Class 9 Elective History Additional Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Class 9 Elective History Additional Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Extra Solutions and select needs one.

Class 9 Elective History Additional Chapter 5 ১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.

১৮৫৭ চনৰ ভাৰতৰ বিদ্ৰোহ

Chapter – 5

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্ন উত্তৰঃ

১। মণিৰাম দেৱানে নিজাকৈ খোলা চাহ বাগান দুখনৰ নাম কি আছিল?

উত্তৰঃ মণিৰাম দেৱানে নিজাকৈ খোলা চাহ বাগান দুখনৰ নাম হ’ল– চেনিমৰা আৰু চেংলুং বাগিছা।

২। ‘মহাৰাণীৰ ঘোষণাপত্ৰ’ প্ৰকাশিত হোৱাৰ পাছত ভাৰতবৰ্ষত কি লোকৰ চিপাহীৰ সংখ্যা বঢ়োৱা হৈছিল?

উত্তৰঃ ব্ৰিটিছ লোকৰ চিপাহীৰ সংখ্যা বঢ়োৱা হৈছিল।

৩। ‘মহাৰাণীৰ ঘোষণাপত্ৰ’ কোন মহাৰাণীৰ নামত ঘোষিত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘মহাৰাণীৰ ঘোষণাপত্ৰ’ ভিক্টোৰিয়াৰ ঘোষিত হৈছিল।

৪। ১৮৫৩ চনত কলিকতাৰ সদৰ দেৱানী আদালতৰপৰা অসমলৈ অহা ন্যায়ধীশজনৰ নাম কি আছিল?

উত্তৰঃ ১৮৫৩ চনত কলিকতাৰ সদৰ দেৱানী আদালতৰপৰা অসমলৈ অহা ন্যায়ধীশজনৰ নাম মোফাট মিলচ্ ।

৫। বাহাদুৰ শ্বাহক ক’লৈ নিৰ্বাসিত কৰা হৈছিল?

উত্তৰঃ বাহাদুৰ শ্বাহক ৰেঙ্গুনলৈ নিৰ্বাসিত কৰা হৈছিল।

৬। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হৈছিল।

৭। ভাৰত শাসন আইন অনুসৰি ভাৰতবৰ্ষৰ শাসনভাৰ কৰপৰা কাৰ অধীনলৈ নিয়া হৈছিল?

উত্তৰঃ ভাৰত শাসন আইন অনুসৰি ভাৰতবৰ্ষৰ শাসনভাৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰপৰা ব্ৰিটিছ পাৰ্লামেন্টৰ অধীনলৈ নিয়া হৈছিল।

৮। ‘ভাৰত শাসন আইন’ কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ ‘ভাৰত শাসন আইন’ ১৮৫৮ চনৰ ২ আগষ্ট তাৰিখে ঘোষণা কৰা হৈছিল।

৯। মণিৰাম দেৱানে কেতিয়া কোম্পানীৰ চাকৰি ইস্তফা দিছিল?

উত্তৰঃ মণিৰাম দেৱানে ১৮৪৫ চনত কোম্পানীৰ চাকৰি ইস্তফা দিছিল।

১০। ‘চিপাহী বিদ্ৰোহ’ কেতিয়া হৈছিল?

উত্তৰঃ ‘চিপাহী বিদ্ৰোহ’ ১৮৫৭ চনত হৈছিল।

১১। চিপাহী বিদ্ৰোহৰ অতিশয় স্পৰ্শকাতৰ কাৰণ হিচাপে বিবেচিত হোৱা অস্ত্ৰবিধৰ নাম লিখা।

উত্তৰঃ চিপাহী বিদ্ৰোহৰ অতিশয় স্পৰ্শকাতৰ কাৰণ হিচাপে বিবেচিত হোৱা অস্ত্ৰবিধৰ নাম হ’ল- এনফিল্ড ৰাইফল।

১২। ১৮৫৭ চনত বিদ্ৰোহীসকলে কাক হিন্দুস্তানৰ সম্ৰাট বুলি ঘোষণা কৰিছিল?

উত্তৰঃ ১৮৫৭ চনত বিদ্ৰোহীসকলে বাহাদুৰ শ্বাহ জাফৰক।

১৩। অসমত চিপাহী বিদ্ৰোহ সংগঠিত কৰা প্ৰধান নেতা দুগৰাকীৰ নাম লিখা।

উত্তৰঃ অসমত চিপাহী বিদ্ৰোহ সংগঠিত কৰা প্ৰধান নেতা দুগৰাকীৰ নাম হ’ল মণিৰাম দেৱান আৰু পিয়লি বৰুৱা।

১৪। উইলিয়াম বেন্টিংকে হিন্দু আইন সংশোধন কৰি কাক পৈত্ৰিক সম্পত্তিৰ ওপৰত অধিকাৰ দিছিল?

উত্তৰঃ উইলিয়াম বেন্টিংকে হিন্দু আইন সংশোধন কৰি কাক পৈত্ৰিক সম্পত্তি ধৰ্মান্তৰিতসকলক দিছিল।

১৫। ব্ৰিটিছে ভাৰতত কেতিয়া ‘হিন্দু বিবাহ আইন’ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ব্ৰিটিছে ভাৰতত ১৮৫৬ চনত ‘হিন্দু বিবাহ আইন’ প্ৰৱৰ্তন কৰিছিল।

১৬। চিপাহী বিদ্ৰোহত অংশ গ্ৰহণ কৰা এজন মাৰাঠা নায়কৰ নাম লিখা।

উত্তৰঃ চিপাহী বিদ্ৰোহত অংশ গ্ৰহণ কৰা এজন মাৰাঠা নায়কৰ নাম হ’ল – নানা চাহেব।

১৭। লক্ষ্মীবাই ক’ৰ ৰাণী আছিল?

উত্তৰঃ লক্ষ্মীবাই ঝান্সীৰ ৰাণী আছিল।

১৮। কোনজন গৰ্বণৰ জেনেৰেল ‘স্বত্ত্ব-বিলোপ নীতি’ প্ৰয়োগ কৰিছিল?

উত্তৰঃ লৰ্ড ডেলহাউছিয়ে ‘স্বত্ত্ব-বিলোপ নীতি’ প্ৰয়োগ কৰিছিল।

১৯। ১৮৫৭ চনৰ ১১ মে’ত দিল্লী অধিকাৰ চিপাহীসকল ক’ৰ আছিল?

উত্তৰঃ ১৮৫৭ চনৰ ১১ মে’ত দিল্লী অধিকাৰ চিপাহীসকল মীৰাটৰ আছিল।

২০। নানা চাহেবে নিজকে কি বুলি ঘোষণা কৰিছিল?

উত্তৰঃ নানা চাহেবে নিজকে পেছোৱা বুলি ঘোষণা কৰিছিল।

২১। আসাম কোম্পানীয়ে মণিৰামক কেতিয়া দেৱান পাতিছিল?

উত্তৰঃ আসাম কোম্পানীয়ে মণিৰামক ১৮৩৯ চনত পাতিছিল।

২২। কোন তাৰিখে ভাৰতীয় চিপাহীসকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় চিপাহীসকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল।

২৩। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ মঙ্গল পাণ্ডে।

২৪। ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৮৩৩ চনত কাক উজনি অসমৰ ৰজা পাতিছিল?

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৮৩৩ চনত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পাতিছিল।

২৫। পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা (১৮৩৩-১৮৩৮) হৈ থাকোঁতে মণিৰাম দেৱানে কি পদত আছিল?

উত্তৰঃ বিত্তমন্ত্ৰী বা বৰভাণ্ডাৰ বৰুৱা।

২৬। মণিৰাম দেৱানৰ পিতৃৰ নাম কি?

উত্তৰঃ মণিৰাম দেৱানৰ পিতৃৰ নাম হ’ল- ৰামদত্ত।

২৭। কিমান চনত আইন প্ৰণয়ন কৰি কোম্পানীৰ চৰকাৰে অসমৰ ৰাজ-পৰিয়ালৰ লশুৱা-লিকচৌক দাসত্বৰপৰা মুকলি কৰিছিল?

উত্তৰঃ ১৮৪৩ চনত মুকলি কৰিছিল।

২৭। ‘এনফিল্ড ৰাইফল’ৰ টোটাৰ ঢাকনিখন কিহেৰে তৈয়াৰী বুলি বাতৰি বিয়পি পৰিছিল?

উত্তৰঃ ‘এনফিল্ড ৰাইফল’ৰ টোটাৰ ঢাকনিখন কিহেৰে তৈয়াৰী বুলি গৰু আৰু গাহৰিৰ চৰ্বীয়ে বিয়পি পৰিছিল।

২৮। মঙ্গল পাণ্ডেই ক’ত ব্ৰিটিছ বিষয়াক আক্ৰমণ কৰিছিল?

উত্তৰঃ মঙ্গল পাণ্ডে পেছোৱা বুলি আক্ৰমণ কৰিছিল।

২৯। মঙ্গল পাণ্ডে কোন ৰেজিমেণ্টত আছিল?

উত্তৰঃ মঙ্গল পাণ্ডে ৩৪ নম্বৰ ৰেজিমেণ্টত আছিল।

৩০। ভাৰতত ব্ৰিটিছ লোকৰ শাসন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতত ব্ৰিটিছ লোকৰ শাসন ১৭৫৭ চনত আৰম্ভ হৈছিল।

৩১। লৰ্ড কেনিঙে কেতিয়া শান্তি ঘোষণা কৰিছিল?

উত্তৰঃ লৰ্ড কেনিঙে ১৮৫৮ খ্ৰীষ্টাব্দৰ ৮ জুলাইত শান্তি ঘোষণা কৰিছিল।

৩২। বাহাদুৰ ছাহ কিমান বছৰ বয়সত মৃত্যু হৈছিল?

উত্তৰঃ বাহাদুৰ ছাহ ৮৭ বছৰ বয়সত মৃত্যু হৈছিল।

৩৩। মধ্য ভাৰতৰ বিদ্ৰোহৰ প্ৰধান নেত্ৰী কোন আছিল?

উত্তৰঃ মধ্য ভাৰতৰ বিদ্ৰোহৰ প্ৰধান নেত্ৰী ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ আছিল।

৩৪। মৌলবী আহমদউল্লাৰ কেতিয়া মৃত্যু ঘটিছিল?

উত্তৰঃ মৌলবী আহমদউল্লাৰ ১৮৫৮ চনৰ জুন মাহত মৌলবী আহমদউল্লাৰ মৃত্যু ঘটিছিল।

৩৫। বিহাৰ বিদ্ৰোহৰ নেতা কোন আছিল?

উত্তৰঃ বিহাৰ বিদ্ৰোহৰ নেতা জগদীশপুৰৰ প্ৰাক্তন জমিদাৰ কোঁৱৰ সিং আছিল।

৩৬। ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ আন এক প্ৰসিদ্ধ দেশখনৰ নাম লিখা?

উত্তৰঃ ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ আন এক প্ৰসিদ্ধ দেশখনৰ নাম হ’ল- বিহাৰ।

৩৭। দিল্লী কাৰ ৰাজধানী?

উত্তৰঃ দিল্লী মোগলসকলৰ ৰাজধানী।

৩৮। মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল।

৩৯। মীৰাটৰপৰা দিল্লীৰ দূৰত্ব কিমান কিলোমিটাৰ?

উত্তৰঃ মীৰাটৰ পৰা দিল্লীৰ দূৰত্ব প্ৰায় ৬৫ কিলোমিটাৰ।

৪০। সাতাৱন চন বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ সাতাৱন চন বিদ্ৰোহৰ প্ৰথম ছহিদ মংগল পাণ্ডে আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top