Class 9 Elective History Additional Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Class 9 Elective History Additional Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Additional Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Notes and select needs one.

Class 9 Elective History Additional Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.

আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Chapter – 1

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্ন উত্তৰঃ

১। আমেৰিকাৰ যুক্তৰাজ্যৰ সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছে?

উত্তৰঃ ১৭৯১ খ্ৰীষ্টাদ্বৰ ৪ মার্চৰপৰা আমেৰিকাৰ যুক্তৰাজ্যৰ সংবিধানখন বলৱৎ কৰা হৈছে।

২। ইংৰাজসকলে আমেৰিকাত কেইখন উপনিৱেশ স্থাপন কৰিছিল?

উত্তৰঃ ১৩ খন।

৩। ক’লম্বাছে কেতিয়া আমেৰিকাত পৰ্দাপন কৰিছিল?

উত্তৰঃ ১৪৯২ চনৰ ১১ অক্টোবৰ তাৰিখে।

৪। আমেৰিকা যুক্তৰাজ্যৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ নাম লিখা?

উত্তৰঃ জৰ্জ ৱাছিংটন।

৫। ফৰাচীসকলে আমেৰিকা মহাদেশৰ ক’ত উপনিৱেশ স্থাপন কৰিছিল?

উত্তৰঃ কানাডাত।

৬। ক’লম্বাচে কোন দেশৰ ৰাজনৈতিক সাহায্য লাভ কৰি আমেৰিকাত পদাৰ্পণ কৰিছিল?

উত্তৰঃ ক’লম্বাচে স্পেইন নামৰ দেশৰ ৰাজনৈতিক সাহায্য লাভ কৰি আমেৰিকাত পদাৰ্পণ কৰিছিল।

৭। ১৪৯২ খ্ৰীষ্টাদ্বত ক’লম্বাচে কিমানজন নাৱিকক লৈ পাল’ছ বন্দৰৰপৰা আটলাণ্টিক মহাসাগৰেদি যাত্রা আৰম্ভ কৰে?

উত্তৰঃ ৮৭ জন নাৱিকক লৈ যাত্ৰা আৰম্ভ কৰে।

৮। আমেৰিকাৰ ক’ত আৰু কেতিয়া প্ৰথমে ইংৰাজসকলে বসতি আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰ্জিনিয়াৰ জেমচ্ টাউনত ১৬০৭ চনত।

৯। ‘সাত-বছৰীয়া’ ৰণ কেতিয়া সমাপ্ত হৈছিল?

উত্তৰঃ ১৭৬৩ চনত।

১০। কোনজন ব্ৰিটিছ অৰ্থমন্ত্ৰীৰ নামেৰে ১৭৬৭ চনৰ এখন কৰ সম্পৰ্কীয় আইন জনাজাত।

উত্তৰঃ চাৰ্লচ টাউনচেশুৰ নামেৰে।

১১। কোনজন ব্ৰিটিছ ৰজাৰ কার্যকালাপ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ এটা অন্যতম কাৰণ লিখা।

উত্তৰঃ ৰজা তৃতীয় জৰ্জ (১৭৬০-১৮২০) ৰ।

১২। কোনখন যুদ্ধত ইংলেণ্ডে কানাডা দখল কৰিছিল?

উত্তৰঃ বিখ্যাত সাত-বছৰীয়া (১৭৫৬-১৭৬৩) যুদ্ধত কানাডা দখল কৰিছিল।

১৩। কাৰ উদ্যোগত ১৭৭৪ চনৰ প্ৰথম আন্তৰ্জাতিক মহাদেশীয় কংগ্ৰেছ অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰ্জিনিয়া বিধানসভাৰ উদ্যোগত আন্তৰ্জাতিক মহাদেশীয় কংগ্ৰেছ অনুষ্ঠিত হৈছিল।

১৪। থমাছ পেইনৰ স্বাধীনতাৰ বাণী বিয়পোৱা পুস্তিকাখনৰ নাম কি আছিল?

উত্তৰঃ ‘কণচেন্স’।

১৫। কিমান চনত ফ্ৰান্স আৰু আমেৰিকাৰ উপনিৱেশসমূহৰ মাজত ব্ৰিটিছ বিৰোধী চুক্তি সম্পাদিত হৈছিল?

উত্তৰঃ ১৭৭৮ চনত।

১৬। কিমান চনত বাহিনী আৰু ব’ষ্টন মানুহৰ মাজত সংঘর্ষৰ সৃষ্টি হৈছিল?

উত্তৰঃ ১৭৭০ খ্ৰীষ্টাদ্বৰ মে’ মাহত সৃষ্টি হৈছিল।

১৭। কৰ্ণৱালিছে ৱাছিংটনৰ সন্মুখত ক’ত আত্মসমৰ্পণ কৰিছিল?

উত্তৰঃ য়ৰ্কটাউনত।

১৮। স্বাধীন আমেৰিকাৰ প্ৰথম সংবিধান কেতিয়া হৈছিল?

উত্তৰঃ ১৭৮৭ চনত।

১৯। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?

উত্তৰঃ জৰ্জ ৱাছিংটন।

২০। ‘বষ্টন টি পাৰ্টি’ নামৰ ঘটনা কেতিয়া ঘটিছিল?

উত্তৰঃ ১৭৭৩ চনৰ ১৬ ডিচেম্বৰত।

২১। আমেৰিকাৰ ক’ত আৰু কেতিয়া প্ৰথমে ইংৰাজসকলে বসতি আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰ্জিনিয়াৰ জেমচ্ টাউনত ১৬০৭ চনত।

২২। ১৭৭৪ চনৰ প্ৰথম আন্তৰ্জাতিক মহাদেশীয় কংগ্ৰেছ ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ফিলাডেলফিয়াত।

২৩। ১৭৭৫ চনত মেছাছুছেট্ছৰ ক’ত ক’ত ব্ৰিটিছ বাহিনীৰ লগত উপনিৱেশ বাহিনীৰ প্ৰত্যক্ষ সংঘর্ষৰ সূত্ৰপাত হৈছিল?

উত্তৰঃ লেক্টিনটন আৰু কনকৰ্ড।

২৪। ফিলাডেলফিয়াৰ দ্বিতীয় মহাদেশীয় সংঘৰ সভাৰ প্ৰতিনিধিসকলে শান্তিৰ প্ৰস্তাৱ ৰাখি চৰকাৰলৈ প্ৰেৰণ কৰা আৱেদনখনৰ নাম কি?

উত্তৰঃ ‘অলিভ ব্ৰান্স পিটিছন’।

২৫। কিমান চনত ভাৰ্চাইৰ সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৭৮৩ চনত।

২৬। স্পেইনে আমেৰিকা মহাদেশৰ ক’ত উপনিৱেশ স্থাপন কৰিছিল?

উত্তৰঃ ফ্ল’ৰিডাত।

২৭। ষ্টুৱাৰ্ট শাসকসকল কিহৰ সমৰ্থক আছিল?

উত্তৰঃ ৰক্ষণশীল এঈলিকান গীৰ্জাৰ।

২৮। আমেৰিকাৰ ক’ত আৰু কেতিয়া প্ৰথমে ইংৰাজসকলে বসতি আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰ্জিনিয়াৰ জেমচ্ টাউনত ১৬০৭ চনত।

২৯। ১৭৫৪ চনত ব্ৰিটিছৰ বাণিজ্য সম্পৰ্কীয় নীতিৰ বিৰোধিতা কৰিবলৈ আলবেনিত কেইখন উপনিৱেশৰ প্ৰতিনিধি মিলিত হৈছিল?

উত্তৰঃ ৭ খন।

৩০। ১৫৮৫ খ্ৰীষ্টাদ্বত কোনে উত্তৰ আমেৰিকাত উপনিৱেশ স্থাপন কৰিছিল?

উত্তৰঃ ছাৰ ৱাল্টৰ ৰেলেই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top