Streptomyces orchidaceus |
| চাইক্ল’চেৰাইন | Streptomyces antibiotius |
| অলিয়ানড’মাইচিন | Penicillium chrysogenum . |
প্ৰশ্ন ৮। ট্ৰেনজেনিক শস্য কি ? প্ৰজনন প্ৰক্ৰিয়াতকৈ ট্ৰেনজেনিক শস্য উৎপাদন কৌশলটো বেছি সুবিধাজনক উল্লেখ কৰা ।
উত্তৰঃ অন্য শস্যৰ পৰা জিন সংগ্ৰহ কৰি অন্য শস্যও প্ৰতিষ্ঠাপন কৰি নতুন গুণবিশিষ্ট শস্যৰ জন্ম দিয়াই হ’ল ট্ৰেনছজেনিক ক্ৰপ আৰু গছজোপাক কোৱা হয় ট্ৰেনছজেনিক উদ্ভিদ সাধাৰণতে প্ৰজনন কৌশলত টোপোলাকৰণ আৰু পুংৰেণুৰ বিতৰণ আমি বিচৰা মতে গুণবিশিষ্ট উদ্ভিদৰ কৰা হয় । কিন্তু ট্ৰেনজেনিক উদ্ভিদ উৎপাদন কৌশলত এটা বিশেষ প্ৰজাতিৰ গুণ বহন কৰা জিনক আমাৰ সুবিধানুযায়ী অন্য এটা জীৱৰ দেহত প্ৰতিস্থা কৰো ।
প্ৰশ্ন ৯। অনিষ্টকাৰী পতংগ এটাৰ নাম লিখা যাক ……… জিনৰ উৎপাদনৰ দ্বাৰা মাৰা হয় । এই পতংগবিধৰ বিৰুদ্ধে গছজোপাই কিদৰে ৰোধক সৃষ্টি কৰে ব্যাখ্যা কৰা ।
উত্তৰঃ আৰু য়ে কটন বল ৱৰ্মত আৰু য়ে কৰ্ণব’ৰাৰ নামৰ পতংগবিধত প্ৰ’টিনক নিৰ্দেশ কৰে ।প্ৰ’টিনটো পলুৰ কাৰণে বিষাক্ত যেনে লেপিড’পেটেৰান পলুৰ (ট’বেকো বাত ৱৰ্ম , আৰ্মি ৱৰ্ম) বালিপটেৰা পলুৰ বিলৈ বা গুবৰুৱা পোক) আৰু ডিপটেৰান পতংগ মাখিৰ কাৰণে ।
প্ৰশ্ন ১০। জিনীয়ভাৱে ৰূপান্তৰিত উদ্ভিদে মুঠৰ ওপৰত কিদৰে উৎপাদন বৃদ্ধি কৰে উল্লেখ কৰা ।
উত্তৰঃ জিনীয়ভাৱে ৰূপান্তৰিত জীৱসমূহৰ সুবিধাবোৰ হ’ল :-
(ক) এইবোৰে প্ৰাকৃতিক , ভৌতিক সমস্যা যেনে : খৰাং , শুকান , ঠাণ্ডা,লৱণযুক্ত আৰু উষ্ণতাক সহ্য কৰিব পাৰে ।
(খ) নানা পোক পৰুৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে ।
(গ) বননাশক বা অপতৃণ নাশক ব্যৱহাৰ কৰিলেও ইহঁতৰ ক্ষতি হয় ।
(ঘ) ইহঁতৰ খাদ্যৰ গুণাগুণ বহুত উন্নত ।
(ঙ) বেছি উৎপাদন হয় ।
(চ) ৰাসায়নিক সাৰৰ প্ৰতি সহজে আৰু অতি সংবেদনশীল ।
ৰচনাধৰ্মী প্ৰশ্নোওৰ
প্ৰশ্ন ১। চমুটোকা লিখা :-
(ক) জিনীয় চিকিৎসা ।
উত্তৰঃ DNA ক পুৰ্ণগঠন কৰা হয় অস্ত্ৰেপচাৰৰ যোগেদি । তাৰ বাবে প্ৰথমতে লাইছ’জাইম নামৰ উৎসেচকৰ দ্বাৰা জীৱকোষৰ বেৰ গলাই DNA উলিয়াই অনা হয় । উলিয়াই অনা DNA ৰ বিশেষ অংশ চিনাক্ত কৰি ৰেছট্ৰিকশন্ এণ্ড’নিউক্লিয়েজ নামৰ উৎসেচকৰ দ্বাৰা DNA ৰ বিশেষ অংশত এনেভাৱে কটা হয় যে জোৰা লাগিব পৰা আগ ওলাই থাকে ।

চিত্ৰত দেখা যায় যে , এনেধৰণৰ উৎসেচকে DNA ৰ নিউক্লিয়’টাইডৰ এনে ক্ৰম বাছি লয় , যিটো দুই ফালৰ পৰা পঢ়ি গ’লে একেই হয় । যেনে ― চিত্ৰত দেখুৱা ধৰণে G আৰু A ৰ মাজত ছেদ হৈছে । প্ৰায় এশটামান এনে উৎসেচক চিনাক্ত কৰা হৈছে ― যিবিলাকে নিউক্লিয়’টাইডৰ বিভিন্ন ক্ৰম চিনাক্ত কৰি ছেদ কৰিব পাৰে । ইয়াৰ পিছত ভাইৰাছ DNA ৰ বাওঁফালৰ অংশ আৰু প্লাজমিডৰ সোঁফালৰ অংশ লাইগেজ নামৰ উৎসেচকৰে জোৰা দিয়া হৈছে । জোৰা দিয়াৰ পিছত পুৰ্ণগঠিত DNA বেক্টেৰিয়াৰ দেহত স্থাপন কৰা যায় । ইয়াৰ ফলত বেক্টেৰিয়াটোৰে নতুন গুণ লাভ কৰে । এনেধৰণে জিন জোৰা দিয়া কাৰ্য্যক জিন ক্লনিং বোলা হয় ।
(খ) জীৱপ্ৰযুক্তিবিদ্যাৰ নৈতিক দিশ ।
উত্তৰঃ জীৱৰ আনুবংশিক ৰূপান্তৰকৰণৰ ফলত যদিও মানুহে বহুতো নতুন দ্ৰব্য সহজতে উৎপাদন কৰিবলৈ সক্ষম হৈছে , নতুন গুণাগুণ থকা শস্য আৰু প্ৰাণী সৃষ্টি কৰিছে আৰু বহুতো অন্যান্য দিশ আছে যিবিলাকত চমকপ্ৰদ ফল প্ৰদৰ্শন কৰিছে তথাপি নানা কাৰণে মানুহৰ মনত কিছুমান সংশয় আৰু ভীতি জন্মিছে । তাৰ কাৰণ জিনীয় অভিযন্ত্ৰণে এনে কিছুমান কৌশল আয়ত্ত কৰিছে যাৰ যোগেদি অন্য উদ্দেশ্য অনেক জীৱ – জন্তু আনকি মানুহও প্ৰস্তুত কৰিব পাৰিব বিশেষ বিশেষ কামৰ বাবে যিবোৰ একেবাৰে কাম্য নহয় ।
জিনীয় অভিযন্ত্ৰণৰ যোগেদি সৃষ্টি কৰা জীৱাণু আৰু প্ৰাণী মুক্ত অৱস্থাত এৰি দিলে অজানিতে মুক্ত হ’লে এই বিলাকে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিৱ পাৰে । অনেক দেশে ভায়বহ জীৱাণুৰ যুদ্ধৰ বাবেও এনে কৌশল ব্যৱহাৰ কৰিব পাৰিব , মানুহক দানবাকাৰ কৰি বিশেষ কামৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব ।
(গ) জিনীয় অভিযন্ত্ৰণৰ যোগেদি উৎপাদিত ইনচুলিন ।
উত্তৰঃ আমি জানো যে মানুহৰ যেতিয়া নিজ শৰীৰত ইনচুলিন উৎপাদন কৰা ক্ষমতা হ্ৰাস পায় তেতিয়া তেজৰ গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায় । ই সুস্থ শৰীৰ ক্ৰিয়াৰ বাবে অপকাৰী । এনে ধৰণৰ অসুখক মধুমেহ বোলা হয় । মধুমেহৰ প্ৰকোপ বৃদ্ধি পালে শৰীৰৰ হৃদযন্ত্ৰ , কিডনি আদিৰ ক্ষতি সাধন হয় । মধুমেহ প্ৰতিহত কৰিবৰ বাবে সেইকাৰণে ইনচুলিন গ্ৰহণ কৰিবলগীয়া হয় ।
এই সময়ত মাংসৰ বাবে বধ কৰা প্ৰাণীৰ অগ্নাশয়ৰ পৰা ইনচুলিন আহৰণ কৰা হৈছিল । এনে ইনচুলিন যদিও কাৰ্য্যক্ষম আছিল ই কোনো কোনো মানুহৰ দেহত ‘এলাৰ্জি’ সৃষ্টি কৰিছিল । তাৰোপৰি সকলো তেনে প্ৰাণী নিৰোগীও নাছিল । ইনচুলিন সংগ্ৰহ কৰাও সহজ নাছিল আৰু যথেষ্ট ব্যয়বহুল আছিল । ইয়াৰ পৰিবৰ্তে আজিকালি জিনীয় অভিযন্ত্ৰণৰ যোগেদি অতি সহজে বিশুদ্ধ ইনচুলিন বেক্টেৰিয়াৰ পৰা সংগ্ৰহ কৰা সম্ভৱ হৈছে ।
স্তন্যপায়ীৰ দেহত উৎপাদিত ইনচুলিনত A আৰু B নামক দুটা শৃংখল থাকে । এই দুয়োটাক একোটা ডাই – ছালফাইড সেতুৱে সংযোজিত কৰে।স্তন্যপায়ী জীৱৰ দেহত প্ৰথমতে আদি হৰ্মণ হিচাপে ইনচুলিন সৃষ্টি হয় । এই আদি হৰ্মনত C – peptide নামক এটি উপৰঞ্চি খণ্ড থাকে । এই C – peptide খণ্ডক আঁতৰাই পেলাই শৰীৰে ব্যৱহাৰযোগ্য ইনচুলিন প্ৰস্তুত কৰে ।
1953 চনত প্ৰথম স্তন্যপায়ীৰ ইনচুলিন জিন সংগ্ৰহ কৰি প্লাজমিডত সংযোজিত কৰি দুটা পুৰ্ণগঠিত DNA প্ৰস্তুত কৰি বেক্টেৰিয়াৰ কোষত স্থাপন কৰা হৈছিল । এই পুৰ্ণগঠিত DNA দুটা ইনচুলিনৰ দুটা শৃংখল A আৰু B ৰ সমতুল্য আছিল । পুৰ্ণগঠিত এই DNA দুটাৰ সহায়ত A B আৰু শৃংখল দুটা বেলেগ বেলেগ প্ৰস্তুত কৰি শেষত লগ লগাই মানুহৰ বাবে উপযোগী ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল ।
প্ৰশ্ন ২। PCR ৰ মূল তত্ত্ব কি ? আণৱিক ৰোগ নিৰ্ণয়ত ইয়াৰ ভূমিকা উল্লেখ কৰা ।
উত্তৰঃ পলিমেৰেজ শৃংখল বিক্ৰিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া য’ত এটা জিন বা এটুকুৰা DNA ৰ বহুতো প্ৰতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয় । ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে ব্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটোত এটা আদি দ্ৰব্য , এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব্যৱহাৰ কৰি ইন – ভিট্ৰ সংশ্লেষণৰ অনুক্ৰম পোৱা যায় । আদি দ্ৰৱ্যখিনি প্ৰসাৰিত হ’বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅ’ক্সিনিউক্লিয়টচাইড) ব্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্ৰ থকা DNA অণুক উচ্চ উষ্ণতা প্ৰয়োগ কৰা হয় যাতে সূত্ৰ দুডাল ভাঙি এডাল এডাল হৈ পৰে । এই প্ৰক্ৰিয়াটোক বিকৃতিকৰণ বোলে । ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্ৰ হিচাবে ব্যৱহাৰ কৰা হয় , DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্ৰ সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্ৰক্ৰয়াটোক এনিলিং বোলে । ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয় । এই প্ৰক্ৰিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয় ।
প্ৰশ্ন ৩। জীৱসম্পদ কি ? শিল্পায়নত উন্নত দেশবিলাকে কেনেকৈ ইয়াৰ লাভ উঠাইছে ?
উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা সমস্ত প্ৰাকৃতিক সম্পদৰ ভিতৰত জীৱৰ পৰা পোৱা সম্পদ মানৱ জীলৱনৰ বাবে অত্যন্ত গুৰুত্ব পূৰ্ণ । প্ৰকৃতিৰ অন্তৰ্গত উদ্ভিদ আৰু প্ৰাণীয়ে প্ৰদান কৰা সম্পদহমূহেই হ’ল জীৱ সম্পদ । প্ৰাকৃতিক সম্পদৰ ভিতৰয জীৱ সম্পদেই সিংহভাগ স্থান অধিকাৰ কৰি আছে ।
উদ্ভিদৰ পৰা পোৱা খাদ্য , কাঠ , জৈৱ ইন্ধন , ৰেচম , কাগজ , সূতা বা আঁহ , ঔষধীয় দ্ৰব্য , তেল ৰেজিন , আঠা , ৰবৰ আদি উপাদানবোৰ যেনেদৰে লাভ কৰা হয় , তেনেদৰে প্ৰাণীৰ পৰাও মাংস , ছাল , হাড় গাখীৰ , শ্ৰম আদি লাভ কৰা যায় ।
কাৰিকৰী জীৱবিদ্যাৰ আটাইতকৈ সফল ৰূপ দেখিবলৈ পোৱা গৈছে কৃষি বিজ্ঞানত । সেউজ বিপ্লৱৰ গুৰিতেই আছিল অধিক উৎপাদনক্ষম নতুন শস্য সৃষ্টি কৰা । আজিকালি পূৰ্বৰ দৰে ভাল সংকৰ গছ উদ্ভাৱনৰ বাবে অনেক বছৰৰ প্ৰৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰয়োজন নাই । জিনীয় অভিযযন্ত্ৰণৰ যোগেদি প্ৰয়োজনীয় গুণ থকা পুৰ্ণগঠিত DNA উদ্ভিদ দেহত স্থাপন কৰিব পৰা যায় । সেইদৰে অনিষ্টকাৰী বা ভাল গুণ নথকা DNA ক বাদ দি উন্নতমানৰ উদ্ভিদ সৃষ্টি কৰিব পৰা যায় । নতুনকৈ সৃষ্টি কৰা উদ্ভিদৰ কোষ সংবৰ্ধনৰ যোগেদি সংখ্যা বৃদ্ধি কৰিব পৰা যায় । নতুনকৈ সৃষ্টি কৰা উদ্ভিদৰ কোষ সংবৰ্ধনৰ যোগেদি সংখ্যা বৃদ্ধি কৰিব পৰা যায় । জীৱকাৰিকৰী বিজ্ঞানৰ যোগেদি এনেধৰণৰ শস্য সৃষ্টি কৰা সম্ভৱ হৈছে ; যিবিলাক অধিক ফচল দিয়াৰ উপৰি ৰোগ বা বান পানী প্ৰতিৰোধ কৰিব পাৰে । আজিকালি বীজৰ প্ৰ’টিন , স্নেহ , ভিটামিন আৰু সোৱাদো বৃদ্ধি কৰা সম্ভৱ হৈছে ।
প্ৰশ্ন ৪। “জীৱপ্ৰযুক্তিবিদ্যাই মানৱ কল্যাণত ডাঙৰ অৰিহণা যোগাব পাৰে , কিন্তু ইয়াক অপব্যৱহাৰ কৰাৰ সম্ভাৱনাও যথেষ্ট , যাৰ ফলত মানুহৰ দুৰ্দ্দশা বৃদ্ধি পাব ।” এই বক্তব্যৰ উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা ।
উত্তৰঃ জীৱ বিজ্ঞানৰ তত্ত্বৰ ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰাকে জীৱবিজ্ঞান বোলা হয় । ইয়াৰ যোগেদি জীৱিত অণুজীৱ উদ্ভিদ আৰু প্ৰাণীক ব্যৱহাৰ কৰি বিশেষ বিশেষ দ্ৰব্য উৎপাদন কৰা হয় । যিবোৰ গুণগতভাৱে উৎকৃষ্ট , উৎপাদন ব্যয়য়ো কম আৰু কম সময়ত প্ৰচুৰ পৰিমাণে উৎপাদন হয় ।
শিল্প বিজ্ঞানত কাৰিকৰী জীৱবিজ্ঞানৰ ভূমিকা :- ইয়াৰ দ্বাৰা বেক্টেৰিয়া ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত দৈ , ক্ৰীম , মাখন , পনীৰ আৰু অসংখ্য জাতৰ গাখীৰ জাত পানীয় প্ৰস্তুত কৰা হয় ।
কৃষি – বিজ্ঞানৰ ভূমিকা : কাৰিকৰী জীৱবিজ্ঞানৰ জৰিয়তে জীৱসাৰ উৎপন্ন কৰি কৃষিৰ উৎপাদন বঢ়োৱা হৈছে আৰু উন্নত মানৰ শস্য উৎপাদন কৰা হৈছে ।
চিকিৎসা বিজ্ঞানত ভূমিকা :- কাৰিকৰী জীৱবিজ্ঞানীসকলে আৱিষ্কাৰ কৰা বিভিন্ন পদ্ধতিৰ সহায়ত বংশগত ৰোগৰ প্ৰকৃত কাৰণ নিহিত হৈ থাকে বুলি প্ৰমাণ কৰি তাক নিৰ্মূল কৰিবলৈ বিভিন্ন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ।
জিনীয় অভিযন্ত্ৰৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ ইমান বিশাল হ’ব পাৰে যে ইয়াৰ কাৰ্য্যকাৰিতাই অন্যান্য সকলো কাৰিকৰী বিজ্ঞানৰ উৎকাৰ্য্যতাক চেৰাই যাব পাৰে । এনেকুৱা সম্ভাৱনায়ো দেখা দিছে যে কোনোবা স্বৈৰতন্ত্ৰী শাসকৰ কথাত যুদ্ধৰ বাবে মানৱীয় গুণ নথকা ভয়ঙ্কৰ মানুহ আকৃতিৰ দৈত্য সৃষ্টি কৰিব পাৰে , কাম কৰাৰ বাবে ৰবটৰ নিচিনা মানুহ বা প্ৰভুভক্ত কৃতদাস সৃষ্টি কৰিব পাৰে । ইয়াৰ বিপৰীতে অতিমানৱীয় গুণ থকা মানুহ বা ৰবীন্দ্ৰনাথ , আইনষ্টাইন আদিৰ সাঁচত পেলাই নতুনকৈ অসংখ্যা তেনেধৰণৰ মানুহ সৃষ্টি কৰিবৰ চেষ্টা কৰিব পাৰে । এনে কৰাৰ ফলত মানৱ সমাজত প্ৰচলিত নিয়ম – নীতি , শৃংখলা আৰু সাংস্কৃতিক , আধ্যাত্মিক , বৌদ্ধিক চেতনা আৰু সৰ্বোপৰি মানুহৰ স্বাভাৱিক আৰু প্ৰাকৃতিক ক্ৰমবিৱৰ্তনৰ বাধাগ্ৰস্থ হৈ মানৱ সমাজ যান্ত্ৰিক ৰূপত পৰিণত হ’ব ।
জিনীয় অভিযন্ত্ৰৰ যোগেদি প্ৰয়োজন হ’লে ভয়ঙ্কৰ বীজাণু উৎপাদন কৰি যুদ্ধত ব্যৱহাৰ কৰিব পাৰিব । অসাৱধানতাৰ বাবে কেতিয়াবা পৰীক্ষাৰ বাবে উৎপাদন কৰা কোনো জীৱাণু পৰীক্ষাগাৰত বাহিৰত ওলাই আহি ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
সেইবাবে ১৯৭৩ চনত আমেৰিকাৰ National Research Council তলত উল্লেখ কৰা কামসমূহৰ ওপৰত বাধা আৰোপ কৰিছে ―
(ক) এন্টিবায়’টিক প্ৰতিৰোধী জীৱাণু উৎপাদন ,
(খ) বিষাক্ত পদাৰ্থ উৎপাদন কৰিব পৰা জীৱাণু সম্পৰ্কে পৰীক্ষা ,
(গ) যিবিলাক ভাইৰাছৰ DNA কেন্সাৰ ৰোগৰ বাবে দায়ী বুলি সন্দেহ কৰা হয় , তেনেধৰণৰ ভাইৰাছৰ DNA ৰ গৱেষণা ,
(ঘ) যিবিলাক গৱেষণাৰ ফলত নতুন জীৱাণু বাহিৰৰ পৰিৱেশত ওলাই অহাৰ সম্ভাৱনা আছে ।
প্ৰশ্ন ৫। প্ৰচলিত কৃষি প্ৰথা আৰু আধুনিক কৃষি প্ৰথাৰ মাজত কি কি পাৰ্থক্য আছে উদাহৰণ দি লিখা ।
উত্তৰঃ প্ৰচলিত কৃষিত শস্যৰ উৎকৰ্ষ সাধন কৰা হয় উদ্ভিদ প্ৰজননৰ যোগেদি hybrid সৃষ্টি কৰি । ইয়াৰ বাবে অনেক বছৰ লাগে তথাপি অনেক ক্ষেত্ৰত স্থায়ী ফল পোৱা নাযায় । প্ৰায় পুনৰাবৃত্তি কৰিবলগীয়া হয় । উন্নীত কৰা শস্যত বিচৰা সকলো গুণ সন্নিবিষ্ট কৰা সম্ভৱ নহয় । একে শস্যক ৰোগ প্ৰতিৰোধী কৰাও অনেক ক্ষেত্ৰত সম্ভৱ নহয় বাবে বীজাণু নাশক আৰু কীট নাশক আদি সঘনাই ব্যৱহাৰ কৰিবলগীয়া হয়।এনে শস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু জীৱনকাল হ্ৰাস কৰাও সম্ভৱ হোৱা নাই । প্ৰচলিত কৃষি ব্যৱস্থাত উৎপন্ন শস্য বেছিদিন ভাল নাথাকে , ভিটামিন আৰু লাগতিয়াল পুষ্টি সন্নিবিষ্ট কৰিব পৰা নাযায় ।
ওপৰঞ্চি এনে খেতিত প্ৰচুৰ ৰাসায়নিক কীটনাশক আৱশ্যক হয় । এইবিলাকে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায় । এইবিলাক কাৰণত বিজ্ঞানীসকলে আজিকালি এনে ধৰণৰ সঁচ সৃষ্টিৰ প্ৰয়াস কৰিছে যিবিলাকে খেতি কৰিবলৈ সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব নালাগে । ইয়াৰ বাবে শস্যৰ আণুবংশিক ৰূপান্তৰকৰণত মন দিলে । তেওঁলোকে জানে যে মাটিত এনে কিছুমান জীৱাণু আছে , যিবিলাকে নানা ধৰণৰ ৰোগ সৃষ্টি কৰা অন্য জীৱাণু , পলু , পোক – পতঙ্গ , ভাইৰাছ আদিক বিষক্ৰিয়া বা এন্টিবায়টিক ক্ৰিয়াৰ দ্বাৰা ধ্বংস বা প্ৰতিহত কৰিব পাৰে । অনেক জীৱাণু আছে যিবিলাকে উদ্ভিদত প্ৰয়োজনীয় সাৰ যোগায় , উদ্ভিদক প্ৰতিকূল অৱস্থাত জীয়াই থাকিবলৈ সাহায্য কৰে । যদি তেনে জীৱাণুৰ এনে ধৰণৰ কামৰ বাবে সংকেত বহন কৰা ‘জিন’ চিনাক্ত কৰি আৰু আহৰণ কৰি উদ্ভিদৰ দেহকোষৰ DNA – ৰ লগত সংযোজিত কৰিব পৰা যায় তেতিয়া হ’লে তেনে আনুবংশিকভাৱে ৰূপান্তৰিত উদ্ভিদে নিজে নিজে তেনে কাৰ্য্য কৰিবলৈ সক্ষম হ’ব ।
প্ৰশ্ন ৬। জীৱ প্ৰযযুক্তিবিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্যে হৈছে যে কৃষিভূমিত যিমান পৰা যায় কম পৰিমাণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে । জীৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত কিদৰে অনিষ্টকাৰী পতংগ বিৰোধী শস্য উৎপাদন কৰা হৈছে ব্যাখ্যা কৰা ।
উত্তৰঃ প্ৰচলিত কৃষিত শস্যৰ উৎকৰ্ষ সাধন কৰা হয় উদ্ভিদ প্ৰজননৰ যোগেদি hybrid সৃষ্টি কৰি । ইয়াৰ বাবে অনেক বছৰ লাগে তথাপি অনেক ক্ষেত্ৰত স্থায়ী ফল পোৱা নাযায় । প্ৰায় পুনৰাবৃত্তি কৰিবলগীয়া হয় । উন্নীত কৰা শস্যত বিচৰা সকলো গুণ সন্নিবিষ্ট কৰা সম্ভৱ নহয় । একে শস্যক ৰোগ প্ৰতিৰোধ কৰাও অনেক ক্ষেত্ৰত সম্ভৱ নহয় বাবে বীজাণু নাশক আৰু কীট নাশক আদি সঘনাই ব্যৱহাৰ কৰিবলগীয়া হয়।এনে শস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু জীৱনকাল হ্ৰাস কৰাও সম্ভৱ হোৱা নাই । প্ৰচলিত কৃষি ব্যৱস্থাত উৎপন্ন শস্য বেছিদিন ভাল নাথাকে , ভিটামিন আৰু লাগতিয়াল পুষ্টি সন্নিবিষ্ট কৰিব পৰা নাযায় । ওপৰঞ্চি এনে খেতিত প্ৰচুৰ ৰাসায়নিক কীটনাশক আৱশ্যক হয় । এইবিলাকে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায় ।
এইবিলাক কাৰণত বিজ্ঞিনীসকলে আজিকালি এনে ধৰণৰ সঁচ সৃষ্টিৰ প্ৰয়াস কৰিছে । যিবিলাকে খেতি কৰিবলৈ সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব নালাগে । ইয়াৰ বাবে শস্যৰ আণুবংশিক ৰূপান্তৰকৰণত মন দিলে । তেওঁলোকে জানে যে মাটিত এনে কিছুমান জীৱাণু আছে , যিবিলাকে নানা ধৰণৰ ৰোগ সৃষ্টি কৰা অন্য জীৱাণু পলু , পোক – পতঙ্গ, ভাইৰাছ আদিক বিষক্ৰিয়া বা এন্টিবায়টিক ক্ৰিয়াৰ দ্বাৰা ধ্বংস বা প্ৰতিহত কৰিব পাৰে । অনেক জীৱাণু আছে যিবিলাকে উদ্ভিদত প্ৰয়োজনীয় সাৰ যোগায় , উদ্ভিদক প্ৰতিকূল অৱস্থাত জীয়াই থাকিবলৈ সাহায্য কৰে । যদি তেনে জীৱাণুৰ এনে ধৰণৰ কামৰ বাবে সংকেত বহন কৰা ‘জিন’ চিনাক্ত কৰি আৰু আহৰণ কৰি উদ্ভিদৰ দেহকোষৰ DNA – ৰ লগত সংযোজিত কৰিব পৰা যায় তেতিয়া হ’লে তেনে আনুবংশিকভাৱে ৰূপান্তৰিত উদ্ভিদে নিজে নিজে তেনে কাৰ্য্য কৰিবলৈ সক্ষম হ’ব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


