Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ and select needs one.

Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ Solutions for All Subject, You can practice these here…

জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Chapter: 15

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। জীৱ বৈচিত্ৰৰ তিনিটা স্তৰৰ সম্পৰ্কে চুটিকৈ লিখা ।

উত্তৰঃ জীৱ বৈচিত্ৰ জীৱদেহৰ অণু পৰিমাণুৰ পৰা আৰম্ভ কৰি পৰিলেশততন্ত্ৰলৈ  বিস্তৃত জৈৱ বৈচিত্ৰ প্ৰকাৰ হিচাপে আমি তলত উল্লেখ কৰা ভাগত ভগাব পাৰো ― 

(ক) আণুবংশীয় বৈচিত্ৰ্য :- একোটা প্ৰজাতিৰ ভিতৰত অসংখ্য ধৰণৰ অনুবংশীয় বৈচিত্ৰ‍্য থকা যায় । প্ৰজাতিৰ ফালৰ পৰা যদিও এইবিলাক দেখাত একেই কিন্তু এই বিলাকৰ মাজত সূক্ষ্ম আনুবংশিক পাৰ্থক্য থাকে যাৰ বাবে সূক্ষ্ম গুণগত পাৰ্থক্যও থাকে উদাহৰণ হিচাপে Rauwlfia vomitoria নামৰ ঔষধি গছ হিমালয়ৰ বিভিন্ন অঞ্চলত পোৱা যায় কিন্তু এই বিলাকৰ ঔষধী গুণৰ তাৰতম্য লক্ষ্য কৰা যায় সূক্ষ্ম পৰীক্ষাৰ দ্বাৰা । 

Reserpine নামৰ ৰাসায়নিক দ্ৰব‍্য যি ঔষধ হিচাপে এই গছৰ পৰা আহৰণ কৰা হয় তাৰ ঘনত্ব আৰু ঔষধৰ মান সকলোতে একে নহয়।এনে ধৰণৰ পাৰ্থক্যৰ মূল কাৰণ একে প্ৰজাতিৰ উদ্ভিদ হ’লেও বিভিন্ন পৰিৱেশত অৱস্থান কৰাৰ বাবে পৰিৱেশৰ লগত খাপ খুৱাবৰ বাবে সামান্য হ’লেও কিছু আনুবংশিক পৰিৱৰ্তনে দেখা দিয়ে আৰু ইয়াৰ ফলত এটা প্ৰজাতিৰ মাজতেই অনেক প্ৰকাৰ সৃষ্টি হয় উদাহৰণ হিচাপে ধানৰ আৰু আমাৰ কথা ধৰা যাওক । ধানৰ প্ৰায় 50,000 আৰু আমাৰ প্ৰায় 1000 প্ৰকাৰ আমাৰ দেশত পোৱা যায় ।

(খ) প্ৰজাতি বৈচিত্ৰ্য :- পৃথিৱীৰ বিভিন্ন অঞ্চলত আনকি এখন দেশত বা এখন পৰ্বতত বা এখন বনানিত বিভিন্ন ধৰণৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰায় দেখা যায় । পৰুৱা সাপ , ভেঁকুলী , ঘাঁহ আদিৰ অসংখ্য প্ৰজাতি থকাৰ কথা আমি জানো । তেনেকৈ একোটা গোত্ৰত অনেক গণ আৰু একোটা গণত অনেক প্ৰজাতি থাকিব পাৰে ।

(গ) পৰিৱেশ সম্পৰ্কীয় বৈচিত্ৰ্য :- একোটা দেশৰ আয়তন আৰু অৱস্থান চাই অসংখ্য ধৰণৰ পৰিৱেশতন্ত্ৰ থাকিব পাৰে । আমাৰ দেশত যেনেকৈ বৃষ্টি অৰণ্য , পাৰ্বত‍্য অৰণ্য , সমতলৰ অৰণ্য , মৰুভূমি , মেঙ্গগ্ৰব্ , জলাভূমি , ঘাঁহনি , সাগৰৰ দাঁত কাষৰিয়া অঞ্চলৰ লবণাক্ত জলাভূমি আদিৰ সকলোৱেই একো একোটা পৰিৱেশতন্ত্ৰ সৃষ্টি কৰে । সৰু দেশ একোটাত ইমান বিভিন্ন ধৰণৰ পৰিৱেশতন্ত্ৰ দেখা নাযায় ।একো একোটা পৰিৱেশতন্ত্ৰ গঠন হওঁতে লাক্ষ লাক্ষ বছৰ লাগি যায় কিন্তু আমাৰ অপকৰ্মৰ ফলত এশ বা দুশ বছৰত এনে একোটা পৰিৱেশতন্ত্ৰ ধ্বংস হৈ যাব পাৰে । 

পৰিৱেশতন্ত্ৰ ধ্বংসৰ মূল কাৰণ প্ৰজাত ধ্বংস । মানুহে বাছি বাছি প্ৰজাতি ধ্বংস কৰে নিজৰ প্ৰয়োজন পূৰাবৰ বাবে । একোটা প্ৰজাতি ধ্বংস হ’লে লগতে অনেক প্ৰজাতিও ধ্বংসৰ মুখত পৰে আৰু ক্ৰমে ক্ৰমে সম্পূৰ্ণ একোটা পৰিৱেশতন্ত্ৰ লুপ্ত হৈ পৰে । জৈৱ বৈচিত্ৰ্যই আমাৰ আৰু সমগ্ৰ প্ৰাণী আৰু উদ্ভিদৰ জীয়াই থকাৰ সমল যোগায় । আমাৰ কৃষি আৰু অন্যান্য উৎপাদন সম্পৰ্কীয় ব‍্যৱস্থা ভাঙি পৰিব যদি জৈৱ বৈচিত্ৰ্য নষ্ট হৈ যায় । 

প্ৰশ্ন ২। পৰিৱেশতন্ত্ৰত প্ৰজাতি বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰঃ এটি পৰিৱেশতন্ত্ৰক সুস্থভাৱে পৰিচালিত হ’বলৈ প্ৰজাতিৰ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰশীল হয় নে নহয় এইটো অধ‍্যয়নৰ প্ৰচেষ্টা কৰা হৈছে । এটি পৰিৱেশতন্ত্ৰ কিমান দূৰ স্থায়ী ইয়াৰ উৎপাদন ক্ষমতা কিমান পুৰ্ণগঠন ক্ষমতা কিমান , ই অন্য ঠাইৰ প্ৰজাতি বসতি কৰিবৰ প্ৰচেষ্টা কৰিলে কিমান দূৰ বাধা দিব পাৰে ইত্যাদিৰ ওপৰত পৰিৱেশতন্ত্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে । David Tilman ৰ এটি পৰীক্ষাৰ পৰা জনা গৈছে যে পৰিৱেশতন্ত্ৰ যিমানেই প্ৰজাতিত চহকী হ’ব , সিমানেই স্থায়ী হ’ব অৰ্থাৎ তাৰ সামূহিক জীৱ – ভৰ উৎপাদন ক্ষমতা স্থিৰ থাকিব । আমি এতিয়াও নাজানো প্ৰজাতি বৈচিত্ৰ্য পৰিৱেশতন্ত্ৰৰ বাবে কিমান সুফল প্ৰদান কৰে কিন্তু আমি নিশ্চিত যে পৰিৱেশতন্ত্ৰৰ জৈৱ বৈচিত্ৰ্য আমাৰ জীয়াই থাকিবৰ বাবে অতি প্ৰয়োজন । আমি দৈনন্দিন জীৱনত কিমান ধৰণৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰো এবাৰ ভাবি চোৱা । আমি কি কি বস্তু খাওঁ , কি পিন্ধো , কিহেৰে ঘৰ সাজো , আমাৰ ঘৰ আৰু বাহিৰত কি কি সৰঞ্জাম ব‍্যৱহাৰ কৰো আদি বিচাৰ কৰিলে বুজিব পাৰিবা যে এই সকলোবোৰ উৎপাদন কৰে বিভিন্ন প্ৰজাতিয়ে । 

আমাৰ কৃষি উৎপাদন , খেতি পথাৰ ৰক্ষা কৰা আদিত কিমান ধৰণৰ পতঙ্গই আমাক সহায় কৰে জানিলে আচৰিত হ’বা । আমাৰ খেতি মাটিৰ উৰ্বৰা শক্তি বজায় ৰাখিবলৈ অজস্ৰ ধৰণৰ জীৱাণুয়ে আমাৰ সহায় কৰে । আমি নাজানো অনেক প্ৰজাতি চিৰদিন বাবে ধ্বংস কৰি পেলাইছো । এটা প্ৰজাতি জীয়াই থাকিলে ক্ৰমবিৱৰ্তনৰ ফলত অন্য প্ৰজাতিৰ সৃষ্টি হয় । আদিতে পৃথিৱীত ইমান প্ৰজাতি নাছিল । ক্ৰমবিৱৰ্তনৰ ফলত আজি আমাৰ প্ৰয়োজনত লগা অসংখ্য প্ৰজাতি সৃষ্টি হৈছে । আজিৰ প্ৰজাতিসমূহ ধ্বংস নোহোৱাকৈ ৰাখিলে ভৱিষ্যতে অধিক গুণ সম্পূৰ্ণ অনেক প্ৰজাতিৰ সৃষ্টি হ’ব পাৰে । আৰু এটা মনত ৰখা উচিত যে একোটা প্ৰজাতিক আশ্ৰয় কৰি অন্য অনেক প্ৰজাতি যেনে পোক – পৰুৱা , চৰাই , কীট , লতা জাতীয় আৰু পৰবাসী উদ্ভিদ আদি জীয়াই থাকে । 

তেনে একোটা প্ৰজাতিক আশ্ৰয় কৰি অন্য অনেক প্ৰজাতি যেনে পোক – পৰুৱা , চৰাই , কীট , লতা জাতীয় আৰু পৰবাসী উদ্ভিদ আদি জীয়াই থাকে । তেনে একোটা প্ৰজাতি সম্পূৰ্ণ ধ্বংস হ’লে এই সকলো বিলাকো ধ্বংস হয় । আমাৰ পৰিৱেশতন্ত্ৰত থকা সকলো প্ৰজাতি কোনো নহয় । কোনো ভাৱে আমাক সহায় কৰে । এটি পৰিৱেশতন্ত্ৰত সকলো প্ৰজাতি এটি বৃহৎ খাদ্য জালত আৱদ্ধ ।

প্ৰশ্ন ৩। বিদেশী প্ৰজাতি কোনো অঞ্চলত আনি প্ৰৱৰ্তন কৰা কিয় বিপদজনক ? 

উত্তৰঃ বিদেশৰ পৰা যেতিয়া কোনো প্ৰজাতি আনি দেশত স্থাপন কৰা হয় তেতিয়া নানা প্ৰতিক্ৰিয়াই দেখা দিব পাৰে ‌। যেনে ― জীৱটোৰ বৰ্তমান দেশত তাৰ স্বাভাৱিক প্ৰতিযোগী নাথাকে , তাক আক্ৰমণ কৰা বীজাণু , কীট , পলু আদি নাথাকিব পাৰে । গতিকে ইয়াৰ প্ৰচণ্ডভাৱে বৃদ্ধি হ’বলৈ ধৰে । ফলত স্থানীয় প্ৰজাতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰশ্ন ৪। আবাসভূমি খণ্ড বিখণ্ড হ’লে কেনেকৈ জৈৱ বৈচিত্ৰ্য হ্ৰাস হয় ? 

উত্তৰঃ যেতিয়া জীৱৰ বৃক্ষ আৱাসভূমি খণ্ডিত হয় তেতিয়া জীৱৰ বিচৰণৰ ঠাই সীমিত হৈ আহে । পৰ্য্যাপ্ত খাদ্য বস্তুৰ নাটনী হয় আৰু মানুহৰ চিকাৰ হয় । খণ্ড বিখণ্ড হ’লে মানুহৰ কাৰ্য্যকলাপ বৃদ্ধি পায় , নতুন নতুন জনবসতি সৃষ্টি হয় আৰু তাৰ ফলত অধিক বন ধ্বংস হয় আৰু লগে লগে বন‍্য জীৱৰ পৰিৱেশ আৰু অধিক বেয়া হয় । ফলত বন‍্য জীৱ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কমি আহে । 

প্ৰশ্ন ৫। সহ বিলুপ্তিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যেতিয়া এটা প্ৰজাতি বিলুপ্ত হয় তেতিয়া তাৰ সহায়ত জীয়াই থকা অনেক প্ৰজাতিৰ বিলুপ্তি ঘটে ।

প্ৰশ্ন ৬। অন‍্যস্থানত সংৰক্ষণত প্ৰাণী উদ‍্যান আৰু উদ্ভিদ উদ‍্যানৰ গুৰুত্ব বৰ্ণনা কৰা ।

উত্তৰঃ যেতিয়া কোনো প্ৰাণী বা উদ্ভিদ নিজৰ স্বাভাৱিক পৰিৱেশত জীয়াই ৰখা সম্ভৱ হৈ উঠা নাই তেতিয়া তাক আনি প্ৰাণী উদ‍্যান বা উদ্ভিদ উদ‍্যানত সংৰক্ষণ কৰাকে অন‍্যস্থানত সংৰক্ষণ কৰা বুজায় । এনেকুৱা উদ‍্যানত এনে প্ৰাণী বা উদ্ভিদক সংৰক্ষণ উপযুক্ত বাতাবৰণ যোগান ধৰা হয় আৰু এই বিলাকৰ প্ৰজননৰ জৰিয়তে সংখ্যা বৃদ্ধি কৰা হয় ।

প্ৰশ্ন ৭। সংৰক্ষিত অঞ্চলৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সংৰক্ষিত অঞ্চল মানে এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান য’ত প্ৰজাতি বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ কিছুমান নিয়ম বান্ধি দিয়া হৈছে । ইয়াৰ ফলত এই অঞ্চলত থকা প্ৰাণী আৰু উদ্ভিদৰ কোনেও ক্ষতি কৰিব নোৱাৰে । প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিসমূহে স্বাভাৱিক পৰিৱেশত জীয়াই থাকি পৰিৱেশৰ লগত খাপ খুৱাই স্বাভাৱিকভাৱে বিৱৰ্তন হৈ থাকিবৰ সুযোগ পায় ।

প্ৰশ্ন ৮। ৰাষ্ট্ৰীয় উদ‍্যান কি ? 

উত্তৰঃ জীৱ – জন্তু , উদ্ভিদ , প্ৰাকৃতিক তথা ঐতিহাসিক স্বাৱৰ – অস্থাৱৰ জাতীয়তাবোধৰ প্ৰমূল‍্য থকা যিকোনো সম্পদ সংৰক্ষণৰ বাবে আইনৰ দ্বাৰা সুৰক্ষিত একোটা সংৰক্ষিত বৃক্ষ বনাঞ্চলক ৰাষ্ট্ৰীয় উদ‍্যান বোলা হয় ।

অসমত দুটা ৰাষ্ট্ৰীয় উদ‍্যান আছে ― 

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান । আৰু 

(খ) মানস ৰাষ্ট্ৰীয় উদ‍্যান (ব‍্যাঘ্ৰ প্ৰকল্প) ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। “ভাৰতবৰ্ষ পৃথিৱীৰ 12 টা বৃহৎ বৈচিত্ৰ্যৰ এটি ।” এই উক্তি ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ পৃথিৱীৰ 12 টা ‘হটস্পট’ৰ ভিতৰত তিনিটাই ভাৰতবৰ্ষত । এই তিনিটা হ’ল পশ্চিমঘাট আৰু শ্ৰীলংকা , ইণ্ডোমায়ানমাৰ আৰু হিমালয় । ইয়াৰ ভিতৰত হিমালয় আৰু ইণ্ডোমায়ানমাৰ অঞ্চল বিশাল । এই অঞ্চল দুটা সমগ্ৰ দক্ষিণ পশ্চিম এছিয়াৰ প্ৰজাতিসমূহৰ সংগমস্থল । এই অঞ্চলত যিমান বিভিন্ন ধৰণৰ স্থানীক প্ৰজাতি পোৱা যায় যে পৃথিৱীৰ আন কোনো হটস্পটত পোৱা নাযায় । পশ্চিম ঘাটো প্ৰজাতিত চহকী য’ত নতুন আৰু পুৰণা প্ৰজাতিৰ সংগম স্থল ‌। ভাৰতবৰ্ষৰ মাজেদি অনেক ধৰণৰ প্ৰজাতি এচিয়াৰ পৰা আফ্ৰিকা আৰু ইউৰোপত আৰু সেইবিলাক দেশৰ পৰা এচিয়ালৈ প্ৰৱজন ঘটিছিল । সেইবাবে ভাৰতবৰ্ষ প্ৰজাতিত অত‍্যন্ত চহকী । ভাৰতবৰ্ষ প্ৰজাতিত চহকী হোৱাৰ বাবে ভাৰতবৰ্ষক বৃহৎ বৈচিত্ৰ্যৰ দেশ বোলা হয় ।

প্ৰশ্ন ২। দক্ষিণ আমেৰিকাৰ ক্ৰান্তীয় আমাজানৰ বৃষ্টি অৰণ্য সম্পৰ্কে লিখা ।

উত্তৰঃ আমাজান বৃষ্টি অৰণ্য ক্ৰান্তীয় অক্ষত পৰিছে । তাৰোপৰি তাৰ জলবায়ুত বিভিন্ন পৰিৱেশতন্ত্ৰৰ সৃষ্টিৰ বাবে অতি উত্তম । গভীৰ আৰু বিশাল অৰণ‍্যত ইমান ধৰণৰ বিভিন্ন প্ৰজাতিয়ে বাহ কৰে যে পৃথিৱীৰ কতো তেনে ধৰণৰ সমাৱেশ দেখা নাযায় । উদ্ভিদত চহকী হোৱাৰ বাবে এই বৃষ্টি অৰণ্যই সমগ্ৰ পৃথিৱীৰ বাবে যিমান অক্সিজেন প্ৰয়োজন তাৰ এক বৃহৎ অংশ এই বৃষ্টি অৰণ্যই উৎপাদন কৰে । বায়ুমণ্ডলৰ প্ৰদূষণ দূৰ কৰাত ই যথেষ্ট বৰঙনি যোগায় । বিভিন্ন প্ৰজাতিৰ সমাৱেশে প্ৰজাতি বৈচিত্ৰ্যক চহকী কৰিছে । আমি যিবিলাক খাদ্য , ফলমূল , ব‍্যৱহাৰ কৰো তাৰ এক বুজন সংখ্যাক এই অঞ্চলত উদ্ভৱ হৈছিল ।

প্ৰশ্ন ৩। প্ৰজাতি বিলুপ্তিৰ ক্ষেত্ৰত ৰিভেট প’পাৰৰ তত্ত্ব ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ ৰিভেট প’পাৰ প্ৰকল্পই পৰিস্থিতিতন্ত্ৰৰ চালনা শক্তি যে প্ৰজাতি বৈচিত্ৰ্যতা , তাক এখন এৰোপ্লেনৰ উদাহৰণে বুজাইছে । এখন এৰোপ্লেন অসংখ্য শলকাৰে গঠিত প্ৰতিজন যাত্ৰীয়ে যদি একোটা শলকা যাবৰ সময়ত লৈ যায় তেতিয়া হ’লে এটা সময়ত এৰোপ্লেনখন বিকলকৈ উৰিব নোৱাৰে হ’ব ‌। প্ৰথমতে কেইডালমান শলকা নিলে অসুবিধা বুজা নাযাব।উৰি থাকিব । কিন্তু শেষত যেতিয়া গুৰুত্ব পূৰ্ণ অংশ যেনে পাখিৰ শলকা নোহোৱা হ’লে এৰোপ্লেনখন উৰিবই নোৱাৰিব । ইয়াৰ দ্বাৰা এইটো বুজাবলৈ চেষ্টা হৈছে যে প্ৰথমে কিছু কিছু প্ৰজাতি ধ্বংস হ’লে পৰিৱেশত তাৰ প্ৰভাৱ ধৰা নাযায় যদিও শেষত এনে ধৰণৰ ধ্বংসৰ পৰিণতি অত্যন্ত বেয়া হয় ।

প্ৰশ্ন ৪। জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হ’লে কি পৰিণতি হয় ? 

উত্তৰঃ মানুহৰ কাৰ্য্যকলাপৰ ফলত অনবৰত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গৈ আছে । মানুহে খাদ্যৰ বাবে , ঔষধৰ বাবে , বাট – পথ , কাৰখানা , নদী বান্ধ , নগৰ – চহৰ পতন ইত্যাদিৰ বাবে বননি ধ্বংস কৰাৰ ফলত প্ৰাণীৰ বাসস্থানো ধ্বংস হৈ গৈ আছে । ফলত উদ্ভিদ প্ৰজাতি ধ্বংস হোৱাৰ উপৰিও প্ৰাণীৰ অনেক প্ৰজাতিও অৱলুপ্ত হৈছে । উদাহৰণ হিচাপে প্ৰশান্ত সাগৰৰ দ্বীপ সমূহত বসবাস আৰম্ভ হোৱাৰ পিচত প্ৰায় 2000 চৰাইৰ প্ৰজাতি বিলুপত হৈছে । 

IUCN ৰ Red Data Book (2004) ত উল্লেখ কৰা মতে যোৱা 500 বছৰত 338 মেৰুদণ্ডী , 359 অমেৰুদণ্ডী প্ৰাণী আৰু 87 টা উদ্ভিদৰ প্ৰজাতি চিৰদিনৰ বাবে লুপ্ত হৈছে। যোৱা কুৰি বছৰৰ ভিতৰত 27 টা প্ৰজাতি লুপ্ত হৈছে । অধ‍্যয়নৰ ফলত জনা গৈছে যে সমগ্ৰ পৃথিৱীত বৰ্তমান 15,500 প্ৰজাতি বিপদাপন্ন পৰ্য্যায়ত আছে । দেখা গৈছে যে বৰ্তমান 12 শতাংশ পক্ষী , 23 শতাংশ স্তন্যপায়ী , 32 শতাংশ উভচৰ প্ৰাণী আৰু 31 শতাংশ গুপ্তবীজী উদ্ভিদ লুপ্তপ্ৰায় অৱস্থাত আছে ।

পৃথিৱীৰ মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেও ব‍্যাপকভাৱে প্ৰজাতিৰ অৱলুপ্তি ঘটিছিল প্ৰাকৃতিক কাৰণে । কিন্তু বৰ্তমানৰ অৱলুপ্তিৰ হাৰ সেই সময়ৰ হাৰতকৈ প্ৰায় 100 ৰ পৰা 1000 গুণ অধিক । এনে ধৰণে প্ৰজাতি অৱলুপ্তি হৈ গৈ থাকিলে বিজ্ঞানী সকলে আশঙ্কা কৰিছে যে অহা এশ বছৰৰ ভিতৰত বৰ্তমানৰ প্ৰজাতি সমূহৰ আধা বিলুপ্ত হ’ব ।

জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিলে তলত উল্লেখ কৰা ঘটনা ঘটিব পাৰে ― 

(ক) উদ্ভিদৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱা ।

(খ) অনাবৃষ্টি , অতিবৃষ্টি আৰু আন আন পাৰিৱেশিক অঘটন প্ৰতিৰোধ কৰা ক্ষমতা উদ্ভিদ আৰু প্ৰাণীৰ উভয়ৰে কমি যায় ।

(গ) পৰিৱেশতন্ত্ৰত খাদ্য – শৃংখল চুটি হোৱা , ৰোগ চক্ৰৰ পৰিৱৰ্তন ঘটা,আগতে উৎপাত নকৰা পতঙ্গৰ উপদ্ৰৱ বৃদ্ধি পোৱা , জীৱৰ পৰস্পৰ নিৰ্ভৰশীলতা অৱনতি ঘটা ।

প্ৰশ্ন ৫। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ নৈতিক দিশ সম্পৰ্কে যুক্তি দেখুওৱা ।

উত্তৰঃ পৰিৱেশতন্ত্ৰই যি বিভিন্ন সেৱা আগবঢ়ায় সেইবিলাক বহুমুখী আৰু অধিক কাৰ্য্যকৰ কৰাৰ বাবে জৈৱ বৈচিত্ৰ্যৰ অৱদান অশেষ । বায়ুমণ্ডলৰ অক্সিজেন সম্পূৰ্ণ ভাৱেই উদ্ভিদৰ দান । প্ৰাণী আৰু উদ্ভিদে ত‍্যাগ কৰা কাৰ্বন – ডাই – অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ বাবে শোষণ নকৰিলে এফালে আমাৰ খাদ্য প্ৰস্তুত নহলহেঁতেন আৰু আনফালে গোটেই পৃথিৱীৰ আৱহাওৱা বিষাক্ত হৈ উঠিলহেঁতেন । মাটিত থকা জীৱাণু সমূহে চক্ৰাকাৰে খনিজ লোণ পুনৰাৱৰ্তন নকৰিলে কেতিয়াবাই মাটিৰ খনিজ লোণ আৰু বতাহৰ কাৰ্বন – ডাই – অক্সাইড আদি শেষ হৈ গ’লহেঁতেন । অসংখ্য ধৰণৰ পতঙ্গ নাথাকিলে আমাৰ শস‍্য উৎপাদনকাৰী উদ্ভিদৰ পৰাগযোগ নহ’লহেঁতেন । 

এই সকলোবিলাক বিবেচনা কৰিলে দেখা যায় যে এটা পৰিৱেশতন্ত্ৰত সকলো ধৰণৰ জীৱৰ একোটা বিশেষ প্ৰয়োজন থাকে । এই বিলাকৰ অবিহনে পৰিৱেশতন্ত্ৰ অচল হৈ পৰে আৰু আমি কোনো জীয়াই থাকিব নোৱাৰিলোহেঁতেন ।

মানুহ , প্ৰাণী , উদ্ভিদ সকলোৱেই এই পৃথিৱীৰ নামৰ গ্ৰহত একেলগে বাস কৰো । আমি সকলোৱে সহযাত্ৰী । আমি পৰস্পৰৰ হিতাকাক্ষী হোৱা প্ৰয়োজন যিহেতু আমি পৰস্পৰ নিৰ্ভৰ । তাৰোপৰি সকলো জীৱ পৃথিৱীত আবিৰ্ভাৱ হৈছিল মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেই । গতিকে সেই বিলাকৰ জীয়াই থকাৰ অধিকাৰ আমাতকৈ কম নহয় । পৃথিৱীৰ সকলো জীৱ ক্ৰমবিৱৰ্তন আৰু আনুবংশিক পৰম্পৰাৰ বান্ধোনত আৱদ্ধ।কোনো কোনো আমাতকৈ দূৰৰ আৰু কোনো কোনো নিচেই ওচৰৰ সম্বন্ধৰ আৰু প্ৰতি জীৱৰ কোনো নহয় কোনো নিৰ্দিষ্ট কাম থাকে যাক আমি এতিয়াও নাজানো গতিকে নৈতিকতা বোধৰ বাবে অন্ততঃ আমি পৰিৱেশতন্ত্ৰৰ সকলো প্ৰজাতি যাতে ধ্বংসৰ পৰা ৰক্ষা পায় তাৰ যত্ন লোৱা উচিত ।

প্ৰশ্ন ৬। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু অবিৰত প্ৰগতিৰ বাবে যি আন্তৰ্জাতিক সন্মিলন আৰু শীৰ্ষ সন্মিলন হৈছিল তাৰ চমু আভাস দিয়া ।

উত্তৰঃ 1992 চনত ৰিও ডি জেনিৰ’ত হোৱা ঐতিহাসিক জৈৱ বৈচিত্ৰ‍্য প্ৰতিনিধি সভাই সকলো দেশক জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আহবান জনায় যাতে সকলো দেশ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ প্ৰতি সজাগ হয় । ইয়াৰ পিছত 2002 চনত জেহান্সবাৰ্গত হোৱা পৃথিৱীৰ অবিৰতভাৱে প্ৰগতিৰ বাবে হোৱা বিশ্বসভাত পুনৰ জীৱ বিচিত্র ৰক্ষাৰ প্ৰতি সকলো দেশক চেষ্টা চলাই যাবলৈ আহবান জনায় । অবিৰত প্ৰগতি মানে আমি সম্পদৰ এনেভাৱে ব‍্যৱহাৰ কৰিব লাগে যাৰ পৰা সম্পদ বিশেষকৈ জীৱ সম্পদ আমাৰ ব‍্যৱহাৰৰ ফলত শেষ হৈ নথকা অন্তকাল চলি থাকিব পাৰে আৰু আমাৰ প্ৰজেন্মই যাতে এনে সম্পদ ভোগ কৰিব পাৰে । এই দুই অধিৱেশনৰ পিছত বিশ্ব সজাগ হৈছে আৰু প্ৰতি দেশে জৈৱ সম্পদ ৰক্ষা কৰিবৰ চেষ্টাত ব্ৰতী হৈছে ।

প্ৰশ্ন ৭। অসমৰ কথা উল্লেখ কৰি জীৱমণ্ডল সম্পৰ্কে টোকা লিখা ।

উত্তৰঃ জীৱমণ্ডল মানে এনে এক সংৰক্ষিত বনাঞ্চল যাৰ মুখ্য উদ্দেশ্য হ’ল ― 

(ক) প্ৰতিনিধিত্ব মূলক পৰিৱেশতন্ত্ৰ সংৰক্ষণ কৰা ।

(খ) অনন্তকালৰ বাবে তাত বসবাস কৰা প্ৰাণী আৰু উদ্ভিদৰ জিনীয় বৈচিত্ৰ্য বজায় ৰখা ।

(গ) স্বাভাৱিক পৰিৱেশ নষ্ট যাতে নহয় তাৰ ব‍্যৱস্থা কৰা ।

(ঘ) জীৱসম্পদ সম্পৰ্কে শিক্ষা আৰু গৱেষণাৰ সুযোগ কৰি দিয়া ।

(ঙ) জীৱমণ্ডলৰ অন্তঃস্থলত কোনো ধৰণৰ মানুহৰ কাৰ্য্যকলাপ ৰোধ কৰা আৰু প্ৰাণী উদ্ভিদক স্বাভাৱিকভাৱে জীৱন যাত্ৰাত সহায় কৰা । ভাৰতবৰ্ষৰ 14 টা জীৱমণ্ডলৰ ভিতৰত দুটা অসমত আছে । এই দুটা হ’ল ― কাজিৰঙা জীৱমণ্ডল আৰু মানস জীৱমণ্ডল।

প্ৰশ্ন ৮। মানস ৰাষ্ট্ৰীয় উদ‍্যানৰ ছটা বিপন্ন প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ (ক) সোণালী বান্দৰ ।

(খ) নল গাহৰি ।

(গ) সোণালী মেকুৰী ।

(ঘ) দল খৰিয়া ।

(ঙ) বনৰীয়া কুকুৰ ।

(চ) বাইবা । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top