Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা

Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা and select needs one.

Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা Solutions for All Subject, You can practice these here.

জীৱ প্ৰযুক্তিবিদ‍্যা: নীতি আৰু পদ্ধতি

Chapter: 11

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। DNA লাইগেছ কি ? 

উত্তৰঃ ই এক ধৰণৰ উৎসেচক । ই DNA ৰ এটা অংশ যোৰা দিয়ে । 

প্ৰশ্ন ২। বংশগতি অভিযন্ত্ৰণৰ সংজ্ঞা দিয়া । বংশগতি অভিযন্ত্ৰণৰ আহিলা উল্লেখ কৰা ।

উত্তৰঃ কোনো এটা জীৱদেহত কৃত্ৰিম উপায়েৰে অন‍্য এটা জীৱৰপৰা বা কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰা উপযোগী জিন সংযোগ কৰা অথবা দোষমুক্ত জিন আঁতৰ কৰা বা মেৰামতি কৰি তাৰ জিন বা প্ৰপৈত্ৰিক পৰিৱৰ্তন কৰা ক্ৰিয়াক জিনীয় বা আণুবংশিক অভিযান্ত্ৰিকবিদ‍্যা বোলে।

‘জিনীয়অভিযন্ত্ৰণৰ আহিলা ― 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) ৰেষ্ট্ৰিকচন এনজাইম ।

(খ) PCR ।

(গ) পৰিবাহক ।

প্ৰশ্ন ৩। ‘জিধগান’ কি ? ইয়াৰ কাৰ্য্য পদ্ধতিৰ মূল তত্ত্ব উল্লেখ কৰা ।

উত্তৰঃ প্লাজমিড বা ভাইৰাচক পৰিবাহক হিচাপে ব‍্যৱহাৰ নকৰি গুলিৰ নিচিনা চট্ মাৰি কোষত DNA ৰ কোনো অংশ প্ৰৱেশ কৰোৱা ।ই এক ধৰণৰ কৌশল । এটি ইলেক্ট্ৰডৰ সহায়ত অন্য অণুজীৱৰ পৰা সংগ্ৰহ কৰা DNA ৰ অংশ নিৰ্দিষ্ট অন্য এক অণুজীৱৰ কোষত বন্দুকৰ গুলিৰ নিচিনা সুমুৱাই দিয়াৰ কৌশল ।

প্ৰশ্ন ৪। বংশান্তৰিত উদ্ভদবিলাক কি ? উদাহৰণ দিয়া । 

উত্তৰঃ ভিন্ন প্ৰজাতিৰ জিন DNA ত সংযোগ কৰি সেই প্ৰজাতিত কেতিয়াও নথকা গুণ সন্নিবিষ্ট কৰাই যি উদ্ভিদ সৃষ্টি কৰা হয় তাক বংশান্তৰিত উদ্ভিদ বোলে । Bt কলাহ এক ধৰণৰ বংশান্তৰিত কপাহ । এনে কপাহত Bacillus thuringiensis নামৰ বেক্টেৰিয়াৰ কীটনাশক গুণ প্ৰদান কৰা হৈছে ।

প্ৰশ্ন ৫। বেক্টেৰিয়াৰ কোষৰ পৰা বিশুদ্ধ DNA কেনেকৈ উলিয়াই অনা হয় ? 

উত্তৰঃ DNA ৰ নিৰ্দিষ্ট অংশ অন‍্য জীৱৰ কোষৰ DNN পৰা Restriction electrophorosis ৰ সহায়ত DNA ৰ অংশসমূহ পৃথক কৰি বিশুদ্ধ কৰি চিনাক্ত কৰা হয় । পৃথক কৰা DNA ৰ নিৰ্দ্দিষ্ট অংশ PCR  যোগেদি সংখ্যা বৃদ্ধি কৰি পৰীক্ষাৰ বাবে বা প্ৰয়োগৰ বাবে সংৰক্ষণ কৰা হয় ।

প্ৰশ্ন ৬। পুৰ্নগঠিত DNA কি ? এণ্ড’নিউক্লিয়েজ নামৰ ৰেছট্ৰিকছন এনজাইমে কেনেকৈ ইয়াৰ সৃষ্টিত সহায় কৰে ? 

উত্তৰঃ এটা নিৰ্দিষ্ট জিনে DNA লিগেজৰ সহায়ত প্লাজমিড ভেক্টৰ বা বাহকৰ লগত সংযোগ হয় । এই নতুন গোলাকাৰ গঠনটোৱে ভিট্ৰত স্বতঃস্ফূৰ্তভাৱে অনুকৃত‍্যায়িত সৃষ্টি কৰে যাক ৰিকম্বিনেন্ট DNA হিচাবে জনা যায় । জিনীয় অভিযন্ত্ৰনত DNA  অণুৰ একাংশ কাটি আনিবৰ কাৰণে ‘ৰেষ্ট্ৰিকশ‍্যন এণ্ডনিউক্লিয়েজ’ নামৰ এবিধ উৎসেচক ব‍্যৱহাৰ কৰা হয় । ই DNA অণুৰ একোটা নিৰ্দিষ্ট অংশ ছিঙি আনে আৰু লগতে ছিগা মূৰ দুটা আঠালেতীয়া কৰি ৰাখে ।

প্ৰশ্ন ৭। যি জীৱৰ পৰা T₁ প্লাজমিড সংগ্ৰহ কৰা হয় সেই জীৱৰ নাম লিখা । জীৱকাৰিকৰী বিজ্ঞানত ইয়াৰ প্ৰয়োগ সম্পৰ্কে ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ Agrobacterium tumifacians ইয়াৰ প্লাজমিড T₁ DNA পুৰ্নগঠনৰ বাবে পৰিবাহক হিচাপে কাম কৰে । কোষৰ ভিতৰত প্ৰবিষ্ট কৰিবলগীয়া DNA ৰ অংশ এই প্লাজমিডৰ লগত সংযোগ কৰি দিয়া হয়।প্লাজমিডটোৱে  DNA ৰ অংশ বাঢ়িয়াই নি কোষৰ ভিতৰলৈ লৈ যায় আৰু কোষৰ DNA লগত লগ লাগি যায় । 

প্ৰশ্ন ৮। যেতিয়া বাহক DNA আৰু অপৰিচিত DNA ৰ খাপখুৱা মূৰ লগ লাগে । খাপখুৱা মূৰ কেনেকৈ সৃষ্টি হয় ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ Endonuclease য়ে DNA তন্ত্ৰৰ উভয়  Palidrome ক্ৰম এনে ঠাইত কাটে যে দুটা DNA তন্তৰ যি অংশ কটা যায় তাত উভয় বস্তু খাপ খাই পৰাকৈ কাটে যে এটা DNA অংশৰ ক্ৰম যদি 5′ ― 3′ হয় আনটোৰ 3′ ― 5′ ক্ৰম হয় ।গতিকে এনে দুটা তন্ত্ৰ , উৎসেচক আঠা লগাবৰ সময়ত আপোন আপুনি খাপ খাই পৰে ।

প্ৰশ্ন ৯। নিৰ্বাচনাত্মকৰ মাৰ্কাৰ বিলাক কি ? বংশগতি অভিযন্ত্ৰণত এইবিলাকৰ কি ব‍্যৱহাৰ হয় ? 

উত্তৰঃ বহিৰাগত DNA দ্বাৰা পোষক কোষৰ পৰিৱৰ্তন নিৰীক্ষণ কৰিবলৈ ৰিপ’ৰ্টাৰ জিন ব‍্যৱহাৰ কৰা হয় । ইহঁতে বহিৰাগত জিনটো কোষত আছেনে নাই বা পোষক কোষটোৱে বহিৰাগত DNA গ্ৰহণ কৰিছে নাইবা এয়া নিৰ্ধাৰিত কৰিবলৈ চিলেক্টৰল মাৰ্কাৰ বা নিৰ্বাচন ক্ষম চিহ্ন হিচাবে ক্ৰিয়া কৰে । গৱেষকসকলে ৰিপ’টাৰ জিন আৰু বহিৰাগত জিনক একে DNA গঠনত ৰাখি ইয়াক কোষৰ ভিতৰত প্ৰৱেশ ঘটোৱাইছে । ইয়াত বহিৰাগত জিন চিনাক্তকৰণৰ বাবে ৰিপ’টাৰ জিনক বাছনিযুক্ত চিহ্ন হিচাপে ব‍্যৱহাৰ কৰা হয় । ৰিপ’টাৰ জিনৰ এটা উদাহৰণ হৈছে Z জিন । যিয়ে জেলী ফিচত সেউজীয়া ৰঙৰ এবিধ প্ৰ’টিন সৃষ্টি কৰে ।

প্ৰশ্ন ১০। Agrobacterium ৰ দ্বাৰা বংশগতি পৰিৱৰ্তন কৰাক প্ৰাকৃতিক বংশগত অভিযন্ত্ৰণ কিয় বোলা হয় ?

উত্তৰঃ বিজ্ঞানীসকলে আগতে ভবা নাছিল যে প্ৰকোষকেন্দ্ৰীয় কোষৰ পৰা সংকোষকেন্দ্ৰীয়বোৰৰ মাজত জিন বিনিময় হয় । Agrobacterium tumifaciens নামক বেক্টেৰিয়াই কিন্তু সংকোষকেন্দ্ৰীয় উদ্ভিদ কোষত এক বিশেষ ৰোগ সৃষ্টি কৰিবৰ জিন সুমুৱাই দিব পাৰে । বেক্টেৰিয়াৰ এই বিশেষ জিন উদ্ভিদত বেক্টেৰিয়াৰ বাবে খাদ্য আৰু বাসৰ পৰিৱেশ সৃষ্টি কৰে ৰোগ সৃষ্টি কৰে।Agrobactrium  য়ে যি পদ্ধতিত উদ্ভিদৰ DNA ক পু্ৰ্নগঠিত কৰে তাক চাই বিজ্ঞানীসকলেও এই পদ্ধতিত DNA ৰ পুৰ্নগঠিনৰ কৰা কাম আৰম্ভ কৰিলে । যিহেতু Agrobacterium য়ে প্ৰকৃতিত  এনে অভিনৱ উপায়ে বংশগতি অভিযন্ত্ৰণ সকলৰ নিচিনা কাম কৰিব পাৰে সেইবাবে ইয়াক উদ্ভিদৰ বংশগতি অভিযন্ত্ৰণত ব‍্যৱহাৰ কৰা হয় । এই পদ্ধতিক প্ৰাকৃতিক বংশগতি অভিযন্ত্ৰণ বোলা হয় । 

প্ৰশ্ন ১১। PCR কৰিবৰ সময়ত যদি ‘ডিনেচাৰ’ কৰা স্তৰ বাদ পৰি যায় তেতিয়া প্ৰক্ৰিয়াটোত কি হ’ব ? 

উত্তৰঃ পলিমেৰেজ শৃংখল বিক্ৰিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া  য’ত এটা জিন বা এটুকুৰা DNA ৰ বহুতো প্ৰতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয় । ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে ব‍্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটোত এটা আদি দ্ৰব্য , এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব‍্যৱহাৰ কৰি ইন – ভিট্ৰ সংশ্লেষণৰ অনুক্ৰম পোৱা যায় । আদি দ্ৰব্যখিনি প্ৰসাৰিত হ’বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅ’ক্সিনিউক্লিয়টচাইড) ব‍্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্ৰ থকা DNA অণুক উচ্চ উচ্চতা প্ৰয়োগ কৰা হয় যাতে সূত্ৰ দুডাল ভাঙি এডাল এডাল হৈ পৰে । এই প্ৰক্ৰয়াটোক বিকৃতিকৰণ বোলে । ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্ৰ হিচাবে ব‍্যৱহাৰ কৰা হয় , DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্ৰ সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্ৰক্ৰিয়াটোক এনিলি‌ং বোলে । ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয় । এই প্ৰক্ৰিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয় ।

প্ৰশ্ন ১২। চেলুলেজ উৎসেচকক কিয় উদ্ভিদ জিনীয় পদাৰ্থৰ পৃথকীকৰণত ব‍্যৱহাৰ কৰা হয় , প্ৰাণীৰ ক্ষেত্ৰত ব‍্যৱহাৰ নহয় ? 

উত্তৰঃ উদ্ভিদকোষত অনুবংশীয় পদাৰ্থক পৃথক কৰাৰ কাৰণে চেলুলজ নামৰ উৎসেচক বিধক ব‍্যৱহাৰ কৰা হয় । কাৰণ এই উৎসেচকে কোষবেৰখন ভাঙিব পাৰে আৰু তাৰ ভিতৰত থকা বংশগত পদাৰ্থখিনিক মুক্ত কৰে ।

প্ৰশ্ন ১৩। জিন ক্ল’নিং প্ৰক্ৰিয়াত অনুসৰণ কৰা পদক্ষেপ সমূহ লিখা ।

উত্তৰঃ জিন ক্ল’নিং প্ৰক্ৰিয়াত কোনো নিদিষ্ট DNA বাহকৰ DNA ত প্ৰতিস্থাপন কৰা হয় আৰু বাহকৰ লগত গুণন কৰি একাধিক DNA সৃষ্টি কৰা হয় । জিন ক্লি’নিং তিনিটা পৰ্যায়ৰ মাজেৰে সম্পন্ন হয় ― 

(ক) জিন আহৰণ আৰু প্ৰস্তুতকৰণ :- DNA ৰ কোনো এটা নিৰ্বাচিত অংশৰ গুণাগুণ নষ্ট নোহোৱাকৈ ৰিষ্ট্ৰকচন অণ্ড’নিউক্লিয়েজ উৎসেচকৰ সহায়ত কাটি লোৱা হয় । 

(খ) বাহকৰ দেহত প্ৰতিস্থাপন :- বেক্টেৰিয়াৰ দেহত থকা প্লাজমিতবোৰক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । প্লাজমিডবোৰ আকাৰত সৰু হোৱা কাৰণে কোষত প্ৰতিস্থাপন কৰা সহজ আৰু সেয়ে এইবোৰক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । জৈৱিক কেচি বা ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজৰ সহায়ত প্লাজমিত DNA কাটি লোৱা হয় আৰু তাত নিৰ্দিষ্ট DNA ৰ সৰু সৰু খণ্ড এটা প্ৰতিষ্ঠা কৰা হয় । এতিয়া DNA লাইগেজ উৎসেচকৰ সহায়ত বাহক DNA আৰু প্ৰতিস্থাপন কৰা DNA ৰ মূৰ দুটা যোৰ লগাই দিয়া হয় । এইদৰেই ৰিকম্বিনেন্ট প্লাজমিড পোৱা যায় আৰু প্ৰক্ৰিয়াটোক ৰিকম্বিনেন্ট DNA প্ৰয়োগবিদ‍্যা বোলে ।

(গ) প্লাজমিডক বেক্টেৰিয়া কোষত প্ৰতিষ্ঠাপন :- ৰিকম্বিনেন্ট প্লাজমিডবোৰ ইয়াৰ পিছত কোনো বেক্টেৰিয়াৰ দেহত প্ৰতিষ্ঠাপন কৰি তাৰ প্ৰতিলিপি সৃষ্টি কৰা হয় । এইদৰেই জিন ক্ল’নিং প্ৰক্ৰিয়া সম্পাদন কৰা হয় ।

প্ৰশ্ন ১৪। আনৱিক কেছি কি ? ইয়াৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ ৰেষ্ট্ৰিকচন উৎসেচকবোৰক অনুজৈৱিক কেছি বোলে ।ৰেষ্ট্ৰিকচন উৎসেচকৰ উদাহৰণ হ’ল ― Eco RV আৰু EcoRI  ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। এটা জীৱৰ বংশগত ৰূপান্তৰ কৰিবৰ বাবে কি কি পদক্ষেপ লব লাগে লিখা ।

উত্তৰঃ সংকৰণ প্ৰণালীৰে উন্নত জাতৰ প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি কৰা হৈছে । বৰ্তমান কালত কৃত্ৰিম উপায়েৰে সংশ্লেষণ কৰা DNA তথা জিনৰ উদ্ভাৱনে এই দিশত এক নতুন ক্ষেত্ৰ মুকলি কৰিছে । 1960 – 70 দশকত নিৰেনবাৰ্গ , খোৰাণা , অঁকোৱা আদিৰ গৱেষণাই এনে সূক্ষ্ম কামৰ বাবে কেতবোৰ নতুন আহিলা , পদ্ধতি আৰু কাৰিকৰী কৌশলৰ সম্ভেদ দিছে । এই প্ৰক্ৰিয়াত বেক্টেৰিয়া , ভাইৰাছ আদি অণুজীৱ আৰু কেতবোৰ উৎসেচক আহিলা হিচাপে ব‍্যৱহাৰ কৰা হৈছে । DNA শিকলিডালত ইচ্ছানুসাৰে জিন সাল – সলনি কৰিবলৈ ব‍্যৱহাৰ হোৱা অভিযান্ত্ৰিক পদ্ধতিত তলত দিয়া প্ৰক্ৰিয়াসমূহ প্ৰধানকৈ জড়িত ― 

(ক) আণুবংশিক দ্ৰব্য পৃথকীকৰণ :- কোষৰ পৰা বিশুদ্ধ DNA পৃথক কৰা ‌। আমেৰিকাৰ বেকউইথ আৰু তেওঁৰ সংগীবৃন্দই এচকেৰিচিয়া ক’লি নামৰ এবিধ বেক্টেৰিয়াৰ DNA ৰ পৰা এক বিশেষ অংশ বিশুদ্ধ অৱস্থাত সংগ্ৰহ কৰাৰ উপায় উদ্ভাৱন কৰে ।

(খ) DNA ৰ কৃত্ৰিম সংশ্লেষণ :- প্ৰয়োজনীয় জিন (DNA) কৃত্ৰিমভাৱে সংশ্লেষণ কৰা । নিৰেনবাৰ্গ , খোৰাণা , কৰ্ণবাৰ্গ আৰু তেওঁৰ সড়কৰ্মীসকলে কৃত্ৰিম DNA সৃষ্টি কৰাত কৃতকাৰ্য্য হৈছে । তেওঁলোকে ডি – অক্সিৰিব’ নিউক্লিঅ’টাইড , উৎসেচক , আয়ন আৰু এটা প্ৰাথমিক DNA মিহলি কৰি এটা নতুন DNA অণু তৈয়াৰ কৰে । এনে কৃত্ৰিম DNA পৰীক্ষা নলীৰ ভিতৰত স্বাভাৱিক DNA ৰ দৰেই দ্বৈতিকৰণ বা অনুকৃত‍্যায়ন হয় । নিৰেনবাৰ্গ , খোৰৰাণা আৰু হলিয়ে সংশ্লেষণ কৰা ছিষ্ট্ৰেনে ‘টাইৰছিন’ সংকেতিকা বহন কৰা RNA সৃষ্টি কৰিব পাৰি ।

(গ) গ্ৰাহক কোষলৈ আণুবংশিক দ্ৰব্যৰ স্থানান্তৰ আৰু হস্তকৌশল :- এটা জীৱৰ পৰা সংগ্ৰহ কৰা কৃত্ৰিম উপায়ে প্ৰস্তুত কৰা জিন (DNA) পৰীক্ষা নলীৰ পৰা অন‍্য এটা গ্ৰাহক জীৱৰ কোষত সংযোজন কৰা । দুটা প্ৰক্ৰিয়াৰে নতুন জিন গ্ৰাহক কোষত সংযোজন কৰা হয় ।

(১) ৰূপান্তৰণ :- বাহিৰৰ পৰা স্থানান্তৰ হোৱা DNA বা জিনৰ অংশটো গ্ৰাহক কোষ , কলা বা জীৱটোৱে গ্ৰহণ কৰা প্ৰক্ৰিয়াটোকে ৰূপান্তৰ বুলি কোৱা হয় । এই কাৰ্য্যত স্থানান্তৰ কৰিবলগীয়া জিনটো পোনপটীয়াকৈ গ্ৰাহক কোষৰ ভিতৰত সোমাব পাৰে । গ্ৰাহক কোষত প্ৰৱেশ কৰাৰ পাছত নতুন জিনটোৱে গ্ৰাহক কোষৰ আণুবংশিক পদাৰ্থৰ লগ লাগি প্ৰয়োজনীয় আণুবংশিক সংকেত তৈয়াৰ কৰে । এই প্ৰক্ৰিয়াৰে নতুন জিন গ্ৰাহক কোষত সংযোজন কৰোতে বেক্টেৰিয়াৰ কোষত থকা প্লাজমিড আহিলা হিচাপে লোৱা হয় । ই বাহক হিচাপে কাম কৰে । 

(২) পৰাৱেশণ :- এই প্ৰক্ৰিয়াত বেক্টেৰিঅ’ফাজৰ মাধ‍্যমেৰে নতুন জিনটো (DNA) গ্ৰাহক কোষত সুমুৱাই দিয়া হয় । 

প্ৰশ্ন ২। বেক্টেৰিয়া , উদ্ভিদ আৰু ভেঁকুৰ কোষ ভাঙি DNA ৰ লগত বৃহৎ অণু মুক্ত কৰাৰ বাবে যি উৎসেচক ব‍্যৱহাৰ কৰা হয় তাৰ নাম লিখা । 

উত্তৰঃ বেক্টেৰিয়াৰ বাবে লাইছ’জাইম উদ্ভিদ কোষৰ বাবে চেলুলেজ আৰু ভে‍ঁকুৰৰ বাবে চিটিনেজ উৎসেচক ব‍্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ৩। পাৰ্থক্য লিখা :- 

(ক) প্লাজমিড DNA আৰু ক্ৰমজমীয় DNA ।

উত্তৰঃ প্লাজমিড DNA আৰু ক্ৰম’জমেল DNA :- প্লাজমিড DNA হৈছে বেক্টেৰিয়াত থকা অতিৰিক্ত ক্ৰম’জীয় DNA অণু , যি স্বতন্ত্ৰ ক্ৰম’জমীয় DNA নোহোৱাকৈও অনুকৃত‍্যায়ন কৰিব পাৰে ।

আনহাতে ক্কম’জমীয় DNA হৈছে এটা জীৱৰ দেহত থকা ক্ৰম’জমৰ ভিতৰত থকা গোটেই DNA বোলে ।

(খ) এক্সনিউক্লিয়েজ আৰু এণ্ড’নিউক্লিয়েজজ ।

উত্তৰঃ এক্সনিউক্লিয়েজ ধৰণৰ বাধাযুক্ত এনজাইমবোৰে DNA অণুৰ 5 বা 3 অংশৰ পৰা নিউক্লিয়টাইডবোৰ আঁতৰাই আনে ।

আনহাতে এণ্ড’নিউক্লিয়েজ এনজাইমবোৰে DNA ৰ ভিতৰতে এট নিৰ্দিষ্ট অংশত ছেদন কৰি লাঠিৰ দৰে অংশৰ সৃষ্টি কৰে । 

প্ৰশ্ন ৪। Recognition sequence মানে কি বুজা ? EcoRI ৰ recognition আৰু ই ক’ত ক বিচ্ছেদ কৰে লিখা ।

উত্তৰঃ ৰেষ্ট্ৰিকছন্ উৎসেচক আৰু ডি এন এ :- ৰেষ্ট্ৰিকছন্ উৎসেচকবোৰ হৈছে আণৱিক জীৱবিজ্ঞানত ব‍্যৱহাৰ কৰা এবিধ আণৱিক কেচি যাৰ সহায়ত DNA অনুক্ৰমৰ এক নিৰ্দিষ্ট অংশ ছেদন কৰাত ব‍্যৱহাৰ কৰা হয় । ই জিনৰ অংশবোৰৰ আদান – প্ৰদানত এক গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে । এই এনজাইমবোৰে এক নিৰ্দিষ্ট ছয় বাকচৰ দৰে যুৰীয়া অনুক্ৰমক স্বীকৃতি দিয়ে যাক স্বীকৃতি অনুক্ৰম বোলে আৰু নিৰ্দিষ্ট অংশত অনুক্ৰমৰ ছেদন কৰে । উদাহৰণস্বৰূপে EcoRI এনজাইম বিধৰ বাবে স্বীকৃত অংশটো তলত দিয়া দৰে হ’ব –

ৰেষ্ট্ৰিকছন্ উৎসেচকবোৰ দুভাগত বিভক্ত কৰিব পাৰি ― 

(ক) এক্সিনিউক্লিয়েজ :- এই ৰেক্টিকছন্ উৎসেচকবিধে অণুটোৰ বা অংশৰ পৰা নিউক্লিয়টাইডটো আঁতৰাই আনে ।

(খ) এণ্ডনিউক্লিয়েজ :- এই ধৰণৰ ৰেক্টিকছন্ উৎসেচকবিধে DNA ভিতৰৰ এক নিৰ্দিষ্ট অংশত ছেদন কৰে । জিনীয় অভিযন্ত্ৰণত এই উৎসেচকবিধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াক সাধাৰণতে DNA টুকুৰাৰ লাঠিৰ দৰে অংশটো পাবলৈ , অনুক্ৰমৰ নিৰ্দিষ্ট অংশত ছেদনৰ বাবে ব‍্যৱহাৰ কৰা হয় । পৰৱৰ্তী পৰ্যায়ত ইয়াক এনজাইম DNA লাইগেজৰ দ্বাৰা সংযোগ কৰা হয় ।

প্ৰশ্ন ৫। জীৱকাৰিকৰী বিজ্ঞানত ভটিয়নী পদ্ধতি কি ? 

উত্তৰঃ ভটিয়নী পদ্ধতিৰটোত জৈৱ সংশ্লেষিত দশা সম্পূৰ্ণ হোৱাৰ পাছত বহিৰাগত জিনৰ পৃথিকীকৰণ আৰু বিশুদ্ধিকৰণ কৰা হয় । এই পদ্ধতিত পদাৰ্থখিনি পৃথক আৰু বিশুদ্ধ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয় । নামনিমুৱা পদ্ধতিৰ পাছত উৎপাদিত পদাৰ্থখিনিৰ উৎকৃষ্টতা নিয়ন্ত্ৰণ আৰু অন্যান্য পৰীক্ষাৰ বাবে পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ পৰীক্ষা – নিৰীক্ষা চলোৱা হয় ।

প্ৰশ্ন ৬। জিন ক্লনিঙৰ লগত জড়িত মুখ্য পদক্ষেপ কি কি লিখা ।

উত্তৰঃ DNA ক পুৰ্ণগঠন কৰা হয় অস্ত্ৰেপচাৰৰ যোগেদি । তাৰ বাবে প্ৰথমে লাইছ’জাইম নামৰ উৎসেচকৰ দ্বাৰা জীৱকোষৰ বেৰ গলাই DNA উলিয়াই অনা হয় । উলিয়াই অনা DNA ৰ বিশেষ অংশ চিনাক্ত কৰি ৰেছট্ৰিকশন্ এণ্ড’নিউক্লিয়েজ নামৰ উৎসেচকৰ দ্বাৰা DNA ৰ বিশেষ অংশত এনেভাৱে কটা হয় যে জোৰা লাগিব পৰা আগ ওলাই থাকে ।

চিত্ৰত দেখা যায় যে এনেধৰণৰ উৎসেচকে DNA ৰ নিউক্লিয়’টাইডৰ এনে ক্ৰম বাছি লয় , যিটো দুই ফালৰ পৰা পঢ়ি গ’লে একেই হয় । যেনে ― চিত্ৰত দেখুৱা ধৰণে G আৰু A মাজত ছেদ হৈছে । প্ৰায় এশটামান এনে উৎসেচক চিনাক্ত কৰা হৈছে ― যিবিলাকে নিউক্লিয়’টাইডৰ বিভিন্ন ক্ৰম চিনাক্ত কৰি ছেদ কৰিব পাৰে । ইয়াৰ পিছত ভাইৰাছ DNA ৰ বাও‍ঁফালৰ অংশ আৰু প্লাজমিডৰ সোঁফালৰ অংশ লাইগেজ নামৰ উৎসেচকৰে জোৰা দিয়া হৈছে । জোৰা দিয়াৰ পিছত পুৰ্ণগঠিত DNA বেক্টেৰিয়াৰ দেহত স্থাপন কৰা যায় । ইয়াৰ ফলত বেক্টেৰিয়াটোৰে নতুন গুণ লাভ কৰে । এনেধৰণে জিন জোৰা দিয়া কাৰ্য্যক জিন ক্লনিং বোলা হয় ।

প্ৰশ্ন ৭। ক অংশৰ লগত খ অংশ মিলোৱা –

Column AColumn B
(১) বংশগতি অভিযন্ত্ৰণ(১) পৰিবাহৰ + ইনছাৰট
(২) ষ্টিকি এনড্(২) ৰেষ্ট্ৰিকচন এণ্ড’নিউক্লিয়েজ
(৩) ইলেক্ট্ৰন পৰচন্(৩) বেছিকৈ উৎপাদন
(৪) বাহক DNA(৪) বাহক শূণ্য জিন বদল
(৫) rDNA(৫) DNA পুৰ্ণগঠন কৌশল 
(৬) বায়ৰিয়েক্টৰ(৬) ক্লনিং কৰা বাহক

উত্তৰঃ 

Column AColumn B
(১) বংশগতি অভিযন্ত্ৰণ (৫) DNA পৰ্ণগঠন কৌশল 
(২) ষ্টিকি এনড্ (২) ৰেষ্ট্ৰিকচন এণ্ড’নিউক্লিয়েজ 
(৩)ইলেক্ট্ৰন পৰচন্(৪) বাহক শূন‍্য জিন বদল
(৪) বাহক DNA(৬) ক্লনিং কৰা বাহক
(৫) rDNA(১) পৰিবাহৰ + ইনছাৰট
(৬) বায়ৰিয়েক্টৰ(৩) বেছিকৈ উৎপাদন 

প্ৰশ্ন ৮। পুৰ্ণগঠিত DNA ৰ বাবে কি দুটা ভিন্ন DNA ৰ প্ৰয়োজন ।

উত্তৰঃ কোনো এটা DNA ত অন‍্য DNA ৰ পৰা সংগ্ৰহ কৰা বিশেষ গুণৰ জিন সন্নিবিষ্ট কৰি DNA পুৰ্ণগঠিত কৰা হয় । গতিকে সদায় পুৰ্ণগঠিত DNA ৰ দুটা প্ৰয়োজন ‌।

প্ৰশ্ন ৯। ‘জেল’ ইলেকট্ৰফৰ’ছিছৰ তত্ত্বৰ উল্লেখ কৰা আৰু জীৱকাৰিকৰী বিজ্ঞানত ইয়াৰ দুটা ব‍্যৱহাৰ উল্লেখ কৰা ।

উত্তৰঃ DNA – ৰ টুকুৰাবোৰ ঋণাত্মক টুকুৰাযুক্ত সেইবাবে মেট্ৰিক্সৰ জৰিয়তে সাধাৰণতে আগাৰ’জ বৈদ‍্যুতিক ক্ষেত্ৰত ইহঁতে এন’ডৰ ফালে গতি কৰে । এই মেট্ৰিক্স জে’লবোৰে চালনী হিচাবে ক্ৰিয়া কৰে আৰু DNA ৰ টুকুৰাবোৰ গলি ক্ৰমান্বয়ে নিজৰ আকৃতি লাভ কৰে । 

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ১০। ভিন্ন জাতিৰ বা পুৰ্ণগঠিত DNA ৰ পোষক দেহত স্থাপন কৰাৰ বাবে যিকোনো তিনি ধৰণৰ পন্থা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ (ক) পুৰ্ণগঠিত DNA ক প্লাজমিডৰ সহায়েৰে প্ৰৱেশ কৰা ।

(খ) ভাইৰাছৰ সহায়েৰে পোষক দেহত প্ৰৱেশ কৰোৱা হয় । 

(গ) ‘জিন গান’ সহায়েৰে কোষৰ ভিতৰত স্থাপন কৰা হয় ।

বিশেষ প্লাজমিড যেনে Agrobacterium ৰ Ti Plasmid , E. Coli ৰ K12 আৰু PSCIOI আদি প্লাজমিড ব‍্যৱহাৰ কৰা হয় । ভাইৰাছৰ (লেমডা) পৰিবাহক , M13 পৰিবাহক আদি ব‍্যৱহাৰ হয় । আজিকালি এটি সঁজুলি প্ৰস্তুত কৰি উলিয়াইছে যাৰ দ্বাৰা যোৰকৈ বন্দুকৰ গুলিৰ পুৰ্ণগঠিত DNA ক পোষক কোষত সুমুৱাই দিয়া হয় । 

প্ৰশ্ন ১১। জিৱ প্ৰযুক্তিবিদ‍্যা কি ? জীৱপ্ৰযুক্তিৰ নীতিসমূহ কি কি আলোচনা কৰা ।

উত্তৰঃ মানৱ সমাজৰ উন্নতিৰ হকে আনৱিক জীৱবিদ‍্যাৰ যিটো শাখাত কৃত্ৰিম জিনৰ সংশ্লেষণ , জিনৰ সংশোধন , জীৱদেহত উন্নত জিনৰ উপস্থাপন , দোষমুক্ত জিনৰ অৱস্থাপন নাইবা জিনৰ সালসলনি ঘটোৱা হয় তাকে জিনীয় অভিযন্ত্ৰণ বোলা হয় । জীৱ বিজ্ঞানৰ যিটো শাখাত জিনীয় অভিযন্ত্ৰণ আৰু অন্যান্য অনুজীৱৰ যি কাৰিকৰী প্ৰয়োগ তাক সামৰি জীৱপ্ৰযুক্তিবিদ‍্যা বোলে।

জীৱ প্ৰযুক্তিবিদ‍্যাৰ প্ৰধান নীতি দুটা হ’ল ― (ক) জিনীয় অভিযন্ত্ৰণ :- যাৰ দ্বাৰা নতুন জিনীয় সংমিশ্ৰণ ঘটাই নতুন জীৱ পাব পাৰো । জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা বংশগত ৰোগ নিৰাময় , উন্নত উৎপাদনক্ষম উদ্ভিদৰ কৰ্ষণ আদি কৰা হৈছে ।

(খ) অনুজীৱৰ প্ৰয়োগৰ দ্বাৰা সুৰা উদ‍্যোগ , জৈৱ গেছ উৎপাদন , প্ৰতিজৈৱিক উৎপাদন , কলাকৰ্ষণ , চিকিৎসা বিজ্ঞানৰ নানান সামগ্ৰী যেনে হৰম’ন , এনজাইম , এন্টিবডী আদি প্ৰস্তুত কৰা হয় ।

প্ৰশ্ন ১২। PCR কি ? PCR ৰ নীতিসমূহ লিখা ?

উত্তৰঃ PCR ৰ সম্পূৰ্ণ নাম হ’ল Polymerase Chain Reaction ।

(ক) সৰু সৰু DNA অনুবোৰ সৃষ্টি কৰি তাৰপৰা পৃথকীকৰণ কৰা হয় ।

(খ) DNA অনুকত‍্যায়ন ঘটাই কেবা নিযুত নতুন DNA অনু উৎপন্ন কৰা হয় ।

(গ) কম সময়ত এনে গুণ বিশিষ্ট জীৱৰ বিকাশত ব‍্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ১৩। ৰিকশ্বিনেন্ট DNA প্ৰযুক্তিবিদ‍্যাত কেনেদৰে এটা বেক্টেৰিয়া কোষে প্ৰতিযোগী উপযোগী কোষ গঠন কৰে ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ বেক্টেৰিয়াৰ দেহত DNA ৰ ৰিকম্বিনেন্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়।সেয়েহে ইয়াৰ ৰিকম্বিনেন্ট DNA প্ৰয়োগবিদ‍্যা বুলিও কোৱা হয় । এই প্ৰক্ৰিয়াত বেক্টেৰিয়াৰ প্ৰধান বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । সেয়েহে বেক্টেৰিয়াক DNA অনুকত‍্যায়ন কাৰণে উপযুক্ত কোষ বুলি ধৰা হয় ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। EcoRI ক ভিন্ন DNA ক ছেদ কৰিবলৈ ব‍্যৱহাৰ কৰা হয় পুৰ্ণগঠিত DNA সৃষ্টি কৰিবলৈ এটি নক্সাৰ সহায়ত দেখুওৱা ।

উত্তৰঃ   

প্ৰশ্ন ২। পলিমাৰেজ চেইন ৰিয়েকচন্ কি আৰু কেনেকৈ ইয়াক জিনৰ সংখ্যা বৃদ্ধিৰ বাবে ব‍্যৱহাৰ কৰিব পৰা যায় ? 

উত্তৰঃ পলিমেৰেজ শৃংখল বিক্ৰিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া য’ত এটা জিন বা এটুকুৰা DNA ৰ বহুতো প্ৰতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয় । ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে ব‍্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটোত এটা আদি দ্ৰব্য , এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব‍্যৱহাৰ কৰি ইন – ভিট্ৰ সংশ্লেষণৰ অনুক্ৰম পোৱা যায় । আদি দ্ৰব্যখিনি প্ৰসাৰিত হ’বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅ’ক্সিনিউক্লিয়টচাইড) ব‍্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্ৰ থকা DNA অণুক উচ্চ উষ্ণতা প্ৰয়োগ কৰা হয় যাতে সূত্ৰ দুডাল ভাঙি এডাল এডাল হৈ পৰে । এই প্ৰক্ৰিয়াটোকে বিকৃতিকৰণ বোলে । ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্ৰ হিচাবে ব‍্যৱহাৰ কৰা হয় , DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্ৰ সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্ৰক্ৰিয়াটোক এনিলিং বোলে ‌। ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয় । এই প্ৰক্ৰিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয় ।

প্ৰশ্ন ৩। আণৱিক কেঁচি কি ? DNA পুৰ্ণগঠত কৌশলত এইবিলাকৰ ভূমিকা ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ Restriction উৎসেচকক আণৱিক কেঁচি বুলিব পাৰি । দুই ধৰণৰ এনে উৎসেচক আছে । এবিধক কোৱা হয় Exomulease আৰু আন বিধক কোৱা হয় Endonuclase । প্ৰথম বিধে  DNA ৰ নিউক্লিয়টাইড ক্ৰম মূৰৰ পৰা কাটে আৰু দ্বিতীয় বিধে মাজৰ পৰা বিশেষ ক্ৰমত কাটে । এনে কাৰ্য্য অতি জটিল পৰ্য্যায়ৰ । কিন্তু উক্ত উৎসেচকে নিৰ্দিষ্ট ঠাই DNA ক বিচ্ছেদ কৰে । 

ইয়াৰ প্ৰণালী এনে ধৰণৰ ― বিশুদ্ধ ডি এন এ – ৰ অণুবিলাক ৰেষ্ট্ৰিকছন্ উৎসেচকৰ সৈতে ইনকিউবেট কৰি ৰেষ্ট্ৰিকছন্ উৎসেচক পাচনকাৰ্য্য সম্পাদন কৰা হয় । উৎসেচকৰ কাৰণে প্ৰয়োজনীয় আৰু সৰ্বশ্ৰেষ্ঠ পৰিৱেশ বা অৱস্থাতহে এই কাৰ্য্য সম্পন্ন কৰা হয় । ৰেষ্ট্ৰিকছন্ উৎসেচক পাচনকাৰ্য্যৰ অগ্ৰগতি ৰুধিবলৈ এগাৰোজ জেল ইলেক্ট্ৰফ’ৰেচিছৰ সহায় লোৱা হয় । ডি এন এ এটা ঋণাত্মকভাৱে আহিত অণু । গতিকে ই ধনাত্মক বিদ‍্যুত মূৰ বা ধনমূৰ লৈ গতি কৰে । এই প্ৰণালী বাহক ডি এন এৰ ক্ষেত্ৰতো পুনৰাবৃত্তি হয় ।ডি এন এ – ৰ সংযোগীকৰণৰ বিভিন্ন পদ্ধতি আছে । এটা নিৰ্দিষ্ট ৰেষ্ট্ৰিকছন উৎসেচকৰ সহায়ত মূল ডি এন এ আৰু বাহক ডি এন এ কটাৰ পিছত মূল ডি এন এৰ পৰা কাটি উলিওৱা মনে বিচৰা জিন আৰু কাটি উলিওৱা বাহকৰ মিশ্ৰণ কৰা হয় আৰু তাত লাইগেজ উৎসেচক কৰা হয়।ইয়াৰ ফলস্বৰূপেই ৰিকম্বিনেন্ট ডি এন এ – ৰ অধঃক্ষেপণ পোৱা যায়। 

এই উৎসেচকবিলাকে DNA ৰ জিন যিবিলাকক সাধাৰণ অণুবীক্ষণ যন্ত্ৰত দেখা না যায় সেই বিলাকক অতি সূক্ষ্মভাৱে কাটে যে এই পদ্ধতিক জিন চাৰজাৰিও বোলা হয় ।

প্ৰশ্ন ৪। যিকোনো DNA পুৰ্ণগঠন য’ত বিচৰা জিন থাকে তাৰ নিযুত সংখ্যাক প্ৰতিলিপি ব‍্যৱসায়ীক ভিত্তিত কেনেকৈ প্ৰস্তুত কৰা যায় ? কেনেকৈ ইয়াৰ বৰ্ধন কৰা হয় ? ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ ছাত্ৰ – ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন ৫। বংশগতি অভিযন্ত্ৰণৰ কল্পনা কেনেকৈ বিকাশ ঘটিল আলোচনা কৰা । 

উত্তৰঃ আনুবংশিক প্ৰযুক্তিবিজ্ঞান হ’ল কোনো বিশেষ জিনৰ চিনাক্তকৰণ , প্ৰয়োজন অনুসৰি তাৰ দূৰীকৰণ , জিনৰ গঠনৰ সংশোধন , এবিধ জীৱৰ জিন অন‍্য এবিধ জীৱৰ জিনলৈ ৰূপান্তৰিত কৰা আৰু আৱশ‍্যকবোধে এক বিশেষ জিনৰ গঠন আৰ্হিত বিজ্ঞানাগাৰত কৃত্ৰিম জিনৰ সংশ্লেষণ কৰি , তাক জীৱদেহত স্থাপন কৰা ইত্যাদি ।

জিন গৱেষণাৰ ফলত উক্ত প্ৰশ্নসমূহতে সমাধান ওলালে , ইয়াৰ সম্ভাৱ‍্য পৰিণতি সম্বন্ধেও বিজ্ঞানীসকলৰ মাজত বৰ্তমান নানা আলোচনা – বিলোচনা , মতানৈক‍্য আদিৰ সৃষ্টি হৈছে । জিনৰ ওপৰত যুগান্তকাৰী গৱেষণাই সমাজৰ যিদৰে নানান কল‍্যাণ সাধিব পাৰে বুলি আশা কৰা হৈছে , সেইদৰে ই আওপকীয়াভাৱে নানা বিপৰ্যয়ো আনিব পাৰে বুলি বহুতো আশংকা কৰিছে । অৱশ‍্যে তেওঁলোকে ইয়াৰ প্ৰতিবিধানৰ ব‍্যৱস্থাও কৰিছে ।

জিন গৱেষণাৰ সম্ভৱ‍্য সুফলসমূহ এনেধৰণৰ ― জিন গৱেষকসকলৰ মতে এনে গৱেষণাই অদূৰ ভৱিষ্যতে সেউজ বিল্পৱৰ যুগান্তৰ আনিব । মানৱ সমাজত যাৰ ফল হ’ব সুদূৰপ্ৰসাৰী । লগতে হয়তো হ’ব কৃষিজাত উদ্ভিদৰ গুণগত আৰু পৰিমাণগত উন্নয়ন । 

জিন গৱেষণাৰ আন এটি বহুমূলীয়া সম্ভাৱনা হ’ল ৰক্তক্ষৰণ , বহুমূত্ৰ আদি বংশগত ৰোগ নিৰাময় আৰু জন্মগত শাৰীৰিক ত্ৰুটি – বিচ‍্যুতি দূৰ কৰাৰ উপায় উদ্ভাৱন কৰা ।

এই গৱেষকসকলৰ মতে ইয়াৰ অন্য এক গুৰুত্বপূৰ্ণ সম্ভাৱনা এই যে ইয়াৰ ফলত অদূৰ ভৱিষ্যতে মানুহ বা আন জীৱৰপৰা কোনো বিশেষ জিন উলিয়াই নি , সেয়া কেতবোৰ বেক্টেৰিয়াৰ দেহত স্থাপন কৰি , সেইবোৰক ক্ষুদ্ৰাকাৰ কাৰখানা হিচাপে ব‍্যৱহাৰ কৰি ব‍্যৱসায়িক ভিত্তিত কিছুমান মূল‍্যৱান জৈৱ ৰাসায়নিক পদাৰ্থ (প্ৰতিৰক্ষী ,অন্তঃক্ষৰণ ৰস আদি) সংশ্লেষণ কৰিব পৰা যাব । 

জিন গৱেষণাই ভৱিষ্যতে পৰিয়াল পৰিকল্পনা এনেকুৱা ― জিন গৱেষণাৰ ফলস্বৰূপে অদূৰ ভৱিষ্যতে বিজ্ঞানাগাৰত কৃত্ৰিম উপায়েৰে মানুহ তৈয়াৰ কৰাও হ’ব পাৰে বুলি বিজ্ঞানীসকলে ভাবিছে । এই প্ৰক্ৰিয়াত অদূৰ ভৱিষ্যতে কোনোবাই যদি ইচ্ছা কৰি বা চখ কৰিয়ে এনেদৰে কৃত্ৰিমভাৱে মানুহ সৃষ্টি কৰে , তেন্তে সমাজত তাৰ প্ৰতিক্ৰিয়া কেনে হ’ব , সেয়া চিন্তা কৰিবলগীয়া কথা । এনে মানুহৰ তথাকথিত পিতৃ – মাতৃ , আত্মীয় – স্বজন আদি থাকিবনে । তদুপৰি তেনে মানুহৰ মানসিকতা , কাম – কাজ আদি কেনে হ’ব ? তেনে মানুহ প্ৰকৃতাৰ্থত মানুহ নে যন্ত্ৰ মানৱ হ’ব ? যদিও এইবোৰ কাৰ্য্যক্ষত্ৰত বৰ্তমানলৈকে প্ৰয়োগ কৰিব পৰা হোৱা নাহ । এনেবোৰ প্ৰশ্নই ইতিমধ্যে বিজ্ঞানীসকলক ব‍্যতিব‍্যস্ত কৰি তুলিছে । কাৰণ এটি ভয়ৰ কথাও আছে যে , পৰমাণু বোমাক ৰাজনৈতিক উদ্দেশ্যত অপব‍্যৱহাৰ কৰাৰ দৰে , এই প্ৰক্ৰিয়াকো যদি ৰাজনৈতিক স্বাৰ্থ পূৰণাৰ্থে ‘ডাঙৰ নেতা’ , সোনধ‍্যক্ষ আদি তৈয়াৰ কৰা কামত ব‍্যৱহাৰ কৰা হয় , তেতিয়া ?

জিন গৱেষণাবোৰ ঘাইকৈ বেক্টেৰিয়া জীৱাণু আদিৰ জৰিয়তে কৰা হয়। বহুতো বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এনে গৱেষণাৰ ফলত ঘটনাক্ৰমে কেতিয়াবা কোনো বেক্টেৰিয়া বা জীৱাণুৰ দেহত এনে নতুন জিন , গৱেষকৰ অজানিতে প্ৰৱেশ কৰিব পাৰে বা এইবোৰৰ দেহত থকা কোনো জিনৰ এনে গুণগত পৰিৱৰ্তন হ’ব পাৰে , যে তাৰ ফলতে ই ভয়াবহ ৰোগ সৃষ্টিকাৰী বীজাণুত পৰিণত হ’ব । এই ক্ষেত্ৰত এনে আশংকাও কৰা হৈছে যে , আমাৰ বৰ্তমান আৱিষ্কৃত কোনো ঔষধ এই নতুন বীজাণুক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হ’ব ইত্যাদি । কিন্তু বিজ্ঞানীসকলে এই সকলোবোৰ সম্ভাৱনাৰ প্ৰতিবিধানৰ ব‍্যৱস্থাও ইতিমধ্যে কৰিছে ।

প্ৰশ্ন ৬। ৰিকম্বিনেন্ট DNA প্ৰযুক্তিবিদ‍্যা কি ? ৰিকম্বিনেন্ট DNA প্ৰযুক্তিবিদ‍্যাৰ প্ৰক্ৰিয়াৰ ওপৰত এটা চমু টোকা লিখা ।

উত্তৰঃ জিন ক্ল’নিং জিনীয় অভিযন্ত্ৰণৰ প্ৰধান আহিলা । এই প্ৰক্ৰিয়াত কোনো বাহকৰ গাত প্ৰয়োজনীয় DNA প্ৰতিষ্ঠাপন কৰি নতুন DNA ৰ সৃষ্টি কৰা হয় । আজিকালি বেক্টেৰিয়া কোষত থকা প্লাজমিডক বাহক হিচাপে লোৱা হয় । প্লাজমিড বেক্টেৰিয়া কোষত থকা ঘূৰণীয়া আকৃতিৰ DNA । প্লাজমিডৰ DNA বেক্টেৰিয়াৰ মূল জিন সংহতিৰ ওপৰঞ্চি থকা জিনৰ থূপ । ইয়াত কিছুমান লিংগীক চৰিত্ৰৰ,এন্টিবায়টিক প্ৰতিৰোধক আদি জিন থাকে । আকাৰত সৰু হোৱা বাবে প্লাজমিডবোৰক কোষত প্ৰতিষ্ঠাপন কৰা সহজ আৰু সেয়েহে এইবোৰক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । ঘূৰণীয়া প্লাজমিড ডি এন এ ৰ এটা অংশ কাটি আঁতৰাই তাত আন কোনো কোষৰ প্ৰয়োজনীয় চৰিত্ৰযুক্ত DNA ৰ অংশ আনি জোৰা লগাই সংকৰ ডি এন এ সৃষ্টি কৰি অন‍্য কোষত প্ৰতিষ্ঠাপন কৰা হয় । এই প্ৰক্ৰিয়াটোক ৰিকমবিনেন্ট ডি এন এ প্ৰয়োগবিদ‍্যাও বোলে । 

ৰিকমবিনেন্ট ডি এন এ প্ৰয়োগবিদ‍্যাত প্লাজমিড নাইবা ভাইৰাছ ডি এন এ ক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । ৰেছট্ৰিকছন এণ্ড’নিউক্লিয়েজ উৎসেচকৰ দ্বাৰা বাহক DNA ৰ অংশ এটা কাটি পেলোৱা হয় আৰু তাত বেলেগ কোষৰ পৰা আহৰণ কৰা প্ৰয়োজনীয় ডি এন এ ৰ নিৰ্দিষ্ট অংশ প্ৰতিষ্ঠাপন কৰা হয় । লাইগেজ উৎসেচকে বাহক DNA লগত উপস্থাপক প্ৰয়োজনীয় DNA ৰ মূৰ দুটা লগ লগোৱা কাৰ্য্যত সহায় কৰে।এনেদৰে সৃষ্টি কৰা এই সংকৰ DNA কোনো এক বেক্টেৰিয়া কোষত প্ৰতিষ্ঠাপন কৰাৰ পিছত তাৰ প্ৰতিলিপি সৃষ্টি কৰি বিশুদ্ধকৰণ কৰা হয় । সাধাৰণতে প্ৰতিলিপি সৃষ্টিৰ বাবে ই কলি বেক্টেৰিয়া ব‍্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ DNA ৰ আণৱিক গঠন ভালদৰে জনা আছে ।

প্ৰশ্ন ৭। বায়’ৰিয়েক্টৰ কি ? বায়’ৰিয়েক্টৰৰ এটা চিহ্নিত চিত্ৰ আঁকি কাৰ্য্যৱলী বৰ্ণনা কৰা ।

উত্তৰঃ বায়’ৰিয়েক্টৰ বা ফাৰ্মেন্টাৰ এটা ষ্টিলৰ আহিলা যিটোত প্ৰায় 500000 dm³ পৰ্যন্ত পানী জমা কৰিব পৰা যায় । ইয়াত উষ্ণতা নিয়ন্ত্ৰণ কৰিব পৰা ব‍্যৱস্থাও আছে । ইয়াত সকলো পদাৰ্থকে সাৱধানে মিহলি কৰা হয় যাতে অনুজীৱবোৰে সিঁহতৰ পুষ্টিক আহৰণ কৰিব পাৰে আৰু কিছুমান যাতে তলীত জমা নহয় । 

এই আহিলাটোত বিশেষ বায়ুৰ তাপৰ আৰু PH ৰ মাপকৰ দ্বাৰা নিৰ্দিষ্ট কৰি ৰখা হয় । ইয়াৰ উপাংশসমূহ হ’ল ― ইন’কুল’ছন প’ৰ্ট , নিউট্ৰিয়েন্ট প’ৰ্ট , এন্টিফ’ম প’ৰ্ট , আৰু PH প’ৰ্ট । ইয়াৰ চিত্ৰ তলত দিয়া ধৰণৰ 

গুৰুত্ব :- এটা নিয়ন্ত্ৰিত কক্ষত বিচৰা মতে অনুজীৱৰ উৎপাদন বঢ়াব পৰা কৌশলটোকে বায়’ৰিয়েক্টৰ বোলে । গৱেষণাগাৰত সৰু বায়’ৰিয়েক্টৰ ব‍্যৱহাৰ কৰিলেও অনুজীৱৰ কম সময়ত বংশ বৃদ্ধিৰ কাৰণেই ইয়াক ব‍্যৱহাৰ কৰা হয় ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top