Class 12 Banking Chapter 7 পুঁজি নিয়োগ

Class 12 Banking Chapter 7 পুঁজি নিয়োগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 7 পুঁজি নিয়োগ and select needs one.

Class 12 Banking Chapter 7 পুঁজি নিয়োগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 7 পুঁজি নিয়োগ Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্ন  উত্তৰ

প্ৰশ্ন ২৩।নগদ সংৰক্ষণ অনুপাত কি ?

উত্তৰ :- নগদ সংৰক্ষণ অনুপাত :- ভাৰতত ব্যৱসায় কৰা সকলো প্ৰকাৰৰ বেংকেই ভাৰতৰ ৰিজাৰ্ভ বেংকত কেন্দ্ৰীয় বেংক হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা ৰাখিবলৈ বাধ্য।ইয়াকে বেংকৰ বিধিবদ্ধ নগদ সংৰক্ষণ বোলা হয়।এনে ধন সংৰক্ষণৰ পৰিমাণ পৰিৱৰ্তনশীল। ৰিজাৰ্ভ বেংকে এই পৰিমাণ নিৰ্দিষ্ট সীমাৰ ভিতৰত পৰিৱৰ্তন সাধিব পাৰে।1956 চনত কৰা এক সংশোধনী মৰ্মে ম্যাদি আমানতৰ ক্ৰয় 2 % ক্রমে শতাংশৰ পৰা  8 % শতাংশলৈ আৰু চলিত আমানতৰ ক্রমে 5 % শতাংশৰ পৰা 20 % ৰ ভিতৰত পৰিৱৰ্তনশীল কৰা হয়।পিছত আন এক সংশোধনী মৰ্মে 1962 চনত ম্যাদি আৰু চলিত আমানত পার্থক্য উঠাই দিয়া হয়।আৰু নগদ তাহবিলৰ পৰিমাণ নিম্নতম 3% ৰ পৰা 1 % ৰ ভিতৰত পৰিৱৰ্তন শীল কৰি ৰাখে।আকৌ 1974 চনৰ আন এক সংশোধনৰ জৰিয়তে নগদ তাহবিলৰ পৰিমাণ নিম্নতম 5 % ৰ পৰা উৰ্ধতম 15 % কৰি দিয়ে।2003 চনৰ 30 এপ্ৰিলত ইয়াক  4.5% লৈ হ্ৰাস কৰিছে।

প্ৰশ্ন ২৪।বিধিবদ্ধ তাৰল‍্যৰ অনুপাত কি ?

উত্তৰ :- বিধিবদ্ধ তাৰল‍্য অনুপাত :- বেংকিং ৰেগুলেচন অইন 1949 চনৰ এক সংশোধনী মৰ্মে , ৰিজাৰ্ভ বেংক আইনৰ ধাৰা 42 অনুসাৰে অনুসূচি ভক্ত বেংকে আৰু ধাৰা 18 অনুসাৰে অন্যান্য বেংকিং কোম্পানীয়ে ৰাখিবলগীয়া নগদ ধন, সোন আৰু কোনো প্ৰতিবন্ধক নথকা অনুমোদিত প্ৰতিভূতি আকাৰত ৰাখিব লাগে।ইয়াকে বিধিবদ্ধ তাৰল‍্য অনুপাত বুলি কোৱা হয়।এই পৰিমাণ ৰিজাৰ্ভ বেংকে সময়ে সময়ে পৰিৱৰ্তন কৰিব পাৰে।

বেংকিং ৰেগুলেচন আইনৰ ধাৰা 24 ৰ বিধি বিধান মানি চলিবলৈ প্ৰতিটো বেংকে নগদ ধন আৰু সোণৰ এটা নিৰ্দিষ্ট পৰিমাণ ৰখাৰ উপৰিও অনুমোদিত প্ৰতিভূতিও ক্ৰয় কৰি ৰাখিব লাগিব।

1988 চনৰ 2 এপ্ৰিলত ৰিজাৰ্ভ বেংকে 1988-89 চনৰ বাবে ঘোষণা কৰা ঋণ নীতি অনুসৰি প্ৰকৃত দাবী চলিত দেনাৰ ওপৰত বিধিবদ্ধ তাৰল‍্যৰ হল 38 %।এই পৰিমাণ 1997 – 98 চনত ইয়াক 3 % লৈ হ্ৰাস কৰা হয়।

প্ৰশ্ন ২৫।তাৰল‍্যটা বুলিলে কি বুজা ?

উত্তৰ :- বেংকে হল ধনৰ ব্যৱসায়পযোগী কৰা এক প্ৰকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান।ধন বিনিয়োগ আৰু ধাৰে দিয়া ব্যৱসায় কৰিবৰ বাবে সাধাৰণৰ পৰা আমানত সংগ্ৰহ কৰাটো ৰ ওপৰতে বেংক এটাৰ কৃতকাৰ্যতা আৰু উপাৰ্জনৰ বিষয়টো নিৰ্ভৰশীল।অৱশ্যে গ্ৰাহকৰ পৰা গ্ৰহণ কৰা সমূদায় আমানত বেংকে বিনিয়োগ বা ধাৰলৈ দিব নোৱাৰে। ইয়াকে এক প্ৰধান অংশ বেংকে গ্ৰাহকৰ ধনৰ চাহিদা অনুসাৰে পৰিশোধ কৰিবলৈ ৰাখিব লাগে।এনেদৰে ক্ষিপ্ৰভাৱে গ্ৰাহকৰ চাহিদা মতে পৰিশোধ কৰিবলৈ ৰখা ধন বা সম্পদ পৰিমাণ বেংকৰ তাৰল‍্যতা বুলি কোৱা হয়।

বেংক ব্যৱসায়ত তাৰল‍্যতাই , গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।বেংক ব্যৱসায় টো গ্ৰাহকৰ আস্থাৰ ওপৰত বৰ্তি থকা এক সূক্ষ্ম ব্যৱসায়।কিয়নো গ্ৰাহকৰ পৰা আহৰণ কৰা আমানতৰ ওপৰত নিৰ্ভৰ কৰিয়ে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি বা হ্ৰাস হব পাৰে।অন্যহাতে কাৰ্যকৰী পুঁজিৰ বেছি ভাগেই হল গ্ৰাহকৰ।গতিকে গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে  বেংকে সদায় তাহবিলত পৰ্যাপ্ত পৰিমাণৰ নগদ ধন অৰ্থাৎ সহজে নগদ ধনলৈ ৰূপান্তৰ কৰিব পৰা পৰিসম্পদত জমা ৰাখিব লাগে হয়।ইয়াকে বেংকৰ তাৰল‍্য পুঁজি বা সম্পদ বুলি কোৱা হয়।

প্ৰশ্ন ২৬।নগদ সংৰক্ষণ অনুপাত কি ?

উত্তৰ :- নগদ সংৰক্ষণ অনুপাত :- ভাৰতত ব্যৱসায় কৰা সকলো প্ৰকাৰৰ বেংকেই ভাৰতৰ ৰিজাৰ্ভ বেংকত কেন্দ্ৰীয় বেংক হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা ৰাখিবলৈ বাধ্য।ইয়াকে বেংকৰ বিধিবদ্ধ নগদ সংৰক্ষণ বোলা হয়।এনে ধন সংৰক্ষণৰ পৰিমাণ পৰিৱৰ্তনশীল। ৰিজাৰ্ভ বেংকে এই পৰিমাণ নিৰ্দিষ্ট সীমাৰ ভিতৰত পৰিৱৰ্তন সাধিব পাৰে।1956 চনত কৰা এক সংশোধনী মৰ্মে ম্যাদি আমানতৰ ক্রমে 2% ক্ৰমে শতাংশৰ পৰা 8 % শতাংশলৈ আৰু চলিত আমানতৰ ক্ৰমে 5 % শতাংশৰ পৰা 20 % ৰ ভিতৰত পৰিৱৰ্তনশীল কৰা হয়।পিছত আন এক সংশোধনী মৰ্মে 1962 চনত ম্যাদি আৰু চলিত আমানতৰ পার্থক্য উঠাই দিয়া হয় আৰু নগদ তাহবিলৰ পৰিমাণ নিম্নতম 3 % ৰ পৰা 15 %ৰ ভিতৰত পৰিৱৰ্তনশীল কৰি ৰাখে।আকৌ 1974 চনত আন এক সংশোধনৰ জড়িয়তে নগদ তাহবিলৰ পৰিমাণ নিম্নতম 5 % ৰ পৰা উৰ্ধতম25 % কৰি দিয়ে।2003 চনৰ 30 এপ্ৰিলত ইয়াক 4.5 % লৈ হ্ৰাস কৰিছে।

প্ৰশ্ন ২৭।কি কি কাৰকে নগদ ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰে।

উত্তৰ :- বাণিজ্যিক বেংকৰ নগদ ধনৰ পৰিমাণ তলত দিয়া কাৰকসমূহে নিৰ্ধাৰণ কৰে   –

(i) চাৰকাৰলৈ যোগান ধৰা বিত্তৰ পৰিমাণ :- সাধাৰণতে চৰকাৰেই উদ্যোগসমূহৰ প্ৰতিস্থাপনাত মুখ্য ভূমিকা লয়।গতিকে এই উদ্যোগসমূহক কেনেকুৱা আৰু কিমান সময়ৰ বাবে দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰিব লগা হয় তাৰ ওপৰত নগদ ধনৰ পৰিমাণ নিৰ্ভৰ কৰে।

(ii) সঠিক নগদ সংৰক্ষণ :- এটা বাণিজ্যিক বেংকে সদায় ঋণৰ পৰিমাণ বঢ়াব খোজে।কিন্তু ইয়াৰ বাবে সঠিক অনুপাতত নগদ ধন সংৰক্ষণ কৰা দৰকাৰী হৈ পৰে। 

(iii) বাণিজ্যিক বেংকৰ সেৱা আৰু ইয়াৰ চৰিত্ৰ :- নগদ ধনৰ পৰিমাণ বাণিজ্যিক বেংকটোৰ বিভিন্ন আদি কাৰকেও নগদ ধন সংৰক্ষণত প্ৰভাৱ পেলায়।

(ঘ) অন্য বাণিজ্যিক বেংকৰ আচাৰ – ব্যৱহাৰ :- ঋণৰ পৰিমাণ বঢ়োৱাৰ প্ৰধান চৰ্ত হল সঠিক নগদ সংৰক্ষণ।কিছুমান বেংকে যদি সঠিক মাত্ৰাত ঋণ প্ৰদান নকৰে তেন্তে নগদ ধন সংৰক্ষণৰ ওপৰত প্ৰভাৱ পৰা দেখা যায়।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ২৮।বিধিবদ্ধ তাৰল‍্যৰ অনুপাত কি ?

উত্তৰ :- বেংকিং ৰেগুলেচন আইন 1949 চনৰ এক সংশোধনী মৰ্মে, ৰিজাৰ্ভ বেংক আইনৰ ধাৰা 42 অনুসাৰে অনুসূচি ভুক্ত বেংকে আৰু ধাৰা 18 অনুসাৰে অন্যান্য বেংকিং কোম্পানীয়ে ৰাখিবলগীয়া নগদ সংৰক্ষণৰ উপৰিও প্ৰত্যেক বেংকে তেওঁলোকৰ চাহিদা আৰু ম্যাদি জমাৰ অতি কমেও 25% আৰু সৰ্ব্বোচ্চ 40% নগদ ধন, সোন আৰু কোনো প্ৰতিবন্ধক নথকা অনুমোদিত প্ৰতিভূতি আকাৰত ৰাখিব লাগে।ইয়াকে বিধিবদ্ধ তাৰল‍্য অনুপাত বুলি কোৱা হয়।এই পৰিমাণ ৰিজাৰ্ভ বেংকে সময়ে সময়ে পৰিৱৰ্তন কৰিব পাৰে।

বেংকিং ৰেগুলেচন আইনৰ ধাৰা 24 ৰ বিধি বিধান মানি চলিবলৈ প্ৰতিটো বেংকে নগদ ধন আৰু সোণৰ এটা নিৰ্দিষ্ট পৰিমাণ ৰখাৰ উপৰিও অনুমোদিত প্ৰতিভূতিও ক্ৰয় কৰি ৰাখিব লাগিব।

1988 চনৰ 2 এপ্ৰিলত ৰিজাৰ্ভ বেংকে 1988- 89 চনৰ বাবে ঘোষণা কৰা ঋণ নীতি অনুসৰি প্ৰকৃত দাবী আৰু চলিত দেনাৰ ওপৰত বিধিবদ্ধ তাৰল‍্য অনুপাত হল 38%।এই পৰিমাণ 1997 – 98 চনত ইয়াক 25% লৈ হ্ৰাস কৰা হয়। 

প্ৰশ্ন ২৯।নগদ সংৰক্ষণ আৰু নগদ ঋণ বুলিলে কি বুজা ?

উত্তৰ :- নগদ সংৰক্ষণ  অনুপাত :- ভাৰতত ব্যৱসায় কৰা সকলো প্ৰকাৰৰ বেংকেই ভাৰতৰ ৰিজাৰ্ভ বেংকত কেন্দ্ৰীয় বেংক হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা ৰাখবলৈ বাধ্য।ইয়াকে বেংকৰ  বিধিবদ্ধ নগদ সংৰক্ষণ বোলা হয়।এনে ধন সংৰক্ষণৰ পৰিমাণ পৰিৱৰ্তনশীল। ৰিজাৰ্ভ বেংকে এই পৰিমাণ নিৰ্দিষ্ট সীমাৰ ভিতৰত প্ৰৱৰ্তন সাধিব পাৰে।1956 চনত কৰা এক সংশোধনী মৰ্মে ম্যাদি আমানতৰ ক্ৰয়ে 2% ক্ৰমে শতাংশৰ পৰা 8% শতাংশ লৈ আৰু চলিত আমানত ক্ৰমে 5% শতাংশৰ পৰা 20% শতাংশৰ ভিতৰত পৰিৱৰ্তনশীল কৰা হয়।  পিছত আন এক সংশোধনী মৰ্মে 1962 চনত ম্যাদি আৰু চলিত আমানতৰ পাৰ্থক্য উঠাই দিয়া হয় আৰু নগদ তাহবিলৰ পৰিমাণ নিম্নতম 3% ৰ পৰা 15% ৰ ভিতৰত পৰিৱৰ্তনশীল কৰি ৰাখে। আকৌ 19974 চনৰ আন এক সংশোধনৰ জৰিয়তে নগদ তাহবিলৰ পৰিমাণ নিম্নতম 5 % ৰ পৰা উৰ্ধতম15% কৰি দিয়ে।2003 চনৰ  30 এপ্ৰিলত ইয়াক 4.5 লৈ হ্ৰাস কৰিছে। 

প্ৰশ্ন ৩০।তাৰল‍্যৰ  গুৰুত্ব বুজাই লিখা।

উত্তৰ :- গুৰুত্ব বা তাৎপৰ্য :- বেংকে হল ধনৰ ব্যৱসায় কৰা এক প্ৰকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান।ধন বিনিয়োগ আৰু ধাৰে দিয়া ব্যৱসায় কৰিবলৈ জনসাধাৰণৰ পৰা আমানত সংগ্ৰহ কৰাটোৰ ওপৰতে বেংক এটাৰ কৃতকাৰ্যতা তথা আয় বা উপাৰ্জনৰ বিষয়টো নিৰ্ভৰশীল।অৱশ্যে গ্ৰাহকৰ পৰা গ্ৰহণ কৰা সমূদায় আমানত বেংকে বিনিয়োগ বা ধাৰ লৈ দিব নোৱাৰে।ইয়াৰে এক প্ৰধান অংশ বেংকে গ্ৰাহকৰ ধনৰ চাহিদা অনুসাৰে পৰিশোধ কৰিবলৈ ৰাখিব লাগে।এনেদৰে ক্ষিপ্ৰভাৱে গ্ৰাহকৰ চাহিদা মতে পৰিশোধ কৰিবলৈ ৰখা ধন বা সম্পদৰ পৰিমানকে বেংকৰ তাৰল‍্যতা বুলি কোৱা হয়। 

বেংক ব্যৱসায় ত তাৰল‍্যতাই  এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।বেংক ব্যৱসায় টো  গ্ৰাহকৰ আস্থাৰ ওপৰত বৰ্তি থকা এক সুক্ষ্ম ব্যৱসায়।কিয়নো গ্ৰাহকৰ পৰা আহৰণ কৰা আমানতৰ ওপৰত নিৰ্ভৰ কৰিয়ে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি বা হ্ৰাস হব পাৰে।আনহাতে কাৰ্যকৰী পুঁজিৰ বেছি ভাগেই হল গ্ৰাহকৰ।গতিকে গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে বেংকে সদায়ে তহবিলত পৰ্যাপ্ত পৰিমাণৰ নগদ ধন অথবা সহজে নগদ ধনলৈ ৰূপান্তৰ কৰিব পৰা পৰিসম্পদত জমা ৰাখিব লাগে হয়।ইয়াকে বেংকৰ তাৰল‍্য পুঁজি বা সম্পদ বুলি কোৱা হয়। 

বেংকে এফালে গ্ৰাহকৰ স্বাৰ্থ ৰক্ষার্থে আৰু বেংকৰ ওপৰত আস্থা বজাই ৰাখিবলৈ তাৰল‍্যতা বজাই ৰাখিব লাগে আনহাতে উপাৰ্জন ৰ অৰ্থে ধনৰ বিনিয়োগ বা ধন ধাৰলৈ দিয়া কাৰ্য্যও সম্পাদন কৰিব লাগে।তাৰল‍্য সম্পদৰ ঘাটিয়ে আমানতকাৰীৰ আস্থা ক্ষুণ্ণ কৰিব পাৰে আৰু এনে হলে বেংক ব্যৱসায়ে প্ৰতিযোগিতাত তিষ্টি থাকিব নোৱাৰে।আনহাতে বেংকৰ উপাৰ্জনৰ অৰ্থেও পৰ্যাপ্ত পুঁজি বিনিয়োগ কৰিব নোৱাৰিলে গ্ৰাহকলৈ আমানতৰ বিপৰীতে সুদ দিব নোৱাৰিব,কৰ্মচাৰিক দৰমহা, অংশ ধাৰকক লভয়াংশ আৰু দৈনিক বাঢ়ি অহা বেংকৰ ব্যয় বহন কৰিবলৈ অপাৰগ হব।বেংকৰ তাৰল‍্যতাৰ অৱশ্যকতা অনুযায়ী বেংকে সাধাৰণতে

(i) নগদ ধন সোণ।আৰু   

( ii) নগদ ধন সহজে ৰূপান্তৰ কৰিব পৰা পৰিসম্পদ ৰখা দেখা যায়।

এনেদৰে পৰিসম্পদ বেংকে অতি সহজে একো লোকচান নভৰাকৈ কম সময়ৰ ভিতৰতে নগদ ধনলৈ পৰিৱৰ্তন কৰিব পৰাকৈ কম উপার্জনশীল বিনিয়োগত বিনিয়োজন কৰি থোৱা দেখা যায়।প্ৰকৃততে বেংকে মুদ্ৰা বজাৰত তলবী ঋণ জাননী সাপেক্ষে পৰিশোধনীয় ঋণ,চৰকাৰী আৰু অৰ্দ্ধ চৰকাৰী প্ৰতিভূতি আদিত বিনিয়োগ কৰি ৰাখে।আনহাতে বেংকৰ নগদ তাৰল‍্যৰ হিচাপত বেংকে নিজৰ চন্দুকত কিছু পৰিমাণে আৰু আন কোনো ৰাষ্ট্ৰীয় কৃত বেংকত জমা ৰাখিব পাৰে।ইয়াৰোপৰি ৰিজাৰ্ভ বেংকতো আইন সন্মতভাৱে এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি তাৰল‍্য সম্পদ হিচাপে ৰখাতো বাধ্যতামূলক। 

প্ৰশ্ন ৩১।সুস্থ ঋণদাতা ৰ নীতিবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰ :- বেংক সমূহৰ উপাৰ্জনৰ অন্যতম এক উৎস হল ঋণ প্ৰদান।এই ঋণ প্ৰদানৰ বিপৰীতে পোৱা সুদৰ ওপৰতেই কোনো এটা বেংকৰ আৰ্থিক সমৃদ্ধি নিৰ্ভৰ কৰে।আকৌ দেশৰ ব্যৱসায় বাণিজ্য উদ্যোগ,  বিত্তীয় বৃত্তি, কৃষি যাতায়ত তথা ৰপ্তানি বাণিজ্য আদি সকলো বিলাকৰে উন্নয়ন নিৰ্ভৰশীল হয় বেংক সেৱাৰ ওপৰত।সেয়েহে ঋণ প্ৰদানৰ ক্ষেত্ৰত বাণিজ্যিক বেংক সমূহে মানি চলা কিছুমান নীতি যাক ঋণদাতাৰ সুস্থ নীতি বুলি স্বীকৃতি দিয়া হৈছে,সেইবোৰ আলোচনা কৰা হল।

(i) নিৰাপদ :- ঋণৰ পৰা পোৱা যায় যদিও এটা বেংকৰ আৰ্থিক স্থিতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তথাপি বেংকে যধেমধে ঋণ প্ৰদান কৰিব নোৱাৰে।গ্ৰাহকৰ পৰা পোৱা আমানতৰ ওপৰতেই বেংকে ব্যৱসায় চলায়।সেয়ে গ্ৰাহকৰ চাহিদা মতে ধন আদায় দিব পৰাকৈ উত্তম স্থিতিত থাকিবলৈ হলে বেংকে প্ৰদান কৰা ঋণ ৰ ধনো ঘূৰাই পাব পৰা গ্ৰাহকলৈহে ঋণ প্ৰদান কৰিব লাগিব।অতি লাভৰ আশাত্ত যধে মধে ঋণ প্ৰদান কৰি ধন ঘূৰাই নাপালে গ্ৰাহকৰ আমানত বিপদ গ্ৰস্ত হব আৰু গ্ৰাহকৰ আস্থাও বেংকৰ ওপৰত কমি যাব।গতিকে বেংকে ঋণ প্ৰদান কৰোতে সদায়ে লক্ষ ৰাখিব যাতে প্ৰদান কৰা ঋণৰ ধন নিঃসন্দেহে আদায় কৰিব পাৰিব।এই ক্ষেত্ৰত বেংকে তিনিটা  ‘C’  আখৰৰ ওপৰত গুৰুত্ব দিয়ে।যেনে – 

(i) ঋণৰ চৰিত্ৰ ।    

(ii) সুস্থ ভাৱে ব্যৱসায় চলাই ধন পৰিশোধ কৰিব পৰা ক্ষমতা আৰু।  

(iii) সুস্থ বিত্তীয় স্থিতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ থকা মূলধনৰ ওপৰত বেংককাৰে যথেষ্ট গুৰুত্ব দিয়া দেখা যায়।

(ii) তাৰল‍্যতা :- চাহিদা মাত্ৰেই নগদ ধন পাব পৰা অৱস্থাকে বেংকৰ তাৰল‍্যতা বুলি কোৱা হয়।অৰ্থাৎ বেংকৰ সম্পদ ৰাজ্যিক নগদ ধনলৈ ৰূপান্তৰ কৰিব পৰাকৈ তাৰল‍্যতা বুলি কোৱা হয়।বেংককাৰে গ্ৰাহকলৈ ঋণ প্ৰদান কৰোতে ঋণৰ ধন যাতে চাহিদা মাত্ৰেই আদায় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।স্বাভাৱিকতে বেংককাৰে কেতিয়াও বেংকৰ ধন দীর্ঘ দিনৰ বাবে বন্ধ  হৈ থকাটো কামনা নকৰে।যিমানে ধনৰ লেনদেন হব বেংককাৰে সিমানে লাভবান হব পাৰিব আৰু তাৰল‍্যতাও বজাই ৰাখিব পাৰিব।

(iii) লাভ :- সুস্থ ঋণদাতাৰ চন এক নীতি হল লাভৰ হিচাপ লাভৰ বিবেচনাতহে বেংকে ঋণ প্ৰদান কৰে।কিয়নো বেংকিং ব্যৱসায় কৰোতে বেংকে কৰিবলগীয়া বিভিন্ন প্ৰকাৰৰ খৰচ যেনে দৰমহা,সুদ,ষ্টেচনাৰী, পৰিচালনা ব্যয় ইত্যাদি বিলাক বহন কৰিবলৈ য়ে লাভ উপাৰ্জন কৰাটো ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে বেংকৰ অতি প্ৰয়োজন।

(iv) ঋণৰ উদ্দেশ্য :- কি উদ্দেশ্যৰ বাবে ঋণৰ প্ৰয়োজন হৈছে সেই দিশটোও এক অন্যতম বিচাৰ্য বিষয়।কিয়নো সৎ তথা উৎপাদন মূলক কাৰ্য্যৰ বাবে লোৱা ঋনে এহাতে দেশৰ সমৃদ্ধি বৃদ্ধি কৰি অন্যহাতে বেংকৰ ঋণ পৰিশোধত সহায় কৰে।গতিকে ঋণৰ ধন কত ব্যৱহাৰ কৰিব , ঋণৰ কিস্তি কিদৰে পৰিশোধ কৰিব ইত্যাদি অতি সাৱধানতাৰে বিচাৰ বিবেচনা কৰিহে ঋণ প্ৰদান কৰা হয়।

(v) জামিন :– বেংকে আগবঢ়োৱা ঋণৰ বিপৰীতে ঋণী গ্ৰাহকৰ পৰা কেনে ধৰণৰ জামিন লৈহে সেইটোও বেংকৰ বাবে সুস্থ ঋণদাতাৰ অন্য এক নীতি।কিয়নো ঋণৰ ধন অনাদায় সাপেক্ষে বেংকে জামিন সম্পত্তি বিক্ৰী কৰি ঋণ আদায় কৰি লব পাৰে।গতিকে জামিনক বেংকৰ দৃষ্টিত ঋণৰ ধন অনা দায়ৰ বিপৰীতে থকা বীমা হিচাপে গণ্য কৰা হয়। 

(vi) পৃথকীকৰণ :- পৃথকীকৰণ সুস্থ ঋণ দানৰ আন এক অন্যতম নীতি বুলি গণ্য কৰা হয়।যি হেতুকে ঋণ দান মানেই সংশয় বহন কৰিবলগীয়া, সেয়ে বেংকৰ ঋণযোগ্য সম্পদ ৰাজী বিভিন্ন খণ্ডত যেনে লো, তীখা , চাহ, মৰাপাট কৃষি , চিমেণ্ট , ক্ষুদ্ৰ উদ্যোভ খাদ্য  দ্ৰব্য প্ৰস্তুতকাৰী উদ্যোগ ,ৰপ্তানি আদি বিভিন্ন প্ৰকাৰৰ ব্যৱহায়লৈ আগবঢ়োৱা উচিত যাতে কোনো এক প্ৰকাৰৰ ব্যৱসায়ৰ পতনৰ লগত বেংকৰ বৰ বেছি ক্ষতি জড়িত হব নোৱাৰে।

(vii) জাতীয় স্বাৰ্থ :– ঋণদানৰৰ সুস্থ নীতি হিচাপে জাতীয় স্বাৰ্থও এক অন্যতম নীতি।সকলোবিলাক ঠিকে থাকিলেও জাতীয় স্বাৰ্থ ৰ বিপৰীতে যোৱা কোনো উদ্দেশ্যৰ বাবে বেংকে কেতিয়াও ঋণ প্ৰদান কৰিব নোৱাৰিব।এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে আগবঢ়োৱা নীতি নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ।কিয়নো কোনো কাৰণতে দেশৰ স্বাৰ্থ জলাঞ্জলি দি বেংকে ঋণ প্ৰদান কৰিব নোৱাৰিব,অন্যথা দেশৰ শীৰ্ষতম বেংক হিচাপে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকে কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে।দেশৰ অগ্ৰাধিকাৰ খণ্ড সমূহলৈ তথা দেশৰ আৰ্থিক প্ৰগতিৰ প্ৰতি দৃষ্টি ৰাখি নিবনুৱা সমস্যাকে আদি কৰি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিহে বেংককাৰে ঋণযোগ্য  সম্পদৰাজিৰ বিতৰণ কৰা উচিত।

প্ৰশ্ন ৩২।বিনিয়োগ বুলিলে কি বুজা ? সুস্থ বিনিয়োগৰ নীতিবোৰ কি কি ?

উত্তৰ :- ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে বাণিজ্যিক বেংকে সৰ্বাধিক লাভ উপাৰ্জন কৰাতো এক অন্যতম উদ্দেশ্য।এই লাভৰ পৰাই বেংকৰ দৈনন্দিন খা-খৰচ , কৰ্মচাৰী ৰ খৰচ , ঘৰভাড়া,  গ্ৰাহকলৈ আমানতৰ বিপৰীতে সুদ প্ৰদান কৰা তথা বেংকৰ অংশ ধাৰক সকললৈ লভয়াংশ প্ৰদান কৰা হয়।গ্ৰাহকৰ পৰা পোৱা আমানতক বিপাদগ্ৰস্ত নকৰাকৈ বেংকে নিজৰ বিচাৰ বিবেচনা বুদ্ধি মত্তাৰে সম্পদৰ বিনিয়োগ কৰিব লাগে।সাধাৰণতে চৰকাৰী অৰ্ধচৰকাৰী প্ৰতিভূতি কোম্পানীৰ অংশ পত্ৰ ঋণপত্ৰ তথা সোণ ৰূপৰ বিপৰীতে ধন নিয়োগ কৰাকে বিনিয়োগ বুলি ধৰা হয়।বেংকে মন্দা ঋতুত এনেবোৰ বিভিন্ন উৎসৰ ধন বিনিয়োগ কৰি ব্যস্ত ঋতুত বিক্ৰী কৰি লাভ উপাৰ্জন কৰিব পাৰে।

পুঁজিৰ নিয়োজনৰ সম্পৰ্কত বিবেচনা কৰা গুৰুত্বপূৰ্ণ নীতি সমূহ হল  – 

( i) তাৰল‍্যতা।

(ii) লাভ।

(iii) নিৰাপত্তা বা নিৰাপদ ইত্যাদি।

(i) তাৰল‍্যতা :- আয় উপার্জনকাৰী বিভিন্ন সম্পদৰ মাজত ধনৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত তাৰল‍্যতাই এক মুখ্য ভূমিকা পালন কৰে।এই তাৰল‍্যতাই বেংকৰ সম্পদৰাজিক কোনো লোকে চান নোহোৱাকৈ তৎক্ষণাতে ধনলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতাকে বুজোৱা হয়।এই ক্ষমতাৰ ওপৰতেই নিৰ্ভৰ কৰে গ্ৰাহকৰ আমানতৰ চাহিদা পূৰণ কৰে বিষয়তো।কিয়নো প্ৰয়োজনৰ সময়ত গ্ৰাহকৰ ধন আদায় দিব নোৱাৰিলে,বেংকৰ ওপৰত জনসাধাৰণৰ আস্থা কমি যায়।গতিকে তাৰল‍্য সম্পদৰ ওপৰত ধন বিনিয়োগ সোনকালে নগদ ধনলৈ ৰূপান্তৰ কৰাটো সহজলভ্য হয়।সেয়ে  তাৰল‍্যতাই  বেংকৰ সম্পদ ৰাজিৰ বিনিয়োগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। 

(iii) লাভ :- বিভিন্ন প্ৰকাৰৰ সম্পদৰাজিৰ মাজত ধন বিনিয়োগ কৰোতে বেংককাৰে মনোযোগ দিবলগীয়া আনটো অন্যতম নীতি হল লাভৰ হিচাপ।বেংকে এক প্ৰকাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠান হিচাপে লাভৰ উদ্দেশ্য আগত ৰাখিহে কাৰ্য্য পৰিচালনা কৰিব লাগে।বিনিয়োগ  যোগ্য সম্পদৰ আয় যিমানেই বেছি হব সিমানেই বেংকৰ আয় উপৰ্য  পৰিমানো বেছি হব।যিমানেই সম্পদৰাজি কম তাৰল‍্যতা সম্পন্ন হব সিমানেই সেই সম্পদৰ উপাৰ্জন ক্ষমতাও বৃদ্ধি পাব।যেনে দীৰ্ঘম্যাদি ঋণ।

(iii) নিৰাপত্তা বা সুৰক্ষা :- তৃতীয়তে সুৰক্ষা অথবা নিৰাপত্তাৰ বিষয়টোও অন্য এক সুস্থ বিনিয়োগৰ নীতি হিচাপে গণ্য কৰা হয়।এই নীতিৰ অধীনত বেংককাৰে গ্ৰাহকৰ পৰা পোৱা আমানতৰ যাতে গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী কৈ বিনিয়োগ কৰিব নোৱাৰে সেইটো নিশ্চিত কৰা হয়।অৰ্থাৎ কোনো কাৰণতে বেংককাৰে অধিক লাভৰ দৃষ্টিত গ্ৰাহকৰ মূল্যবান আমানত বা সঞ্চয়ক আওকাণ কৰি ধন বিনিয়োগৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰিব।বেংকে যথাসম্ভৱ নিৰাপদ অথবা সুৰক্ষিত হিচাপে পৰিগণিত চৰকাৰী বা অৰ্দ্ধ চৰকাৰী প্ৰতিভূতি,স্ব তাৰল‍্য কাকত, কোম্পানীৰ অংশ পত্ৰ,ঋণপত্ৰ ইত্যাদিৰ বিপৰীতে বিনিয়োগ কৰাটো উচিত।

বেংকৰ তাৰল‍্যতা,লাভৰ হিচাপ তথা নিৰাপত্তা বা সুৰক্ষা এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানে বিভিন্ন প্ৰকাৰৰ সম্পদৰ বিপৰীতে বেংকৰ পুঁজিৰ বিতৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top