Class 12 Anthropology Additional Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Class 12 Anthropology Additional Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Chapter – 5

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। অৰ্থনৈতিক সংগঠন কাক বোলে?

উত্তৰঃ মানৱে জীৱন-ধাৰণাৰ বাবে অৱলম্বন কৰা কাৰ্য্য-পদ্ধতিকে সমাজ এখনৰ অৰ্থনৈতিক সংগঠন বোলে।

২। আহাৰ কি?

উত্তৰঃ আহাৰ হ’ল সকলো জীৱৰে জীৱন ধাৰণ কৰাৰ মূল উৎস।

৩। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীক দুটা ভাগত ভগাব পাৰি।

৪। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভাগ দুটা কি কি?

উত্তৰঃ জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভাগ দুটা হ’ল—

(ক) অন্বেষণ জীৱিকা।

(খ) উৎপাদন জীৱিকা।

৫। অন্বেষণ জীৱিকাক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ অন্বেষণ জীৱিকাক তিনিটা ভাগত ভাগ কৰা হয়।

৬। অন্বেষণ জীৱিকাৰ ভাগ তিনিটা কি কি?

উত্তৰঃ অন্বেষণ জীৱিকাৰ ভাগ তিনিটা হ’ল—

(ক) সংগ্ৰহ জীৱিকা।

(খ) মৎস্য জীৱিকা।

(গ) চিকাৰ জীৱিকা।

৭। উৎপাদন জীৱিকাক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ উৎপাদন জীৱিকাক দুটা ভাগত ভাগ কৰিব পাৰি।

৮। উৎপাদন জীৱিকাৰ ভাগ দুটা কি কি?

উত্তৰঃ উৎপাদন জীৱিকাৰ ভাগ দুটা হ’ল—

(ক) পশুপালন।

(খ) কৃষি।

৯। অন্বেষণ জীৱিকা কাক বোলে?

উত্তৰঃ নিজ প্ৰাকৃতিক পৰিবেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰ পদ্ধতিকে অন্বেষণ জীৱিকা বোলে।

১০। সংগ্ৰহ জীৱিকা কি?

উত্তৰঃ সংগ্ৰহ জীৱিকাই হ’ল মানৱৰ প্ৰাচীনতম জীৱিকা পদ্ধতি।

১১। চিকাৰীজীৱীসকলৰ এটা উল্লেখযোগ্য চিকাৰ পদ্ধতি কি?

উত্তৰঃ চিকাৰীজীৱীসকলৰ এটা উল্লেখযোগ্য চিকাৰ পদ্ধতি হ’ল দলবান্ধি কৰা চিকাৰ।

১২। কোনটো যুগত মানুহে মাছ খাদ্য হিচাপে গ্ৰহণ কৰা বুলি অনুমান কৰিব পাৰি?

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত মানুহে মাছ খাদ্য হিচাপে গ্ৰহণ কৰা বুলি অনুমান কৰিব পাৰি।

১৩। যাঠিৰ ব্যৱহাৰ কোন লোকসকলৰ খুবেই জনপ্ৰিয়?

উত্তৰঃ যাঠিৰ ব্যৱহাৰ বংগৰ লোকসকলৰ খুবেই জনপ্ৰিয়।

১৪। ফান্দ কেই প্ৰকাৰৰ?

উত্তৰঃ ফান্দ দুই প্ৰকাৰৰ।

১৫। ফান্দৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃ ফান্দৰ প্ৰকাৰ দুটা হ’ল- 

(ক) স্বয়ংক্ৰিয় ফান্দ।

(খ) হাতেৰে চালনা কৰা ফান্দ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top