Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ and select needs one.
Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 12 জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ Solutions for All Subject, You can practice these here…
ৰচনাধৰ্মী প্ৰশ্নোওৰ
প্ৰশ্ন ১। চমুটোকা লিখা :-
(ক) জিনীয় চিকিৎসা ।
উত্তৰঃ DNA ক পুৰ্ণগঠন কৰা হয় অস্ত্ৰেপচাৰৰ যোগেদি । তাৰ বাবে প্ৰথমতে লাইছ’জাইম নামৰ উৎসেচকৰ দ্বাৰা জীৱকোষৰ বেৰ গলাই DNA উলিয়াই অনা হয় । উলিয়াই অনা DNA ৰ বিশেষ অংশ চিনাক্ত কৰি ৰেছট্ৰিকশন্ এণ্ড’নিউক্লিয়েজ নামৰ উৎসেচকৰ দ্বাৰা DNA ৰ বিশেষ অংশত এনেভাৱে কটা হয় যে জোৰা লাগিব পৰা আগ ওলাই থাকে ।
চিত্ৰত দেখা যায় যে , এনেধৰণৰ উৎসেচকে DNA ৰ নিউক্লিয়’টাইডৰ এনে ক্ৰম বাছি লয় , যিটো দুই ফালৰ পৰা পঢ়ি গ’লে একেই হয় । যেনে ― চিত্ৰত দেখুৱা ধৰণে G আৰু A ৰ মাজত ছেদ হৈছে । প্ৰায় এশটামান এনে উৎসেচক চিনাক্ত কৰা হৈছে ― যিবিলাকে নিউক্লিয়’টাইডৰ বিভিন্ন ক্ৰম চিনাক্ত কৰি ছেদ কৰিব পাৰে । ইয়াৰ পিছত ভাইৰাছ DNA ৰ বাওঁফালৰ অংশ আৰু প্লাজমিডৰ সোঁফালৰ অংশ লাইগেজ নামৰ উৎসেচকৰে জোৰা দিয়া হৈছে । জোৰা দিয়াৰ পিছত পুৰ্ণগঠিত DNA বেক্টেৰিয়াৰ দেহত স্থাপন কৰা যায় । ইয়াৰ ফলত বেক্টেৰিয়াটোৰে নতুন গুণ লাভ কৰে । এনেধৰণে জিন জোৰা দিয়া কাৰ্য্যক জিন ক্লনিং বোলা হয় ।
(খ) জীৱপ্ৰযুক্তিবিদ্যাৰ নৈতিক দিশ ।
উত্তৰঃ জীৱৰ আনুবংশিক ৰূপান্তৰকৰণৰ ফলত যদিও মানুহে বহুতো নতুন দ্ৰব্য সহজতে উৎপাদন কৰিবলৈ সক্ষম হৈছে , নতুন গুণাগুণ থকা শস্য আৰু প্ৰাণী সৃষ্টি কৰিছে আৰু বহুতো অন্যান্য দিশ আছে যিবিলাকত চমকপ্ৰদ ফল প্ৰদৰ্শন কৰিছে তথাপি নানা কাৰণে মানুহৰ মনত কিছুমান সংশয় আৰু ভীতি জন্মিছে । তাৰ কাৰণ জিনীয় অভিযন্ত্ৰণে এনে কিছুমান কৌশল আয়ত্ত কৰিছে যাৰ যোগেদি অন্য উদ্দেশ্য অনেক জীৱ – জন্তু আনকি মানুহও প্ৰস্তুত কৰিব পাৰিব বিশেষ বিশেষ কামৰ বাবে যিবোৰ একেবাৰে কাম্য নহয় ।
জিনীয় অভিযন্ত্ৰণৰ যোগেদি সৃষ্টি কৰা জীৱাণু আৰু প্ৰাণী মুক্ত অৱস্থাত এৰি দিলে অজানিতে মুক্ত হ’লে এই বিলাকে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিৱ পাৰে । অনেক দেশে ভায়বহ জীৱাণুৰ যুদ্ধৰ বাবেও এনে কৌশল ব্যৱহাৰ কৰিব পাৰিব , মানুহক দানবাকাৰ কৰি বিশেষ কামৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব ।
(গ) জিনীয় অভিযন্ত্ৰণৰ যোগেদি উৎপাদিত ইনচুলিন ।
উত্তৰঃ আমি জানো যে মানুহৰ যেতিয়া নিজ শৰীৰত ইনচুলিন উৎপাদন কৰা ক্ষমতা হ্ৰাস পায় তেতিয়া তেজৰ গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায় । ই সুস্থ শৰীৰ ক্ৰিয়াৰ বাবে অপকাৰী । এনে ধৰণৰ অসুখক মধুমেহ বোলা হয় । মধুমেহৰ প্ৰকোপ বৃদ্ধি পালে শৰীৰৰ হৃদযন্ত্ৰ , কিডনি আদিৰ ক্ষতি সাধন হয় । মধুমেহ প্ৰতিহত কৰিবৰ বাবে সেইকাৰণে ইনচুলিন গ্ৰহণ কৰিবলগীয়া হয় ।
এই সময়ত মাংসৰ বাবে বধ কৰা প্ৰাণীৰ অগ্নাশয়ৰ পৰা ইনচুলিন আহৰণ কৰা হৈছিল । এনে ইনচুলিন যদিও কাৰ্য্যক্ষম আছিল ই কোনো কোনো মানুহৰ দেহত ‘এলাৰ্জি’ সৃষ্টি কৰিছিল । তাৰোপৰি সকলো তেনে প্ৰাণী নিৰোগীও নাছিল । ইনচুলিন সংগ্ৰহ কৰাও সহজ নাছিল আৰু যথেষ্ট ব্যয়বহুল আছিল । ইয়াৰ পৰিবৰ্তে আজিকালি জিনীয় অভিযন্ত্ৰণৰ যোগেদি অতি সহজে বিশুদ্ধ ইনচুলিন বেক্টেৰিয়াৰ পৰা সংগ্ৰহ কৰা সম্ভৱ হৈছে ।
স্তন্যপায়ীৰ দেহত উৎপাদিত ইনচুলিনত A আৰু B নামক দুটা শৃংখল থাকে । এই দুয়োটাক একোটা ডাই – ছালফাইড সেতুৱে সংযোজিত কৰে।স্তন্যপায়ী জীৱৰ দেহত প্ৰথমতে আদি হৰ্মণ হিচাপে ইনচুলিন সৃষ্টি হয় । এই আদি হৰ্মনত C – peptide নামক এটি উপৰঞ্চি খণ্ড থাকে । এই C – peptide খণ্ডক আঁতৰাই পেলাই শৰীৰে ব্যৱহাৰযোগ্য ইনচুলিন প্ৰস্তুত কৰে ।
1953 চনত প্ৰথম স্তন্যপায়ীৰ ইনচুলিন জিন সংগ্ৰহ কৰি প্লাজমিডত সংযোজিত কৰি দুটা পুৰ্ণগঠিত DNA প্ৰস্তুত কৰি বেক্টেৰিয়াৰ কোষত স্থাপন কৰা হৈছিল । এই পুৰ্ণগঠিত DNA দুটা ইনচুলিনৰ দুটা শৃংখল A আৰু B ৰ সমতুল্য আছিল । পুৰ্ণগঠিত এই DNA দুটাৰ সহায়ত A B আৰু শৃংখল দুটা বেলেগ বেলেগ প্ৰস্তুত কৰি শেষত লগ লগাই মানুহৰ বাবে উপযোগী ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল ।
প্ৰশ্ন ২। PCR ৰ মূল তত্ত্ব কি ? আণৱিক ৰোগ নিৰ্ণয়ত ইয়াৰ ভূমিকা উল্লেখ কৰা ।
উত্তৰঃ পলিমেৰেজ শৃংখল বিক্ৰিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া য’ত এটা জিন বা এটুকুৰা DNA ৰ বহুতো প্ৰতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয় । ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে ব্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটোত এটা আদি দ্ৰব্য , এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব্যৱহাৰ কৰি ইন – ভিট্ৰ সংশ্লেষণৰ অনুক্ৰম পোৱা যায় । আদি দ্ৰৱ্যখিনি প্ৰসাৰিত হ’বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅ’ক্সিনিউক্লিয়টচাইড) ব্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্ৰ থকা DNA অণুক উচ্চ উষ্ণতা প্ৰয়োগ কৰা হয় যাতে সূত্ৰ দুডাল ভাঙি এডাল এডাল হৈ পৰে । এই প্ৰক্ৰিয়াটোক বিকৃতিকৰণ বোলে । ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্ৰ হিচাবে ব্যৱহাৰ কৰা হয় , DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্ৰ সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্ৰক্ৰয়াটোক এনিলিং বোলে । ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয় । এই প্ৰক্ৰিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয় ।
প্ৰশ্ন ৩। জীৱসম্পদ কি ? শিল্পায়নত উন্নত দেশবিলাকে কেনেকৈ ইয়াৰ লাভ উঠাইছে ?
উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা সমস্ত প্ৰাকৃতিক সম্পদৰ ভিতৰত জীৱৰ পৰা পোৱা সম্পদ মানৱ জীলৱনৰ বাবে অত্যন্ত গুৰুত্ব পূৰ্ণ । প্ৰকৃতিৰ অন্তৰ্গত উদ্ভিদ আৰু প্ৰাণীয়ে প্ৰদান কৰা সম্পদহমূহেই হ’ল জীৱ সম্পদ । প্ৰাকৃতিক সম্পদৰ ভিতৰয জীৱ সম্পদেই সিংহভাগ স্থান অধিকাৰ কৰি আছে ।
উদ্ভিদৰ পৰা পোৱা খাদ্য , কাঠ , জৈৱ ইন্ধন , ৰেচম , কাগজ , সূতা বা আঁহ , ঔষধীয় দ্ৰব্য , তেল ৰেজিন , আঠা , ৰবৰ আদি উপাদানবোৰ যেনেদৰে লাভ কৰা হয় , তেনেদৰে প্ৰাণীৰ পৰাও মাংস , ছাল , হাড় গাখীৰ , শ্ৰম আদি লাভ কৰা যায় ।
কাৰিকৰী জীৱবিদ্যাৰ আটাইতকৈ সফল ৰূপ দেখিবলৈ পোৱা গৈছে কৃষি বিজ্ঞানত । সেউজ বিপ্লৱৰ গুৰিতেই আছিল অধিক উৎপাদনক্ষম নতুন শস্য সৃষ্টি কৰা । আজিকালি পূৰ্বৰ দৰে ভাল সংকৰ গছ উদ্ভাৱনৰ বাবে অনেক বছৰৰ প্ৰৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰয়োজন নাই । জিনীয় অভিযযন্ত্ৰণৰ যোগেদি প্ৰয়োজনীয় গুণ থকা পুৰ্ণগঠিত DNA উদ্ভিদ দেহত স্থাপন কৰিব পৰা যায় । সেইদৰে অনিষ্টকাৰী বা ভাল গুণ নথকা DNA ক বাদ দি উন্নতমানৰ উদ্ভিদ সৃষ্টি কৰিব পৰা যায় । নতুনকৈ সৃষ্টি কৰা উদ্ভিদৰ কোষ সংবৰ্ধনৰ যোগেদি সংখ্যা বৃদ্ধি কৰিব পৰা যায় । নতুনকৈ সৃষ্টি কৰা উদ্ভিদৰ কোষ সংবৰ্ধনৰ যোগেদি সংখ্যা বৃদ্ধি কৰিব পৰা যায় । জীৱকাৰিকৰী বিজ্ঞানৰ যোগেদি এনেধৰণৰ শস্য সৃষ্টি কৰা সম্ভৱ হৈছে ; যিবিলাক অধিক ফচল দিয়াৰ উপৰি ৰোগ বা বান পানী প্ৰতিৰোধ কৰিব পাৰে । আজিকালি বীজৰ প্ৰ’টিন , স্নেহ , ভিটামিন আৰু সোৱাদো বৃদ্ধি কৰা সম্ভৱ হৈছে ।
প্ৰশ্ন ৪। “জীৱপ্ৰযুক্তিবিদ্যাই মানৱ কল্যাণত ডাঙৰ অৰিহণা যোগাব পাৰে , কিন্তু ইয়াক অপব্যৱহাৰ কৰাৰ সম্ভাৱনাও যথেষ্ট , যাৰ ফলত মানুহৰ দুৰ্দ্দশা বৃদ্ধি পাব ।” এই বক্তব্যৰ উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা ।
উত্তৰঃ জীৱ বিজ্ঞানৰ তত্ত্বৰ ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰাকে জীৱবিজ্ঞান বোলা হয় । ইয়াৰ যোগেদি জীৱিত অণুজীৱ উদ্ভিদ আৰু প্ৰাণীক ব্যৱহাৰ কৰি বিশেষ বিশেষ দ্ৰব্য উৎপাদন কৰা হয় । যিবোৰ গুণগতভাৱে উৎকৃষ্ট , উৎপাদন ব্যয়য়ো কম আৰু কম সময়ত প্ৰচুৰ পৰিমাণে উৎপাদন হয় ।
শিল্প বিজ্ঞানত কাৰিকৰী জীৱবিজ্ঞানৰ ভূমিকা :- ইয়াৰ দ্বাৰা বেক্টেৰিয়া ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত দৈ , ক্ৰীম , মাখন , পনীৰ আৰু অসংখ্য জাতৰ গাখীৰ জাত পানীয় প্ৰস্তুত কৰা হয় ।
কৃষি – বিজ্ঞানৰ ভূমিকা : কাৰিকৰী জীৱবিজ্ঞানৰ জৰিয়তে জীৱসাৰ উৎপন্ন কৰি কৃষিৰ উৎপাদন বঢ়োৱা হৈছে আৰু উন্নত মানৰ শস্য উৎপাদন কৰা হৈছে ।
চিকিৎসা বিজ্ঞানত ভূমিকা :- কাৰিকৰী জীৱবিজ্ঞানীসকলে আৱিষ্কাৰ কৰা বিভিন্ন পদ্ধতিৰ সহায়ত বংশগত ৰোগৰ প্ৰকৃত কাৰণ নিহিত হৈ থাকে বুলি প্ৰমাণ কৰি তাক নিৰ্মূল কৰিবলৈ বিভিন্ন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ।
জিনীয় অভিযন্ত্ৰৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ ইমান বিশাল হ’ব পাৰে যে ইয়াৰ কাৰ্য্যকাৰিতাই অন্যান্য সকলো কাৰিকৰী বিজ্ঞানৰ উৎকাৰ্য্যতাক চেৰাই যাব পাৰে । এনেকুৱা সম্ভাৱনায়ো দেখা দিছে যে কোনোবা স্বৈৰতন্ত্ৰী শাসকৰ কথাত যুদ্ধৰ বাবে মানৱীয় গুণ নথকা ভয়ঙ্কৰ মানুহ আকৃতিৰ দৈত্য সৃষ্টি কৰিব পাৰে , কাম কৰাৰ বাবে ৰবটৰ নিচিনা মানুহ বা প্ৰভুভক্ত কৃতদাস সৃষ্টি কৰিব পাৰে । ইয়াৰ বিপৰীতে অতিমানৱীয় গুণ থকা মানুহ বা ৰবীন্দ্ৰনাথ , আইনষ্টাইন আদিৰ সাঁচত পেলাই নতুনকৈ অসংখ্যা তেনেধৰণৰ মানুহ সৃষ্টি কৰিবৰ চেষ্টা কৰিব পাৰে । এনে কৰাৰ ফলত মানৱ সমাজত প্ৰচলিত নিয়ম – নীতি , শৃংখলা আৰু সাংস্কৃতিক , আধ্যাত্মিক , বৌদ্ধিক চেতনা আৰু সৰ্বোপৰি মানুহৰ স্বাভাৱিক আৰু প্ৰাকৃতিক ক্ৰমবিৱৰ্তনৰ বাধাগ্ৰস্থ হৈ মানৱ সমাজ যান্ত্ৰিক ৰূপত পৰিণত হ’ব ।
জিনীয় অভিযন্ত্ৰৰ যোগেদি প্ৰয়োজন হ’লে ভয়ঙ্কৰ বীজাণু উৎপাদন কৰি যুদ্ধত ব্যৱহাৰ কৰিব পাৰিব । অসাৱধানতাৰ বাবে কেতিয়াবা পৰীক্ষাৰ বাবে উৎপাদন কৰা কোনো জীৱাণু পৰীক্ষাগাৰত বাহিৰত ওলাই আহি ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
সেইবাবে ১৯৭৩ চনত আমেৰিকাৰ National Research Council তলত উল্লেখ কৰা কামসমূহৰ ওপৰত বাধা আৰোপ কৰিছে ―
(ক) এন্টিবায়’টিক প্ৰতিৰোধী জীৱাণু উৎপাদন ,
(খ) বিষাক্ত পদাৰ্থ উৎপাদন কৰিব পৰা জীৱাণু সম্পৰ্কে পৰীক্ষা ,
(গ) যিবিলাক ভাইৰাছৰ DNA কেন্সাৰ ৰোগৰ বাবে দায়ী বুলি সন্দেহ কৰা হয় , তেনেধৰণৰ ভাইৰাছৰ DNA ৰ গৱেষণা ,
(ঘ) যিবিলাক গৱেষণাৰ ফলত নতুন জীৱাণু বাহিৰৰ পৰিৱেশত ওলাই অহাৰ সম্ভাৱনা আছে ।
প্ৰশ্ন ৫। প্ৰচলিত কৃষি প্ৰথা আৰু আধুনিক কৃষি প্ৰথাৰ মাজত কি কি পাৰ্থক্য আছে উদাহৰণ দি লিখা ।
উত্তৰঃ প্ৰচলিত কৃষিত শস্যৰ উৎকৰ্ষ সাধন কৰা হয় উদ্ভিদ প্ৰজননৰ যোগেদি hybrid সৃষ্টি কৰি । ইয়াৰ বাবে অনেক বছৰ লাগে তথাপি অনেক ক্ষেত্ৰত স্থায়ী ফল পোৱা নাযায় । প্ৰায় পুনৰাবৃত্তি কৰিবলগীয়া হয় । উন্নীত কৰা শস্যত বিচৰা সকলো গুণ সন্নিবিষ্ট কৰা সম্ভৱ নহয় । একে শস্যক ৰোগ প্ৰতিৰোধী কৰাও অনেক ক্ষেত্ৰত সম্ভৱ নহয় বাবে বীজাণু নাশক আৰু কীট নাশক আদি সঘনাই ব্যৱহাৰ কৰিবলগীয়া হয়।এনে শস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু জীৱনকাল হ্ৰাস কৰাও সম্ভৱ হোৱা নাই । প্ৰচলিত কৃষি ব্যৱস্থাত উৎপন্ন শস্য বেছিদিন ভাল নাথাকে , ভিটামিন আৰু লাগতিয়াল পুষ্টি সন্নিবিষ্ট কৰিব পৰা নাযায় ।
ওপৰঞ্চি এনে খেতিত প্ৰচুৰ ৰাসায়নিক কীটনাশক আৱশ্যক হয় । এইবিলাকে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায় । এইবিলাক কাৰণত বিজ্ঞানীসকলে আজিকালি এনে ধৰণৰ সঁচ সৃষ্টিৰ প্ৰয়াস কৰিছে যিবিলাকে খেতি কৰিবলৈ সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব নালাগে । ইয়াৰ বাবে শস্যৰ আণুবংশিক ৰূপান্তৰকৰণত মন দিলে । তেওঁলোকে জানে যে মাটিত এনে কিছুমান জীৱাণু আছে , যিবিলাকে নানা ধৰণৰ ৰোগ সৃষ্টি কৰা অন্য জীৱাণু , পলু , পোক – পতঙ্গ , ভাইৰাছ আদিক বিষক্ৰিয়া বা এন্টিবায়টিক ক্ৰিয়াৰ দ্বাৰা ধ্বংস বা প্ৰতিহত কৰিব পাৰে । অনেক জীৱাণু আছে যিবিলাকে উদ্ভিদত প্ৰয়োজনীয় সাৰ যোগায় , উদ্ভিদক প্ৰতিকূল অৱস্থাত জীয়াই থাকিবলৈ সাহায্য কৰে । যদি তেনে জীৱাণুৰ এনে ধৰণৰ কামৰ বাবে সংকেত বহন কৰা ‘জিন’ চিনাক্ত কৰি আৰু আহৰণ কৰি উদ্ভিদৰ দেহকোষৰ DNA – ৰ লগত সংযোজিত কৰিব পৰা যায় তেতিয়া হ’লে তেনে আনুবংশিকভাৱে ৰূপান্তৰিত উদ্ভিদে নিজে নিজে তেনে কাৰ্য্য কৰিবলৈ সক্ষম হ’ব ।
প্ৰশ্ন ৬। জীৱ প্ৰযযুক্তিবিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্যে হৈছে যে কৃষিভূমিত যিমান পৰা যায় কম পৰিমাণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে । জীৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত কিদৰে অনিষ্টকাৰী পতংগ বিৰোধী শস্য উৎপাদন কৰা হৈছে ব্যাখ্যা কৰা ।
উত্তৰঃ প্ৰচলিত কৃষিত শস্যৰ উৎকৰ্ষ সাধন কৰা হয় উদ্ভিদ প্ৰজননৰ যোগেদি hybrid সৃষ্টি কৰি । ইয়াৰ বাবে অনেক বছৰ লাগে তথাপি অনেক ক্ষেত্ৰত স্থায়ী ফল পোৱা নাযায় । প্ৰায় পুনৰাবৃত্তি কৰিবলগীয়া হয় । উন্নীত কৰা শস্যত বিচৰা সকলো গুণ সন্নিবিষ্ট কৰা সম্ভৱ নহয় । একে শস্যক ৰোগ প্ৰতিৰোধ কৰাও অনেক ক্ষেত্ৰত সম্ভৱ নহয় বাবে বীজাণু নাশক আৰু কীট নাশক আদি সঘনাই ব্যৱহাৰ কৰিবলগীয়া হয়।এনে শস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু জীৱনকাল হ্ৰাস কৰাও সম্ভৱ হোৱা নাই । প্ৰচলিত কৃষি ব্যৱস্থাত উৎপন্ন শস্য বেছিদিন ভাল নাথাকে , ভিটামিন আৰু লাগতিয়াল পুষ্টি সন্নিবিষ্ট কৰিব পৰা নাযায় । ওপৰঞ্চি এনে খেতিত প্ৰচুৰ ৰাসায়নিক কীটনাশক আৱশ্যক হয় । এইবিলাকে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায় ।
এইবিলাক কাৰণত বিজ্ঞিনীসকলে আজিকালি এনে ধৰণৰ সঁচ সৃষ্টিৰ প্ৰয়াস কৰিছে । যিবিলাকে খেতি কৰিবলৈ সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব নালাগে । ইয়াৰ বাবে শস্যৰ আণুবংশিক ৰূপান্তৰকৰণত মন দিলে । তেওঁলোকে জানে যে মাটিত এনে কিছুমান জীৱাণু আছে , যিবিলাকে নানা ধৰণৰ ৰোগ সৃষ্টি কৰা অন্য জীৱাণু পলু , পোক – পতঙ্গ, ভাইৰাছ আদিক বিষক্ৰিয়া বা এন্টিবায়টিক ক্ৰিয়াৰ দ্বাৰা ধ্বংস বা প্ৰতিহত কৰিব পাৰে । অনেক জীৱাণু আছে যিবিলাকে উদ্ভিদত প্ৰয়োজনীয় সাৰ যোগায় , উদ্ভিদক প্ৰতিকূল অৱস্থাত জীয়াই থাকিবলৈ সাহায্য কৰে । যদি তেনে জীৱাণুৰ এনে ধৰণৰ কামৰ বাবে সংকেত বহন কৰা ‘জিন’ চিনাক্ত কৰি আৰু আহৰণ কৰি উদ্ভিদৰ দেহকোষৰ DNA – ৰ লগত সংযোজিত কৰিব পৰা যায় তেতিয়া হ’লে তেনে আনুবংশিকভাৱে ৰূপান্তৰিত উদ্ভিদে নিজে নিজে তেনে কাৰ্য্য কৰিবলৈ সক্ষম হ’ব ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.