Class 9 Elective History Additional Chapter 3 শিল্প বিপ্লৱ

Class 9 Elective History Additional Chapter 3 শিল্প বিপ্লৱ Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 3 শিল্প বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Additional Chapter 3 শিল্প বিপ্লৱ Notes and select needs one.

Class 9 Elective History Additional Chapter 3 শিল্প বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.

শিল্প বিপ্লৱ

Chapter – 3

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্ন উত্তৰঃ

১। ৰসায়ন আৰু পদাৰ্থবিদ্যৰ অধ্যয়নৰ ফলস্বৰূপে কি ঔষধৰ আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ৰসায়ন আৰু পদাৰ্থবিদ্যৰ অধ্যয়নৰ ফলস্বৰূপে চেতনাহীনতা ঔষধৰ আৱিষ্কাৰ হৈছিল।

২। ১৮৬৭ চনত মাৰ্ক্স আৰু এঞ্জেলছে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ১৮৬৭ চনত মাৰ্ক্স আৰু এঞ্জেলছে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল ‘দাছ কেপিটেল’।

৩। আন্তৰ্জাতিক শ্ৰমিক সংগঠন কোনে কেতিয়া গঠন কৰে?

উত্তৰঃ আন্তৰ্জাতিক শ্ৰমিক সংগঠন ১৮৬৪ চনত কাল মাৰ্ক্সে গঠন কৰে।

৪। ৰেডিঅ’ৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ ১৯২০ চনৰ পৰা ৰেডিঅ’ৰ ব্যৱহাৰ আৰম্ভ হয়।

৫। টেলিগ্ৰাফী যন্ত্ৰ কোনে কেতিয়া আৱিষ্কাৰ কৰে?

উত্তৰঃ ১৮৯৬ চনত ইটালীৰ অধিবাসী গুগলিয়েল মো মাৰ্কনিয়ে টেলিগ্ৰাফী যন্ত্ৰ আৱিষ্কাৰ কৰে।

৬। ৰেলপথ কেতিয়া আৰু ক’ৰ পৰা ক’ৰ লৈকে স্থাপন কৰা হৈছিল?

উত্তৰঃ ৰেলপথ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮৩০ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত পূবৰপৰা পশ্চিমলৈ সাগৰ সংযুক্ত কৰি ৰেলপথ স্থাপন কৰা হৈছিল।

৭। মিউল কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৭৭৯ খ্ৰী:ত ক্ৰম্পটনে মিউল আৱিষ্কাৰ কৰিছিল।

৮। শিল্প-বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ অষ্টাদশ শতিকাৰ মাজভাগত শিল্প-বিপ্লৱ আৰম্ভ হৈছিল।

৯। ‘ড্ৰিল’ নামৰ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ জেথ্ৰ’টুলয়ে ‘ড্ৰিল’ নামৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল।

১০। কোন বংশৰ ৰজাসকলৰ দিনৰপৰা ইংৰাজসকল ব্যৱসায়ী জাতিত পৰিণত হৈছিল?

উত্তৰঃ টিউড বংশৰ দিনৰপৰা ইংৰাজসকল ব্যৱসায়ী জাতিত পৰিণত হৈছিল।

১১। কোনে ‘উৰণীয়া মাকো’ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ জন কেইয়ে।

১২। ‘ৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক কোন?

উত্তৰঃ ৰিচাৰ্ড আৰ্কৰাইট।

১৩। ‘স্পিনিং জেনি’ৰ আৱিষ্কাৰ্তা কেনে?

উত্তৰঃ হাৰগ্ৰীভ্ছ।

১৪। কোনে প্ৰথমে ইংলেণ্ডত পাম খুলি শস্যৰ উৎপাদন বঢ়োৱাৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাইছিল?

উত্তৰঃ টাউনছেশুয়ে।

১৫। খনিৰ ভিতৰৰপৰা পানী উলিওৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ নিউ কমনয়ে।

১৬। ব্ৰিটেইনৰ এবিধ প্ৰাচীন কালৰপৰা চলি অহা কুটীৰ শিল্পৰ নাম লিখা।

উত্তৰঃ ভেড়াৰ নোমৰপৰা ঊণ আৰু ঊণৰ কাপোৰ তৈয়াৰ কৰা শিল্প।

১৭। যন্ত্ৰচালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কাৰ্টৰাইটয়ে।

১৮। টেলিগ্ৰাফৰ আৱিষ্কৰ্তা কোন?

উত্তৰঃ চেমুৱেল মৰ্চ।

১৯। শিল্প-বিপ্লৱৰ আগতে ইংৰাজসকলৰ প্ৰধান জীৱিকা কি আছিল?

উত্তৰঃ কৃষি।

২০। ‘নিৰাপদ চাকি’ আৱিষ্কাৰক কোন?

উত্তৰঃ হামফ্ৰে ডেভি।

২১। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আলোকজেণ্ডাৰ গ্ৰাহাম বেলে  টেলিফোন আৱিষ্কাৰ কৰিছিল।

২২। কয়লা পুৰি ক’ক তৈয়াৰ কৰিলে গন্ধকৰ পৰিমাণ লোপ পোৱা কথাটোৰ আৱিষ্কাৰক কোন?

উত্তৰঃ আব্ৰাহাম ডাৰ্ব।

২৩। ইংলেণ্ডত আলিবাটৰ ওপৰত বোকা নহ’বলৈ শিল দিয়া পদ্ধতিটো কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ মেকাডাম আৱিষ্কাৰ কৰিছিল।

২৪। ইংৰাজ চৰকাৰৰ ‘কাৰখানা আইন’ কেতিয়া গৃহীত হৈছিল?

উত্তৰঃ ১৮৭৪ চনত গৃহীত হৈছিল।

২৫। ইংলেণ্ডত বাষ্পচালিত ইঞ্জিনৰ ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮২৫ চনত প্ৰৱৰ্তন কৰা হৈছিল।

২৬। ভাৰতবৰ্ষত কেতিয়া প্ৰথমে তীখা কাৰখানা স্থাপিত হৈছিল?

উত্তৰঃ ১৯০৭ চনত।

২৭। কোন চনত ৰেল ইঞ্জিন আৱিষ্কাৰ কৰা হৈছিল?

উত্তৰঃ ১৮১৪ চনত ইঞ্জিন আৱিষ্কাৰ কৰা হৈছিল।

২৮। কি কি ক্ষেত্ৰত উদ্যোগ-বিপ্লৱে সমস্যাৰ সৃষ্টি কৰিছিল?

উত্তৰঃ স্বাস্থ্য, শিক্ষা, থকা ঘৰ ক্ষেত্ৰত উদ্যোগ-বিপ্লৱে সমস্যাৰ সৃষ্টি কৰিছিল।

২৯। ইউৰোপীয় দেশবিলাকৰ ভিতৰত কোনখন দেশত শেষত শিল্প-বিপ্লৱ হৈছিল?

উত্তৰঃ ৰাছিয়াত।

৩০। প্ৰথমে ক’ত শিল্প-বিপ্লৱৰ সূচনা হৈছিল?

উত্তৰঃ ইংলেণ্ডত শিল্প-বিপ্লৱৰ সূচনা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top