Class 9 Elective History Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Extra Solutions and select needs one.
Class 9 Elective History Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.
উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান
Chapter – 6
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্ন উত্তৰঃ
১। অসমত একশৰণ নামধৰ্ম বা নৱ-বৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰ কৰিছিল।
২। ‘সত্ৰ’ বুলিলে কি বুজা?
উত্তৰঃ সমগ্ৰ অসমত মহাপুৰুষ শংকৰদেৱৰ শিষ্যসকলে ঠায়ে ঠায়ে এই ধৰ্ম প্ৰচাৰৰ বাবে কিছুমান কেন্দ্ৰ স্থাপন কৰে। এই কেন্দ্ৰবোৰক ‘সত্ৰ’ নামেৰে জনা যায়।
৩। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধদেৱ আছিল।
৪। ‘পাইক’ বুলিলে কি বুজা?
উত্তৰঃ আহোম শাসন ব্যৱস্থাত তেওঁলোকক ‘পাইক’ বোলা হৈছিল।
৫। ‘বৰৰজা’ কোন?
উত্তৰঃ বৰৰজা হৈছে ফুলেশ্বৰী কুঁৱৰী।
৬। ‘The Comprehensive History of Assam’ গ্ৰন্থ কোনে প্ৰকাশ কৰিছিল?
উত্তৰঃ ডঃ হেৰন্ব কান্তয়ে প্ৰকাশ কৰিছিল।
৭। খাচী বিদ্ৰোহ কেতিয়াৰ পৰা কেতিয়ালৈ সংগঠিত হৈছিল?
উত্তৰঃ ১৮২৮ চনৰ পৰা ১৮৩৩ চনলৈকে।
৮। খাচী ৰাজ্যত মুঠ কিমানখন ৰাজ্য আছিল?
উত্তৰঃ খাচী ৰাজ্যত মুঠ ২৫ খন সৰু সৰু ৰাজ্য আছিল।
৯। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ২৪ ফেব্ৰুৱাৰী ১৮২৬ চনত স্বাক্ষৰিত কৰা হৈছিল।
১০। মটক ৰাজ্য কোনে সৃষ্টি কৰিছিল?
উত্তৰঃ মটক ৰাজ্য পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সৃষ্টি কৰিছিল।
১১। মেঘালয় প্ৰদেশ বুলিলে কি বুজা?
উত্তৰঃ মেঘালয় প্ৰদেশ বুলিলে তিনিখন পাহাৰক বুজোৱা হয়। যেনেঃ খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ একত্ৰিত ৰূপকে বুজোৱা হয়।
১২। খাচী পাহাৰ বা ৰাজ্যত সৰ্বমুঠ কিমানখন ৰাজ্য আছিল?
উত্তৰঃ খাচী পাহাৰ বা ৰাজ্যত সৰ্বমুঠ পঁচিশখন সৰু সৰু খাচী ৰাজ্য আছিল।
১৩। টিৰত সিঙে ডেভিড স্কটৰ লগত কেতিয়া চুক্তি স্বাক্ষৰ কৰিছিল?
উত্তৰঃ ১৮২৬ চনৰ ৩০ নবেম্বৰত টিৰত সিঙে ডেভিড স্কটৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল।
১৪। বিদ্ৰোহীসকলে কিমান কৃষক লগত লৈ নংল্খৌৰ ব্ৰিটিছ স্বাস্থ্য নিবাস আক্ৰমণ কৰিছিল?
উত্তৰঃ বিদ্ৰোহীসকলে প্ৰায় ছশ মান খাচী কৃষক লগত লৈ নংল্খৌৰ ব্ৰিটিছ স্বাস্থ্য নিবাস আক্ৰমণ কৰিছিল।
১৫। টিৰত সিঙে কেতিয়া সন্ধিৰ প্ৰস্তাৱত চহী কৰিছিল?
উত্তৰঃ টিৰত সিঙে ১৮৩৩ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত সন্ধিৰ প্ৰস্তাৱত চহী কৰিছিল।
১৬। টিৰত সিঙৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰঃ ১৮৩৪ চনৰ মাৰ্চ মাহত টিৰত সিঙৰ মৃত্যু হৈছিল।
১৭। ভাস্ক-ডা-গামাই কি অন্তৰীপ অতিক্ৰম কৰিছিল?
উত্তৰঃ ভাস্ক-ডা-গামাই উত্তমাশা অন্তৰীপ অতিক্ৰম কৰিছিল।
১৮। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পিতৃৰ নাম ঘনশ্যম বুঢ়াগোহাঁই আছিল।
১৯। শ্ৰেষ্ঠ পথ বুলিলে কি বুজা?
উত্তৰঃ বৰ্ণভেদীহীন একশৰণ বৈষ্ণৱ ধৰ্মত ঈশ্বৰৰ নাম কীৰ্তনক ঈশ্বৰ প্ৰাপ্তিৰ শ্ৰেষ্ঠ পথ বুলি কোৱা হয়।
২০। সত্ৰৰ মুৰব্বীক কি বুলি কোৱা হয়?
উত্তৰঃ সত্ৰৰ মুৰব্বীক “অধিকাৰ” বা “মহন্ত’ বুলি কোৱা হয়।
২১। সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ শিষ্যসকলে সমগ্র অসমত ঠায়ে ঠায়ে এই ধৰ্ম প্ৰচাৰৰ বাবে কেন্দ্ৰ স্থাপত কৰে। এইবোৰক সত্ৰ বুলি কোৱা হয়।
২২। অসমত প্ৰতিষ্ঠিত হোৱা এটা বৈষ্ণৱ সত্ৰ নাম কি?
উত্তৰঃ অসমত প্ৰতিষ্ঠিত হোৱা এটা বৈষ্ণৱ সত্ৰ নাম হ’ল- মোৱামৰীয়া বা মায়ামৰা সত্ৰ।
২৩। টিকেন্দ্ৰজিতৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল?
উত্তৰঃ টিকেন্দ্ৰজিতৰ জন্ম ১৮৫৯ খ্ৰীষ্টাব্দত হৈছিল।
২৪। টিকেন্দ্ৰজিতক তেওঁৰ পিতৃ চন্দ্ৰকীৰ্তি সিংহই কি বুলি মাতিছিল?
উত্তৰঃ টিকেন্দ্ৰজিতক তেওঁৰ পিতৃ চন্দ্ৰকীৰ্তি সিংহই ‘কইৰেং’ বা ‘ব্যাঘ্ৰ চিকাৰী’ বুলি মাতিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


