Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ

Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ and select needs one.

Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ২৫।সংগ্ৰহকাৰী বেংকাৰৰ  দায়িত্ব বোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- সংগ্ৰহকাৰী বেংকৰ কৰ্তব্য আৰু দায়িত্ব সমূহ হল  –

(i) যত্ন সহকাৰে আৰু সাৱধানতাৰে চেক সংগ্ৰহ :- সংগ্ৰহকাৰী বেংকৰ এটা অন্যতম প্ৰধান কৰ্তব্য আৰু দায়িত্ব হল যে সংগ্ৰহকাৰী বেংকে যথেষ্ট সাৱধানতাৰে আৰু যত্ন সহকাৰে সংগ্ৰহ ৰ বাবে চেক পোৱা মাত্ৰকে ধন আদায় ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিয়নো বেংকে কৰা দোষাৰ ফলত গ্ৰাহক ক্ষতিগ্রস্ত হলে তাৰ বাবে বেংকেই জগৰীয়া আৰু ইয়াৰ বাবদ গ্ৰাহকক ক্ষতি পূৰণ আদায় দিব লাগিব।

(ii) চেক প্ৰত্যখিত হলে :- সংগ্ৰহৰ বাবে পঠোৱা গ্ৰাহকৰ চেক কোনো কাৰণত প্ৰত্যাখ্যান হলে সংগ্ৰহকাৰী বেংকে সংশ্লিষ্ট গ্ৰহকলৈ এই মৰ্মে জাননী দিয়াটোও বেংকৰ আন এক কৰ্তব্য।এই সন্দৰ্ভত পৰিশোধকাৰী বেংকে চেক প্ৰত্যাখ্যানৰ বাবে উল্লেখ কৰা কাৰণ সমূহ জনোৱা কাগজ টুকুৰা প্ৰত্যাখ্যাত চেকখনৰ লগত গাঁঠি গ্ৰাহক জনলৈ প্ৰেৰণ কৰিব লাগে।যাতে গ্ৰাহকজন এই মৰ্মে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সংগ্ৰহকাৰী বেংকে যেতিয়া গ্ৰাহকৰ প্ৰতিনিধি হিচাপে কাৰ্য কৰে তেতিয়া প্ৰত্যখিত চেকৰ লগত জড়িত সকলো জাননী জাৰি বা জাননী প্ৰেৰণ নকৰিলেও হয়। 

অৱশ্যে গ্ৰাহক অনুৰোধ কৰিলে বেংকে সংশ্লিষ্ট সকলেই পক্ষলৈ জাননী প্ৰেৰণ কৰিব পাৰে।কিন্তু বেংকে যদিহে মূল্য বাবদ ধাৰক হিচাপে সংগ্ৰহকাৰীৰ কাৰ্য সম্পাদন কৰে তেনে ক্ষেত্ৰত চেক প্ৰত্যখিত হলে সংগ্ৰহকাৰী বেংকে চেকৰ লগত জড়িত পক্ষ সমূহলৈ চেক প্ৰত্যাখানৰ পৰিশোধকাৰী বেংকে দেখুওৱা কাৰণ সহকাৰে যুক্তিযুক্ত সময়ৰ ভিতৰত জনাব  লাগিব।কিয়নো প্ৰত্যাখ্যানৰ জাননী পালেহি সংশ্লিষ্ট পক্ষ সমূহে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে অন্যথাই বেংকে এই ক্ষেত্ৰত অযথা পলম কৰিলেও ধন ঘূৰাই পোৱাত অসুবিধা  হব পাৰে। 

(iii) সংগ্ৰহৰ বিষয়ে গ্ৰাৰাকীক অৱগত কৰোঁতা :– সংগ্ৰহকাৰী বেংককাৰে গ্ৰাহকৰ হৈ সংগ্ৰহৰ বাবে পঠোৱা চেকৰ ধন সংগ্ৰহ হোৱা মাত্ৰকে নিজৰ খৰচ বা কমিচন ইত্যাদি বাদ দি গ্ৰাহকে পাব লগা ধনখিনি গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে আৰু এই সম্বন্ধে তৎকালে গ্ৰাহকজনৰ জনাব লাগে,এনেদৰে  গ্ৰাহকক অৱগত কৰোৱাটোৱে বেংকৰ এক অন্যতম প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে।এই মৰ্মে বেংকাৰে  লিখিতভাৱে জনোৱা উচিত ।অৱশ্যে আন ধৰণে জনোৱাৰ ব্যৱস্থা থাকিলে বেংকাৰে তেনে ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। আৰু গ্ৰাহকে সংগ্ৰহৰ বিষয়ে অৱগত হোৱাৰ পিছত তেওঁৰ আৱশ্যকতা অনুসাৰে ধন উলিয়াই লব পাৰে। 

প্ৰশ্ন ২৬।পৰিশোধকাৰী বেংকৰ কৰ্তব্য কি ?

উত্তৰ :- বেংকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে গ্ৰাহকৰ হিচাপত ধন থকা পৰ্যন্ত বেংকে গ্ৰাহকক চেকৰ বিপৰীতে ধন পৰিশোধ  কৰিব। অৱশ্যে বেংকাৰ আৰু গ্ৰাহকৰ সম্পৰ্ক থকা পৰ্যন্ত হে এনে কৰ্তব্য বেংকে পালন কৰিবলৈ বিধিবদ্ধ ভাবে দায়বদ্ধ হৈ থাকিব।পৰিশোধকাৰী বেংকে গ্ৰাহকৰ চেক তলত উল্লেখ কৰা পৰিস্থিতি সমূহৰ সন্তুষ্টি সাপেক্ষে হে পৰিশোধ কৰোঁতা কৰ্তব্য ৰ ভিতৰত পৰিব বা দায়বদ্ধ থাকিব। সেইবোৰ হল –

(i) যিটো বেংকত গ্ৰাহকে হিচাপ খুলিছে সেই বেংকতহে উপস্থাপন কৰিব লাগিব :- বেংকাৰ গ্ৰাহকৰ সম্পৰ্ক ৰ দায়িত্ব অনুসাৰে পৰিশোধকাৰী বেংকে গ্ৰাহকৰ চেক সন্মান কৰোঁতা এটা অন্যতম প্ৰধান কৰ্তব্য। অৱশ্যে এই কৰ্তব্য পালন কৰিবলৈ হলে গ্ৰাহক জনেও যিটো বেংকৰ শাখাত গ্ৰাহকৰ হিচাপ আছে সেই বেংকৰ শাখাতহে চেক উপস্থাপন কৰিব লাগিব। 

(ii) ব্যৱসায়িক কৰ্ম তথা কৰ্ম সময়ৰ ভিতৰত চেকৰ উপস্থাপন কৰা :- বেংক আৰু গ্ৰাহকৰ সম্পৰ্কৰ পৰাই সৃষ্টি হোৱা আন এটা বেংকৰ প্ৰধান কৰ্তব্য অথবা দায়িত্ব হল কোনো গ্ৰাহক নিৰ্দিষ্ট কৰ্ম দিনত ও কৰ্ম সময়ৰ ভিতৰত দাখিল কৰা চেকৰ সন্মান কৰাটো।চেকৰ আন সকলো দিশ নিখুঁত থাকিলে নিৰ্দিষ্ট সময়ৰ ভিতৰত যুক্তিযুক্তভাৱে দাখিল কৰা চেক বেংকে পৰিশোধ কৰিবলৈ বাধ্য থাকিব।

(iii) চেক সন্মান কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন গ্ৰাহকৰ হিচাপত থাকিব লাগিব :- বেংক আৰু গ্ৰাহকৰ সম্পৰ্কৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল পৰ্যাপ্ত পৰিমাণৰ ধন গ্ৰাহকৰ হিচাপত থাকিলে তেনে গ্ৰাহকে উপস্থাপন কৰা চেক পৰিশোধ কৰা।গ্ৰাহকৰ হিচাপৰ বিপৰীতে লিখা কোনো এখন চেক পৰিশোধ কৰিব পৰাকৈ যদিহে হিচাপত যথোপযুক্ত ধন নাথাকে তেনে পৰিস্থিতিত বেংকে চেকখন প্ৰত্যাখ্যান কৰিব।একেজন গ্ৰাহকৰ নামত এটাতকৈ বেছি হিচাপ থাকিলে উক্ত গ্ৰাহকজনৰ সন্মতি সাপেক্ষে প্ৰয়োজন বোধে বেংকাৰ এটা হিচাপত ধন নাথাকিলেও আন হিচাপৰ পৰা আনি একে লগ কৰি তেনে গ্ৰাহকৰ চেক পৰিশোধ কৰিব পাৰে।

(iv) চেক পৰিশোধৰ ক্ৰম নিৰূপন কৰা :- বেংকাৰ আৰু গ্ৰাহকৰ সম্পৰ্ক আন এটা গুৰুত্বপূৰ্ণ কৰ্তব্য অথবা দায়িত্ব হল একেজন গ্ৰাহকৰ বিপৰীতে একেলগে কেইবাখনো চেক পৰিশোধৰ বাবে আহিলে আনহাতে আটাইতকৈ চেকৰ পৰিশোধ কৰিবলৈ পৰ্যাপ্ত ধন নাথাকিলে তেনে পৰিস্থিতিত বেংকাৰে সাধাৰণতে তাৰিখৰ ক্ৰম অনুসাৰে যি কেইখন চেকৰ ধন পৰিশোধ কৰিব পাৰে সেই কেইখন পৰিশোধ কৰি বাকী কেইখন প্ৰত্যাখান কৰিব লাগিব।এনে পৰিস্থিতিত গ্ৰাহকজনে বেংকাৰলৈ এই মৰ্মে নিৰ্দেশও দিব পাৰে যে কোনখন চেক আগতে পৰিশোধ কৰিব।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ২৭।পৰিশোধকাৰী বেংকাৰ লব লগা  শব্দসন্তাসমূহ কি কি ?

উত্তৰ :- পৰিশোধকাৰী বেংককাৰে লব লগা শব্দসন্তাসমূহ হল –

(i) চেকৰ নিৰ্দিষ্ট প্ৰপত্ৰ :- বেংকত হিচাপ খোলাৰ লগে লগে ই গ্ৰাহকৰ ইচ্ছনুযায়ী বেংকে চেক যুগে হিচাপত লেন দেনৰ সুবিধা দিব পাৰে অন্যথা গ্ৰাহকে বেংকৰ নিৰ্দিষ্ট প্ৰপত্ৰ জৰিয়তে হিচাপৰ লেন দেন কৰিবলগীয়া হয়।যদিহে চেকৰ সুবিধা গ্ৰহণ কৰে , তেতিয়া হলে বেংকে হিচাপ খোলাৰ লগে লগেই গ্ৰাহকলৈ নিৰ্দিষ্ট সংখ্যাযুক্ত নিৰ্দিষ্ট চেক বহি দিয়ে।এই মৰ্মে গ্ৰাহকে সেই চেক বাহিৰ চেক উপযুক্তভাৱে পূৰণ কৰি বেংকত পৰিশোধৰ বাবে দাখিল কৰিলেহে বেংকে ধন উলিয়াই দিয়ে।

(ii) চেকৰ তাৰিখ :- চেক লিখোঁতাই চেকৰ তাৰিখ দিয়াতো এটা অন্যতম দিশ।তাৰিখ নিলিখাকৈ চেক বেংকত দাখিল কৰিলে তেনেকুৱা চেক বেংকে সন্মান নকৰে।আমানতকাৰী যি তাৰিখত বেংকৰ পৰা ধন উলিয়াওটো বিচাৰে সেই তাৰিখেই চেকত উল্লেখ কৰিব লাগে।চেকত উল্লেখিত তাৰিখৰ ওপৰত ভিত্তি কৰি চেক বহি নে পৰৱৰ্তী তাৰিখে দেয় চেক নে পৰৱৰ্তী তাৰিখে দেয় চেক তাক বুজিব পৰা যায়।  

(iii) চেকৰ টকা :- চেকৰ যোগেদি আদায় কৰিব খোজা ধনৰ পৰিমাণ চেকৰ উপযুক্ত ঠাইত সংখ্যাৰে আৰু আখৰেৰে স্পষ্ট উল্লেখ কৰা হব লাগে।এনেদৰে লিখোঁতে যদিহে দুয়োটাৰ মাজত অমিল ঘটে তেন্তে বেংকে তেনে ধৰণৰ চেক পৰিশোধৰ পৰা বিৰত থাকিব লাগে।

(iv) মূল বিষয় বস্তুৰ সাল – সলনি :- আমানতকাৰী চেকৰ দ্বাৰা কোনো ব্যক্তি বা তেওঁৰ বাহকক ধন আদায় দিবলৈ বেংকক নিৰ্দেশ দিয়ে। কেতিয়াবা তেনে ধৰণৰ নিৰ্দেশত চেক লিখোঁতে আমানতকাৰীয়ে নিজেও অদল – বদল কৰিব পাৰে।তেতিয়া বেংকে তেনে অদল বদল লিখোঁতাৰ পুনৰবাৰ চহীকে আদি কৰি ভালদৰে চাই শুদ্ধ থকা বুলি প্ৰমাণিত হলেহে বেংকে ধন পৰিশোধ কৰিব লাগে।

(v) মুকলি  বা ৰেখিত চেক :- পৰিশোধৰ বাবে দাখিল কৰা চেক মুকলি নে ৰেখিত সেইটো বেংকে ভালদৰে পৰীক্ষা কৰি লব লাগে।মুকলি হলে চেকখনৰ অন্যান্য দিশৰ ক্ষেত্ৰত সন্তুষ্ট হলেহে পৰিশোধ কৰিব লাগে। কিন্ত চেকখন যদি ৰেখিত হয় তেন্তে কেনেদৰে ৰেখিত কৰিছে অৰ্থাৎ সাধাৰণ নে বিশেষভাৱে ৰেখিত কৰা চেক সেইটো ভালদৰে পৰীক্ষা কৰি লব লাগে।ৰেখিত চেকৰ ক্ষেত্ৰত পৰিশোধকাৰী বেংকৰ দায়িত্ব সম্পৰ্কে হস্তান্তৰ যোগ্য পত্ৰ আইনৰ 126, 127,আৰু 129 ধাৰাত উল্লেখ কৰা আছে।

প্ৰশ্ন ২৮।পৰিশোধকাৰী বেংকক কি কি সুৰক্ষা প্ৰদান কৰা হৈছে চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰ :- পৰিশোধৰ বাবে বেংকত চেক দাখিল হোৱাৰ লগে লগেই বেংকে এই মৰ্মে শুদ্ধ সিদ্ধান্ত লৈ প্ৰকৃত গৰাকীক ধন পৰিশোধ কৰিব লাগে।আৰু কোনো ক্ষেত্ৰত ভুলকৈ পৰিশোধ কৰিলে বেংকে নিজে প্ৰকৃত গৰাকীক ধন পৰিশোধ কৰিলে  বেংকে নিজে প্ৰকৃত গ্ৰাহকৰ ক্ষতি বহন কৰিবলগীয়া হয়।অৱশ্যে বেংকে অতি নিষ্ঠাৰে, অৱহেলা নকৰাকৈ গ্ৰাহকৰ এই কৰ্তব্য পালন কৰিলে ভালেমান ক্ষেত্ৰত পৰিশোধকাৰী বেংকে আইনৰ ৰক্ষা কৱচ লাভ কৰিব পাৰে।

বেংকে বাহক চেকৰ ধন চেকৰ যিকোনো বাহককে পৰিশোধ কৰিব পাৰে।বেংকে চেক পৰিশোধৰ সাধাৰণ নিয়মখিনি পালন কৰিব পাৰিলেই দায়মুক্ত হব পাৰে।আনহাতে মুকলি চেকৰ ক্ষেত্ৰত পৃষ্ঠাঙ্কন কৰ্তাৰ নিয়মানুযায়ী পৃষ্ঠাঙ্কন গ্ৰহীনতাক  ধন পৰিশোধ কৰিলেই বেংকৰ দায়িত্বৰ অন্ত পৰে।ধাৰাবাহিক পৃষ্ঠাঙ্কন কৰ্তাসকলৰ চহী বেংকে মিলাই চোৱাটো অতিকৈ অবান্তৰ কথা।যিহেতুকে বেংকে তেনে পৃষ্ঠঙ্কন কৰ্তাৰ চহী সম্পৰ্কে অৱগত নহয়  আকৌ সাধাৰণভাবে ৰেখিত চেকত প্ৰাপকৰ সংগ্ৰহকাৰী বেংকক ধন আদায় দিলেই যথেষ্ট।বিশেষ ৰেখাংকনৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখিত বেংক অথবা যিটো বেংকৰ নাম ৰেখাংকনত উল্লেখ কৰিছে তেনে বেংকক বা সেই বেংকৰ প্ৰতিনিধি বেংকক হে ধন পৰিশোধ কৰিব লাগে।

হস্তান্তৰ যোগ্য পত্ৰ আইনৰ 10 অনুসাৰে যথা সময়ত আৰু সঠিক ব্যক্তিক দলিলৰ ধন পৰিশোধ কৰিলে আইনগত ৰক্ষণাবেক্ষণ লাভ কৰিব পাৰিব।অৰ্থাৎ চেকৰ ধন বা দলিলত উল্লেখিত ধন যথা সময়ত আৰু সঠিক ব্যক্তিক পৰিশোধ কৰা বুলি কলে বেংকে সৎ বিশ্বাস  সহকাৰে আৰু সাৱধানতাৰে চেকখন বা দলিল খনৰ প্ৰত্যক্ষ অভিপ্ৰায়ৰ পৰা দলিলখনৰ প্ৰকৃত গৰাকী নহয় বুলি ভাবিবৰ কোনো যুক্তিযুক্ত কাৰণ নাথাকে।

এই ধাৰা অনুসৰি যথা সময়ত আৰু সঠিক ব্যক্তিক পৰিশোধ কৰাৰ কাৰণে আৱশ্যকিয় দিশ সমূহ হল   –

(i) দলিলৰ প্ৰত্যক্ষ অভিপ্ৰায় :- চেকৰ লিখকে চেকখন লিখাৰ সময়ত কিছুমান বিশেষ প্ৰত্যক্ষ নিৰ্দেশ দিয়ে।যেনে চেকখন যদিহে পৰৱৰ্তী তাৰিখে দেয় চেক হয়  তেন্তে উল্লেখিত ভৱিষ্যতৰ তাৰিখতহে চেকখন পৰিশোধ কৰিব লাগিব।যদিহে দাখিল কৰা মাত্ৰকে বেংকে পৰিশোধ কৰে তেন্তে ইয়াৰ বাবে বেংকে দায়ী হব আৰু ইয়াৰ কোনো কাৰণত যথা সময়ত আৰু সঠিক ব্যক্তিক পৰিশোধ কৰাটো নুবুজাব।ঠিক তেনেকৈ বহি চেক পৰিশোধ কৰিলেও বেঙ্কৰেই জগৰীয়া হব।আকৌ ৰেখিত চেকৰ ধন প্ৰাপকৰ বেংক হিচাপত জমা কৰাৰ পৰৱৰ্তে যদিহে কাউণ্টাৰতে নগদ ধন পৰিশোধ কৰে তেন্তে তেনে ক্ষেত্ৰতো তেনে পৰিশোধক যথাসময়ত আৰু সঠিক ব্যক্তি পৰিশোধ কৰাটো নুবুজাব আৰু বেংকাৰক দোষী হিচাপে গণ্য কৰা হব।গতিকে চেকখনৰ প্ৰত্যক্ষ অভিপ্ৰায় অনুসাৰে ধন পৰিশোধ কৰিলেহে বেংকাৰে আইনগত ৰক্ষণাবেক্ষণ লাভ কৰিব পাৰিব।

(ii) সৎ বিশ্বাস আৰু অৱহেলা নকৰাকৈ পৰিশোধ কৰা :- পৰিশোধকাৰী বেংককাৰে ৰক্ষণাবেক্ষণ পাবৰ কাৰণে  দলিল বা চেকখনৰ ধন সৎ বিশ্বাস সহকাৰে কোনো অৱহেলা নকৰাকৈ পৰিশোধ কৰিব লাগিব।অৰ্থাৎ কোনো গ্ৰাহকৰ নামত চলিত হিচাপ খোলাতে যুক্তিযুক্তভাৱে চিনাকি পত্ৰ লোৱা, অনিয়মীয়া পৃষ্ঠাঙ্কনৰ ক্ষেত্ৰত জ্ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা অথবা চেকৰ মূল বিষয়বস্তুৰ অদল – বদলৰ ক্ষেত্ৰত বেংকে লবলগীয়া সাৱধানতা ইত্যাদি আইন সংগতভাৱে কৰিলে পৰিশোধকাৰী বেংকক যথা সময়ত আৰু সঠিক ব্যক্তিক পৰিশোধ কৰাটো বুজাব।বেংকাৰে  এই সন্দৰ্ভত আইনগত সুৰক্ষাও লাভ কৰিব।

(iii) চেকখন বা দলিলত থাকে তেওঁক হে ধন পৰিশোধ কৰা :- দলিলখন  বা চেকখন যাৰ অধীনত  বা দলিলত থাকে তেওঁক হে ধন পৰিচহধ কৰিব লাগে।যি পৰিস্থিতিত চেকখন তেওঁৰ দখল লৈ আহিল সেই পৰিস্থিতিত তেওঁ যে চেকখনৰ আইনগত গৰাকী নহয়।সেইটো বিশ্বাস কৰিবলৈ বেংকক নিৰ্দেশ দিয়ে সেই পৰিস্থিতিত চেকখন যাৰ দখল লৈ নাথাকক কিয় তেওঁক চেকৰ গৰাকী বুলি গণ্য কৰা নহব। গতিকে বেংকে এনে চেক পৰিশোধ কৰিলেও হস্তান্তৰ যোগ্য পত্ৰ আইনৰ ধাৰা 85 অনুসাৰে আগবঢ়োৱা সুৰক্ষা লাভ কৰাৰ পৰা বঞ্চিত হব আৰু প্ৰয়োজন বোধ পৰিশোধকাৰী বেংকে চেকৰ প্ৰকৃত গৰাকীৰ ক্ষতি কৰিব লাগিব। 

প্ৰশ্ন ২৯।সংগ্ৰহকাৰী বেংকক কি কি আইনগত সুৰক্ষা প্ৰদান কৰা হৈছে ব্যাখ্যা কৰা। 

উত্তৰ :- বেংকিং ব্যৱস্থাত বেংকে গ্ৰাহকৰ হৈ চেকৰ ধন,বিনিময় পত্ৰ আদি সংগ্ৰহ কৰিলে বেংকটোক সংগ্ৰহকাৰী বেংক বুলি কোৱা হয়। 

হস্তান্তৰ যোগ্য পত্ৰ আইনৰ ধাৰা 131 নং অনুসাৰে সংগ্ৰহকাৰী বেংকলৈ বিধিবদ্ধ ৰক্ষণাবেক্ষণ আগবঢ়োৱা হৈছে।এই মৰ্মে কোনো কোনো বেংকে সৎ বিশ্বাস আৰু যত্ন  সহকাৰে অতি সাৱধানতাৰে সাধাৰণ বা বিশেষভাৱে ৰেখিত চেকৰ ধন গ্ৰাহকৰ হৈ গ্ৰহণ কৰে আৰু সেই চেকৰ গ্ৰাহকৰ অধিকাৰ ক্ৰুটিপূৰ্ণ বুলি প্ৰমাণিত হলেও গ্ৰাহকৰ হৈ ধন গ্ৰহণ কৰাৰ বাবেই বেংক প্ৰকৃত গৰাকীৰ ওচৰত জগৰীয়া নহব। 

সংগ্ৰহকাৰী বেংককাৰে তলত উল্লেখ কৰা বিভিন্ন পৰিস্থিতি সাপেক্ষে বিধিবদ্ধ ৰক্ষণাবেক্ষণ দাবী কৰিব পাৰে। 

( i) সংগ্ৰহকাৰী বেংককাৰে গ্ৰাহকৰ প্ৰতিনিধি হিচাপেহে কাৰ্য কৰিব লাগিব, মূল্যৰ বাবদ অধীকাৰী  হিচাপে নহয় :- সংগ্ৰহকাৰী বেংকে সংগ্ৰহৰ  বাবে চেক প্ৰেৰণ কৰিব লাগে।চেকৰ ধন সংগ্ৰহ হোৱাৰ লগে লগে সংশ্লিষ্ট গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে আৰু প্ৰত্যাখ্যান হলেও এই মৰ্মে জাননী প্ৰদান কৰিব লাগে।সংগ্ৰহকাৰী বেংকে এই ক্ষেত্ৰত মূল্য বাবদ অধিকাৰী হিচাপে সংগ্ৰহ কাৰ্য্য কৰিলে কোনো কাৰণত চেকৰ প্ৰত্যাখ্যান হলে বেংক নিজে বিপদৰ সন্মুখীন হব লাগিব পাৰে।মূল্য বাবদ অধিকাৰী হিচাপে কাৰ্য কৰিলে বেংককাৰে আইনগত সুৰক্ষা নাপাব ও পাৰে বাবে দাবীও কৰিব নোৱাৰে।

(ii) সংগ্ৰহকাৰ্য ৰেখিত চেকৰ বাবেহে :- বেংককাৰে বিধিবদ্ধ ৰক্ষণাবেক্ষণ পাবলৈ হলে চেকৰ সংগ্ৰহ কেৱল মাত্ৰ ৰেখিত চেকৰ বিপৰীতে হে কৰিব লাগিব।ৰেখাংকন সাধাৰণ বা বিশেষ ধৰণৰ হব পাৰে।কোনো কাৰণতে বেংককাৰে ৰেখিত নোহোৱা চেক পিছৰ পিছত বেংককাৰে চেক লিখিতাই চহী আদিও ভালদৰে পৰীক্ষা কৰি সন্তুষ্ট হব পাৰিলেহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব লাগে।

(iii) সংগ্ৰহ কাৰ্য্য গ্ৰাহকৰ হৈতে কৰিব লাগিব :- বেংককাৰে বিধিবদ্ধ ৰক্ষণাবেক্ষণ পাব লাগিলে সংগ্ৰহৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল গ্ৰাহকৰ বাবে গ্ৰাহকৰ সৈতে সংগ্ৰহ কাৰ্য্য সম্পাদন কৰা।এই ক্ষেত্ৰত বেংককাৰে চেক সংগ্ৰহ ৰ বাবে পালে এইটো নিশ্চিত কৰিব লাগে যে নিৰ্দিষ্ট চেকখনৰ প্ৰকৃত গৰাকী উক্ত গ্ৰহকজনেই হয়।যাৰ নেকি সংগ্ৰহকাৰী বেংকত নিয়মীয়া বেংক হিচাপ আছে।সংগ্ৰহকাৰী  বেংকে এইটো মনত ৰাখিব লাগে যাতে সংগ্ৰহৰ বাবে পোৱা চেকখন গ্ৰহকত বাহিৰে আন কাৰো নহয়।অথবা নিজ গ্ৰাহকৰ বাহিৰে আন কোনো ব্যক্তিৰ চেক গ্ৰাহকৰ হিচাপৰ বিপৰীতে সংগ্ৰহ কৰি বলৈ কোনো পৰিস্থিতিত গ্ৰহণ কৰিব নোৱাৰিব।অন্যথা এনে ভুলৰ বাবদ বেংককাৰে বিধিবদ্ধ ৰক্ষণাবেক্ষণৰ পৰা বঞ্চিত হব।

(iv বেংককাৰে সৎ বিশ্বাস আৰু যত্ন সহকাৰে মূল্য গ্ৰহণ কৰিব লাগিব :- বেংকাৰে বিধিবদ্ধ ৰক্ষণাবেক্ষণ পোৱাৰ ক্ষেত্ৰত আন এটা উল্লেখনীয় চৰ্ত হল বেংককাৰে কোনো চেকৰ সংগ্ৰহ কাৰ্য্য কৰোতে আৰম্ভণি ৰে পৰাই অতি যত্ন সহকাৰে বেংক তথা গ্ৰাহকৰ স্বাৰ্থ ৰক্ষার্থে অকণো অৱহেলা নকৰাকৈ নিজ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিছে সৎ বিশ্বাস আৰু যত্ন সহকাৰে মূল্য গ্ৰহণ কৰা বুলি গণ্য কৰা হয়। সংগ্ৰহকাৰী বেংকলৈ এনে পৰিস্থিতিত বিধিবদ্ধ ৰক্ষণাবেক্ষণ আগবঢ়োৱা হয়।

প্ৰশ্ন ৩০।সংগ্ৰহকাৰী বেংকাৰৰ দায়িত্ববোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- সংগ্ৰহকাৰী  বেংকৰ কৰ্তব্য আৰু দায়িত্ব  সমূহ হল – 

(i) যত্ন সহকাৰে আৰু সাৱধানতাৰে চেক সংগ্ৰহ :- সংগ্ৰহকাৰী বেংকৰ এটা অন্যতম প্ৰধান কৰ্তব্য আৰু দায়িত্ব হল যে সংগ্ৰহকাৰী বেংকে যথেষ্ট সাৱধানতাৰে আৰু যত্ন সহকাৰে সংগ্ৰহৰ বাবে চেক পোৱা মাত্ৰকে ধন আদায়ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিয়নো বেংকে কৰা দোষৰ ফলত গ্ৰাহক ক্ষতিগ্ৰস্ত হলে তাৰ বাবে বেংকেই জগৰীয়া হয় আৰু ইয়াৰ বাবদ গ্ৰাহকক ক্ষতি পূৰণ আদায় দিব লাগিব।

(ii) চেক প্ৰত্যখিত হলে :- সংগ্ৰহৰ বাবে পঠোৱা গ্ৰাহকৰ চেক কোনো কাৰণত প্ৰত্যাখ্যান হলে সংগ্ৰহকাৰী বেংকে সংশ্লিষ্ট গ্ৰাহকলৈ  এই মৰ্মে জাননী দিয়াটো ও বেংকৰ আন এক কৰ্তব্য।এই সন্দৰ্ভত পৰিশোধকাৰী বেংকে চেক প্ৰত্যাখ্যানৰ বাবে উল্লেখ কৰা কাৰণ সমূহ  জনোৱা কাগজ টুকুৰা প্ৰত্যাখ্যাত চেকখনৰ লগত গাঁঠি গ্ৰাহক জনলৈ প্ৰেৰণ কৰিব লাগ যাতে গ্ৰাহকজনে এই মৰ্মে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সংগ্ৰহকাৰী বেংকে যেতিয়া গ্ৰাহকৰ প্ৰতিনিধি হিচাপে কাৰ্য্য কৰে তেতিয়া প্ৰত্যখিত চেকৰ লগত জড়িত সকলো পক্ষলৈ জাননী জাৰি বা জাননী প্ৰেৰণ নকৰিলেও হয়।অৱশ্যে গ্ৰাহকে অনুৰোধ কৰিলে বেংকে সংশ্লিষ্ট সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিব পাৰে।কিন্তু বেংকে যদিহে মূল্য বাবদ ধাৰক হিচাপে সংগ্ৰহকাৰীৰ কাৰ্য্য সম্পাদন কৰে তেনে ক্ষেত্ৰত চেক প্ৰত্যখিত হলে সংগ্ৰহকাৰী বেংকে দেখুওৱা কাৰণ সহকাৰে যুক্তিযুক্ত সময়ৰ ভিতৰত জনাব লাগিব।কিয়নো প্ৰত্যাখ্যানৰ জাননী পালেহে সংশ্লিষ্ট পক্ষ সমূহে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে অন্যথাই বেংকে এই ক্ষেত্ৰত অযথা পলন কৰিলেও ধন ঘূৰাই  পোৱাত অসুবিধা হব পাৰে।

(iii) সংগ্ৰহৰ বিষয়ে গ্ৰাহকক অৱগত কৰোৱা :- সংগ্ৰহকাৰী বেংককাৰে গ্ৰাহকৰ হৈ সংগ্ৰহ ৰ বাবে পঠোৱা চেকৰ ধন সংগ্ৰহ হোৱা মাত্ৰকে নিজৰ খৰচ বা কমিচন ইত্যাদি বাদ দি গ্ৰাহকে পাব লগা ধনখিনি গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে আৰু এই সম্বন্ধে তৎকালে গ্ৰাহকজনক জনাব লাগে।এনেদৰে গ্ৰাহকক অৱগত কৰোৱাটোৱে বেংকৰ এক অন্যতম প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে।এই মৰ্মে বেংককাৰে লিখিতভাৱে জনোৱা উচিত।অৱশ্যে আন ধৰণে জনোৱাৰ ব্যৱস্থা থাকিলে বেংককাৰে তেনে ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে  আৰু গ্ৰাহকে সংগ্ৰহৰ বিষয়ে অৱগত হোৱাৰ পিছত তেওঁৰ আৱশ্যকতা অনুসাৰে ধন উলিয়াই লব  পাৰে। 

প্ৰশ্ন ৩১।এখন চেকৰ ধন আদায়ৰ সময়ত এজন বেংককাৰে কেনে ধৰণৰ সাৱধানতা লব লাগে চমুকৈ লিখা।

উত্তৰ :- (i) চেকৰ নিৰ্দিষ্ট প্ৰপত্ৰ :- বেংকত হিচাপ খোলাৰ লগে লগে ই গ্ৰাহকৰ ইচ্ছনুযায়ী বেংকে চেক যুগে হিচাপত লেন দেনৰ সুবিধা দিব পাৰে অন্যথা গ্ৰাহকে বেংকৰ নিৰ্দিষ্ট প্ৰপত্ৰ জড়িয়তে হিচাপৰ লেন দেন কৰিবলগীয়া হয়।যদিহে গ্ৰাহকে চেকৰ সুবিধা গ্ৰহণ কৰে,তেতিয়া হলে বেংকে হিচাপ খোলাৰ লগে লগেই গ্ৰাহকলৈ নিৰ্দিষ্ট সংখ্যাযুক্ত নিৰ্দিষ্ট চেক বহি  দিয়ে।এই মৰ্মে গ্ৰাহকে সেই চেক বহিৰ চেক উপযুক্তভাৱে পূৰণ কৰি বেংকত পৰিশোধৰ বাবে দাখিল কৰিলেহে বেংকে ধন উলিয়াই দিয়ে।

(ii) চেক তাৰিখ :- চেক লিখোতাই চেকৰ তাৰিখ দিয়াতো এটা অন্যতম দিশ।তাৰিখ  নিলিখাকৈ চেক বেংকত দাখিল কৰিলে তেনেকুৱা চেক বেংকে সন্মান নকৰে।আমানতকাৰী যি তাৰিখত বেংকৰ পৰা ধন উলিওৱাটো বিচাৰি সেই তাৰিখেই চেকত উল্লেখ কৰিব লাগে।চেকত উল্লেখিত তাৰিখৰ ওপৰত ভিত্তি কৰি চেক বাহী নে পৰৱৰ্তী তাৰিখে দেয় চেক নে পূৰ্বৱৰ্তী তাৰিখে দেয় চেক তাক বুজিব পৰা যায়। 

(iii) চেকৰ টকা :- চেকৰ যোগেদি আদায় কৰিব খোজা ধনৰ পৰিমাণ চেকৰ উপযুক্ত ঠাইত সংখ্যাৰে আৰু আখৰেৰে স্পষ্ট কৈ উল্লেখ কৰা হব লাগে।এনেদৰে লিখোঁতে যদিহে দুয়োটাৰ মাজত অমিল ঘটে তেন্তে বেংকে তেনে ধৰণৰ চেক পৰিশোধৰ পৰা বিৰত থাকিব লাগে।

(iv) মূল বিষয় বস্তুৰ সাল – সলনি :- আমানতকাৰীয়ে চেকৰ দ্বাৰা কোনো ব্যক্তি  বা তেওঁৰ বাহকক ধন আদায় দিবলৈ বেংকক নিৰ্দেশ দিয়ে।কেতিয়াবা তেনে ধৰণৰ নিৰ্দেশত চেক লিখোঁতা আমানতকাৰীয়ে নিজেও অদল – বদল কৰিব পাৰে।তিতা বেংকে তেনে অদল – বদল লিখোঁতেৰ পুনৰবাৰ চহীকে আদি কৰি ভালদৰে চাই শুদ্ধ থকা বুলি প্ৰমাণিত হলেহে বেংকে ধন পৰিশোধ কৰিব লাগে।

(v) মুকলি বা ৰেখিত চেক :- পৰিশোধ  বাবে দাখিল কৰা চেক মুকলি নে ৰেখিত সেইটো বেংকে ভালদৰে পৰীক্ষা কৰি লব লাগে।মুকলি হলে চেকখনৰ অন্যান্য দিশৰ ক্ষেত্ৰত সন্তুষ্ট হলেহে ধন পৰিশোধ কৰিব লাগে।কিন্তু চেকখন যদি ৰেখিত হয় তেন্তে কেনেদৰে ৰেখিত কৰিছে অৰ্থাৎ সাধাৰণ নে বিশেষভাৱে  ৰেখিত কৰা চেক সেইটো ভালদৰে পৰীক্ষা কৰি লব লাগে।ৰেখিত ক্ষেত্ৰত পৰিশোধকাৰী বেংকৰ দায়িত্ব সম্পৰ্কে হস্তান্তৰ যোগ্য পত্ৰ আইনৰ 126, 127 আৰু 129 ধাৰাত উল্লেখ কৰা আছে।

(vi) ফটা ছিটা চেক :- চেক এখন পৰিশোধ কৰাৰ আগতে চেকখন নিচ্ছাকৃতভাৱে ফটা বুলি গ্ৰাহকে চেকখনৰ ওপৰত লিখি দি তেওঁৰ সম্পূৰ্ণ চহী কৰে তেনে পৰিস্থিতিত চেকখন পৰিশোধ কৰিলে বেংকে একো দায়িত্বৰ সন্মুখীন হ’ব নেলাগে অথবা বেংকৰ দায়বদ্ধতা নাথাকে।

(viii) আমানতকাৰীৰ চহীৰ জালিয়াটি :- গ্ৰাহকে যেতিয়া চেক লিখে তেতিয়া চেকৰ নিৰ্দিষ্ট ঠাইত চহী কৰিব লাগে।এনে চহী নমুনা চহীৰ লগত মিলিলে বেংকে চেকত উল্লেখিত ধন আদায় দিব লাগে।চেকত আমানত কাৰীয়ে চহী নকৰিলে বা কোনোবাই গ্ৰাহকৰ চহী জাল কৰি চেক পৰিশোধৰ বাবে বেংকত দাখিল কৰিলে অথবা গ্ৰাহকৰ চহী যদি কিবা কাৰণ বশত সন্দেহ যুক্ত হয় তেতিয়া বেংকে তেনে চেকৰ ধন আদায় দিব নোৱাৰে।অন্যথা আদায় দিলে  বেংকে নিজে দায়বদ্ধ হব। এনে ক্ষেত্ৰত বেংকে সদায় গ্ৰাহকৰ পৰা সন্দেহ মুক্ত হৈ লব লাগে।

প্ৰশ্ন ৩২।সংগ্ৰহকাৰী বেংকাৰৰ  দায়িত্ব বোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- সংগ্ৰহকাৰী বেংকৰ কৰ্তব্য  আৰু দায়িত্ব সমূহ হল –

(i) যত্ন সহকাৰে আৰু সাৱধানতাৰে চেক সংগ্ৰহ :- সংগ্ৰহকাৰী বেংকৰ এটা অন্যতম প্ৰধান কৰ্তব্য আৰু দায়িত্ব হল যে সংগ্ৰহকাৰী বেংকে যথেষ্ট সাৱধানতাৰে আৰু যত্ন সহকাৰে সংগ্ৰহৰ বাবে চেক পোৱা মাত্ৰকে ধন আদায়ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।কিয়নো বেংকে কৰা দোষৰ ফলত গ্ৰাহক ক্ষতিগ্ৰস্ত হলে তাৰ বাবে বেংকেই জগৰীয়া হয়।আৰু ইয়াৰ বাবদ গ্ৰাহকক ক্ষতি পূৰণ আদায় দিব লাগিব। 

(ii) চেক প্ৰত্যখিত হলে :- সংগ্ৰহৰ বাবে পঠোৱা গ্ৰাহকৰ চেক কোনো কাৰণত প্ৰত্যাখ্যান হলে সংগ্ৰহকাৰী বেংকে সংশ্লিষ্ট গ্ৰাহকলৈ এই মৰ্মে জাননী দিয়াটো ও বেংকৰ আন এক কৰ্তব্য।এই সন্দৰ্ভত পৰিশোধকাৰী বেংকে চেক প্ৰত্যাখ্যানৰ বাবে উল্লেখ কৰা কাৰণে জনোৱা কাগজ টুকুৰা প্ৰত্যাখান চেকখনৰ লগত গাঁঠি গ্ৰাহক জনলৈ প্ৰেৰণ কৰিব লাগে।যাতে গ্ৰাহকজনে এই মৰ্মে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।সংগ্ৰহকাৰী বেংকে যেতিয়া গ্ৰাহকৰ প্ৰতিনিধি হিচাপে কাৰ্য্য কৰে তেতিয়া প্ৰত্যখিত চেকৰ লগত জড়িত সকলো পক্ষলৈ জাননী জাৰি বা জাননী প্ৰেৰণ নকৰিলেও হয়।অৱশ্যে গ্ৰাহকে অনুৰোধ কৰিলে বেংকে সংশ্লিষ্ট সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিব পাৰে।কিন্তু বেংকে যদিহে মূল্য বাবদ ধাৰক হিচাপে সংগ্ৰহকাৰী কাৰ্য্য সম্পাদন কৰে তেনে ক্ষেত্ৰত চেক প্ৰত্যখিত হলে সংগ্ৰহকাৰী বেংকে চেকৰ লগত জড়িত পক্ষ সমূহলৈ চেক প্ৰত্যাখ্যানৰ পৰিশোধকাৰী বেংকে দেখুওৱা কাৰণ সহকাৰে যুক্তিযুক্ত সময়ৰ ভিতৰত জনাব লাগিব।কিয়নো প্ৰত্যাখ্যানৰ জাননী পালেহে সংশ্লিষ্ট পক্ষ সমূহে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে অন্যথাই বেংকে এই ক্ষেত্ৰত অযথা পলম কৰিলেও ধন ঘূৰাই পোৱাত অসুবিধা হব পাৰে।

(iii) সংগ্ৰহৰ বিষয়ে গ্ৰাহকক অৱগত কৰোৱা :- সংগ্ৰহকাৰী বেংককাৰে গ্ৰাহকৰ হৈ সংগ্ৰহৰ বাবে পঠোৱা চেকৰ ধন সংগ্ৰহ হোৱা মাত্ৰকে নিজৰ খৰচ বা কমিচন ইত্যাদি বাদ দি গ্ৰাহকে পাব লগা ধনখিনি গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে আৰু এই সম্বন্ধে তৎকালে গ্ৰাহকজনক জনাব লাগে।এনেদৰে গ্ৰাহকক অৱগত কৰোৱাটোৱে বেংকৰ এক অন্যতম প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য ৰ ভিতৰত পৰে।এই মৰ্মে বেংককাৰে লিখিতভাৱে জনোৱা উচিত।অৱশ্যে আন ধৰণে জনোৱাৰ ব্যৱস্থা থাকিলে বেংককাৰে তেনে ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে আৰু গ্ৰাহকে সংগ্ৰহৰ বিষয়ে অৱগত হোৱাৰ পিছত তেওঁৰ আৱশ্যকতা অনুসাৰে ধন উলিয়াই লব পাৰে।

প্ৰশ্ন ৩৩।কেনেকুৱা পৰিস্থিতি ত এজন বেংককাৰে চেকৰ পৰিশোধ নাকচ কৰিব পাৰে ?

উত্তৰ :- চেক আগ্ৰাহ্য কৰণৰ কাৰণ সমূহ হ’ল –

(i) জমাকাৰীয়ে তেওঁৰ হিচাপৰ পৰা টকা আদায় নিদিবলৈ বেংকলৈ লিখিত নিৰ্দেশ জাৰি কৰাৰ পিছত কোনো চেক দাখিল কৰা হলে।

(ii) চেকৰ চহী কৰা বা চেক প্ৰদান কৰাৰ পিছত জমাকাৰী বা গ্ৰাহকৰ মৃত্যুৰ খবৰ পালে বেংকে চেক আগ্ৰাহ্য কৰে।

(iii) তাৰিখোত্তৰ চেক আগ্ৰাহ্য কৰে।

(iv) জমা কাৰীৰ হিচাপত উদ্বৃত্তৰ ঘটি হলে চেক আগ্ৰাহ্য হয়।

(v) যুটীয়া হিচাপৰ ক্ষেত্ৰত সকলো জমা কাৰীৰ স্বাক্ষৰ নাথাকিলে চেক আগ্ৰাহ্য হয়।

(vi) সন্দেহজনক, ফটাচিতা, মৌলিক  বিষয়ৰ সাল সলনি কৰা চেক আগ্ৰাহ্য কৰা হয়।

(vii) চেক এখন বহি বা অচল হলে আগ্ৰাহ্য কৰা হয়।

(viii) চেকৰ বহি আৰু জমা কাৰীৰ নমুনা চহীৰ মাজত অমিল হলে বেংকে পৰিশোধ অস্বীকাৰ কৰে।

(ix) অংকৰে আৰু আখৰেৰে লিখা পৰিমাণৰ মাজত অমিল হলে চেক আগ্ৰাহ্য হয়। 

(x) আদায়তৰ দ্বাৰা জমা কাৰীৰ হিচাপৰ পৰা চেকেৰে ধন পৰিশোধত বাধা আৰোপ কৰা হলে আগ্ৰাহ্য হয়।

(xi) জমা কাৰী দেউলিয়া বা মানসিক ৰোগত আক্ৰান্ত হোৱাৰ জাননী মৰ্মে চেক আগ্ৰাহ্য হব পাৰে।

(xii) কাৰ্যালৰ সময় তালিকাৰ বাহিৰত দাখিল কৰা হলেও চেক আগ্ৰাহ্য হব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top