Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Chapter – 4

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। প্ৰাগৈতিহাসিক সংস্কৃতিক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগত ভগোৱা হৈছে।

২। প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগ কি কি?

উত্তৰঃ প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগ হ’ল

(ক) প্ৰস্তৰ যুগ।

(খ) ধাতুৰ যুগ।

৩। দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত কেইটা ভাগত ভাগ কৰা হয়।

উত্তৰঃ দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত তিনিটা ভাগত ভাগ কৰা হয়।

৪। দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত ভাগ তিনিটা কি কি?

উত্তৰঃ দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত ভাগ তিনিটা হ’ল-

(ক) প্ৰত্নপ্ৰস্তৰ যুগ।

(খ) মধ্য প্ৰস্তৰ যুগ।

(গ) নৱপ্ৰস্তৰ যুগ।

৫। প্ৰত্নপ্ৰস্তৰ যুগক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে।

৬। প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ কেইটা কি কি?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ কেইটা হ’ল—

(ক) নিম্ন বা আদি প্ৰত্নপ্ৰস্তৰ যুগ।

(খ) মধ্য প্ৰত্নপ্ৰস্তৰ যুগ।

(গ) উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ।

৭। ধাতুৰ যুগক কেই ধৰণে ভাগ কৰা হয়?

উত্তৰঃ ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয়।

৮। ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয় ভাগ কেইটা কি?

উত্তৰঃ ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয় ভাগ কেইটা হ’ল—

(ক) তাম্ৰ যুগ।

(খ) ব্ৰঞ্জ যুগ।

(গ) লৌহ যুগ।

৯। হস্তকুঠাৰৰ আকৃতিগত বৈশিষ্ট্য কি?

উত্তৰঃ হস্তকুঠাৰৰ আকৃতিগত বৈশিষ্ট্য হ’ল জোঙাল কৰ্তন মুখ আৰু তুলনামূলকভাৱে ভোটা আৰু ডাঠ পিঠিয়া পশ্চাৎ মূৰ।

১০। মানুহে শিল এটুকুৰাৰপৰা সঁজুলি নিৰ্মাণ কৰে কি পদ্ধতিৰদ্বাৰা?

উত্তৰঃ মানুহে শিল এটুকুৰাৰপৰা সঁজুলি নিৰ্মাণ কৰে চলিয়ন পদ্ধতিৰদ্বাৰা।

১১। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি।

১২। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহৰ ভাগ দুটা কি কি?

উত্তৰঃ প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহৰ ভাগ দুটা হ’ল–

(ক) স্থূল সঁজুলি।

(খ) চলি সঁজুলি।

১৩। আঘাত স্ফীতি শূন্যাঞ্চল কাক বোলে?

উত্তৰঃ মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা এনে সঁজুলিত আঘাত কৰি চলি এৰুওৱা অঞ্চল খিনি তললৈ বহি যায় তাক আঘাত স্ফীতি শূন্যাঞ্চল বোলে।

১৪। স্থূল সঁজুলি সাধাৰণতে কেই পিঠিয়া হয়?

উত্তৰঃ স্থূল সঁজুলি সাধাৰণতে দুপিঠিয়া হয়।

১৫। মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ কোনটো গোষ্ঠীৰ মানুহ সকলে স্থূল সঁজুলিৰ পৰিবৰ্তে চলি সঁজুলি নিৰ্মাণ কৰিবলৈ লয়?

উত্তৰঃ মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ নিয়েনডাৰথেল গোষ্ঠীৰ মানুহ সকলে স্থূল সঁজুলিৰ পৰিবৰ্তে চলি সঁজুলি নিৰ্মাণ কৰিবলৈ লয়।

১৬। চলি সঁজুলি কাক বোলে?

উত্তৰঃ এটা স্থূলৰ পৰা নিৰ্গত হোৱা চলি এডোখৰকে বিশেষ কৌশল প্ৰয়োগ কৰি তেতিয়া সঁজুলিলৈ ৰূপান্তৰিত কৰা হয় এনে সঁজুলিক চলি সঁজুলি বোলে।

১৭। আঘাত স্ফীতি কাক বোলে?

উত্তৰঃ চলি সঁজুলিৰ তল পিঠিখন মিহি হয় আৰু ইয়াৰ এটা মূৰে টেমুকা থকা দেখা যায় তাকে আঘাত স্ফীতি বোলে।

১৮। চলি সঁজুলি সাধাৰণতে কেই পিঠিয়া হয়?

উত্তৰঃ চলি সঁজুলি সাধাৰণতে এপিঠিয়া হয়।

১৯। ক্লেকট’নিয়াৰ আৰু লেভাল’ছিয়ান প্ৰথমে ক’ত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ক্লেকট’নিয়াৰ আৰু লেভাল’ছিয়ান প্ৰথমে ইউৰোপ মহাদেশত আৱিষ্কাৰ হৈছিল।

২০। ইউৰোপ মহাদেশত প্ৰথমে আৱিষ্কাৰ হোৱা ক্লেকট’নিয়াৰ আৰু লেভাল’ছিয়ান পদ্ধতিৰে কি সঁজুলিসমূহ তৈয়াৰ কৰা হয়?

উত্তৰঃ ইউৰোপ মহাদেশত প্ৰথমে আৱিষ্কাৰ হোৱা ক্লেকট’নিয়াৰ আৰু লেভাল’ছিয়ান পদ্ধতিৰে চলি সঁজুলিসমূহ তৈয়াৰ কৰা হয়।

২১। হস্তকুঠাৰ কি?

উত্তৰঃ নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ লগত সততে সন্নিবিষ্ট হোৱা এবিধ স্থূল সঁজুলি হ’ল হস্তকুঠাৰ।

২২। নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ আন এক বৈশিষ্ট্যপূৰ্ণ সঁজুলি কি?

উত্তৰঃ নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ আন এক বৈশিষ্ট্যপূৰ্ণ সঁজুলি হ’ল— ক্লিভাৰ।

২৩। কৰ্তন মুখৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কেইপ্ৰকাৰৰ ক্লিভাৰ চিনাক্ত কৰা হয়?

উত্তৰঃ কৰ্তন মুখৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটাপ্ৰকাৰৰ ক্লিভাৰ চিনাক্ত কৰা হয়।

২৪। জোঙাল সঁজুলিৰ ভাগ কেইটা?

উত্তৰঃ জোঙাল সঁজুলিৰ ভাগ দুটা।

২৫। জোঙাল সঁজুলিৰ ভাগ দুটা কি কি?

উত্তৰঃ জোঙাল সঁজুলিৰ ভাগ দুটা হ’ল—

(ক) সাধাৰণ জোঙাল অস্ত্ৰ।

(খ) নাহীমুক্ত জোঙাল অস্ত্ৰ।

২৬। উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত আবিৰ্ভাৱ হোৱা কোনটো গোষ্ঠীৰ মানুহে অনেক ফলক সঁজুলি ব্যৱহাৰ কৰা দেখা যায়?

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত আবিৰ্ভাৱ হোৱা হম’চেপিয়েন্স গোষ্ঠীৰ মানুহে অনেক ফলক সঁজুলি ব্যৱহাৰ কৰা দেখা যায়।

২৭। মধ্যপ্ৰস্তৰ যুগৰ এক বিশেষ বৈশিষ্ট্যপূৰ্ণ সঁজুলিৰ নাম কি?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ এক বিশেষ বৈশিষ্ট্যপূৰ্ণ সঁজুলিৰ নাম হ’ল ক্ষুদ্ৰাস্ত্ৰ।

২৮। ছেল্ট শব্দটিয়ে কোনটো যুগত কৃষি কাৰ্য্যত ব্যৱহাৰ কৰে।

উত্তৰঃ ছেল্ট শব্দটিয়ে নৱপ্ৰস্তৰ যুগত কৃষি কাৰ্য্যত ব্যৱহাৰ কৰে।

২৯। ক্লেকট’নিয়ান কৌশলটো পোনপ্ৰথমে কোনটো ঠাইত আৱিষ্কাৰ হয়?

উত্তৰঃ ক্লেকট’নিয়ান কৌশলটো পোনপ্ৰথমে ইংলেণ্ডৰ ক্লাকটন-অন-ছি নামৰ ঠাইত আৱিষ্কাৰ হয়।

৩০। ফলকচলি কি?

উত্তৰঃ সমান্তৰাল দাঁতিযুক্ত দীঘল চলিসমূহয়ে হ’ল ফলকচলি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top