Class 9 Elective History Additional Chapter 2 ফৰাছী বিপ্লৱ Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 2 ফৰাছী বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Additional Chapter 2 ফৰাছী বিপ্লৱ Notes and select needs one.
Class 9 Elective History Additional Chapter 2 ফৰাছী বিপ্লৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.
ফৰাছী বিপ্লৱ
Chapter – 2
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্ন উত্তৰঃ
১। জাতীয় সভাৰ অধিৱেশনৰ কিমান চনত সামৰণি পৰিল?
উত্তৰঃ ১৭৯১ চনত ৩০ ছেপ্টেম্বৰৰ দিনা জাতীয় সভাৰ সামৰণি পৰিল।
২। ফৰাচী বিপ্লৱৰ পূৰ্বে সেই দেশত উচ্চ শ্ৰেণীৰ যাজকসকল কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল?
উত্তৰঃ প্ৰথম শ্ৰেণীৰ।
৩। আমেৰিকাৰ স্বাধীনতা যুদ্ধত অংশ গ্ৰহণ কৰা ফ্ৰান্সৰ সংস্কাৰবাদী নেতাজনৰ নাম কি আছিল?
উত্তৰঃ লাফায়ট।
(৪) ফৰাছী বিপ্লৱীৰ প্ৰথম বলি কোন আছিল?
উত্তৰঃ ফৰাছী বিপ্লৱীৰ প্ৰথম বলি ষোড়শ লুই আছিল।
(৫) নেপোলিয়ন বলপূৰ্বক ক্ষমতা দখল কাৰ্যৰ ঘটনা কি নামেৰে জনাজাত?
উত্তৰঃ নেপোলিয়ন বলপূৰ্বক ক্ষমতা দখল কাৰ্যৰ ঘটনা ১৮ ব্ৰুমেয়াৰৰ নামেৰে জনাজাত।
(৬) ফৰাচী দেশত সুবিধাভোগী দলটো কাৰ দ্বাৰা ইগঠিত হৈছিল?
উত্তৰঃ যাজক আৰু অভিজাতসকলৰ দ্বাৰা।
(৭) ‘দ্য স্পিৰিট অৱ দ্য লজ’ৰ লিখক কোন?
উত্তৰঃ মন্টেস্কু।
(৮) নেপোলিয়নে ক’ত আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল?
উত্তৰঃ নেপোলিয়নে ভূমধ্য সাগৰৰ কৰ্ছিকা নামৰ এটা সৰু দ্বীপত ১৫ আগষ্ট, ১৭৬৯ চনত জন্মগ্ৰহণ কৰিছিল।
(৯) ডাইৰেক্ট্ৰৰীৰ শাসনকালত কেইজন ডিৰেক্ট্ৰৰ আছিল?
উত্তৰঃ পাঁচজন।
(১০) কোন চনত ষ্টেটছ জেনেৰেলক বিপ্লৱীসকলে জাতীয় বা সভা বুলি ঘোষণা কৰিলে?
উত্তৰঃ ১৭৮৯ চনত।
(১১) নেপোলিয়নৰ মৃত্যু কেতিয়া ঘটিছিল?
উত্তৰঃ ১৮২১ চনৰ ৫ মে’ৰ দিনা বন্দী অৱস্থাতে মৃত্যু ঘটিছিল।
(১২) কোন চনত বিপ্লৱীসকলে ফ্ৰান্সত গণৰাজ্য প্ৰতিষ্ঠাৰ ঘোষণা কৰিলে?
উত্তৰঃ ১৭৯২ চনত।
(১৩) কনভেনচনৰ বৈঠক কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৭৯২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল।
(১৪) ছেপ্টেম্বৰৰ হত্যাকাশু বুলিলে কি বুজা?
উত্তৰঃ ৰজাৰ সমৰ্থক বুলি যাকে য’তে পালে, সকলোকে নামমাত্ৰ বিচাৰ কৰি হত্য কৰা হ’ল। ইয়াকে ছেপ্টেম্বৰৰ হত্যাকাণ্ড বুলি কোৱা হয়।
(১৫) কোন চনত ফ্ৰান্সৰ বিৰুদ্ধে প্ৰথম ইউৰোপীয় শক্তি সমবায় গঠিত হৈছিল?
উত্তৰঃ ১৭৯৩ চনত।
(১৬) ‘ছছিয়েল কন্টেক্ট্ৰ’ কোনে লিখিছিল?
উত্তৰঃ ৰুচোৱে।
(১৭) ফৰাচী বিপ্লৱৰ আগতে মধ্যবিত্ত লোকসকলকে ফ্ৰান্সত কোন শ্রেণীৰ নাগৰিক বুলি গণ্য কৰা হৈছিল?
উত্তৰঃ তৃতীয় শ্ৰেণীৰ।
(১৮) বিধান সভা অধিৱেশন কেতিয়াৰ পৰা আৰম্ভ হয়?
উত্তৰঃ নতুন সংবিধান অনুসৰি ১ অক্টোবৰৰপৰা আৰম্ভ হয়।
(১৯) পেৰিচ কমিউন মানে কি?
উত্তৰঃ পেৰিচৰ বিভিন্ন এলেকাৰ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত নগৰ পৰিচালনা সমিতি।
(২০) মন্টেস্কুৰ বিখ্যাত কিতাপখনৰ নাম কি আছিল?
উত্তৰঃ ‘দ্য স্পিৰিট অৱ দ্য লজ’।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


