Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন

Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন and select needs one.

Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন Solutions for All Subject, You can practice these here.

জীৱৰ প্ৰজনন

Chapter: 1

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। জীৱনকাল কাক বোলে ? জীৱনকালৰ বিভিন্ন পৰ্য‍্যায় উল্লেখ কৰা ।

উত্তৰঃ জন্মৰ পৰা স্বাভাৱিক মৃত্যু হোৱালৈকে যি সময় কাল তাক জীৱনকাল বোলা হয়। সকলো জীৱৰ জীৱনকাল একে নহয় । বেক্টেৰিয়া প্ৰায় ২০ – ২৫ মিঃ জীয়াই থাকে । মানুহ প্ৰায় ৮০ – ১০০ বছৰ জীয়াই থাকে । আঁহত গছ ২৫০ – ৩০০ বছৰ জীয়াই থাকে । এনে বিভিন্নতৰ মাজতো এটা কথা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য । সেইটো হ’ল জীৱনকাল চুটি হত্তক বা দীঘল হত্তক , ইয়াক তিনিটা ভাগত ভাগ কৰা যায় । এই ভাগ কেইটা হ’ল ― জন্ম , বৃদ্ধি আৰু মৃত্যু ।

প্ৰশ্ন ২। ডিম্বজ আৰু জৰায়ুজ প্ৰাণীৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ ডিম্বজ ―

(ক) ডিম্বজ প্ৰাণীসমূহে নিষেচিত কণীক আগুৰি এখন টনা চূণাকাৰ খোলা গঠন কৰে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) নিৰ্ধাৰিত সময় জুৰি কণীবোৰ উমনি দিয়াৰ পিছত ইয়াৰ পৰা পোৱালী ওলাই আহে । যেনে ― চৰাই ।

জৰায়ুজ ― 

(ক) জৰায়ুজ প্ৰাণীসমূহে মাতৃদেহৰ ভিতৰত যোজন কোষ এটা নতুন জীৱলৈ বিকাশিত।

(খ) এটা নিৰ্দিষ্ট সময়ৰ পাছত পূৰ্ণ বিকশিত হৈ মাতৃ দেহৰ পৰা ওলাই সন্তন ভূমিষ্ঠ হয় । যেনে ― মেকুৰী ।

প্ৰশ্ন ৩। যৌন প্ৰজনন ফলত হোৱা সন্তানৰ জীয়াই থকাৰ সম্ভাৱনা বেছি কিয় ? 

উত্তৰঃ অযৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা জীৱবোৰ দেখাতক নিজৰ মাজত বা পিতৃপুৰুষৰ সৈতে সাইলাখ একে হয় বাবে ইয়াক ক্ল’ন বোলে ।

প্ৰশ্ন ৪। কামচক্ৰ আৰু ৰজঃচক্ৰৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ কামচক্ৰ ―

(ক) কামচক্ৰ জন্মকূল বা অপৰাধাৰী স্তন্যপায়ীৰ ক্ষেত্ৰত দেখা যায় ।

(খ) এই প্ৰাণীবোৰৰ মাইকী প্ৰাণী প্ৰজনন কালত ভ্ৰূণকোষ আনুষংগিক নলী অংগ আনকি হ’ৰ্মন আদিৰ সক্ৰিয়তাত চক্ৰীয় পৰিৱৰ্তন দেখুৱায় । যেনে ― নিগনি , হৰিণ আদি । 

ৰজঃচক্ৰ ―

(ক) ৰজঃচক্ৰ প্ৰাইমেট সমূহৰ ক্ষেত্ৰত দেখা যায় ।

(খ) এই চক্ৰীয় পৰিৱৰ্তন প্ৰাণীসমূহে হেপ্ৰজননৰ অনুকূল সময়তহে দেখুৱায় । যেনে ― মানুহ , বান্দৰ আদি ।

প্ৰশ্ন ৫। জননকোষৰ মিলন বা সহযুগ্মন নিষেচনতকৈ কেনেকৈ পৃথক লিখা ।

উত্তৰঃ যৌন প্ৰজননৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্যটো হ’ল জননকোষ মিলন । ইয়াৰ ফলতেই যোজন কোষৰ সৃষ্টি হয় যাক নিষেচন বোলা হয়।গতিকে এই দুয়োটা শব্দই একেটা অৱস্থাকে বুজাবলৈ সাল – সলনিকৈ ব‍্যৱহাৰ কৰা শব্দ ।

প্ৰশ্ন ৬। উদ্ভিদ আৰু প্ৰাণী প্ৰত‍্যেকটোৰে এটাকৈ উভয়লিংগি প্ৰাণীৰ সাধাৰণ নাম লিখা ।

উত্তৰঃ যিবোৰ প্ৰাণীৰ প্ৰতিটোৱে মতা আৰু মাইকী দুয়োবিধ প্ৰজনন অংগধাৰী তেনে প্ৰাণীকে উভয়লিংগি প্ৰাণী বোলে । উদাহৰণস্বৰূপে ― উদ্ভিদ – নাৰিকল , প্ৰাণী – কেঁচু ।

প্ৰশ্ন ৭। অংগজ প্ৰৱৰ্ধনৰ উপকাৰিতা লিখা ।

উত্তৰঃ অংগজ প্ৰৱৰ্ধন হৈছে এক প্ৰকাৰৰ অযৌন প্ৰজনন য’ত উদ্ভিদ বা প্ৰাণীৰ যিকোনো অংশ (যেনে ― কাণ্ড , ধাবক আদি উদ্ভিদৰ ক্ষেত্ৰত) ৰ পৰাই নতুন জীৱ এটাৰ সৃষ্টি কৰিব পাৰি । এই পদ্ধতি প্ৰধানকৈ উদ্ভিদৰ ক্ষেত্ৰত অৱলম্বন কৰা হয় । ই যথেষ্ট ফলপ্ৰদ ; কিয়নো , ইয়াৰ ফলত অতি কম সময়তে বহুতো গছ পুলি ব‍্যৱসায়িকভাৱে উৎপাদন কৰিব পাৰি আৰু ইয়াত কেৱল এটা পিতৃপুৰুষৰেই প্ৰয়োজন ।

প্ৰশ্ন ৮। কোন প্ৰকাৰৰ উদ্ভিদে সফল গ্ৰাফটিং বা কলম উৎপাদন ক্ষমতা দেখুৱায় আৰু কিয় ?

উত্তৰঃ আংগিক প্ৰৱৰ্ধক থকা উদ্ভিদবোৰে সফল গ্ৰাফটিং দেখুৱাই ।

প্ৰশ্ন ৯। নিম্ন শ্ৰেণীৰ উদ্ভিদে বেছি সংখ্যক পুংজননকোষৰ সৃষ্টি কৰে কিন্তু সিহঁতৰ স্ত্ৰীজননকোষৰ সংখ্যা কম হয় কিয় ? 

উত্তৰঃ প্ৰজননৰ সময়ছোৱাত বেছি সংখ্যাক পুংজননকোষে স্ত্ৰীজনন কোষৰ ওচৰ চাপিব নোৱাৰে বিভিন্ন কাৰণত বা ঢুকি নাপায় । পুংজননকোষৰ চলনৰ সময়ত ঘটা জননৰ ফলত সৃষ্টি হোৱা ঘাটি পূৰাবলৈ ইয়াৰ সংখ্যা স্ত্ৰীজননকোষতকৈ কেইবা হাজাৰ গুণ বেছি হোৱা দেখা যায় ।

প্ৰশ্ন ১০। যদিও দুয়োটাৰ একলিংগি ফুল থাকে তথাপিও অমিতাক একলিং আৰু নাৰিকলক উভয়লিংগি বুলি কিয় কোৱা হয় ? 

উত্তৰঃ অমিতা আৰু নাৰিকল যদিও দুয়োটাতে একলিং ফুল হয় তথাপিও নাৰিকলত একেডাল গছতে দুই প্ৰকাৰৰ ফুল পোৱা যায় ।

প্ৰশ্ন ১১। কুঁহিয়াৰৰ দুটা গাঁঠিৰ মাজৰ অংশই কিয় নতুন গছৰ সৃষ্টি কৰিব নোৱাৰে যদিও সিহঁতক সেমেকা পৰিবেশত ৰখা হয় ? 

উত্তৰঃ আমি জানো যে কুঁহিয়াৰৰ কাণ্ডৰ গাঁঠি সেমেকা মাটিৰ সংস্পৰ্শত থলে সিহঁতৰ শিপা ওলাই আৰু এজোপা নতুন গছৰ সৃষ্টি কৰে কিন্তু দুই গাঁঠিৰ মাজৰ অংশৰ এই ক্ষমতা নাথাকে বাবে নতুন গছ সৃষ্টি কৰিব নোৱাৰে ।

প্ৰশ্ন ১২। হ্ৰাসাত্মক বিভাজন বা মিঅ’ছিছ কোন প্ৰকাৰৰ প্ৰজননৰ লগত জড়িত আৰু কেনেদৰে ? 

উত্তৰঃ মিঅ’ছিছ বিভাজন সদায় জননকোষৰ লগত জড়িত । জননকোষ একগুণবিশিষ্ট ; কিয়নো , দুটা জননকোষৰ মিলন হৈ এটা যোজনকোষ আৰু পিছত তাৰ পৰাই ভ্ৰূণৰ সৃষ্টি হয় । জননকোষৰ হ্ৰাসাত্মক বিভাজন হোৱাৰ বাবে যেতিয়া নিষেচন হয় তেতিয়া ইয়াত থকা ক্ৰ’মজ’মৰ সংখ্যা একে থাকে , বৃদ্ধি নহয় ।

A শাৰীত থকাবোৰৰ লগত B শাৰীবোৰ মিলোৱা – 

Column A  Column B
(১) যোজন কোষ (১) য
(২) ক্ল’ন  (২) জীনীয়ভাৱে সদৃশ
(৩) সমযোজী(৩) জোক , কেঁচু
(৪) উভয়লিংগি প্ৰাণী(৪) ভ্ৰূণ

উত্তৰঃ 

Column AColumn B
(১) যোজন কোষ(৪) ভ্ৰূণ
(২) ক্ল’ন(২) জীনীয়ভাৱে সদৃশ
(৩) সমযোজী(১) য
(৪) উভয়লিংগি প্ৰণী(৩) জোক , কেঁচু

প্ৰশ্ন ১৪। A ৰ সৈতে B ৰিজোৱা –

Column AColumn B
(১) শেলাই(১) কনিডিয়াম
(২) হাইড্ৰ(২) চলনক্ষম চলৰেণু
(৩) পেনিচিলিয়াম(৩) মুকুল বা কলি
(৪) স্পঞ্জ(৪) প্ৰজনন কান্দিকা

উত্তৰঃ 

Column AColumn B
(১) শেলাই(২) চলনক্ষম চলৰেণু
(২) হাইড্ৰ(৩) মুকুল বা কলি
(৩) পেনিচিলিয়াম(১) কনিডিয়াম
(৪) স্পঞ্জ(৪) প্ৰজনন কান্দিকা

প্ৰশ্ন ১৫। চলনক্ষম চলৰেণু আৰু কনিডিয়াম চিত্ৰ অংকন কৰা । ইহঁতৰ মাজত থকা এটা অসাদৃশ‍্য আৰু এটা সাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ    

অযৌন প্ৰজননৰ কিছুমান অংগজ গঠন : 

(ক) ক্লেমাইট’নাচৰ চলৰেণু , 

(খ) পেনিচিলিয়ামৰ ক’নিডিয়া ইহঁতৰ মাজত থকা অসাদৃশ‍্যটো হ’ল চলনক্ষম চলৰেণু লৰচৰ কৰিব পাৰে কিন্তু কনিডিয়াই নোৱাৰে ।

প্ৰশ্ন ১৬। সপুষ্পক উদ্ভিদত কিমান ধৰণে প্ৰাকৃতিক অংগজ প্ৰজনন ঘটে ?

উত্তৰঃ সপুষ্পক উদ্ভিদত প্ৰকৃতিকভাৱে নিন্মোক্ত ধৰণে অংগজ প্ৰজনন ঘটে ―

(ক) শিপাৰ অংগজ প্ৰজনন : মিঠা আলু , শতমূল , ডালিয়া আদি উদ্ভিদে ৰূপান্তৰিত অস্থানিক শিপাৰ দ্বাৰা অংগজ প্ৰজনন ঘটাব পাৰে ।

(খ) কাণ্ডৰ অংগজ প্ৰজনন : আদাৰ ৰাইজ’ম , আলুৰ স্ফীতকন্দ , ওলকচুৰ স্থুলকান্ত , পিয়াজৰ কন্দ , টেঙেচিৰ ধাৱক , কচুৰ অটোধাৱক, মেটেকাৰ খৰ্বধাৱক আদিৰ দ্বাৰাও অংগজ প্ৰজনন ঘটে ।

(গ) পাতৰ অংগজ প্ৰজনন : দুপৰটেঙাৰ পাতে অংগজ প্ৰজনন ঘটাব পাৰে ।

প্ৰশ্ন ১৭। গুপ্তবীজী পুংনলীৰ অংকুৰণ কালত দুটা পুংজনন কোষ থাকে । এটা জনন কোষেই ডিম্বকক নিষেচন কৰিব পৰা সত্বেও দুটা জননকোষ থকাৰ উদ্দেশ্য কি ? 

উত্তৰঃ সপুষ্পক উদ্ভিদৰ পুং নলীকাত দুটা পুংজনন কোষ থাকে । এই দুটাৰ এটাই অণ্ডকোষৰ সৈতে লগ লাগে আৰু যোজন কোষ গঠন কৰে আৰু পিছলৈ ই বীজ গঠন কৰে । আনটো পুংজনন কোষে গৌণ কোষকেন্দ্ৰৰ সৈতে লগ লাগে আৰু ভ্ৰূণকোষ গঠন কৰে ।

প্ৰশ্ন ১৮‌। যৌন প্ৰক্ৰিয়াৰে জন্ম হোৱা অপত্য জীৱবোৰ অযৌন প্ৰক্ৰিয়াৰে জন্ম হোৱা অপত‍্য জীৱত কৈ পৃথক কিয় ?

উত্তৰঃ অযৌন প্ৰক্ৰিয়াৰে যিবোৰ অপত্য জনু গঠন কৰে সেইবোৰ জিনীয় বা গুণগতভাৱে একেগুণ বিশিষ্ট আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে গঠন কৰা অপত‍্য জনুবোৰ জিনীয় বা গুণগতভাৱে বিভিন্ন হয় কাৰণ ইয়াত পৈতৃক আৰু মাতৃৰ গুণৰ মিশ্ৰণ ঘটে । 

প্ৰশ্ন ১৯। অনিষিক্ত ফল আৰু কুমাৰী জননৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ যি যৌন প্ৰজননত পুংজনন কোষৰ দ্বাৰা নিষিক্ত নোহোৱাকৈয়ে স্ত্ৰীজনন কোষ বা ডিম্বই নতুন জীৱৰ সৃষ্টি কৰিব পাৰে তাকে কুমাৰী জনন বোলে । ই এক প্ৰকাৰৰ অনিষেক প্ৰজনন বুলিবও পাৰি ।

আনহাতে এই নিষেচন নঘটাকৈ যি ফলৰ সৃষ্টি হয় তাকে অনিষেচক ফলন বা বীজহীন ফল বোলে । কল এবিধ অনিষেক বা বীজহীন ফলৰ উদাহৰণ ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। মিঅ’ছিচ আৰু জননকোষৰ উৎপত্তি গেমেট’জেনেছিছ কিয় সদায় জড়িত হৈ থাকে উদাহৰণৰ সৈতে ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ মিঅ’ছিছ হৈছে হ্ৰাসাত্মক বিভাজন (Reductional Division) য’ত জিনীয় আধাৰৰ পৰিমাণ হ্ৰাস পায় । গেমেট’জেনেছিছ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে জনধকোষ গঠন হয় । জীৱবোৰে উৎপন্ন কৰা জননকোষবোৰ এগুণ সংখ‍্যক হয় (Haploid) (য’ত ক্ৰমজ’মৰ এটা শাৰী থাকে) । আনহাতে , জীৱৰ শৰীৰটোত দ্বিগুণ সংখ্যক ক্ৰমজ’ম থাকে । সেইবাবে  এগুণসংখ‍্যক জননকোষ উৎপন্ন কৰিবৰ বাবে (গেমট’জেনেছিছ) জননকোষবোৰৰ মিঅ’ছিছ বিভাজন ঘটে । এই বিভাজন প্ৰক্ৰিয়াত এবিধ জীৱৰ মিঅ’ছাইটছ (Meiocyte) বোৰৰ বিভাজন ঘটি এবিধ নিউক্লিয়াছৰ পৰা দুটা হোৱাৰ লগতে কোষ বিভাজন ঘটে । ইয়াৰ লগতে DNA ৰ অনুকৃত‍্যায়ন ঘটি এগুণ সংখ্যক জনন কোষৰ উৎপন্ন হয় । 

প্ৰশ্ন ২। মৌমাখিয়ে সিহঁতৰ পোৱালি যৌন প্ৰজননৰ দ্বাৰা উৎপন্ন কৰে । তথাপিও মৌমাখিৰ এটা জাকত আমি এগুণাত্মক আৰু দ্বিগুণাত্মক দুয়োটা প্ৰকাৰৰেই মৌমাখি দেখা পাওঁ । এই সৃষ্টিৰ আঁৰৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ আমি জানো যে মৌমাখিয়ে যৌন প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি কৰে। গতিকে ইহঁতে সৃষ্টি কৰা পোৱালিবোৰৰ সকলো দিগুণাত্মক হ’ব লাগিছিল যদিও বাস্তৱ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায় । ইয়াৰ জাকত থকা ৰাণী মৌজনীয়ে পাৰা গোটেইবোৰ কণী নিষেচিত নহয় । ফলত নিষেচন হোৱা কণীৰ পৰা দ্বিগুণাত্মক মতা মৌমাখি আৰু নিষেচন নোহোৱা কণীৰ পৰা ওলোৱা স্ত্ৰী মৌমাখিবোৰ  এগুণাত্মক হয় । ইয়াৰে বিশেষ কেইটামান কণীৰ পৰা আকৌ ৰাণী মৌমাখিৰ সৃষ্টি হোৱা দেখা যায় । সেয়েহে আমি মৌমাখিৰ একেটা জাকত এগুণাত্মক আৰু দ্বিগুণাত্মক দুয়ো প্ৰকাৰৰে মৌমাখি দেখা পাওঁ ।

প্ৰশ্ন ৩। সপুষ্পক উদ্ভিদত পৰাগযোগ আৰু নিষেচনৰ সময়ত ঘটা পৰিৱৰ্তনসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ নিষেচনত পুং আৰু স্ত্ৰীজননকোষৰ মিলন ঘটি দ্বিগুণ সংখ‍্যক যোজনকোষৰ উৎপত্তি হয় । নিষেচনৰ পাছত যোজনকোষটোৰ কেইবাবাৰো বিভাজন হৈ ভ্ৰূণ গঠন হয় । নিষিক্ত ডিম্বকটোৰ পৰা বীজ গঠন হয় । বীজটোৰ ভিতৰত থকা ভ্ৰূণক এখন সুৰক্ষিত আৱৰণে আৱৰি থাকে ইয়াকে বীজপত্ৰ বোলে । বীজৰ বিকাশ ঘটিলে ফুলৰ আন অংশ বোৰৰ সৰি পৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত ডিম্বাশয়ৰ গঠন হয় আৰু ক্ৰমান্বয়ে ডাঙৰ হৈ ফলৰ সৃষ্টি কৰে যাৰ বাহিৰৰ ফালে এখন পেৰিকাপ নামাৰে এখন আৱৰণ থাকে ।

প্ৰশ্ন ৪। দুপৰটেঙা , আলু , আদা , পদিনা আদি উদ্ভিদত অংগজ আংগিক প্ৰৱৰ্ধনক অযৌন প্ৰজননৰ প্ৰকাৰ বুলি ধৰিব পাৰিনে ? যদি পাৰি যুক্তিৰে দৰ্শোৱা ।

উত্তৰঃ অংগজ প্ৰজনন একপ্ৰকাৰৰ অযৌন প্ৰজনন য’ত উদ্ভিদৰ এক নিৰ্দিষ্ট অংগৰ পাৰ নতুন উদ্ভিদৰ জন্ম হয় । এই প্ৰজননত নতুন উদ্ভিদৰ জন্ম হয় বীজ বা ৰেণুৰ অবিহনে । উদ্ভিদৰ প্ৰজননক্ষম অংগ ; যেনে , ৰাণাৰ , চুকাৰ , ৰাইজম , টিউবাৰ আদিৰ পৰা নতুন উদ্ভিদৰ জন্ম হয় । অংগজ প্ৰজননৰ উদাহৰণ হৈছে ― 

(ক) আলুৰ চকু (Eyes of Potato) :- আলুৰ উপৰিভাগত থকা চকুবোৰক মুকুল (Bud) বোলে । এই প্ৰত‍্যেকটো মুকুলেই যেতিয়া মাটিত পৰে তাৰ পৰা  এজোপা নতুন আলুৰ জন্ম হয় । যি মূল উদ্ভিদজোপাৰ সৈতে একে হয় ।

(খ) দুপৰটেঙাৰ পাতত থকা মুকুল (Leaf Buds of Bryophyllum) :- দুপৰটেঙা উদ্ভিদৰ পাতৰ কাষে কাষে কিছুমান অস্থানিক মুকুল থাকে (Adventitious Buds) । যেতিয়া এই পাতখিলা সৰি সেমেকা মাটিৰ স্পৰ্শলৈ আহে তেতিয়া এই অস্থানিক মুকুলবোৰৰ শিপা ওলায় নতুন উদ্ভিদৰ সৃষ্টি হয় ।

প্ৰশ্ন ৫।”ফল হ’বলৈ কিছুমান বিশেষ গছত নিষেচন বাধ‍্যতামূলক নহয়।বাক‍্যশাৰী উদাহৰণেৰে বৰ্ণনা কৰা ।

উত্তৰঃ যদিও আমি জানো যে নিষেচনৰ পিছৰ স্তৰসমূহত সপুষ্পক গছত ফল লাগে । কিন্তু দেখা যায় যে এনে কিছুমান বিশেষ গছ আছে য’ত ফলৰ সৃষ্টি হ’বলৈ নিষেচন বাধ‍্যতামূলক নহয় । ইহঁতে নিষেচন নোহোৱাকৈয়ে গছত ফলৰ সৃষ্টি কৰে । এইদৰে নিষেচিন নোহোৱাকৈ ফলৰ গঠন হোৱা প্ৰক্ৰিয়াটোকে অনিষেচিত জনন বোলে । ইয়াৰ পৰা সৃষ্টি হোৱা ফলৰ গুটি বা বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয় ; কিয়নো,এইবোৰ এগুণাত্মক হয় । উদাহৰণস্বৰূপে : আপেল ।

প্ৰশ্ন ৬। জীৱহেত অন্তঃনিষেচন বহিঃনিষেচনতকৈ বেছি সফল কিয় ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ যেতিয়া জীৱৰ জননকোষৰ মিলন দেহকোষৰ ভিতৰত হয় তেতিয়া তাক অন্তঃনিষেচন বুলি কোৱা হয় । এনে জীৱৰ স্ত্ৰীদেহৰ ভিতৰত ডিম্বাণুৰ সৃষ্টি হয় য’ত ডিম্বণুই পুংজনন কোষৰ সৈতে মিলিত হয় । ইয়াত শুক্ৰাণুতকৈ ডিম্বণুৰ সংখ্যা অতি তাকৰ ।

আনহাতে জননকোষৰ মিলন যেতিয়া বাহিৰৰ মাধ‍্যমত হয় তেতিয়া কাক বহিঃনিষেচন বোলে । এনে জীৱবোৰৰ উভয়পক্ষই জননকোষ বহিঃমাধ‍্যমলৈ নিক্ষেপ কৰে যাৰ ফলত অসংখ‍্য জননকোষৰ মাজত সমন্বয় স্থাপন হয় আৰু যোজন কোষৰ সৃষ্টি কৰে । কিন্তু এনে অৱস্থাত পৰিবেশৰ পৰিৱৰ্তন বা আন প্ৰাণীয়ে দিয়া অসুবিধাৰ ফলত যিমান হ’ব লাগিছিল সিমানখিনি যোজন কোষৰ সৃষ্টি নহ’বও পাৰে । ইয়াৰ ওপৰিও ইয়াৰ আন এটা অসুবিধা হৈছে ইহঁতৰ সতি – সন্ততিবিলাক পৰভক্ষীৰ আক্ৰমণৰ ফলত বিপৰ্য্যস্ত হৈ কম সংখ্যকহে প্ৰাপ্তবয়স্ক অৱস্থালৈ জীয়াই থাকে । সেয়ে অন্তঃনিষেচনক বহিঃনিষেচনতকৈ সফল বুলি কোৱা হ’ব ।

প্ৰশ্ন ৭। জীৱৰ অযৌন আৰু যৌন প্ৰজননৰ মাজৰ কমেও তিনিটা পাৰ্থক‍্য উল্লেখ কৰা ।

উত্তৰঃ 

যৌন প্ৰজননঅযৌন প্ৰজনন 
(১) এই প্ৰক্ৰিয়াত পুং আৰু স্ত্ৰীজননকোষৰ মিলন ঘটে ।(১) এই প্ৰক্ৰিয়াত পুং আৰু স্ত্ৰীজনন কোষৰ মিলন নঘটে ।
(২) ইয়াত সাধাৰণতে দুবিধ স্বতন্ত্ৰৰ প্ৰয়োজন হয় ।(২) এই প্ৰক্ৰিয়াত এবিধ স্বতন্ত্ৰৰ প্ৰয়োজন হয় ।
(৩) উৎপন্ন হোৱা স্বতন্ত্ৰবোৰৰ প্ৰকৰণ ধৰ্ম থকা বাবে ইহঁত নিজৰ মাজতে বা পিতৃ পুৰুষৰ সৈতে সাইলাখ একে নহয় ।(৩) উৎপন্ন হোৱা স্বতন্ত্ৰবোৰ দেখাত হুবহু একে হ’ব নিজৰ মাজত আৰু ইয়াৰ পিতৃ পুৰুষৰ সৈতে যাৰ বাবে ইয়াৰ ক্ল’ন বোলা হয় ।

প্ৰশ্ন ৮। উচ্চস্তৰৰ জীৱবোৰে সিহঁতৰ সকলো পিনৰ পৰা জটিলতাৰ পিছতো কিয় যৌন প্ৰজনন বাহাল ৰাখে ?

উত্তৰঃ যদিও যৌন প্ৰজননত অধিক সময় আৰু শক্তি লাগে তথাপি উচ্চস্তৰৰ জীৱবোৰে পুনৰ ইয়াকে কৰে নানান জটিলতাৰ সত্ত্বেও । ইয়াৰ কাৰণ হৈছে যৌন প্ৰজননত একে প্ৰজাতিৰ সাধাৰণতে দুবিধ জীৱৰ মাজত DNA পুনৰ বিন‍্যাসৰ ফলত নতুন প্ৰকৰণৰ উদ্ভৱ হয় । এই প্ৰকৰণৰ বাবে পৰিৱৰ্তিত পৰিৱেশত জীৱই অভিযোজন কৰি নিজকে খাপ খুৱাই ল’ব পাৰে । প্ৰকৰণৰ ফলস্বৰূপে উৎপৰিৱৰ্তন হ’ব পাৰে বাবে সৃষ্টি হোৱা জীৱৰ জীয়াই থকাৰ ক্ষমতা বাঢ়ি যায় । আনহাতে , অযৌন প্ৰজননৰ জৰিয়তে সৃষ্টি হোৱা জীৱৰ ক্ষেত্ৰত জিনীয় পাৰ্থক্য দেখা পোৱা যায় ।

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ৯। কৈশোৰ কাল , প্ৰজননকাল আৰু বৃদ্ধকাল মানে কি ?

উত্তৰঃ

(ক) যৌৱনাৰম্ভ কালৰ আগৰ অৱস্থা :- কোনো এবিধ জীৱৰ জন্মৰ পাছৰ পৰা যৌৱনাৰম্ভ কালৰ আগৰ সময়ছোৱাক অৰ্থাৎ প্ৰজননক্ষম হোৱাৰ আগৰ সময়ছোৱাক যৌৱনাৰম্ভ কালৰ আগৰ অৱস্থা বোলা হয় ।

(খ) প্ৰজননকাল :- এই সময়ছোৱাত জীৱই প্ৰজনন কৰে বাবে এক ইয়াক প্ৰজননকাল বোলে ।

(গ) বৃদ্ধকাল :- এই অৱস্থাত এবিধ জীৱই জীৱনৰ অন্তিম ক্ষণত উপনীত হয় আৰু প্ৰজনন ক্ষমতা হেৰুৱাই পেলায় ।

প্ৰশ্ন ১০। অন্তঃ আৰু বহিঃপ্ৰজনন বুলিলে কি বুজা ? বহিঃপ্ৰজননৰ অসুবিধাসমূহ লিখা ।

উত্তৰঃ বহিঃপ্ৰজনন হৈছে এক প্ৰক্ৰিয়া য’ত পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলন ঘটে স্ত্ৰীদেহৰ বাহিৰৰ এক মাধ‍্যমত সাধাৰণতে পানীত উদাহৰণস্বৰূপে মাছ , ভেকুলী , তাৰামাছ আদি জীৱবোলল বহিঃপ্ৰজনন হয় ।

বহিঃপ্ৰজননৰ অসুবিধাসমূহ :- বহিঃপ্ৰজননৰ ক্ষেত্ৰত ডিম্ববোৰ প্ৰজননৰ সম্ভাৱনা বহুখিনি কমি যায় । ইয়াৰ ফলত যথেষ্ট পৰিমাণৰ ডিম্বৰ অপচয় হয় । ইয়াৰ উপৰি উৎপন্ন হোৱা জীৱবোৰৰ উপযুক্ত যত্নৰ অভাৱত জীয়াই থকাৰ অনুপাত যথেষ্ট কমি যায় ।

প্ৰশ্ন ১১। অংগজ প্ৰজনন কাক বোলে ? কৃষি ক্ষেত্ৰত অংগজ প্ৰজনন গুৰুত্ব লিখা ।

উত্তৰঃ শিপা , কাণ্ড , পাত বা অন‍্য কোনো ৰূপান্তৰিত অংগজ কৰা নতুন এজোপা গছৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে অংগজ প্ৰজনন বোলে ।

নিন্মোক্ত কাৰণত অংগজ প্ৰজনন অতি দৰকাৰী ―

(ক) অংগজ প্ৰজননৰ কাৰণে উদ্ভিদৰ বৰ্তী থকাৰ হাৰ আটাইতকৈ বেছি।

(খ) অংগজ প্ৰক্ৰিয়াৰে বিকাশ লাভ কৰা গছে কম সময়ত অপনতা লাভ কৰে ।

(গ) অংগজ প্ৰক্ৰিয়াৰে কম সময়ত অধিক তথা একে জিনীয় গুণ বিশিষ্ট উদ্ভিদৰ জন্ম দিব পাৰো ।

(ঘ) প্ৰতিকুল পৰিৱেশতো অংগজ প্ৰক্ৰিয়াৰে উদ্ভিদে কোষবিস্তাৰ কৰিব পাৰে ।

প্ৰশ্ন ১২। জননকোষৰ সৃষ্টি প্ৰক্ৰিয়াৰ সৈতে মিঅ’চিছ কোষবিভাজন কিদৰে জড়িত ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ মিঅ’চিছ প্ৰক্ৰিয়াৰে জননকোষত ক্ৰম’জ’মৰ সংখ্যা হ্ৰাস পায় । সেয়েহে ইয়াক হ্ৰাসাত্মক কোষ বিভাজন বোলে ।সাধাৰণতে দেখা যায় যে জননকোষবোৰ একগুণী এই কোষবোৰ দ্বিগুণী কোষৰ পৰা বিকাশ প্ৰাপ্ত হয় । এই কোষবোৰে হ্ৰাসাত্মক কোষবিভাজনৰ দ্বাৰা বিভাজিত হৈ আধা ক্ৰম’জ’ম বিশিষ্ট হয় ।

দ্বিগুণী কোষৰ পৰা একগুণী জনন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক গেমেটজেনেছিছ বোলে । পুৰুষৰ দেহত হোৱা জননকোষীয় বিকাশ প্ৰক্ৰিয়াটোক স্পৰমেট’জেনেছিছ আৰু স্ত্ৰীদেহত হোৱা প্ৰক্ৰিয়াটোক উজেনেছিছ বোলে । সেয়েহে দেখা যায় যে জনন কোষৰ সৃষ্টি হোৱাৰ সৈতে মিঅ’চিছ কোষ বিভাজন ওতঃপ্ৰোতভাৱে জড়িত ।

প্ৰশ্ন ১৩। ডিম্বজ জীৱৰ তুলনাত জৰায়ুজ প্ৰাণীৰ কিদৰে ভ্ৰূণৰ নিৰাপত্তা বা ৰক্ষণাবেক্ষণ দিয়ে তুলনা কৰি ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ ডিম্বজ প্ৰাণীয়ে কণী পাৰে আৰু ভ্ৰূণৰ বিকাশ প্ৰক্ৰিয়াটো কণীৰ ভিতৰত আৰু মাতৃ দেহৰ বাহিৰত হয় । এই প্ৰক্ৰিয়াটোত পৰিৱেশৰ কাৰক অথবা অন্যান্য কাৰকে প্ৰভাৱ পেলায় যাৰ কাৰণে ডিম্বৰ পৰা ভ্ৰূণ বিকাশ সঠিকভাৱে নহ’বও পাৰে । আনহাতে জৰায়ুত প্ৰাণীবোৰে ভ্ৰূণৰ বিকাশ প্ৰক্ৰিয়া মাইকী প্ৰাণীৰ দেহৰ ভিতৰত সম্পূৰ্ণ কৰে । এই প্ৰক্ৰিয়াত ভ্ৰূণটোৱে সম্পূৰ্ণ নিৰাপত্তা তথা বিকাশৰ যাৱতীয় সকলো সুবিধা মতৃদেহৰ পৰা লাভ কৰে ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত সংঘটিত হোৱা যৌন প্ৰজননৰ বিভিন্ন পৰিঘটনাস কি কি ? পৰিঘটনাসমূহৰ চিত্ৰৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ উদ্ভিদৰ যৌন প্ৰজননৰ পৰিঘটনাসমূহ তিনিটা ভাগত ভগাব পাৰি । প্ৰাক – নিষেচন , নিষেচন আৰু নিষেচনোত্তৰ কাল ।

(ক) প্ৰাক – নিষেচন :- ই হৈছে যৌন প্ৰজননৰ জননকোষৰ মিলনৰ পূৰ্বৰ পৰিঘটনা আৰু ইয়াক দুটা ভাগত ভগাব পাৰি ―

(১) জননকোষ গঠন :- ই পুং আৰু স্ত্ৰী জননকোষ সৃষ্টিৰ প্ৰক্ৰিয়া , এইবোৰ এগুণাত্মক ।

(২) জননকোষ স্থানান্তৰ :- পুং আৰু স্ত্ৰীজননকোষৰ গঠিত হোৱাৰ পিছত সিহঁতক নিষেচনৰ বাবে লগ লগোৱাটো অতি জৰুৰী । বেছিভাগ জীৱৰে পুংজননকোষ কেশৰযুক্ত আৰু স্ত্ৰীজননকোষ স্থিৰ আৰু বিভিন্ন উপায়েৰে এই পুংজনন কোষবোৰ গৈ স্ত্ৰীজননকোষৰ ওচৰ পায়গৈ যেনে ― পৰাগযোগ । পৰাগৰেণু গৰ্ভমুণ্ডত অংকুৰিত হৈ সৃষ্টি কৰা পৰাগ নলীকাই পুংজননকোষ ডিম্বকলৈ কঢ়িয়াই আনি ডিম্বাণুৰ ওচৰত এৰি দিয়ে ।

(খ) নিষেচন :- ই হৈছে পুং আৰু স্ত্ৰীজননকোষ লগ লাগি এটা যোজনকোষ সৃষ্টি কৰা প্ৰক্ৰিয়া ।

(গ) নিষেচনোত্তৰ কালৰ পৰিঘটনা : যোজনকোষ গঠনৰ পিছৰ কালৰ পৰিঘটনাসমূহৰ নিষেচনোত্তৰ কালৰ পৰিঘটনা বুলি কোৱা হয় । ইয়াক দুটা ভাগত ভগাব পাৰি ―    

(১) যোজনৰেণু :- যোজন কোষেই এটা প্ৰজন্মৰ প্ৰজাতিসমূহৰ লগত পৰৱৰ্ত্তী প্ৰজন্মৰ প্ৰজাতিৰ লানি নিছিগাকৈ সংযোগ স্থাপন কৰে । সকলো যৌন প্ৰজননকাৰী জীৱৰ দ্বিগুণ ক্ৰম’জ’ম যুক্ত যোজনৰেণু গঠন এটা চৰাচৰিত কাৰ্য্য ।

(২) ভ্ৰূণ গঠন :- যোজন কাষৰ পৰা ভ্ৰূণ গঠন হোৱা যি প্ৰক্ৰিয়া তাকে ভ্ৰূণ গঠন বুলি কোৱা হয় । ভ্ৰূণ গঠনৰ সময়ত যোজন কোষ মাইট’ছিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ কোষৰ সংখ্যা বৰ্দ্ধিত কৰে আৰু ক্ৰমে পৃথকীকৃত কৈ কিছুমান বিশেষ কলা আৰু অংগৰ গঠন কৰে ।

সপুষ্পক উদ্ভিদৰ যোজন কোষ ডিম্বকৰ ভিতৰত সৃষ্টি হয় । নিষেচনৰ পিছত বৃত্তি , পাহি ,পুংস্তৱক আদি শুকাই যায় আৰ সুলকি পৰে । স্ত্ৰীস্তৱক উদ্ভিদৰ লগতে সংলগ্ন হৈ থাকে । যোজন কোষ ভ্ৰূণলৈ ৰূপান্তৰিত আৰু ডিম্বাণু বীজলৈ বিকশিত হয় । ভ্ৰূণকোষ্ঠ ফললৈ বিকশিত হয় যিয়ে সুৰক্ষাৰ বাবে এখন ডাঠ ফলত্বক গঠন কৰে ।

প্ৰশ্ন ২। নিষেচনোত্তৰ কাল কি ? চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদৰ নিষেচনোত্তৰ কালৰ পৰিৱৰ্তনসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ নিষেচনত পুং আৰু স্ত্ৰীজননকোষৰ মিলন ঘটি দ্বিগুণ সংখ্যক যোজনকোষৰ উৎপত্তি হয় । নিষেচনৰ পাছত যোজনকোষটোৰ কেইবাবাৰো বিভাজন হৈ ভ্ৰূণ গঠন হয় । নিষিক্ত ডিম্বকটোৰ পৰা বীজ গঠন হয় । বীজটোৰ ভিতৰত থকা ভ্ৰূণক এখন সুৰক্ষিত আৱৰণে আৱৰি থাকে ইয়াকে বীজপত্ৰ বোলে । বীজৰ বিকাশ ঘটিলে ফুলৰ আন অংশবোৰৰ সৰি পৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত ডিম্বাশয়ৰ গঠন হয় আৰু ক্ৰমান্বয়ে ডাঙৰ হৈ ফলৰ সৃষ্টি কৰে যাৰ বাহিৰৰ ফালে এখন পেৰকাপ নামাৰে এখন আৱৰণ থাকে ।

প্ৰশ্ন ৩। যদিও যৌন প্ৰজনন দীঘলীয়া , শক্তি খৰচ হোৱা জটিল প্ৰজনন প্ৰক্ৰিয়া তথাপি বহুতো পেটৰ প্ৰাণীয়ে ইয়াক বাছি লয় । এইটো কিয় হয় যুক্তিৰে দৰ্শোৱা ।

উত্তৰঃ যদিও যৌন প্ৰজননত অধিক সময় আৰু শক্তি লাগে তথাপি উচ্চস্তৰৰ জীৱবোৰে পুনৰ ইয়াকে কৰে নানান জটিলতাৰ সত্ত্বেও । ইয়াৰ কাৰণ হৈছে যৌন প্ৰজননত একে প্ৰজাতিৰ সাধাৰণতে দুবিধ জীৱৰ মাজত DNA পুনৰ বিন‍্যাসৰ ফলত নতুন প্ৰকৰণৰ উদ্ভৱ হয় । এই প্ৰকৰণৰ বাবে পৰিৱৰ্তিত পৰিৱেশত জীৱই অভিযোজন কৰি নিজকে খাপ খোৱাই ল’ব পাৰে । প্ৰকৰণৰ ফলস্বৰূপে উৎপৰিৱৰ্তন হ’ব পাৰে বাবে সৃষ্টি হোৱা জীৱৰ জীয়াই থকাৰ ক্ষমতা বাঢ়ি যায় । আনহাতে , অযৌন প্ৰজননৰ জৰিয়তে সৃষ্টি হোৱা জীৱৰ ক্ষেত্ৰত জিনীয় পাৰ্থক্য দেখা পোৱা নাযায় ।

প্ৰশ্ন ৪। কিছুমান উদ্ভিদ যেনে , গোলাপে ডাঙৰ উভয়লিংগি ফুল উৎপন্ন কৰে যদিও সিহঁতে ফল উৎপাদন কৰিব নোৱাৰে । এই গছবোৰে ফল প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শোৱা ।

উত্তৰঃ গোলাপ হৈছে নগ্নবীজী উদ্ভিদ ; সেয়ে ইহঁতৰ গুটিবোৰ ফলেৰে আবৃত হৈ নাথাকে । ইয়াৰ ভ্ৰূণকোষ্ঠৰ গঠন নহয় সেয়ে ফল গঠন হ’ব নোৱাৰে । নিষেচনৰ পিছত ইয়াৰ বীজৰ সৃষ্টি হয় কিন্তু ভ্ৰণকোষ্ঠৰ অবিহনে ফলৰ সৃষ্টি হ’ব নোৱাৰে ।

প্ৰশ্ন ৫। সপুষ্পক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ লিখা । প্ৰতিটোৰে উদাহৰণৰ সৈতে বৰ্ণনা কৰি সিহঁতৰ সাধাৰণ নাম আৰু বৈজ্ঞানিক নাম উল্লেখ কৰা ।

উত্তৰঃ সপুষ্পক উদ্ভিদ পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ হ’ল ― একলিংগি আৰু উভয়লিংগি ।

একলিংগি :- যিবোৰ সপুষ্পক উদ্ভিদৰ একেডাল গছত এবিধহে লিংগৰ ফুল থাকে ।তাকে একলিংগি উদ্ভিদ বোলে । ইয়াৰ একলিংগি পুংপুষ্পক বা পুংকেশৰধাৰী আনহাতে স্ত্ৰীপুষ্পক স্ত্ৰীপুষ্প বা গৰ্ভকেশৰী পুষ্প বুলি কোৱা হয় ।

উদাহৰণস্বৰূপে ― অমিতা । 

সাধাৰণ নাম ― অমিতা গছ ।

বৈজ্ঞানিক নাম ― কেৰিয়া পাপায়া ।

উভয়লিংগি :- কিছুমান সপুষ্পক উদ্ভিদত পুং আৰু স্ত্ৰী দুয়োবিধ পুষ্প একেলগে একেজোপা গছতে হয় যাক উভয়লিংগি বা সমসূত্ৰ সমবাসী বোলে । উদাহৰণস্বৰূপে ― নাৰিকল ।

সাধাৰণ নাম ― নাৰিকল গছ ।

বৈজ্ঞানিক নাম ― কোকোজ নুচিফেৰা ।

প্ৰশ্ন ৬। যদিও গোলাপ ফুলে সুন্দৰ ডাঙৰ আকৰ্ষণীয় উভয়লিংগী ফুল বহন কৰে তথাপিও কাচিৎহে ফল উৎপন্ন হয় । গোলাপ ফুলত ফল নধৰাৰ কাৰণবোৰ আলোচনা কৰা ।

উত্তৰঃ গোলাপফুলৰ গছত ৰঙীন,আকৰ্ষণীয় উভয়লিংগী ফুল ফুলে যদিও কাচিৎহে ফলৰ বিকাশ হয় । কাৰণ ইয়াৰ বীজ নগ্ন অৱস্থাত থাকে ।নিষেচনৰ পিছত যোজন কোষৰ বিকাশ ঘটে আৰু যোজন কোষৰ পৰাই ভ্ৰূণ আৰু ডিম্ব গঠন কৰে । পৰৱৰ্তী কালত ই বীজ গঠন কৰে । কিন্তু ডিম্বাশয়টোৱে ফললৈ ৰূপান্তৰ হয় । স্বাভাৱিকতে গোলাপে অংগজ প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে ।

প্ৰশ্ন ৭। প্ৰাণীৰ ক্ষেত্ৰত পোৱা অযৌন প্ৰজননৰ বিভিন্ন প্ৰকাৰবোৰ উদাহৰণসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ প্ৰাণীদেহত দেখা বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সমূহ হ’ল ―

(ক) দ্বি – বিভাজন :- এইটো অতি সাধাৰণ তথা সৰল প্ৰকাৰৰ অযৌন প্ৰজনন ইয়াক সাধাৰণতে এককোষী প্ৰাণী আৰু নিম্নস্তৰৰ প্ৰাণীদেহত পোৱা যায় ।এই প্ৰক্ৰিয়াত জীৱকোষটো সমানে দুটা ভাগত বিভক্ত হয় । এই বিভাজন দীঘলে দীঘলে অথবা পথালিকৈও হ’ব পাৰে । উদাহৰণস্বৰূপে এমিবা , ইউগ্লিনা , পেৰামেছিয়াম আদি প্ৰাণীবোৰে দ্বি – বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ।

(খ) বহু বিভাজন :- এইটো একপ্ৰকাৰৰ দ্বি – বিভাজন । ইয়াত এটা কোষৰ বিভাজন ঘটি দুটাই গঠন হয় যদিও বাৰে বাৰে বা সঘনাই হোৱা দ্বি – বিভাজনৰ কাৰণে বহু সংখ্যক অপত‍্য কোষৰ সৃষ্টি কৰিব পাৰে । সাধাৰণতে প্ৰতিকুল পৰিৱেশত এমিবা , এন্টামিবা আদিয়ে এই প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ।

(গ) মুকুলোদগম :- কিছুমান নিম্নখাপৰ বহুকোষী প্ৰাণীৰ দেহৰ কিছুমান অংশত কোষ বিভাজনৰ দ্বাৰা কিছুমান এককোষী অথবা বহুকোষী প্ৰবৰ্ধ ওলায় এইবোৰক মুকুল বোলে । মুকুলবোৰ ডাঙৰ হৈ মাতৃ গুণ বিশিষ্ট হয় আৰু মাতৃ দেহৰ পৰা পৃথক হৈ স্বাধীনভাৱেজীৱন যাপন কৰে।মুকুলৰ সৃষ্টি প্ৰাণীদেহৰ বাহিৰত হ’লে বহিঃমুকুল আৰু প্ৰাণীদেহৰ ভিতৰত হ’লে অন্তঃমুকুল বোলে । হাইড্ৰা , স্কাইফা আদিত বহিঃমুকুল আৰু স্পঞ্জিলাৰ দেহত অন্তঃমুকুল দেখা যায় ।

(ঘ) ভাঙন :- এই ধৰণৰ অযৌন প্ৰজননত মাতৃদেহটো ভাঙি দুটা বা তাতোধিক খণ্ডত বিভক্ত হয় আৰু প্ৰতিটো খণ্ডৰ পৰাই এটাকৈ নতুন জীৱন সৃষ্টি হয় । এনে প্ৰজনন সাধাৰণতে তৰামাছ চেপেটা কৃমি আদিৰ ক্ষেত্ৰত দেখা যায় ।

(ঙ) প্লাজম’ট’মি :- ইয়াত কোষৰ প্ৰৰসখিনি বিভাজিত হয় কিন্তু কোষকেন্দ্ৰৰ বিভাজন নহয় । সেয়েহে প্ৰতিটো অপত‍্য কোষত কোষকেন্দ্ৰ নাথাকিবও পাৰে । অ’পেলিনাত এই প্ৰকাৰৰ অযৌন প্ৰজনন দেখা যায় ।

(চ) গেমুল গঠন :- স্পঞ্জ অথবা স্পঞ্জিলাৰ দেহত কিছুমান অন্তঃমুকুল গঠন হয় । এইবোৰক গেমুল বোলে । এই গেমুলৰ অংকুৰণ ঘটি অপত্য জীৱৰ সৃষ্টি হয় ।

(ছ) পুনৰজীৱন :- কোনো প্ৰাণীৰ দেহৰ কোনো কোনো অংগৰ পৰা একোটা অপত্য জীৱৰ সৃষ্টি কৰিব পাৰে । যেনে প্লেনেৰিয়া , চিলেনটাৰাটা আৰু কন্টকচৰ্মী প্ৰাণী ।

4 thoughts on “Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top