Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ and select needs one.

Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ Solutions for All Subject, You can practice these here.

জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ

Chapter: 15

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। জীৱ বৈচিত্ৰৰ তিনিটা স্তৰৰ সম্পৰ্কে চুটিকৈ লিখা ।

উত্তৰঃ জীৱ বৈচিত্ৰ জীৱদেহৰ অণু পৰিমাণুৰ পৰা আৰম্ভ কৰি পৰিলেশততন্ত্ৰলৈ  বিস্তৃত জৈৱ বৈচিত্ৰ প্ৰকাৰ হিচাপে আমি তলত উল্লেখ কৰা ভাগত ভগাব পাৰো ― 

(ক) আণুবংশীয় বৈচিত্ৰ্য :- একোটা প্ৰজাতিৰ ভিতৰত অসংখ্য ধৰণৰ অনুবংশীয় বৈচিত্ৰ‍্য থকা যায় । প্ৰজাতিৰ ফালৰ পৰা যদিও এইবিলাক দেখাত একেই কিন্তু এই বিলাকৰ মাজত সূক্ষ্ম আনুবংশিক পাৰ্থক্য থাকে যাৰ বাবে সূক্ষ্ম গুণগত পাৰ্থক্যও থাকে উদাহৰণ হিচাপে Rauwlfia vomitoria নামৰ ঔষধি গছ হিমালয়ৰ বিভিন্ন অঞ্চলত পোৱা যায় কিন্তু এই বিলাকৰ ঔষধী গুণৰ তাৰতম্য লক্ষ্য কৰা যায় সূক্ষ্ম পৰীক্ষাৰ দ্বাৰা । 

Reserpine নামৰ ৰাসায়নিক দ্ৰব‍্য যি ঔষধ হিচাপে এই গছৰ পৰা আহৰণ কৰা হয় তাৰ ঘনত্ব আৰু ঔষধৰ মান সকলোতে একে নহয়।এনে ধৰণৰ পাৰ্থক্যৰ মূল কাৰণ একে প্ৰজাতিৰ উদ্ভিদ হ’লেও বিভিন্ন পৰিৱেশত অৱস্থান কৰাৰ বাবে পৰিৱেশৰ লগত খাপ খুৱাবৰ বাবে সামান্য হ’লেও কিছু আনুবংশিক পৰিৱৰ্তনে দেখা দিয়ে আৰু ইয়াৰ ফলত এটা প্ৰজাতিৰ মাজতেই অনেক প্ৰকাৰ সৃষ্টি হয় উদাহৰণ হিচাপে ধানৰ আৰু আমাৰ কথা ধৰা যাওক । ধানৰ প্ৰায় 50,000 আৰু আমাৰ প্ৰায় 1000 প্ৰকাৰ আমাৰ দেশত পোৱা যায় ।

(খ) প্ৰজাতি বৈচিত্ৰ্য :- পৃথিৱীৰ বিভিন্ন অঞ্চলত আনকি এখন দেশত বা এখন পৰ্বতত বা এখন বনানিত বিভিন্ন ধৰণৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰায় দেখা যায় । পৰুৱা সাপ , ভেঁকুলী , ঘাঁহ আদিৰ অসংখ্য প্ৰজাতি থকাৰ কথা আমি জানো । তেনেকৈ একোটা গোত্ৰত অনেক গণ আৰু একোটা গণত অনেক প্ৰজাতি থাকিব পাৰে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) পৰিৱেশ সম্পৰ্কীয় বৈচিত্ৰ্য :- একোটা দেশৰ আয়তন আৰু অৱস্থান চাই অসংখ্য ধৰণৰ পৰিৱেশতন্ত্ৰ থাকিব পাৰে । আমাৰ দেশত যেনেকৈ বৃষ্টি অৰণ্য , পাৰ্বত‍্য অৰণ্য , সমতলৰ অৰণ্য , মৰুভূমি , মেঙ্গগ্ৰব্ , জলাভূমি , ঘাঁহনি , সাগৰৰ দাঁত কাষৰিয়া অঞ্চলৰ লবণাক্ত জলাভূমি আদিৰ সকলোৱেই একো একোটা পৰিৱেশতন্ত্ৰ সৃষ্টি কৰে । সৰু দেশ একোটাত ইমান বিভিন্ন ধৰণৰ পৰিৱেশতন্ত্ৰ দেখা নাযায় ।একো একোটা পৰিৱেশতন্ত্ৰ গঠন হওঁতে লাক্ষ লাক্ষ বছৰ লাগি যায় কিন্তু আমাৰ অপকৰ্মৰ ফলত এশ বা দুশ বছৰত এনে একোটা পৰিৱেশতন্ত্ৰ ধ্বংস হৈ যাব পাৰে । 

পৰিৱেশতন্ত্ৰ ধ্বংসৰ মূল কাৰণ প্ৰজাত ধ্বংস । মানুহে বাছি বাছি প্ৰজাতি ধ্বংস কৰে নিজৰ প্ৰয়োজন পূৰাবৰ বাবে । একোটা প্ৰজাতি ধ্বংস হ’লে লগতে অনেক প্ৰজাতিও ধ্বংসৰ মুখত পৰে আৰু ক্ৰমে ক্ৰমে সম্পূৰ্ণ একোটা পৰিৱেশতন্ত্ৰ লুপ্ত হৈ পৰে । জৈৱ বৈচিত্ৰ্যই আমাৰ আৰু সমগ্ৰ প্ৰাণী আৰু উদ্ভিদৰ জীয়াই থকাৰ সমল যোগায় । আমাৰ কৃষি আৰু অন্যান্য উৎপাদন সম্পৰ্কীয় ব‍্যৱস্থা ভাঙি পৰিব যদি জৈৱ বৈচিত্ৰ্য নষ্ট হৈ যায় । 

প্ৰশ্ন ২। পৰিৱেশতন্ত্ৰত প্ৰজাতি বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰঃ এটি পৰিৱেশতন্ত্ৰক সুস্থভাৱে পৰিচালিত হ’বলৈ প্ৰজাতিৰ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰশীল হয় নে নহয় এইটো অধ‍্যয়নৰ প্ৰচেষ্টা কৰা হৈছে । এটি পৰিৱেশতন্ত্ৰ কিমান দূৰ স্থায়ী ইয়াৰ উৎপাদন ক্ষমতা কিমান পুৰ্ণগঠন ক্ষমতা কিমান , ই অন্য ঠাইৰ প্ৰজাতি বসতি কৰিবৰ প্ৰচেষ্টা কৰিলে কিমান দূৰ বাধা দিব পাৰে ইত্যাদিৰ ওপৰত পৰিৱেশতন্ত্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে । David Tilman ৰ এটি পৰীক্ষাৰ পৰা জনা গৈছে যে পৰিৱেশতন্ত্ৰ যিমানেই প্ৰজাতিত চহকী হ’ব , সিমানেই স্থায়ী হ’ব অৰ্থাৎ তাৰ সামূহিক জীৱ – ভৰ উৎপাদন ক্ষমতা স্থিৰ থাকিব । আমি এতিয়াও নাজানো প্ৰজাতি বৈচিত্ৰ্য পৰিৱেশতন্ত্ৰৰ বাবে কিমান সুফল প্ৰদান কৰে কিন্তু আমি নিশ্চিত যে পৰিৱেশতন্ত্ৰৰ জৈৱ বৈচিত্ৰ্য আমাৰ জীয়াই থাকিবৰ বাবে অতি প্ৰয়োজন । আমি দৈনন্দিন জীৱনত কিমান ধৰণৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰো এবাৰ ভাবি চোৱা । আমি কি কি বস্তু খাওঁ , কি পিন্ধো , কিহেৰে ঘৰ সাজো , আমাৰ ঘৰ আৰু বাহিৰত কি কি সৰঞ্জাম ব‍্যৱহাৰ কৰো আদি বিচাৰ কৰিলে বুজিব পাৰিবা যে এই সকলোবোৰ উৎপাদন কৰে বিভিন্ন প্ৰজাতিয়ে । 

আমাৰ কৃষি উৎপাদন , খেতি পথাৰ ৰক্ষা কৰা আদিত কিমান ধৰণৰ পতঙ্গই আমাক সহায় কৰে জানিলে আচৰিত হ’বা । আমাৰ খেতি মাটিৰ উৰ্বৰা শক্তি বজায় ৰাখিবলৈ অজস্ৰ ধৰণৰ জীৱাণুয়ে আমাৰ সহায় কৰে । আমি নাজানো অনেক প্ৰজাতি চিৰদিন বাবে ধ্বংস কৰি পেলাইছো । এটা প্ৰজাতি জীয়াই থাকিলে ক্ৰমবিৱৰ্তনৰ ফলত অন্য প্ৰজাতিৰ সৃষ্টি হয় । আদিতে পৃথিৱীত ইমান প্ৰজাতি নাছিল । ক্ৰমবিৱৰ্তনৰ ফলত আজি আমাৰ প্ৰয়োজনত লগা অসংখ্য প্ৰজাতি সৃষ্টি হৈছে । আজিৰ প্ৰজাতিসমূহ ধ্বংস নোহোৱাকৈ ৰাখিলে ভৱিষ্যতে অধিক গুণ সম্পূৰ্ণ অনেক প্ৰজাতিৰ সৃষ্টি হ’ব পাৰে । আৰু এটা মনত ৰখা উচিত যে একোটা প্ৰজাতিক আশ্ৰয় কৰি অন্য অনেক প্ৰজাতি যেনে পোক – পৰুৱা , চৰাই , কীট , লতা জাতীয় আৰু পৰবাসী উদ্ভিদ আদি জীয়াই থাকে । 

তেনে একোটা প্ৰজাতিক আশ্ৰয় কৰি অন্য অনেক প্ৰজাতি যেনে পোক – পৰুৱা , চৰাই , কীট , লতা জাতীয় আৰু পৰবাসী উদ্ভিদ আদি জীয়াই থাকে । তেনে একোটা প্ৰজাতি সম্পূৰ্ণ ধ্বংস হ’লে এই সকলো বিলাকো ধ্বংস হয় । আমাৰ পৰিৱেশতন্ত্ৰত থকা সকলো প্ৰজাতি কোনো নহয় । কোনো ভাৱে আমাক সহায় কৰে । এটি পৰিৱেশতন্ত্ৰত সকলো প্ৰজাতি এটি বৃহৎ খাদ্য জালত আৱদ্ধ ।

প্ৰশ্ন ৩। বিদেশী প্ৰজাতি কোনো অঞ্চলত আনি প্ৰৱৰ্তন কৰা কিয় বিপদজনক ? 

উত্তৰঃ বিদেশৰ পৰা যেতিয়া কোনো প্ৰজাতি আনি দেশত স্থাপন কৰা হয় তেতিয়া নানা প্ৰতিক্ৰিয়াই দেখা দিব পাৰে ‌। যেনে ― জীৱটোৰ বৰ্তমান দেশত তাৰ স্বাভাৱিক প্ৰতিযোগী নাথাকে , তাক আক্ৰমণ কৰা বীজাণু , কীট , পলু আদি নাথাকিব পাৰে । গতিকে ইয়াৰ প্ৰচণ্ডভাৱে বৃদ্ধি হ’বলৈ ধৰে । ফলত স্থানীয় প্ৰজাতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰশ্ন ৪। আবাসভূমি খণ্ড বিখণ্ড হ’লে কেনেকৈ জৈৱ বৈচিত্ৰ্য হ্ৰাস হয় ? 

উত্তৰঃ যেতিয়া জীৱৰ বৃক্ষ আৱাসভূমি খণ্ডিত হয় তেতিয়া জীৱৰ বিচৰণৰ ঠাই সীমিত হৈ আহে । পৰ্য্যাপ্ত খাদ্য বস্তুৰ নাটনী হয় আৰু মানুহৰ চিকাৰ হয় । খণ্ড বিখণ্ড হ’লে মানুহৰ কাৰ্য্যকলাপ বৃদ্ধি পায় , নতুন নতুন জনবসতি সৃষ্টি হয় আৰু তাৰ ফলত অধিক বন ধ্বংস হয় আৰু লগে লগে বন‍্য জীৱৰ পৰিৱেশ আৰু অধিক বেয়া হয় । ফলত বন‍্য জীৱ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কমি আহে । 

প্ৰশ্ন ৫। সহ বিলুপ্তিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যেতিয়া এটা প্ৰজাতি বিলুপ্ত হয় তেতিয়া তাৰ সহায়ত জীয়াই থকা অনেক প্ৰজাতিৰ বিলুপ্তি ঘটে ।

প্ৰশ্ন ৬। অন‍্যস্থানত সংৰক্ষণত প্ৰাণী উদ‍্যান আৰু উদ্ভিদ উদ‍্যানৰ গুৰুত্ব বৰ্ণনা কৰা ।

উত্তৰঃ যেতিয়া কোনো প্ৰাণী বা উদ্ভিদ নিজৰ স্বাভাৱিক পৰিৱেশত জীয়াই ৰখা সম্ভৱ হৈ উঠা নাই তেতিয়া তাক আনি প্ৰাণী উদ‍্যান বা উদ্ভিদ উদ‍্যানত সংৰক্ষণ কৰাকে অন‍্যস্থানত সংৰক্ষণ কৰা বুজায় । এনেকুৱা উদ‍্যানত এনে প্ৰাণী বা উদ্ভিদক সংৰক্ষণ উপযুক্ত বাতাবৰণ যোগান ধৰা হয় আৰু এই বিলাকৰ প্ৰজননৰ জৰিয়তে সংখ্যা বৃদ্ধি কৰা হয় ।

প্ৰশ্ন ৭। সংৰক্ষিত অঞ্চলৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সংৰক্ষিত অঞ্চল মানে এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান য’ত প্ৰজাতি বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ কিছুমান নিয়ম বান্ধি দিয়া হৈছে । ইয়াৰ ফলত এই অঞ্চলত থকা প্ৰাণী আৰু উদ্ভিদৰ কোনেও ক্ষতি কৰিব নোৱাৰে । প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিসমূহে স্বাভাৱিক পৰিৱেশত জীয়াই থাকি পৰিৱেশৰ লগত খাপ খুৱাই স্বাভাৱিকভাৱে বিৱৰ্তন হৈ থাকিবৰ সুযোগ পায় ।

প্ৰশ্ন ৮। ৰাষ্ট্ৰীয় উদ‍্যান কি ? 

উত্তৰঃ জীৱ – জন্তু , উদ্ভিদ , প্ৰাকৃতিক তথা ঐতিহাসিক স্বাৱৰ – অস্থাৱৰ জাতীয়তাবোধৰ প্ৰমূল‍্য থকা যিকোনো সম্পদ সংৰক্ষণৰ বাবে আইনৰ দ্বাৰা সুৰক্ষিত একোটা সংৰক্ষিত বৃক্ষ বনাঞ্চলক ৰাষ্ট্ৰীয় উদ‍্যান বোলা হয় ।

অসমত দুটা ৰাষ্ট্ৰীয় উদ‍্যান আছে ― 

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান । আৰু 

(খ) মানস ৰাষ্ট্ৰীয় উদ‍্যান (ব‍্যাঘ্ৰ প্ৰকল্প) ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। “ভাৰতবৰ্ষ পৃথিৱীৰ 12 টা বৃহৎ বৈচিত্ৰ্যৰ এটি ।” এই উক্তি ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ পৃথিৱীৰ 12 টা ‘হটস্পট’ৰ ভিতৰত তিনিটাই ভাৰতবৰ্ষত । এই তিনিটা হ’ল পশ্চিমঘাট আৰু শ্ৰীলংকা , ইণ্ডোমায়ানমাৰ আৰু হিমালয় । ইয়াৰ ভিতৰত হিমালয় আৰু ইণ্ডোমায়ানমাৰ অঞ্চল বিশাল । এই অঞ্চল দুটা সমগ্ৰ দক্ষিণ পশ্চিম এছিয়াৰ প্ৰজাতিসমূহৰ সংগমস্থল । এই অঞ্চলত যিমান বিভিন্ন ধৰণৰ স্থানীক প্ৰজাতি পোৱা যায় যে পৃথিৱীৰ আন কোনো হটস্পটত পোৱা নাযায় । পশ্চিম ঘাটো প্ৰজাতিত চহকী য’ত নতুন আৰু পুৰণা প্ৰজাতিৰ সংগম স্থল ‌। ভাৰতবৰ্ষৰ মাজেদি অনেক ধৰণৰ প্ৰজাতি এচিয়াৰ পৰা আফ্ৰিকা আৰু ইউৰোপত আৰু সেইবিলাক দেশৰ পৰা এচিয়ালৈ প্ৰৱজন ঘটিছিল । সেইবাবে ভাৰতবৰ্ষ প্ৰজাতিত অত‍্যন্ত চহকী । ভাৰতবৰ্ষ প্ৰজাতিত চহকী হোৱাৰ বাবে ভাৰতবৰ্ষক বৃহৎ বৈচিত্ৰ্যৰ দেশ বোলা হয় ।

প্ৰশ্ন ২। দক্ষিণ আমেৰিকাৰ ক্ৰান্তীয় আমাজানৰ বৃষ্টি অৰণ্য সম্পৰ্কে লিখা ।

উত্তৰঃ আমাজান বৃষ্টি অৰণ্য ক্ৰান্তীয় অক্ষত পৰিছে । তাৰোপৰি তাৰ জলবায়ুত বিভিন্ন পৰিৱেশতন্ত্ৰৰ সৃষ্টিৰ বাবে অতি উত্তম । গভীৰ আৰু বিশাল অৰণ‍্যত ইমান ধৰণৰ বিভিন্ন প্ৰজাতিয়ে বাহ কৰে যে পৃথিৱীৰ কতো তেনে ধৰণৰ সমাৱেশ দেখা নাযায় । উদ্ভিদত চহকী হোৱাৰ বাবে এই বৃষ্টি অৰণ্যই সমগ্ৰ পৃথিৱীৰ বাবে যিমান অক্সিজেন প্ৰয়োজন তাৰ এক বৃহৎ অংশ এই বৃষ্টি অৰণ্যই উৎপাদন কৰে । বায়ুমণ্ডলৰ প্ৰদূষণ দূৰ কৰাত ই যথেষ্ট বৰঙনি যোগায় । বিভিন্ন প্ৰজাতিৰ সমাৱেশে প্ৰজাতি বৈচিত্ৰ্যক চহকী কৰিছে । আমি যিবিলাক খাদ্য , ফলমূল , ব‍্যৱহাৰ কৰো তাৰ এক বুজন সংখ্যাক এই অঞ্চলত উদ্ভৱ হৈছিল ।

প্ৰশ্ন ৩। প্ৰজাতি বিলুপ্তিৰ ক্ষেত্ৰত ৰিভেট প’পাৰৰ তত্ত্ব ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ ৰিভেট প’পাৰ প্ৰকল্পই পৰিস্থিতিতন্ত্ৰৰ চালনা শক্তি যে প্ৰজাতি বৈচিত্ৰ্যতা , তাক এখন এৰোপ্লেনৰ উদাহৰণে বুজাইছে । এখন এৰোপ্লেন অসংখ্য শলকাৰে গঠিত প্ৰতিজন যাত্ৰীয়ে যদি একোটা শলকা যাবৰ সময়ত লৈ যায় তেতিয়া হ’লে এটা সময়ত এৰোপ্লেনখন বিকলকৈ উৰিব নোৱাৰে হ’ব ‌। প্ৰথমতে কেইডালমান শলকা নিলে অসুবিধা বুজা নাযাব।উৰি থাকিব । কিন্তু শেষত যেতিয়া গুৰুত্ব পূৰ্ণ অংশ যেনে পাখিৰ শলকা নোহোৱা হ’লে এৰোপ্লেনখন উৰিবই নোৱাৰিব । ইয়াৰ দ্বাৰা এইটো বুজাবলৈ চেষ্টা হৈছে যে প্ৰথমে কিছু কিছু প্ৰজাতি ধ্বংস হ’লে পৰিৱেশত তাৰ প্ৰভাৱ ধৰা নাযায় যদিও শেষত এনে ধৰণৰ ধ্বংসৰ পৰিণতি অত্যন্ত বেয়া হয় ।

প্ৰশ্ন ৪। জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হ’লে কি পৰিণতি হয় ? 

উত্তৰঃ মানুহৰ কাৰ্য্যকলাপৰ ফলত অনবৰত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গৈ আছে । মানুহে খাদ্যৰ বাবে , ঔষধৰ বাবে , বাট – পথ , কাৰখানা , নদী বান্ধ , নগৰ – চহৰ পতন ইত্যাদিৰ বাবে বননি ধ্বংস কৰাৰ ফলত প্ৰাণীৰ বাসস্থানো ধ্বংস হৈ গৈ আছে । ফলত উদ্ভিদ প্ৰজাতি ধ্বংস হোৱাৰ উপৰিও প্ৰাণীৰ অনেক প্ৰজাতিও অৱলুপ্ত হৈছে । উদাহৰণ হিচাপে প্ৰশান্ত সাগৰৰ দ্বীপ সমূহত বসবাস আৰম্ভ হোৱাৰ পিচত প্ৰায় 2000 চৰাইৰ প্ৰজাতি বিলুপত হৈছে । 

IUCN ৰ Red Data Book (2004) ত উল্লেখ কৰা মতে যোৱা 500 বছৰত 338 মেৰুদণ্ডী , 359 অমেৰুদণ্ডী প্ৰাণী আৰু 87 টা উদ্ভিদৰ প্ৰজাতি চিৰদিনৰ বাবে লুপ্ত হৈছে। যোৱা কুৰি বছৰৰ ভিতৰত 27 টা প্ৰজাতি লুপ্ত হৈছে । অধ‍্যয়নৰ ফলত জনা গৈছে যে সমগ্ৰ পৃথিৱীত বৰ্তমান 15,500 প্ৰজাতি বিপদাপন্ন পৰ্য্যায়ত আছে । দেখা গৈছে যে বৰ্তমান 12 শতাংশ পক্ষী , 23 শতাংশ স্তন্যপায়ী , 32 শতাংশ উভচৰ প্ৰাণী আৰু 31 শতাংশ গুপ্তবীজী উদ্ভিদ লুপ্তপ্ৰায় অৱস্থাত আছে ।

পৃথিৱীৰ মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেও ব‍্যাপকভাৱে প্ৰজাতিৰ অৱলুপ্তি ঘটিছিল প্ৰাকৃতিক কাৰণে । কিন্তু বৰ্তমানৰ অৱলুপ্তিৰ হাৰ সেই সময়ৰ হাৰতকৈ প্ৰায় 100 ৰ পৰা 1000 গুণ অধিক । এনে ধৰণে প্ৰজাতি অৱলুপ্তি হৈ গৈ থাকিলে বিজ্ঞানী সকলে আশঙ্কা কৰিছে যে অহা এশ বছৰৰ ভিতৰত বৰ্তমানৰ প্ৰজাতি সমূহৰ আধা বিলুপ্ত হ’ব ।

জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিলে তলত উল্লেখ কৰা ঘটনা ঘটিব পাৰে ― 

(ক) উদ্ভিদৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱা ।

(খ) অনাবৃষ্টি , অতিবৃষ্টি আৰু আন আন পাৰিৱেশিক অঘটন প্ৰতিৰোধ কৰা ক্ষমতা উদ্ভিদ আৰু প্ৰাণীৰ উভয়ৰে কমি যায় ।

(গ) পৰিৱেশতন্ত্ৰত খাদ্য – শৃংখল চুটি হোৱা , ৰোগ চক্ৰৰ পৰিৱৰ্তন ঘটা,আগতে উৎপাত নকৰা পতঙ্গৰ উপদ্ৰৱ বৃদ্ধি পোৱা , জীৱৰ পৰস্পৰ নিৰ্ভৰশীলতা অৱনতি ঘটা ।

প্ৰশ্ন ৫। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ নৈতিক দিশ সম্পৰ্কে যুক্তি দেখুওৱা ।

উত্তৰঃ পৰিৱেশতন্ত্ৰই যি বিভিন্ন সেৱা আগবঢ়ায় সেইবিলাক বহুমুখী আৰু অধিক কাৰ্য্যকৰ কৰাৰ বাবে জৈৱ বৈচিত্ৰ্যৰ অৱদান অশেষ । বায়ুমণ্ডলৰ অক্সিজেন সম্পূৰ্ণ ভাৱেই উদ্ভিদৰ দান । প্ৰাণী আৰু উদ্ভিদে ত‍্যাগ কৰা কাৰ্বন – ডাই – অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ বাবে শোষণ নকৰিলে এফালে আমাৰ খাদ্য প্ৰস্তুত নহলহেঁতেন আৰু আনফালে গোটেই পৃথিৱীৰ আৱহাওৱা বিষাক্ত হৈ উঠিলহেঁতেন । মাটিত থকা জীৱাণু সমূহে চক্ৰাকাৰে খনিজ লোণ পুনৰাৱৰ্তন নকৰিলে কেতিয়াবাই মাটিৰ খনিজ লোণ আৰু বতাহৰ কাৰ্বন – ডাই – অক্সাইড আদি শেষ হৈ গ’লহেঁতেন । অসংখ্য ধৰণৰ পতঙ্গ নাথাকিলে আমাৰ শস‍্য উৎপাদনকাৰী উদ্ভিদৰ পৰাগযোগ নহ’লহেঁতেন । 

এই সকলোবিলাক বিবেচনা কৰিলে দেখা যায় যে এটা পৰিৱেশতন্ত্ৰত সকলো ধৰণৰ জীৱৰ একোটা বিশেষ প্ৰয়োজন থাকে । এই বিলাকৰ অবিহনে পৰিৱেশতন্ত্ৰ অচল হৈ পৰে আৰু আমি কোনো জীয়াই থাকিব নোৱাৰিলোহেঁতেন ।

মানুহ , প্ৰাণী , উদ্ভিদ সকলোৱেই এই পৃথিৱীৰ নামৰ গ্ৰহত একেলগে বাস কৰো । আমি সকলোৱে সহযাত্ৰী । আমি পৰস্পৰৰ হিতাকাক্ষী হোৱা প্ৰয়োজন যিহেতু আমি পৰস্পৰ নিৰ্ভৰ । তাৰোপৰি সকলো জীৱ পৃথিৱীত আবিৰ্ভাৱ হৈছিল মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেই । গতিকে সেই বিলাকৰ জীয়াই থকাৰ অধিকাৰ আমাতকৈ কম নহয় । পৃথিৱীৰ সকলো জীৱ ক্ৰমবিৱৰ্তন আৰু আনুবংশিক পৰম্পৰাৰ বান্ধোনত আৱদ্ধ।কোনো কোনো আমাতকৈ দূৰৰ আৰু কোনো কোনো নিচেই ওচৰৰ সম্বন্ধৰ আৰু প্ৰতি জীৱৰ কোনো নহয় কোনো নিৰ্দিষ্ট কাম থাকে যাক আমি এতিয়াও নাজানো গতিকে নৈতিকতা বোধৰ বাবে অন্ততঃ আমি পৰিৱেশতন্ত্ৰৰ সকলো প্ৰজাতি যাতে ধ্বংসৰ পৰা ৰক্ষা পায় তাৰ যত্ন লোৱা উচিত ।

প্ৰশ্ন ৬। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু অবিৰত প্ৰগতিৰ বাবে যি আন্তৰ্জাতিক সন্মিলন আৰু শীৰ্ষ সন্মিলন হৈছিল তাৰ চমু আভাস দিয়া ।

উত্তৰঃ 1992 চনত ৰিও ডি জেনিৰ’ত হোৱা ঐতিহাসিক জৈৱ বৈচিত্ৰ‍্য প্ৰতিনিধি সভাই সকলো দেশক জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আহবান জনায় যাতে সকলো দেশ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ প্ৰতি সজাগ হয় । ইয়াৰ পিছত 2002 চনত জেহান্সবাৰ্গত হোৱা পৃথিৱীৰ অবিৰতভাৱে প্ৰগতিৰ বাবে হোৱা বিশ্বসভাত পুনৰ জীৱ বিচিত্র ৰক্ষাৰ প্ৰতি সকলো দেশক চেষ্টা চলাই যাবলৈ আহবান জনায় । অবিৰত প্ৰগতি মানে আমি সম্পদৰ এনেভাৱে ব‍্যৱহাৰ কৰিব লাগে যাৰ পৰা সম্পদ বিশেষকৈ জীৱ সম্পদ আমাৰ ব‍্যৱহাৰৰ ফলত শেষ হৈ নথকা অন্তকাল চলি থাকিব পাৰে আৰু আমাৰ প্ৰজেন্মই যাতে এনে সম্পদ ভোগ কৰিব পাৰে । এই দুই অধিৱেশনৰ পিছত বিশ্ব সজাগ হৈছে আৰু প্ৰতি দেশে জৈৱ সম্পদ ৰক্ষা কৰিবৰ চেষ্টাত ব্ৰতী হৈছে ।

প্ৰশ্ন ৭। অসমৰ কথা উল্লেখ কৰি জীৱমণ্ডল সম্পৰ্কে টোকা লিখা ।

উত্তৰঃ জীৱমণ্ডল মানে এনে এক সংৰক্ষিত বনাঞ্চল যাৰ মুখ্য উদ্দেশ্য হ’ল ― 

(ক) প্ৰতিনিধিত্ব মূলক পৰিৱেশতন্ত্ৰ সংৰক্ষণ কৰা ।

(খ) অনন্তকালৰ বাবে তাত বসবাস কৰা প্ৰাণী আৰু উদ্ভিদৰ জিনীয় বৈচিত্ৰ্য বজায় ৰখা ।

(গ) স্বাভাৱিক পৰিৱেশ নষ্ট যাতে নহয় তাৰ ব‍্যৱস্থা কৰা ।

(ঘ) জীৱসম্পদ সম্পৰ্কে শিক্ষা আৰু গৱেষণাৰ সুযোগ কৰি দিয়া ।

(ঙ) জীৱমণ্ডলৰ অন্তঃস্থলত কোনো ধৰণৰ মানুহৰ কাৰ্য্যকলাপ ৰোধ কৰা আৰু প্ৰাণী উদ্ভিদক স্বাভাৱিকভাৱে জীৱন যাত্ৰাত সহায় কৰা । ভাৰতবৰ্ষৰ 14 টা জীৱমণ্ডলৰ ভিতৰত দুটা অসমত আছে । এই দুটা হ’ল ― কাজিৰঙা জীৱমণ্ডল আৰু মানস জীৱমণ্ডল।

প্ৰশ্ন ৮। মানস ৰাষ্ট্ৰীয় উদ‍্যানৰ ছটা বিপন্ন প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ (ক) সোণালী বান্দৰ ।

(খ) নল গাহৰি ।

(গ) সোণালী মেকুৰী ।

(ঘ) দল খৰিয়া ।

(ঙ) বনৰীয়া কুকুৰ ।

(চ) বাইবা । 

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। ক্ৰান্তীয় অঞ্চলে কিয় অধিক জৈৱ বৈচিত্ৰ্যৰ প্ৰতিনিধিত্ব কৰে ? 

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে জৈৱ বৈচিত্ৰ্য একে নহয় । বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায় । জৈৱ বৈচিত্ৰ্যৰ এনে তাৰতম‍্যৰ কিছুমান আৰ্হি আছে । ইয়াৰ ভিতৰত বিষুৱীয় ঢাল অন‍্যতম । দেখা যায় যে বিষুৱীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য আটাইতকৈ অধিক । বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ক্ৰমে জৈৱ বৈচিত্ৰ্য কমি আহে । মেৰু অঞ্চলত জৈৱ বৈচিত্ৰ্য প্ৰায় নাই । অক্ষৰেখাৰ ওপৰত জৈৱ বৈচিত্ৰ্য কেনেকৈ নিৰ্ভৰ কৰে তাৰ উদাহৰণ হিচাপে ক’ব পাৰি যে বিষুৱীয় অঞ্চলত অৱস্থিত কলম্বিয়াত প্ৰায় 1400 চৰাইৰ প্ৰজাতি পোৱা যায় । ত 41°N অৱস্থিত নিউইয়ৰ্কত 105 চৰাইৰ প্ৰজাতি আৰু 71°N ত অৱস্থিত গ্ৰীণলেণ্ডত 56 চৰাইৰ প্ৰজাতি পোৱা যায় । ভাৰতবৰ্ষ ক্ৰান্তীয় অঞ্চলত পৰাৰ বাবে ইয়াত প্ৰায় 1,200 চৰাইৰ প্ৰজাতি পোৱা যায় । ক্ৰান্তীয় আমাজান উপত‍্যকা অঞ্চল জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত । তাত প্ৰায় 40,000 উদ্ভিদ প্ৰজাতি , 3,000 মাছৰ প্ৰজাতি , 1,300 চৰাইৰ প্ৰজাতি , 427 স্তন্যপায়ীৰ প্ৰজাতি , 0427 উভচৰ প্ৰজাতি , 378 সৰ্প প্ৰজাতি আৰু 1,25,000 অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতিয়ে বাস কৰে । ইয়াত আৰু যে কত হেজাৰ পতঙ্গ প্ৰজাতি আছে যিবিলাকক এতিয়াও চিনাক্ত কৰা হোৱা নাই ।

ক্ৰান্তীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য অধিক হোৱাৰ মূল কাৰণ কেবাটাও যেনে ― 

(ক) মেৰু আৰু নীতিশীতোষ্ণ অঞ্চলত আদিমকালত সঘনাই হিমবাহ চলাৰ বাবে বাৰে বাৰে সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণী ধ্বংস হৈছিল । গতিকে জৈৱ বৈচিত্ৰ্য তেনেকৈ ঠন ধৰি উঠিব পৰা নাছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়াও জৈৱ বৈচিত্ৰ্যত বিষুৱীয় বা ক্ৰান্তীয় অঞ্চলতকৈ পিচ পৰি আছে ।

(খ) ক্ৰান্তীয় অঞ্চলত নীতিশীতোষ্ণ অঞ্চলৰ তুলনাত আৱহাওৱা সঘনাই পৰিৱৰ্তন নহয় বাবে প্ৰজাতি সমূহৰ প্ৰজনন আৰু বৃদ্ধিত বাধা নহয়।

(গ) তাৰোপৰি ক্ৰান্তীয় অঞ্চলত সৌৰশক্তি অধিক বিকীৰণ হোৱাৰ বাবে উদ্ভিদৰ বৃদ্ধি ক্ষিপ্ৰ হয় । উপৰোক্ত কাৰণৰ বাবে ক্ৰান্তীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য অন্যান্য অঞ্চলতকৈ অধিক । 

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ২। গ্ৰাফৰ সহায়ত প্ৰজাতি – স্থানৰ সম্পৰ্কে ব‍্যাখ‍্যা কৰা । 

উত্তৰঃ প্ৰজাতি স্থান সম্পৰ্ক :- Alexander Von Humboldt নামৰ জাৰ্মান প্ৰকৃতিবিদে দীঘলীয়া অধ‍্যয়নৰ দ্বাৰা এটি তত্ত্ব আগবঢ়াইছে । এই তত্ত্ব মতে ― অধ্যয়ন কৰা অঞ্চলৰ পৰিসৰ বৃদ্ধি পালে প্ৰজাতিৰ সংখ্যাও বৃদ্ধি পায় যদিও তাৰো এটা সীমা আছে । এটা সীমাৰ পিছত প্ৰজাতিৰ সংখ্যা বৃদ্ধি নহয় । প্ৰকৃততে প্ৰজাতিত চহকী হোৱা আৰু অঞ্চলৰ পৰিসৰৰ মাজত এক বিশেষ সম্পৰ্ক আছে যি আয়তাকাৰ অধিবৃত্তৰ দৰে । লগাৰিথিমৰ মানত এনে সম্পৰ্ক তলত উল্লেখ কৰা সমীকৰণৰ যোগেদি দেখুওৱা যায় ― 

Log = Log C + Z log A

ইয়াত , S = প্ৰজাতিত চহকী , A = অঞ্চল , Z = ৰেখাৰ ঢাল , C = y- ছেদাংশ ।বিজ্ঞানীসকলে লক্ষ্য কৰিলে যে Z ৰ মান 0.1 ৰ পৰা 0.2 ৰ ভিতৰত থাকে । স্থান , দেশ আৰু প্ৰজাতিৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ পৰিৱৰ্তন নহয় । কিন্তু প্ৰজাতি অঞ্চল সম্পৰ্কত এই মান স্থিৰ নাথাকে । যদি এক বিশাল দেশ বা এটি মহাদেশৰ প্ৰজাতি অঞ্চলৰ সম্পৰ্ক নিৰ্ণয় কৰা যায় তেতিয়া Z ৰ ঢাল অত‍্যাধিক থিয় হয় (Z ৰ মান 0.6 ৰ পৰা 1.2 লৈকে থাকিব পাৰে) ।

প্ৰশ্ন ৩। জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হোৱাৰ কাৰণ লিখা ।

উত্তৰঃ মানুহৰ কাৰ্য্যকলাপৰ ফলত অনবৰত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গৈ আছে । মানুহ খাদ্যৰ বাবে , ঔষধৰ বাবে , বাট – পথ , কাৰখানা , নদী বান্ধ , নগৰ – চহৰ পত্তন ইত্যাদিৰ বাবে বননি ধ্বংস কৰাৰ ফলত প্ৰাণীৰ বাসস্থানো ধ্বংস হৈ গৈ আছে । ফলত উদ্ভিদ প্ৰজাতি ধ্বংস হোৱাৰ উপৰিও প্ৰাণীৰ অনেক প্ৰজাতি অৱলুপ্ত হৈছে । উদাহৰণ হিচাপে প্ৰশান্ত সাগৰৰ দ্বীপ সমূহত আৰম্ভ হোৱাৰ পিছত প্ৰায় 2000 চৰাইৰ প্ৰজাতি বিলূপ্ত হৈছে । IUCN ৰ Red Data Book (2004) ত উল্লেখ কৰা মতে যোৱা 500 বছৰত 338 মেৰুদণ্ডী , 359 অমেৰুদণ্ডী প্ৰাণী আৰু 87 টা উদ্ভিদৰ প্ৰজাতি চিৰদিনৰ বাবে লুপ্ত হৈছে । যোৱা কুৰি বছৰৰ ভিতৰত 27 টা প্ৰজাতি লুপ্ত হৈছে । অধ‍্যয়নৰ ফলত জনা গৈছে যে সমগ্ৰ পৃথিৱীত বৰ্তমান 15,500 প্ৰজাতি বিপদাপন্ন (endangered) পৰ্য্যায়ত আছে দেখা গৈছে যে বৰ্তমান 12 শতাংশ পক্ষী , 23 শতাংশ স্তন্যপায়ী , 32 শতাংশ উভচৰ প্ৰাণী আৰু 31 শতাংশ গুপ্তবীজী উদ্ভিদ লুপ্তপ্ৰায় অৱস্থাত আছে ।

পৃথিৱীত মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেও ব‍্যাপকভাৱে প্ৰজাতিৰ অৱলুপ্তি ঘটিছিল প্ৰাকৃতিক কাৰণে ‌। কিন্তু বৰ্তমানৰ অৱ লুপ্তিৰ হাৰ সেই সময়ৰ হাৰতকৈ প্ৰায় 100 ৰ পৰা গুণ 1000 অধিক । এনে ধৰণে প্ৰজাতি অৱলুপ্তি হৈ গৈ থাকিলে বিজ্ঞানীসকলে আশঙ্কা কৰিছে যে অহা এশ বছৰৰ ভিতৰত বৰ্তমানৰ প্ৰজাতি সমূহৰ আধা বিলুপ্ত হ’ব ।

জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিলে তলত উল্লেখ কৰা ঘটনা ঘটিব পাৰে ― 

(ক) উদ্ভিদৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱা ।

(খ) অনাবৃষ্টি , অতিবৃষ্টি আৰু আন পাৰিৱেশিক অঘটন প্ৰতিৰোধ কৰা ক্ষমতা উদ্ভিদ আৰু প্ৰাণীৰ উভয়ৰে কমি যায় ।

(গ) পৰিৱেশতন্ত্ৰত খাদ্য – শৃংখল চুটি হোৱা , ৰোগ চক্ৰৰ পৰিৱৰ্তন ঘটা,আগতে উৎপাত নকৰা পতঙ্গৰ উপদ্ৰব বৃদ্ধি পোৱা জীৱৰ পৰস্পৰ নিৰ্ভৰশীলতা অৱনতি ঘটা ।

প্ৰশ্ন ৪। জৈৱ বৈচিত্ৰ্য কিয় সংৰক্ষণ কৰিব লাগে ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ আমি জৈৱ বৈচিত্ৰ্য কিয় ৰক্ষা কৰিব লাগে তাৰ কাৰণ ― 

(ক) আমাৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে : আমি বিভিন্ন ধৰণৰ খাদ্য যেনে ― চাউল , ঘেঁহু , মাকৈজোৱা , বজৰা , ওট আদি , ফলমূল যেনে ― আম , কঁঠাল , আপেল , কল , সুমথিৰা , পনিঅল , মধুৰিআম , শাক – পাচলি যেনে ― মূলা , বন্ধাকবি , ফুলকবি , গাজৰ , জিকা , তিয়ঁহ আদি ; ঘৰ সাজিবৰ বিভিন্ন ধৰণৰ কাঠ , বাঁহ – বেত , খেৰ ; বিভিন্ন ধৰণৰ গোন্ধ তেল , অজস্ৰ ধৰণৰ ঔষধ আৰু অনেক ধৰণৰ বস্তু আমি প্ৰকৃতিৰ পৰা পাওঁ । এই সকলোবিলাক বিভিন্ন প্ৰজাতিয়ে উৎপাদন কৰে । আমাৰ ঘৰচীয়া জীৱ – জন্তু আদিও বিভিন্ন প্ৰজাতিৰ । উদ্ভিদ আৰু প্ৰাণীৰ উদ্ভিদ আৰু প্ৰাণী সকলো প্ৰজাতি এসময়ত প্ৰাকৃতিক পৰিৱেশত জন্মিছিল আৰু লালিত হৈছিল । 

যদি এনে বিভিন্ন প্ৰজাতিৰ সৃষ্টি নহ’লহেঁতেন তেতিয়া আমাৰ বৰ্তমান প্ৰয়োজন পূৰণ কৰা সম্ভৱ নহ’লহেঁতেন । এতিয়াও এই বিলাকৰ বনৰীয়া সঁচ আছে । এই বিলাক ৰক্ষা কৰিলে ভৱিষ্যতে এইবিলাকৰ পৰা অধিক আৰু উন্নতমানৰ উদ্ভিদ আৰু প্ৰাণী সৃষ্টি হ’ব । আমি জনাকৈ আৰু যে কিমান ধৰণৰ প্ৰজাতি প্ৰাকৃতিক পৰিৱেশত আছে তাৰ ঠিক নাই । আমি ভৱিষ্যতে এইবিলাক ব‍্যৱহাৰ কৰিব পৰা যাব বা এইবিলাকৰ ‘জিন’ সংগ্ৰহ কৰি আমাৰ বৰ্তমান শস্য আৰু ঘৰচীয়া প্ৰাণীক অধিক উন্নত কৰিব পৰা যাব । গতিকে এই সকলো বিলাক বিবেচনা কৰিলে জৈৱ বৈচিত্ৰ‍্য ৰক্ষা কৰা আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত প্ৰয়োজন।

(খ) বৃহৎ উদ্দেশ্য পূৰণৰ বাবে :- পৰিৱেশতন্ত্ৰই যি  বিভিন্ন সেৱা আগবঢ়ায় সেই বিলাক বহুমুখী আৰু অধিক কাৰ্য্যকৰ কৰাৰ বাবে জৈৱ বৈচিত্ৰ্যৰ অৱদান অশেষ । বায়ুমণ্ডলৰ অক্সিজেন সম্পূৰ্ণ ভাৱেই উদ্ভিদৰ দান । প্ৰাণী আৰু উদ্ভিদে ত‍্যাগ কৰা কাৰ্বন – ডাই – অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ বাবে শোষণ নকৰিলে এফালে আমাৰ খাদ্য প্ৰস্তুত নহ’লহেঁতেন আৰু আনফালে গোটেই পৃথিৱীৰ আৱহাওৱা বিষাক্ত হৈ উঠিলহেঁতেন । 

মাটিত থকা জীৱাণু সমূহে চক্ৰাকাৰে খনিজ লোণ পুনৰাৱৰ্তন নকৰিলে কেতিয়াবাই মাটিৰ খনিজ লোণ আৰু বতাহৰ কাৰ্বন – ডাই- অক্সাইড আদি শেষ হৈ গ’লহেঁতেন । অসংখ্য ধৰণৰ পতঙ্গ নাথাকিলে আমাৰ শস্য উৎপাদনকাৰী উদ্ভিদৰ পৰাগগো নহ’লহেঁতেন।এই সকলো বিলাক বিবেচনা কৰিলে দেখা যায় যে এটা পৰিৱেশতন্ত্ৰত সকলো ধৰণৰ জীৱন একোটা বিশেষ প্ৰয়োজন থাকে । এই বিলাকৰ অবিহনে পৰিৱেশতন্ত্ৰ অচল হৈ পৰে আৰু আমি কোনোও জীয়াই থাকিব নোৱাৰিলোহেঁতেন । এইবিলাক কথা সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে প্ৰতিটো জীৱই তাৰ এটা জীৱনত যিমানখিনি সেৱা আগবঢ়ায় তাৰ মূল‍্যয়ন কৰা কঠিন । ভাবি চোৱা ― এজোপা আহত গছে তাৰ জীৱনত যিমানখিনি অক্সিজেন উৎপাদন কৰে , যিমানখিনি কাৰ্বন ডাই অক্সাইড শোষণ কৰে ; কিমান চৰাই , পোক – পৰুৱাক আশ্ৰয় আৰু খাদ্য যোগায় ; তাৰ গাত কিমান পৰজীৱী আৰু পৰায়ীক আশ্ৰয় দিয়ে ; গোটেই জীৱন ছাঁ দি কিমান পথিকৰ ভাগৰ লাঘব কৰে । এই বিলাকৰ মূল‍্যায়ন কৰিলে একোটা তেনে গছৰ গোটেই জীৱনৰ সেৱাৰ মূল্য কেইবা কোটি টকা হ’ব।প্ৰকৃতিৰ সৌন্দৰ্য‍্যৰ মানুহক মুগ্ধ কৰে , মানুহৰ মন প্ৰশান্ত কৰে , কবিক কবিতা লিখিবলৈ অনুপ্ৰাণিত কৰে । এইবিলাক মূল্য নিৰ্দ্ধাৰণ কৰিব পৰা নাযায় বাবে এইবিলাক আমাৰ অমূল্য সম্পদ ।

(গ) আমাৰ নৈতিকতা বোধৰ বাবে :- মানুহ , প্ৰাণী , উদ্ভিদ সকলোৱেই এই পৃথিৱী নামৰ গ্ৰহত একলগে বাস কৰো । আমি সকলোৱে সহযাত্ৰী । আমি পৰস্পৰৰ হিতাকাঙ্খী হোৱা প্ৰয়োজন যিহেতু আমি পৰস্পৰ নিৰ্ভৰ।তাৰোপৰি সকলো জীৱ পৃথিৱীত আবিৰ্ভাৱ হৈছিল মানুহ আবিৰ্ভাৱ হোৱাৰ পূৰ্বেই । গতিকে সেইবিলাকৰ জীয়াই থকাৰ অধিকাৰ আমাতকৈ কম নহয় । পৃথিৱীৰ সকলো জীৱ ক্ৰমবিৱৰ্তন আৰু আনুবংশিক পৰম্পৰাৰ বান্ধোনত আৱদ্ধ । কোনো কোনো আমাতকৈ দূৰৰ আৰু কোনো কোনো নিচেই ওচৰৰ সম্বন্ধৰ আৰু প্ৰতি জীৱৰ কোনো নহয় কোনো নিৰ্দিষ্ট কাম থাকে যাক আমি এতিয়াও নাজানো । গতিকে নৈতিকতা বোধৰ বাবে অন্ততঃ আমি পৰিৱেশতন্ত্ৰৰ সকলো প্ৰজাতিয়ে যাতে ধ্বংসৰ পৰা ৰক্ষা পায় তাৰ যত্ন লোৱা উচিত ।

প্ৰশ্ন ৫। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবৰ কি কি বিভিন্ন পন্থা আছে ? 

উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক কাৰণত পৰিৱেশতন্ত্ৰ সম্পূৰ্ণভাৱে ৰক্ষা কৰা বৰ্তমান সম্ভৱ হৈ উঠা নাই । ক্ৰমাৎ নতুন নতুন আবাদৰ ফলত আমাৰ বনানি ধ্বংস হৈ গৈ আছে । গতিকে অন‍্য উপায়ে দুষ্প্ৰাপ‍্য , লুপ্তপ্ৰায় আৰু থলুৱা জীৱৰ স‌ংৰক্ষণৰ বাবে দুটা উপায় স্থিৰ কৰা হৈছে । এই উপায় দুটা হ’ল ― 

(ক) স্বস্থানত সংৰক্ষণ :- যিবিলাক প্ৰাকৃতিক পৰিৱেশত যথেষ্ট সংখ্যাক থলুৱা প্ৰজাতিসমূহ পোৱা যায় আৰু জৈৱ বৈচিত্ৰ্যতে চহকী আৰু মানুহৰ কাৰ্য্যকলাপৰ ফলত পৰিৱেশতন্ত্ৰ এতিয়াও ক্ষতিগ্ৰস্ত হোৱা নাই । তেনে কিছুমান অঞ্চল গোটেই পৃথিৱীৰ বিভিন্ন দেশত চিনাক্ত কৰি লোৱা হৈছে আৰু এই অঞ্চলসূহ যাতে কোনোভাৱে ক্ষতিগ্ৰস্ত নহয় । তাৰ ব‍্যৱস্থা কৰা হৈছে বৰ্তমান পৃথিৱীত 34 টা তেনে স্থান চিনাক্তকৰণ হৈছে । এই বিলাকক Hotspots বোলা হয় । 

আমাৰ দেশত তিনিটা Hotspots চিনাক্ত কৰা হৈছে । এই বিলাক হ’ল ― পশ্চিম ঘাট , হিমালয় আৰু ভাৰত মায়েনমাৰৰ সংলগ্ন অঞ্চল । এই বিলাকৰ উপৰি আমাৰ দেশত 14 টা Biosphere reserve , 90 টা জাতীয় উদ‍্যান , 448 সংৰক্ষিত বনাঞ্চল , আৰু আদিমকালৰ পৰা মেঘালয় ৰাজস্থান , কৰ্ণাটক আদি অঞ্চলত স্থাপিত পবিত্ৰ – উদ‍্যান (sacred grove) সমূহতো উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ কৰা হয় । 

(খ) অন্য স্থানত সংৰক্ষণ :- যদি কোনো দুষ্প্ৰাপ‍্য বা লুপ্তপ্ৰায় বা বিপন্ন প্ৰজাতি স্বস্থানত সংৰক্ষণ সম্ভৱ নহয় তেতিয়া হ’লে তেনে প্ৰজাতি সেই স্থানৰ পৰা আনি উদ্ভিদ উদ‍্যান চিৰিয়াখানা বা অন্যান্য ভাৱে স্থাপন কৰা ঠাইত সংৰক্ষণ কৰা হয় । বৈজ্ঞানিক প্ৰথাৰে এইবিলাক লালন পালন আৰু বংশ বৃদ্ধি কৰা হয় । এতিয়া কলা সংৱৰ্ধন জননকোষ সংৰক্ষণ , অতি শীতল অৱস্থা সৃষ্টি কৰি সংৰক্ষণ , বহু বছৰ বীজ সংৰক্ষণ পদ্ধতি আদিৰ যোগেদি এনে সংৰক্ষিত জীৱৰ বংশ বৃদ্ধি কৰা হয় । 

প্ৰশ্ন ৬। জৈৱ বৈচিত্ৰ্যৰ আৰ্হি সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ জৈৱ বৈচিত্ৰ্যৰ দুটা আৰ্হি তলত উল্লেখ কৰা হ’ল ― 

(ক) বিষুৱীয় ঢাল :- পৃথিৱীৰ সকলো ঠাইত জৈৱ বৈচিত্ৰ্য একে নহয় । বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায় । জৈৱ বৈচিত্ৰ্যৰ এনে তাৰতম‍্যৰ কিছুমান আৰ্হি আছে । ইয়াৰ ভিতৰত বিষুৱীয় ঢাল অন‍্যতম । দেখা যায় যে বিষুৱীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য আটাইতকৈ অধিক । বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ক্ৰমে জৈৱ বৈচিত্ৰ্য কমি আহে । মেৰু অঞ্চলত জৈৱ বৈচিত্ৰ্য প্ৰায় নাই । অক্ষৰেখাৰ ওপৰত জৈৱ বৈচিত্ৰ্য কেনেকৈ নিৰ্ভৰ কৰে তাৰ উদাহৰণ হিচাপে ক’ব পাৰি যে বিষুবীয় অঞ্চলত অৱস্থিত কলম্বিয়াত প্ৰায় 1400 চৰাইৰ প্ৰজাতি পোৱা যায় । 41°N অৱস্থিত নিউইয়ৰ্কত 105 চৰাইৰ প্ৰজাতি আৰু 71°N ত অৱস্থিত গ্ৰীণলেণ্ডত 56 চৰাইৰ প্ৰজাতি পোৱা যায় । ভাৰতবৰ্ষ ক্ৰান্তীয় অঞ্চলত পৰা বাবে ইয়াত প্ৰায় 1,200 চৰাইৰ প্ৰজাতি পোৱা যায়। 

ক্ৰান্তীয় আমাজান উপত্যকা অঞ্চল জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত । তাৰ প্ৰায় 40,000 উদ্ভিদ প্ৰজাতি , 3,000 মাছৰ প্ৰজাতি , 1,300 চৰাইৰ প্ৰজাতি , 427 স্তন্যপায়ীৰ প্ৰজাতি , 427 উভয়চৰ প্ৰজাতি , 378 সৰ্প প্ৰজাতি আৰু 1,25,000 অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতিয়ে বাস কৰে । ইয়াত আৰু যে ক’ত হেজাৰ পতঙ্গ প্ৰজাতি আছে যিবিলাকক এতিয়াও চিনাক্ত কৰা হোৱা নাই ।

ক্ৰান্তীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য অধিক হোৱাৰ মূল কাৰণ কেইবাটাও । 

যেনে ― (ক) মেৰু আৰু নাতিশীতোষ্ণ অঞ্চলত আদিমকালত সঘনাই হিমবাহ চলাৰ বাবে বাৰে বাৰে সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণী ধ্বংস হৈছিল । গতিকে জৈৱ বৈচিত্ৰ্য তেনেকৈ ঠন ধৰি উঠিব পৰা নাছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়াও জৈৱ বৈচিত্ৰ‍্যত বিষুৱীয় বা ক্ৰান্তীয় অঞ্চলতকৈ পিচ পৰি আছে । 

(খ) ক্ৰান্তীয় অঞ্চলত নাতিশীতোষ্ণ অঞ্চলৰ তুলনাত আৱহাওৱা সঘনাই পৰিৱৰ্তন নহয় বাবে প্ৰজাতি সমূহৰ প্ৰজনন আৰু বৃদ্ধিত বাধা নহয় ।

(গ) তাৰোপৰি ক্ৰান্তীয় অঞ্চলত সৌৰশক্তি অধিক বিকীৰণ হোৱাৰ বাবে উদ্ভিদৰ বৃদ্ধি ক্ষিপ্ৰ হয় । উপৰোক্ত কাৰণৰ বাবে ক্ৰান্তীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য অন্যান্য অঞ্চলতকৈ অধিক ।

প্ৰজাতি স্থান সম্পৰ্ক :- Alexander Von Humboldt নামৰ জাৰ্মান প্ৰকৃতিবিদে দীঘলীয়া অধ্যয়নৰ দ্বাৰা এটি তত্ত্ব আগবঢ়াইছে।এই তত্ত্ব মতে ― অধ্যয়ন কৰা অঞ্চলৰ পৰিসৰ বৃদ্ধি পালে প্ৰজাতিৰ সংখ্যাও বৃদ্ধি পায় যদিও তাৰো এটা সীমা আছে।এটা সীমাৰ পিছত প্ৰজাতিৰ সংখ্যা বৃদ্ধি নহয় । প্ৰকৃততে প্ৰজাতিত চহকী হোৱা আৰু অঞ্চলৰ পৰিসৰৰ মাজত এক বিশেষ সম্পৰ্ক আছে যি আয়তকাৰ অধিবৃত্তৰ দৰে।লগাৰিথিমৰ মানত এনে সম্পৰ্ক তলত উল্লেখ কৰা সমীকৰণৰ যোগেদি দেখুওৱা যায়―  Log S = Log C + Z log A 

ইয়াত , S = প্ৰজাতিত চহকী , A = অঞ্চল , Z = ৰেখাৰ ঢাল , C = y- ছেদাংশ ।বিজ্ঞানীসকলে লক্ষ্য কৰিলে যে Z ৰ মান 0.1 ৰ পৰা 0.2 ৰ ভিতৰত থাকে । স্থান , দেশ আৰু প্ৰজাতিৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ পৰিৱৰ্তন নহয় । কিন্তু প্ৰজাতি অঞ্চল সম্পৰ্কত এই মান স্থিৰ নাথাকে । যদি এক বিশাল দেশ বা এটি মহাদেশৰ প্ৰজাতি অঞ্চলৰ সম্পৰ্ক নিৰ্ণয় কৰা যায় তেতিয়া Z ৰ ঢাল অত‍্যাধিক থিয় হয় ।

প্ৰশ্ন ৭। গুৰুত্বপূৰ্ণ প্ৰাণীৰ উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান :- অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে গোলাঘাট আৰু নগাঁও জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । ৰাষ্ট্ৰীয় পথ নং 37 ৰ মতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পৰা কাৰ্বি আংলং জিলাৰ পাদদেশলৈকে এই ৰাষ্ট্ৰীয় উদ‍্যান বিস্তৃত ।

মাটিকালি :- এই উদ‍্যানে 430 বৰ্গ কিঃমিঃ আঞ্চ আৱৰি আছে । 1985 চনৰ পিছত 420.67 বৰ্গ কিঃমিঃ এলেকাৰ উদ‍্যানখনত নতুন এলেকা সংযোজিত কৰি উদ‍্যানখনৰ বৰ্তমানৰ এলেকা বৃদ্ধি কৰা হৈছে ।

ঐতিহাসিক পটভূমি : 1908 চনলৈকে চিকাৰী আৰু লুন্ঠণকাৰীৰ ৰম‍্যভূমি কাজিৰঙাক বিশ্ববিখ্যাত এশিঙিয়া গঁড়ৰ ৰক্ষণাবেক্ষণক প্ৰাথমিক লক্ষ্য হিচাপে লৈ সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা দিয়া হৈছিল । 1916 চনত ইয়াক অভয়াৰণ্য পৰ্য্যায়লৈ উন্নীত কৰা হয় , কাজিৰঙাক ৰাষ্ট্ৰীয় উদ‍্যানৰূপ ঘোষণা কৰা হয় । 1974 চনৰ 1 জানুৱাৰীত । 

প্ৰধান জন্তুসমূহ : বিশ্বৰ বন‍্যপ্ৰাণীৰ মানচিত্ৰত কাজিৰঙাই ইয়াৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এক বিশেষ স্থান অধিকাৰ কৰিছে।1993 চনৰ পিয়লমতে কাজিৰঙাৰ মুঠ গঁড়ৰ সংখ্যা 1164 টা ইয়াৰ উপৰি হাতী , বনৰীয়া ম’হ , দলহিৰণ , খঁটীয়া পহু বাঘ , বনৰীয়া গাহৰি , হলৌ বান্দৰ আৰু সোণালী বান্দৰ , বিভিন্ন প্ৰজাতিৰ চৰাই সৰীসৃপ , মাছ আৰু গছ – গছনিয়ে কাজিৰঙাৰ মুখ‍্য বন‍্যসম্পদ ।

প্ৰধান স্তন‍্যপায়ী প্ৰাণীসমূহ :- এশিঙীয়া গঁড় , হাতী , হলৌ বান্দা , হনুমান বান্দা বাঘ , বিভিন্ন প্ৰজাতিৰ জাহামাল , নেউল , উদ , ভিলুক, বনৰীয়া গাহৰি , বনৰীয়া ম’হ , দল হৰিণ , খটীয়া পহু , শিহু ইত্যাদি ।

প্ৰধান প্ৰধান প্ৰজাতি : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান প্ৰায় 304 প্ৰজাতি আবাসী আৰু ভ্ৰমণকাৰী পক্ষীৰ বিচৰণভূমি । বিভিন্ন প্ৰজাতিৰ ঈগল , ভেলা বা ধেৰা , উলু , ম’ৰা , দেওহাঁহ ৰাজধনেশ আদি IUCN ৰ Red Data Book ত সন্নিৱিষ্ট লুপ্তপ্ৰায় পক্ষীবোৰৰ বাহিৰেও শৰালি হাঁহ , হয়কলি , বনৰীয়া হাঁহ , ফেঁচা আদি পক্ষী প্ৰজাতি কাজিৰঙাত পোৱা যায় ।

প্ৰধান সৰীসৃপ প্ৰজাতি :- অজগৰ , ফেঁটীসাপ , কাছ , ঘৰিয়াল , ক্ৰেইট, ৰেটনস্নেক , গুই সাপ আৰু অন্যান্য বহুত সৰীসৃপ জাতীয় প্ৰাণী এই উদ‍্যানত দেখা যায় । কাজিৰঙাৰ বনজসম্পদ ভিতৰত বিভিন্ন প্ৰকাৰৰ ঘাঁহ – খেৰ , নল – খাগৰি , ইকঁৰা , শিমলু , বগৰী , আহঁত , অমৰা , আজাৰ আদিয়েই প্ৰধান । 1966 চনৰ পৰাই অসমৰ বন বিভাগে প্ৰতি 6 বছৰৰ মূৰে মূৰে কাজিৰঙাৰ স্তন‍্যপায়ী প্ৰাণীসমূহৰ পিয়ল চলাই আহিছে । 

1993 চনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পিয়ল অনুসৰি তাত পোৱা স্তন্যপায়ীৰ সংখ‍্যা এনে ধৰণৰ ― 

স্তন‍্যপায়ী জন্তুৰ নামসংখ্যা 
(ক) গঁড় 1164
(খ) হাতি511
(গ) ম’হ1034
(ঘ) মেঠোন ––
(ঙ) বাঘ8
(চ) নাহৰফুটুকী বাঘ 
(ছ) মাটি ভালুক
(জ) শৰপহু
(ঝ) দলহিৰণ34
(ঞ) খটীয়া পহু2048
(ট) সুগৰি পহু24
(ঠ) বনৰীয়া104 (আনুমানিক)
(ড) ভালুক2

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top