Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি

Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি and select needs one.

Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 6 বংশগতিৰ আণৱিক ভিত্তি Solutions for All Subject, You can practice these here…

বংশগতিৰ আণৱিক ভিত্তি

Chapter: 6

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। কোনে জিনীয় সংকেত নামাকৰণ কৰিছিল ? 

উত্তৰঃ Marshall W . Nirenberg আৰু J . Heinrich Mathaei ।

প্ৰশ্ন ২। নিউক্লিয়জমৰ গঠন আলোচনা কৰা ।

উত্তৰঃ এটা নিউক্লিয়জম এটা ধনাত্মক আধানৰ হিষ্টন নামক ক্ষাৰীয় প্ৰটিনৰ এটা গোটক ঋণাত্মক আধানৰ DNA চাৰিওফালৰ পৰা মেৰাই তৈয়াৰ কৰা এটা গঠন । একোটা নিউক্লিয়জমত কুণ্ডলীযুক্ত DNA ৰ 200 যোৰ ক্ষাৰক থাকে ।

প্ৰশ্ন ৩। জিনীয় পদাৰ্থৰ সংজ্ঞা দিয়া । 

উত্তৰঃ DNA ক জিনীয় পদাৰ্থ বোলা হয় ; কাৰণ , ই বংশগতিৰ সকলো সংকেত বহন কৰে আৰু প্ৰজননৰ যোগেদি সতি – সন্ততিলৈ যায় । DNA অসংখ‍্যা জিনৰ গঠিত । প্ৰতিটো জিনে জীৱৰ একোটা চৰিত্ৰৰ সংকেত দিয়ে । ক্ৰম’জমত থাকে । DNA ক্ৰম’জম কোষকেন্দ্ৰত থাকে ।

প্ৰশ্ন ৪। জিনীয় পদাৰ্থৰ চাৰিটা বৈশিষ্ট্য কি কি ?

উত্তৰঃ (ক) DNA দ্বি – সপিল আৰু কুণ্ডলী আকাৰৰ ‌।

(খ) DNA অসংখ্য নিউক্লিয়টাইডেৰে গঠিত ।

(গ) নিউক্লিয়টাইডসমূহ চাৰিটা ক্ষাৰক ― এডেনাইন , গুয়ানাইন , থাইমিন আৰু ছিইটচিনেৰে গঠিত ।

(ঘ) DNA ৰ অনুকৃত‍্যায়ন হয় , ফলত প্ৰতি DNA ৰ পৰা দুটা DNA উৎপন্ন হয় ।

প্ৰশ্ন ৫। DNA ই কেনেকৈ জৈৱতথ‍্য প্ৰকাশ কৰে ? 

উত্তৰঃ প্ৰ’টিন সংশ্লেষণৰ সময়ত mRNA ই DNA ত থকা একোটা জীৱৰ চৰিত্ৰৰ সকলো সংকেত অনুবাদ কৰি ৰিবজমলৈ নি প্ৰটিন সংশ্লেষণৰ আহি প্ৰস্তুত কৰে ‌। জীৱৰ জীৱন যাপনৰ সকলো স‌ংকেত বিশেষ বিশেষ উৎসেচকে নিৰ্ণয় কৰে । প্ৰতিটো উৎসেচক একোটি প্ৰটিন।গতিকে DNA ত থকা সংকেত অনুসৰি জীৱৰ চৰিত্ৰৰ ৰূপ পায়। 

প্ৰশ্ন ৬। ক’ত আৰু কেতিয়া অনুকৃত‍্যায়ন হয় ? 

উত্তৰঃ কোষকেন্দ্ৰত থকা DNA ৰ অনুকৃত‍্যায়ন হয় । যাৰ দ্বাৰা এটা DNA ৰ পৰা দুটা DNA উৎপন্ন হয় ।কোষ বিভাজনৰ সময়ত DNA ৰ অনুকৃত‍্যায়ন হৈ দুগুণ DNA উৎপন্ন হয় ।

প্ৰশ্ন ৭। DNA ৰ অনুকৃত‍্যায়নক অৰ্ধৰক্ষণশীল বুলি কিয় কোৱা হয় ?  

উত্তৰঃ প্ৰতি DNA অণু কোষ বিভাজনৰ পূৰ্বে অনুকৃত‍্যায়নৰ দ্বাৰা দুখন DNA উৎপাদন কৰে । ইয়াৰ ফলত প্ৰতি DNA ৰ পাক মেল খায় আৰু দুটা সূত্ৰ পৃথক হয় । ইয়াৰ পিছত প্ৰতি সূত্ৰৰ একোটা পৰিপূৰক সূত্ৰ প্ৰস্তুত হয় । মেছেলছন আৰু ষ্টালে আগবঢ়োৱা এই মতবাদক অৰ্ধ ৰক্ষণশীল মতবাদ বোলা হয় । DNA বিভাজন হৈ আধা অংশৰ পৰা পুনৰ সম্পূৰ্ণ DNA প্ৰস্তুত হোৱাৰ বাবে ইয়াক অৰ্ধৰক্ষণশীলতা বোলে ।

প্ৰশ্ন ৮। mRNA ৰ অনুবাদ কেনেকৈ অন্ত পৰে ?

উত্তৰঃ বহুপেপ্টাইড শৃংখল গঠন হৈ গৈ থকা অৱস্থাত যেতিয়া mRNA ত থকা তিনিটা অন্তকাৰী সংকেতিকা বা অৰ্থহীন সংকেতিকা পায় তেতিয়াই লিপ‍্যন্তৰৰ পৰিসমাপ্তি ঘটে আৰু বহুপেপ্টাইড শৃংখল ৰিব’জমৰ পৰা ওলাই আহে । 

প্ৰশ্ন ৯। লিপ‍্যন্তৰ কি ? 

উত্তৰঃ DNA ৰ এটা সূত্ৰত থকা নিউক্লিয়টাইডৰ ক্ৰম অনুযায়ী mRNA ৰ পৰিপূৰক সূত্ৰ এডাল প্ৰস্তুত হোৱাকেই লিপ‍্যন্তৰ বোলে । এই সূত্ৰত DNA ৰ পৰা বিশেষ ধৰণৰ প্ৰটিন সংশ্লেষণৰ সংকেত থাকে । DNA টোৰ পৰা সকলো প্ৰটিন গঠনৰ সংকেতৰ ছাপ গ্ৰহন কৰি mRNA ডাল শুলকি ওলাই আহে কোষ প্ৰৰশত । বহন কৰা সংকেত সমূহক ত্ৰয়ী সংকেত বোলে । এনে একোটা mRNA ত 500 টন এমিন’ এচিডৰ সংকেতিয় থাকিব পাৰে ‌। তাৰ mRNA পিছত কোষ প্ৰৰসত থকা ৰিব’জনৰ লগ লাগে য’ত কঢ়িয়াই অনা সংকেত অনুসৰি প্ৰটিন সংশ্লেষণ আৰম্ভ হয় ।

প্ৰশ্ন ১০। DNA ৰ লিপ‍্যন্তৰৰ এককৰ নাম দিয়া । 

উত্তৰঃ এডাল পলিপেপ্টাইজৰ সংকেত বহন কৰা অংশক চিষ্ট্ৰন বোলে । এই চিষ্ট্ৰনকেই লিপ‍্যন্তৰৰ একক বোলা হয় । কাৰণেই একোটা জিন নিৰ্দেশ কৰে । প্ৰতিটো জিন লিপ‍্যন্তৰ হয় বাবে জিন বা চিষ্ট্ৰনেই লিপ‍্যন্তৰৰ একক ।

প্ৰশ্ন ১১। একজন কি ? 

উত্তৰঃ একজনবোৰ হৈছে DNA ৰ সাংকেতিক অংশ (Coding Sequence) যিবোৰ সংকোষকেন্দ্ৰীয় কোষত থাকে আৰু প্ৰ’টিনৰ কাৰণে লিপ‍্যন্তৰ কৰে ।

প্ৰশ্ন ১২। স্পলাইছিঙৰ হ’বৰ সময়ত কি mRNA প্ৰয়োজন হয় ? 

উত্তৰঃ mRNA পলিমাৰেজ বাৰ্তাবাহী ৰ পূৰ্বগামী দ্ৰব্য আৰু বিষমজাতী।কোষকেন্দ্ৰয়ৰ লিপ‍্যন্তৰ ঘটায় । কিন্তু অসুবিধা এইটোৱেই যে প্ৰাথমিক প্ৰতিলিপটোৰ একজন আৰু ইনট্ৰন দুয়োটাই থাকে আৰু ই কাৰ্য্যকৰী নহয় । সেই কাৰণে স্পলাইছিং নামৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগা হয় য’ত ইন্ট্ৰনসমূহ আঁতৰাই একজনবোৰ এক নিৰ্দিষ্ট ক্ৰমত জোৰা লগোৱা হয় ।

প্ৰশ্ন ১৩। ছেটেলাইট DNA কি ? 

উত্তৰঃ DNA ফিংগাৰ প্ৰিন্টিঙৰ অণুৰ অনুক্ৰমৰ কিছুমান বিশেষ অংশৰ পাৰ্থক্য চিনাক্ত কৰা হয় । এই অংশসমূহক বাৰম্বাৰিত DNA বোলা হয় ; কাৰণ এই অনুক্ৰমত সৰু এলানি ক্ষাৰকযুক্ত  DNA ৰ বহু বাৰ পুনৰাবৃত্তি ঘটে । ঘনত্ব নিম্ন প্ৰৱণতা কেন্দ্ৰাপসাৰণ প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন ধৰণৰ শীৰ্ষবিন্দু দেখুৱাই । এই শীৰ্ষবিন্দু বিলাকত কিছুমান পুঞ্জীভূত হৈ থাকে আৰু কিছুমান বিচ্ছিন্ন সৰু শীৰ্ষবিন্দু হিচাপে থাকে । সৰু সৰু শীৰ্ষবিন্দু বিলাকক ছেটেলাইট DNA বোলা হয় ।

প্ৰশ্ন ১৪। “জিনীয় সংকেতবোৰ দ্বিগুণী” ― ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ জিনীয় সংকেতবোৰ দ্বিজেনেৰেট অৰ্থাৎ দ্বিগুণবাহী । এক বিশেষ এমনি’ এছিড সংশ্লেষণৰ কাৰণে একাধিক সংকেত ব‍্যৱহৃত হ’ব পাৰে । উদাহৰণস্বৰূপে ফিনাইল এলানিন এমিন’ এছিডৰ কাৰণে UUU আৰু UUC সংকেত যুক্ত হয় । অৰ্জিন নামৰ এমিন’ এছিডৰ কাৰণে CGU , CGC , CGA , CGG , AGA , AGG সংকেত সমূহ ব‍্যৱহৃত হয় ।

(খ) ৰচনাধৰ্মী প্ৰশ্নোওৰ :- 

প্ৰশ্ন ১। tRNA গঠন চিত্ৰ আঁকা ।

উত্তৰঃ     

প্ৰশ্ন ২। গ্ৰিফিথৰ ৰূপান্তৰকৰণ পৰীক্ষাৰ বৰ্ণনা কৰা । তেখেতৰ সিদ্ধান্ত কি আছিল ?

উত্তৰঃ 1928 চনত গ্ৰিফিতে ডিপ্ল’কক্কাছ ন‍্যুম’নি নামৰ বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি দেখুৱাই যে ৰক্ত – এগাৰ কলাকৰ্ষণ মাধ‍্যমত দুই ধৰণৰ কলনি বা দল দেখা যায় । একপ্ৰকাৰৰ কোষবেৰ মসৃণ , ইয়াৰ নাম দিয়া হৈছে S – প্ৰকাৰ আৰুআনবিধৰ কোষবেৰ অমসৃণ । ইয়াক R- প্ৰকাৰ বোলে । S – প্ৰকাৰ বেক্টেৰিয়া দেহৰ ক্ষতিকাৰক বা ভিৰুলেল্ট । এই দুই ধৰণৰ বেক্টেৰিয়া তাপ সুবেদী আৰু তাপমাত্ৰা বৃদ্ধি কৰিলে ইহঁত মৰি যায় আৰু তেতিয়া ইহঁতক তাপ মৃত বেক্টেৰিয়া বোলে।

চিত্ৰ :- গ্ৰিফিতৰ এন্দুৰৰ ওপৰত ন‍্যুম’কক্কাছৰ পৰীক্ষা এই ধৰ্মৰ ওপৰত ভিত্তি কৰি গ্ৰিফিতে এন্দুৰৰ দেহত (চিত্ৰত) দিয়াধৰণে ইনজেকছন দি বেক্টেৰিয়া সুমুৱাই দিয়ে ।

পৰীক্ষাকেইটাৰপৰা দেখা গ’ল যে ২ নম্বৰ আৰু ৫ নম্বৰ পৰীক্ষাতহে এন্দুৰবোৰ ন‍্যুম’নিয়া বেমাৰত আক্ৰান্ত হৈছে অথবা মৃত্যু হৈছে । ২ নম্বৰ পৰীক্ষাত এন্দুৰবোৰ আক্ৰান্ত হোৱাটো স্বাভাৱিক , কিন্তু ৫ নম্বৰ পৰীক্ষাত অস্বাভাৱিক ফলাফল পোৱা গ’ল । গ্ৰিফিতে ইয়াৰ ব‍্যাখ‍্যা হিচাপে কৈছিল যে কোনো পৰ্দাথ মৃত S – প্ৰকাৰৰ পৰা ওলাই R – প্ৰকাৰ বেক্টেৰিয়াক প্ৰকাৰ (S) বেক্টেৰিয়ালৈ য়ে ৰূপান্তৰিত কৰে । 

1944 চনত এভেৰি , মেকলিঅ’ড আৰু মেকাৰ্টিয়ে প্ৰমাণ কৰে যে R – প্ৰকাৰ বেক্টেৰিয়াক S – প্ৰকাৰ বেক্টেৰিয়ালৈ DNA য়ে ৰূপান্তৰিত কৰে।

প্ৰশ্ন ৩। গ্ৰিফিথৰ ৰূপান্তৰ সূত্ৰৰ জৈৱ – ৰাসায়নিক বৈশিষ্ট্য সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ গ্ৰফিতে Diplococcus Pneumoniae নামৰ এক ধৰণৰ বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি এক আচৰিত ধৰণৰ ফল পাইছিল । এই বেক্টেৰিয়াৰ কিছুমানে ন‍্যুম’নিয়া (Pneumonia) ৰোগ সৃষ্টি কৰে আৰু আন কিছুমানে ৰোগ সৃষ্টি নকৰে । ন‍্যুম’নিয়া ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ কোষটোৰ চাৰিওফালে এটা চোকোৰা বা কেপচুল থাকে । এই প্ৰকাৰ বেক্টেৰিয়াক ‘প্ৰকাৰ S – III’ বোলে । ৰোগ সৃষ্টি কৰিব নোৱাৰা বেক্টেৰিয়াৰ কোষৰ কেপচুল নাথাকে । এই প্ৰকাৰ বেক্টেৰিয়াক’প্ৰকাৰ – ‘ বোলে । 

তেখেতে ৰোগ সৃষ্টিকাৰী আৰু ৰোগ সৃষ্টি কৰিব নোৱাৰা দুয়োবিধকে বেলেগে বেলেগে এন্দুৰৰ দেহত প্ৰয়োগ কৰাই স্বাভাৱিক ফলাফল পালে অৰ্থাৎ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া (S –  III) যি এন্দুৰৰ দেহত প্ৰয়োগ কৰা হৈছিল সেই এন্দুৰৰ মৃত্যু হ’ল আৰু ৰোগ সৃষ্টি কৰিব নোৱাৰা বিধ (প্ৰকাৰ R – III) যি এন্দুৰৰ দেহত প্ৰয়োগ কৰা হৈছিল সেই এন্দূৰৰ মৃত্যু নহ’ল । ইয়াৰ পিছত তেখেতে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াক তাপ দি মাৰি এন্দুৰৰ দেহত প্ৰয়োগ কৰি দেখিলে যে এন্দুৰৰ মৃত্যু নহ’ল । ইয়াৰ পিছত এক আচৰিত পৰীক্ষা তেখেতে কৰিলে । এই পৰীক্ষাত তেখেতে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াক তাপ দি মাৰি সেইবিলাক জীৱন্ত কিন্তু ৰোগ সৃষ্টি কৰিব নোৱাৰা বিধৰ লগত মিহলাই এন্দুৰক বেজী দিলে । আশ্চৰ্যৰ কথা যে এন্দুৰ ৰোগত আক্ৰান্ত হৈ মৰিব লগা হ’ল । 

গ্ৰিফিতৰ পৰীক্ষাই যদিও প্ৰমাণ কৰিব নোৱাৰিলে যে ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা বংশগত আৰু এই বংশগত গুণৰ বাহক DNA , এই পৰীক্ষাৰ আলম লৈ পিছলৈ এভাৰি আদিয়ে প্ৰমাণ কৰি দেখুৱালে যে মৃত অথচ ৰোগ সৃষ্টি কৰিব পৰা বেক্টেৰিয়া DNA । জীৱন্ত অথচ ৰোগ সৃষ্টি কৰিব নোৱাৰা বেক্টেৰিয়াৰ দেহত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা প্ৰদান কৰে । 

প্ৰশ্ন ৪। DNA আৰু RNA ৰ মাজত তিনিটা পাৰ্থক্য লিখা ।

উত্তৰঃ DNA 

(ক) ই প্ৰধানকৈ কোষকেন্দ্ৰত থাকে ‌।

(খ) এটা প্ৰজাতিৰ প্ৰতিটো কোষত ইয়াৰ হয় ।

(গ) ই এডিনিন , গুৱানিন আৰু চাইট’চিনৰ উপৰি থাইমিন কঢ়িয়াই ।

RNA 

(ক) ইয়াক প্ৰধানকৈ কোষৰ কোষপ্ৰৰসত পোৱা যায় ।

(খ) বিভিন্ন কোষত ইয়াৰ পৰিমাণ ভিন্ন পৰিমাণ ধ্ৰুৱক । 

(গ) ইয়াত থাইমিনৰ পৰিৱৰ্তে ইউৰেচিল থাকে । 

প্ৰশ্ন ৫। DNA ৰ অনুকৃত‍্যায়ন চমুকৈ আলোচনা কৰা ।

উত্তৰঃ সংকোষীকেন্দ্ৰীয় কোষত অনুকৃত‍্যায়ন বিভিন্ন বিন্দুত আৰম্ভ হয়― 

চিত্ৰ :- ডি.এন.এ অণুৰ অনুকৃত‍্যায়নত পূৰণা সূত্ৰৰ পৰিপূৰক নতুন সূত্ৰ গঠন 

(ক) হেলিকেজ উৎসেচকে DNA – ৰ সূত্ৰ দুডালৰ নিউক্লিয়’ টাইডৰ মাজৰ দুৰ্বল হাইড্ৰ’জেন বন্ধনী ভাঙি দি সূত্ৰ দুডালৰ পাক খুলি দিয়ে , যাতে DNA – ৰ মেল খোৱা দুটা অংশই প্ৰতিলিপি শাখা গঠন কৰিব পাৰে ।

(খ) টপ’আইচ’মাৰেজ উৎসেচকে প্ৰাৰম্ভিক স্থানত ডি এন এ তন্তডাল কাটি দিয়ে আৰু সময় সাপেক্ষে যোৰা লগায় । পাক খোৱা ৰছী এডালৰ তন্ত দুডাল বল প্ৰয়োগ কৰি পৃথক কৰিব পাৰি কিন্তু এৰি দিলে আকৌ লগ লাগি যায় । কিন্তু পাক খোৱা ৰছীডালৰ এডাল ত কাটি তাৰ সাঁচ গুচাই দিলে তন্ত দুডাল একেলগে নালাগে টপ’আইচ’মাৰেজ উৎসেচকে DNA তন্তডাল কাটি তাৰ সাঁচ গুচাই দিয়ে , ফলত তন্ত দুডাল পৃথক হৈ পৰে ।

(গ) নতুন সূত্ৰবোৰৰ সংশ্লেষণে প্ৰাইমাৰত আৰম্ভ হয় । RNA প’লিমাৰেজ উৎসেচকৰ দ্বাৰা RNA প্ৰাইমাৰ সৃষ্টি হয় । নতুন DNA শৃংখল গঠনৰ সময়ত প্ৰথমতে DNA ৰ মুক্ত প্ৰান্তত সৰু RNA প্ৰাইমাৰ গঠন হয় । 

(ঘ) প্ৰাইমাৰ হৈছে RNA ৰ চুটি শিকলি , যিবোৰ প্ৰাইমেজ উৎসেচকৰ সহায়ত U , C , A আৰু C ক্ষাৰৰ ব‍্যৱহাৰ কৰি নিউক্লিয়’টাইডৰ বহুযোজনৰ দ্বাৰা গঠন হয় ।

(ঙ) যেতিয়া দ্বি – সূত্ৰী DNA ই এটা বিন্দুলৈকে পাক মেল খাই থাকে , তেতিয়া Y আকৃতিৰ প্ৰতিলিপি শাখা গঠন কৰে ।

(চ) DNA প’লিমাৰেজ উৎসেচকে 5′ ― 3′ দিশত গঠন হোৱা পৰিপূৰক DNA ত নিউক্লিয়’টাইডবোৰ সংযোজন কৰে । 

(ছ) দুয়োডাল সূত্ৰই বিপৰীতমুখী সমান্তৰাকৈ গতি কৰে , নতুন সূত্ৰবোৰৰ সংশ্লেষণ বিপৰীত দিশত হ’ব । 

(জ) DNA ৰ যিডাল সূত্ৰত DNA প’লিমাৰেজ উৎসেচকৰ প্ৰভাৱত অবিৰতভাৱে 5′ ― 3′ দিশত প্ৰতিলিপি গঠন হৈ নতুন DNA সূত্ৰ গঠন হয় , তাক অগ্ৰণী সূত্ৰ বোলে । 

(ঝ) আনহাতে , DNA ৰ আনডাল সূত্ৰত প্ৰাইমে’জ উৎসেচকৰ প্ৰভাৱত 5′ ― 3′ দিশত টুকুৰা – টুকৰ DNA সূত্ৰ গঠন হয় । এই সৰু সৰু DNA সূত্ৰবোৰক ওকাজাকি টুকুৰা বোলে ।

(ঞ) পিছত এই টুকুৰাবোৰ DNA লাইগেজ উৎসেচকৰ দ্বাৰা সংলগ্ন হৈ DNA সূত্ৰডাল গঠন কৰে । এই সূত্ৰডালক লেগিং সূত্ৰ বোলে ।

(ট) RNA প্ৰাইমাৰক আঁতৰ কৰি লেগিং সূত্ৰ গঠন কৰিবৰ কাৰণে অ’কাজাকি টুকুৰাবোৰক যুক্ত কৰা উৎসেচকটোক লাইপেজ বা সংযোজিত উৎসেচক বোলে । 

(ঠ) DNA প’লিমাৰেজ I এ খালি ঠাইখিনি পূৰণ কৰে ।

(ড) DNA প’লিমাৰেজ I আৰু II এ প্ৰুফ ৰিডিঙৰ কাম কৰে । 

প্ৰশ্ন ৬। হাৰ্শ্ব আৰু চেইজে কেনেকৈ প্ৰমাণ কৰিলে যে DNA ই বংশগতিৰ পদাৰ্থ ? 

উত্তৰঃ বেক্টেৰিওফাজৰ প্ৰজননত DNA ৰ ভূমিকা সম্পৰ্কে হাৰ্শ্বে আৰু চেইজে এটি অভিনৱ পৰীক্ষা কৰিছিল । এই পৰীক্ষাত স্পষ্ট হ’ল যে বেক্টেৰিওফাজৰ বংশগতি নিয়ন্ত্ৰক পদাৰ্থ DNA । তেখেতসকলে এই পৰীক্ষাৰ বাবে T₂ ফাজ আৰু E.coil বেক্টেৰিয়া ব‍্যৱহাৰ কৰিছিল । ফাজ ভাইৰাছৰ দেহ , প্ৰ’টিন আৰু DNA এই দুটা মাত্ৰ উপাদানেৰে গঠিত । প্ৰথম পৰীক্ষাত তেওঁলোকে দুই ধৰণৰ T₂ ফাজ প্ৰস্তুত কৰি লৈছিল । এবিধ P₃₂ আইছ’টপযুক্ত আৰু আনবিধ S₃₅ আইছ’টপযুক্ত ফাজ ভাইৰাছ (চিত্ৰ – A) । প্ৰথম পৰীক্ষাত P₃₂ তেজষ্ক্ৰিয় আইছ’টপযুক্ত T₂ ফাজ গঠনৰ বাবে তেওঁলোকে P₃₂ যুক্ত বেক্টেৰিয়াৰ আবাদ মাধ্যমত ফাজ ভাইৰাছৰ সৃষ্টি কৰি লৈছিল । যিহেতু ফছফৰাছ (P) DNA ৰ এটা উপাদান (ছালফাৰ নহয়) , সেয়েহে P₃₂ আইছ’টপ চিহ্নিত DNA যুক্ত অপত‍্য ফাজৰ সৃষ্টি হৈছিল । 

অন‍্যহাতে , S₃₅ তেজষ্ক্ৰিয় আইছ’টপযুক্ত T₂ ফাজ গঠনৰ বাবে তেওঁলোকে কিছুমান ফাজ S₃₅ যুক্ত বেক্টেৰিয়া আবাদ মাধ‍্যমত সৃষ্টি কৰি লৈছিল । যিহেতু ছালফাৰ (S) প্ৰ’টিনৰ এটা উপাদান (ফচফৰাচ্ নহয়) , সেয়েহে S₃₅ আইছ’টপ চিহ্নিত প্ৰ’টিনযুক্ত অপত‍্য ফাজৰ সৃষ্টি হৈছিল । এতিয়া পৃথকে পৃথকে P₃₂ আৰু S₃₅ যুক্ত T₂ ফাজবোৰক E.coil বেক্টেৰিয়াক আক্ৰান্ত হ’বলৈ দিছিল । আক্ৰান্ত হোৱাৰ কেইঘন্টামানৰ পিছত আক্ৰান্ত বেক্টেৰিয়াবোৰ চেন্ট্ৰিফুগেচনৰ দ্বাৰা পৃথক কৰি অপত‍্য ফাজ ভাইৰাছত তেজষ্ক্ৰিয় আইছ’টপযুক্ত DNA কি উপাদানত প্ৰৱেশ কৰিছিল তাক পৰীক্ষা কৰি চালে । তেখেতসকলে দেখা পালে যে P₃₂ যুক্ত T₂ ফাজ ভাইৰাছ আক্ৰান্ত বেক্টেৰিয়াৰ গাত পোৱা অপত‍্য ফাজবোৰত P₃₂ চিহ্নিত DNA আছে । আকৌ S₃₅ যুক্ত T₂ ফাজ ভাইৰাছ আক্ৰান্ত বেক্টেৰিয়া কোষত সৃষ্টি হোৱা অপত‍্য ফাজবোৰৰ DNA ত S₃₅ পোৱা নাছিল । আক্ৰান্ত বেক্টেৰিয়াবোৰৰ গাত লাগি থকা প্ৰ’টিনৰ খোলাবোৰ বা আৱৰণীবোৰ ব্ৰেণ্ডাৰ যন্ত্ৰেৰে পৃথক কৰি P₃₂ আৰু S₃₅ ৰ তেজষ্ক্ৰিয় পৰীক্ষাত P₃₂ যুক্ত T₂ ফাজৰ দ্বাৰা আক্ৰান্ত বেক্টেৰিয়াৰ দেহকোষৰ বাহিৰত ৰৈ যোৱা খোলবোৰত P₃₂ পোৱা নাছিল , P₃₅ যুক্ত T₂ ফাজৰ দ্বাৰা আক্ৰান্ত বেক্টেৰিয়াৰ দেহকোষৰ বাহিৰত ৰৈ যোৱা খোলাবোৰত S₃₅ পাইছিল ।

ওপৰৰ পৰীক্ষা দুটাৰ পৰা প্ৰমাণ হয় যে ফাজৰ প্ৰটিন আৱৰণীয়ে অপত‍্য ফাজ সৃষ্টিৰ সংকেত বেক্টেৰিয়ালৈ কঢ়িয়াই নিনিয়ে । কাৰণ প্ৰ’টিন আৱৰণী বেক্টেৰিয়া কোষৰ বাহিৰত থাকি যায় । সেইবাবে S₃₅ তেজষ্ক্ৰিয় আইছ’টপ কেৱল ফাজৰ খালী আৱৰণীতে পোৱা গ’ল , অপত‍্য ফাজত পোৱা নগ’ল । আনফালে , আক্ৰমণকাৰী ফাজৰ DNA যেতিয়া P₃₂ ৰ দ্বাৰা চিহ্নিত কৰা হৈছিল তেতিয়া বাহিৰত থকা ফাজৰ খালী আৱৰণীত P₃₂ তেজষ্ক্ৰিয় আইছ’টপ পোৱা নগৈছিল । বৰঞ্চ অপত‍্য ফাজৰ DNA ত ইয়াক পোৱা গৈছিল । ইয়াৰ পৰা অনুমান হ’ল যে ফাজৰ DNA এটা জনুৰপৰা পৰৱৰ্তী জনুলৈ সংচাৰিত হয় আৰু DNA ৰ যোগেদি ফাজৰ বংশগতি নিয়ন্ত্ৰিত হয় , প্ৰটিনৰ দ্বাৰা নহয় ।

প্ৰশ্ন ৭। কোষত প্ৰটিন সংশ্লেষণৰ আৰম্ভণি কেনেকৈ হয় ?

উত্তৰঃ লিপ‍্যন্তৰণ :- এই প্ৰক্ৰিয়াটো হৈছে ৰ ৰূপত ৰ দ্বাৰা ৰ সংশ্লেষণ য’ত এডাল সূত্ৰই ই সাঁচ হিচাপে ক্ৰিয়া কৰে ।

(ক) RNA ৰ সংশ্লেষণ 5′ ― 3′ দিশতো হয় সেয়ে DNA ৰ সূত্ৰই ছাপ হিচাপে কাম কৰিবলৈ হ’লে সিহঁত 3′ ― 5′ দিশত থাকিব লাগিব ।

(খ) প্ৰথম স্তৰত 3′ ― 5′ DNA সাঁচৰ ক্ষাৰকসমূহ প্ৰকাশৰ বাবে DNA ৰ পাক খোল খাব ।

(গ) RNA ৰ সংশ্লেষণ এটা বিশেষ স্থানত (প্ৰ’ম’টাৰ স্থান) আৰম্ভ হ’ব আৰু U, C, A আৰু G ক্ষাৰকযুক্ত নিউক্লিয়’টাইডবোৰ জড়িত হ’ব ।

(ঘ) RNA ত ক্ষাৰকৰ অনুক্ৰমবোৰ 3′ ― 5′ দিশৰ DNA সাঁচৰ ক্ষাৰকৰ অনুক্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ।

(ঙ) DNA ৰ সূত্ৰ দুডালৰ এডালে (3′ ― 5′ দিশত থকা সূত্ৰডাল) যিয়ে mRNA ৰ সংশ্লেষণৰ বাট দেখুৱাই , সেইবোৰক ক’ডিং বা ছেন্স DNA বোলে ।

(চ) আনডাল সূত্ৰ নন – ক’ডিং (সংকেত নিদিয়ে) আৰু ইয়াক এন্টিছেন্স DNA বোলে ।

(ছ) RNA ৰ সংশ্লেষণ সদায় 5′ ―3′ দিশত হয় আৰু যেতিয়া এবাৰ উৎসেচকে (RNA প’লিমাৰেজ) লিপ‍্যন্তৰ সম্পূৰ্ণ কৰে আৰু সমাপ্তিকৰণ অনুক্ৰমত উপস্থিত হয় , তেতিয়াই লিপ‍্যন্তৰৰ প্ৰক্ৰিয়াৰ সমাপ্তি হয় ।

(জ) বিভিন্ন ধৰণৰ RNA ৰ (rRNA , mRNA , tRNA) সংশ্লেষণৰ বাবে বিভিন্ন প্ৰকাৰৰ RNA প’লিমাৰেজ (I , II আৰু III) আছে ।

প্ৰশ্ন ৮। ৰ অনুকৃত‍্যায়নৰ প্ৰক্ৰিয়াৰ চিহ্নিত চিত্ৰ আঁকা ।

উত্তৰঃ 

প্ৰশ্ন ৯। মানৱ জিন গোট প্ৰকল্পৰ তিনিটা লক্ষ্য কি কি লিখা ।

উত্তৰঃ মানৱ জিনগোট প্ৰকল্পৰ তিনিটা লক্ষ্য হ’ল ― 

(ক) ছিকুয়েন্সং :- সমগ্ৰ মানৱ জিনমৰ ছিকুয়েন্সং কৰা আৰু গোটেই ক্ষাৰক যোৰাযোৰৰ পৰিসৰটো নিৰ্ণয় কৰা ।

(খ) সঞ্চয় :- তথ‍্যৰ ৰূপত বাৰ্তাবোৰ সঞ্চয় কৰা ।

(গ) প্ৰযুক্তি :- প্ৰকল্পটোৰ সময়ত অইন ক্ষেত্ৰসমূহ যেনে , উদ‍্যোগ , কৃষি আৰু বন আদিত প্ৰযযুক্তিৰ উন্নতি ঘটোৱা হৈছিল ।

প্ৰশ্ন ১০। DNA ৰ অৰ্ধৰক্ষণশীল অনুকৃত‍্যায়ন মানে কি ? 

উত্তৰ : ছাত্ৰ – ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন ১১। পঠনীয় সাজোনৰ অন্তৰ্ভুক্ত কি ?

উত্তৰঃ বিন্দু উৎপৰিৱৰ্তনৰ ফলত এটা জিনৰ অপসাৰণ বা অন্তৰ্ভুক্ত হ’ব পাৰে । সাধাৰণতে এটা নাইবা দুটা ক্ষাৰকৰ অন্তৰ্ভুক্ত বা অপসাৰণে পঠনীয় সাজোনপ পৰিৱৰ্তন কৰে । ধৰা HAS আৰু RED দুটা ত্ৰয়ী সংকেতিকাৰ মাজত ক্ষাৰকৰ অন্তৰ্ভুক্ত কৰা যায় তেতিয়া ― 

RAM HAS RED CAP

RAM HAS BRE DCA P

ইয়াত BRE , DCA আৰু P য়ে কোনো সংকেতিকা নুবুজায় ।

প্ৰশ্ন ১২। DNA পলিমাৰেজৰ কাৰ্য্য কি ? 

উত্তৰঃ DNA পলিমাৰেজ এটি উৎসেচক যি ডিঅক্সিৰাইব নিউক্লিয়টাইডৰ বদ্ধন কৰি DNA ৰ শৃংখল প্ৰস্তুত কৰে । DNA ৰ অনুকৃত‍্যায়নৰ সময়ত এটা শৃংখলৰ পৰিপূৰক শৃংখল গঠনত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

প্ৰশ্ন ১৩। mRNA আৰু tRNA ৰ কাৰ্য্য কি কি ?

উত্তৰঃ mRNA : ই প’লিপেপ্টাইড গঠন কৰিবৰ বাবে DNA ৰ পৰা সাংকেতিক তথ্য কঢ়িয়ায় । mRNA বোৰ ম’ন’চিষ্ট্ৰনিক (এডাল প’লিপেপ্টাইডৰ কাৰণে তথ্য কঢ়িয়াই) বা প’লিচিষ্ট্ৰনিক (বহুতো প’লিপেপ্টাইডৰ কাৰণে তথ্য কঢ়িয়াই) হ’ব পাৰে ।ইয়াৰ 5 শীৰ্ষই প্ৰ’টিন সংশ্লেষণৰ কাৰণে ৰিব’জ’মৰ সৈতে যুক্ত হয় । প্ৰ’টিন সংশ্লেষণৰ কাৰণে বাৰ্তা প্ৰথম ৰ ওপৰেদি লিপ‍্যন্তৰ হয় আৰু পিছত বিশেষ প্ৰ’টিন সংশ্লেষণৰ দ্বাৰা এই বাৰ্তাৰ ট্ৰন্সলেচন বা অনুবাদ হয় ।

tRNA :- tRNA ৰ দুটা নিৰ্দিষ্ট স্থান থাকে , ওলোটা সংকেত (mRNA ৰ এটা ক’ডনৰ পৰিপূৰক) আৰু এমিন’ এচিড বন্ধন স্থান , 5 শীৰ্ষত CCA – OH । 5 শীৰ্ষৰ বিপৰীতে 3 শীৰ্ষ থাকে আৰু ই গুৱানিন কঢ়িয়াই । tRNA ৰ দুটা লুপ থাকে ― ছদ্ম ইউৰিডাইন (Pseudouridine) (TV) C লুপ , ৰিব’জ’মৰ সৈতে সংযোগ হ’বলৈ আৰু ডাইহাইড্ৰ’ইউৰিডাইন (DHU) লুপ , AA – tRNA ছিন্থেটেজ বা AA – সক্ৰিয় উৎসেচকৰ সৈতে বান্ধ খোৱাৰ কাৰণে । tRNA ই চেলুলাৰ পুলৰ পৰা ৰিব’জ’মলৈ এমিন’ এচিডৰ পৰিবহনত অংশ গ্ৰহণ কৰে । এই কামটো tRNA ই mRNA ৰ ওপৰত থকা অতি লিপ‍্যন্তৰিত সংকেত হিচাপে প’লিপেপ্টাইড গঠন কৰিবলৈ প’লিমেৰাইজেচনৰ কাৰণে কৰে । প্ৰতিটো এমিন’ এচিডৰ কাৰণে অতি কমেও এটাকৈ tRNA থাকে । কিছুমান এমিন’ এচিডৰ টালৈ আছে ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top