Class 12 Anthropology Additional Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Class 12 Anthropology Additional Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Chapter – 7

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। পৰিৱেশ শব্দটো ইংৰাজীৰ কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ পৰিৱেশ শব্দটো ইংৰাজীৰ Environment শব্দৰ পৰা আহিছে।

২। পৰিৱেশৰ মানৱ-সৃষ্ট অংশটো কি?

উত্তৰঃ পৰিৱেশৰ মানৱ-সৃষ্ট অংশটোৱেই হ’ল সংস্কৃতি।

৩। ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক কেইটা ভাগত ভাগ কৰা হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ কৰা হৈছে।

৪। ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ কৰা হৈছে সেই ভাগ কেইটা কি কি?

উত্তৰঃ ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ কৰা হৈছে সেই ভাগ কেইটা হৈছে— বায়ুমণ্ডল, জলমণ্ডল, ভূ-মণ্ডল আৰু জীৱমণ্ডল।

৫। বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ বায়ুমণ্ডলক চাৰিটা ভাগত ভাগ কৰিব পাৰি।

৬। প্ৰকৃতিৰ এক অতি মূল্যবান নবীকৰণ যোগ্য সম্পদ কি?

উত্তৰঃ প্ৰকৃতিৰ এক অতি মূল্যবান নবীকৰণ যোগ্য সম্পদ হ’ল পানী।

৭। পানীক জীৱৰ কি বোলা হয়?

উত্তৰঃ পানীক জীৱৰ প্ৰাণ বোলা হয়।

৮। প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয়।

৯। জীৱৰ কোষৰ গঠন আৰু ক্ৰিয়াৰ প্ৰধান উপাদান কি?

উত্তৰঃ জীৱৰ কোষৰ গঠন আৰু ক্ৰিয়াৰ প্ৰধান উপাদান হ’ল পানী।

১০। আমাৰ পৃথিৱীখন কিমান পানীৰে আগুৰি আছে?

উত্তৰঃ আমাৰ পৃথিৱীখন তিনি চতুৰ্থাংশই পানীৰে আগুৰি আছে।

১১। মহাসাগৰৰ পানী কেনেকুৱা?

উত্তৰঃ মহাসাগৰৰ পানী লুণীয়া।

১২। মহাসাগৰৰ পানীত কিমান শতাংশ চডিয়াম ক্লৰাইড?

উত্তৰঃ মহাসাগৰৰ পানীত ৭৮ শতাংশ চডিয়াম ক্লৰাইড।

১৩। আমাৰ দেহত প্ৰায় কিমান শতাংশ পানীৰে ভৰি আছে?

উত্তৰঃ আমাৰ দেহত প্ৰায় ৬০ ৰ পৰা ৯৫ শতাংশ পানীৰে ভৰি আছে।

১৪। ভূ-পৃষ্ঠৰ উপৰিভাগক কি বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ উপৰিভাগক স্থলমণ্ডল বোলে।

১৫। মাটি কি?

উত্তৰঃ মাটি হ’ল প্ৰকৃতিৰ মূল সম্পদ।

১৬। ভূ-পৃষ্ঠৰ পৰা কিমান গভীৰলৈ মাটিৰ স্তৰবোৰ থাকে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা ৬০-৭০ কিঃমিঃ গভীৰলৈ মাটিৰ স্তৰবোৰ থাকে।

১৭। সৰ্বভোজী প্ৰাণী কোন?

উত্তৰঃ সৰ্বভোজী প্ৰাণী হ’ল মানুহ।

১৮। প্ৰাথমিক উপভোক্তাৰ উদাহৰণ কি?

উত্তৰঃ প্ৰাথমিক উপভোক্তাৰ উদাহৰণ হ’ল তৃণভোজী শহা পহু।

১৯। নুৱেৰ সকল কোন নদীৰ পাৰত বসবাস কৰে?

উত্তৰঃ নুৱেৰ সকল আফ্ৰিকাৰ নীল নদীৰ পৰাত বসবাস কৰে।

২০। নুৱেৰ সকলৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ নুৱেৰ সকলৰ প্ৰধান জীৱিকা হ’ল গো-পালন।

২১। নুৱেৰ সকলৰ প্রিয় খাদ্য কি?

উত্তৰঃ নুৱেৰ সকলৰ প্রিয় খাদ্য হ’ল গো-মাংস।

২২। বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ মূল কাৰণ কি?

উত্তৰঃ বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ মূল কাৰণ হৈছে মানুহ।

২৩। স্ম’গ সৃষ্টি হ’লে মানুহে কিহত কষ্ট পায়?

উত্তৰঃ স্ম’গ সৃষ্টি হ’লে মানুহে শ্বাস-প্ৰশ্বাসত কষ্ট পায়।

২৪। স্ম’গ শব্দটো এইচ-এ-ডাছ ভেক্সে কিমান চনত প্ৰথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ স্ম’গ শব্দটো এইচ-এ-ডাছ ভেক্সে ১৯৫০ চনত প্ৰথম ব্যৱহাৰ কৰিছিল।

২৫। কিমান চনত লণ্ডনত স্ম’গ সৃষ্টি হৈছিল?

উত্তৰঃ ১৯৫১ চনত লণ্ডনত স্ম’গ সৃষ্টি হৈছিল।

২৬। উভভোজী প্ৰাণী কাক বোলে?

উত্তৰঃ যিবিলাক প্ৰাণীয়ে উদ্ভিদ আৰু মাংস উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰে তেতিয়া তাক উভভোজী প্ৰাণী বোলে।

২৭। স্ব-পোষী জীৱ কাক বোলে?

উত্তৰঃ যিবিলাক জীৱই নিজৰ আহাৰ আনৰ সহায় নোলোৱাকৈ নিজেই প্ৰস্তুত কৰি লয় সেইবিলাক জীৱক স্ব-পোষী বোলে।

২৮। পৰজীৱী কাক বোলে?

উত্তৰঃ যি বিলাক জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব নোৱাৰে তেনে জীৱক পৰজীৱী বোলে।

২৯। উপভোক্তা কেইটা ধৰণৰ থাকে?

উত্তৰঃ উপভোক্তা তিনিটা ধৰণৰ থাকে।

৩০। উপভোক্তা তিনিটা ধৰণৰ কি কি?

উত্তৰঃ উপভোক্তা তিনিটা ধৰণৰ হ’ল-

(ক) প্ৰাথমিক উপভোক্তা।

(খ) দ্বিতীয় স্তৰৰ উপভোক্তা।

(গ) তৃতীয় স্তৰৰ উপভোক্তা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top