🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Elective History Additional Chapter 4 ৰুছ বিপ্লৱ

Class 9 Elective History Additional Chapter 4 ৰুছ বিপ্লৱ Solutions, SEBA Class 9 Elective History Additional and Short Type Question Answer, Class 9 Elective History Additional Chapter 4 ৰুছ বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 9 Elective History Extra Solutions and select needs one.

Class 9 Elective History Additional Chapter 4 ৰুছ বিপ্লৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 9 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective History Extra Question Answer for All Subject, You can practice these here.

ৰুছ বিপ্লৱ

Chapter – 4

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্ন উত্তৰঃ

১। ১৯১৭ চনৰ নৱেম্বৰৰ ৰুছ-বিপ্লৱক কোনটো ৰাজনৈতিক দলে নেতৃত্ব দিছিল?

উত্তৰঃ বলছেভিক দলে নেতৃত্ব দিছিল।

২। নতুন অৰ্থনৈতিক কৰ্মনীতিক চমুকৈ কি বুলি কোৱা হয়?

উত্তৰঃ নতুন অৰ্থনৈতিক কৰ্মনীতিক ‘নেপ’ বুলি কোৱা হয়।

৩। মুক্তিদাতা জাৰ কোন?

উত্তৰঃ মুক্তিদাতা জাৰ দ্বিতীয় আলকজেণ্ডাৰ।

৪। ৰাছিয়াত এতিয়াও সমাজতন্ত্ৰ আছেনে?

উত্তৰঃ নাই।

৫। ১৯১৭ চনৰ নৱেম্বৰৰ মাহৰ বিপ্লৱৰ সময়ত ৰাছিয়াৰ অস্থায়ী চৰকাৰখনৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ ১৯১৭ চনৰ নৱেম্বৰৰ মাহৰ বিপ্লৱৰ সময়ত ৰাছিয়াৰ অস্থায়ী চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হ’ল আলকজেণ্ডাৰ কেৰেনস্কী।

৬। ভূমিদাস প্ৰথা কোন চনত বিলোপ কৰা হৈছিল?

উত্তৰঃ ভূমিদাস প্ৰথা ১৮৬১ চনত বিলোপ কৰা হৈছিল।

৭। বৈজ্ঞানিক সাম্যবাদৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ বৈজ্ঞানিক সাম্যবাদৰ প্ৰৱৰ্তক কাৰ্লমাৰ্ক্স আৰু ফ্ৰেডৰিক এঙ্গেলছ।

৮। নিহিলিষ্ট ভাৱধাৰাব প্ৰৱৰ্তক কোন?

উত্তৰঃ নিহিলিষ্ট ভাৱধাৰাব প্ৰৱৰ্তক হ’ল মিখাইল বাকুনিন।

৯। ৰাছিয়াৰ সংসদখনৰ নাম কি আছিল?

উত্তৰঃ ৰাছিয়াৰ সংসদখনৰ নাম হ’ল ডুমা।

১০। ৰাছিয়াৰ কোনজন শাসকক প্ৰথমে জাৰ উপাধি দিয়া হৈছিল?

উত্তৰঃ ৰাছিয়াৰ মস্কোৰ ৰাজকুমাৰ চতুৰ্থ আইভানক জাৰ উপাধি দিয়া হৈছিল।

১১। দ্বিতীয় ৰুছ বিপ্লৱৰ কোনে গুৰি ধৰিছিল?

উত্তৰঃ দ্বিতীয় ৰুছ বিপ্লৱৰ বলছেভিকসকলে আৰু বিশেষকৈ লেনিনে গুৰি ধৰিছিল।

১২। ‘নতুন অৰ্থনৈতিক কৰ্মনীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ‘নতুন অৰ্থনৈতিক কৰ্মনীতি’ লেনিনে।

১৩। ঊনৈশ শতিকাত ৰুচিয়াত কোন ৰাজবংশই ৰাজত্ব কৰিছিল?

উত্তৰঃ ঊনৈশ শতিকাত ৰুচিয়াত ৰোমানভ ৰাজবংশই ৰাজত্ব কৰিছিল।

১৪। ভূমিদাস প্ৰথাৰ বিলোপে ৰাছিয়াৰ কৃষকক অৰ্থনৈতিক স্বাধীনতা দিয়া নাছিল বুলি কোনজন ঐতিহাসিকে কৈছিল?

উত্তৰঃ ডেভিদ থমচনে কৈছিল।

১৫। লেনিনৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ লেনিনৰ সম্পূৰ্ণ নামটো হ’ল ভ্লাডিমিৰ ইলিচ উলিয়ামছ।

১৬। মেনিফেষ্টো’ৰ প্ৰথম কথা কি আছিল?

উত্তৰঃ মেনিফেষ্টো’ৰ প্ৰথম কথা ‘মানৱ সমাজৰ ইতিহাস শ্ৰেণী সংগ্ৰামৰ নামান্তৰ মাথোন।’ আছিল।

১৭। মেনিফেষ্টো কেতিয়া কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ মেনিফেষ্টো ১৯০৫ চনৰ অক্টোবৰ মাহত কাৰ্যকৰী কৰা হৈছিল।

১৮। কাৰ্লমাৰ্ক্সৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ জাৰ্মানীৰ এক মধ্যবিত্ত পৰিয়ালত ১৮১৮ চনত কাৰ্লমাৰ্ক্সৰ জন্ম হৈছিল।

১৯। ব্যপক ধৰ্মঘট কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ব্যপক ধৰ্মঘট ১৯০৫ চনৰ ১৫ জানুৱাৰীত আৰম্ভ হৈছিল।

২০। কাৰ্লমাৰ্ক্সৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ কাৰ্লমাৰ্ক্সৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হ’ল ‘ডাছ কেপিটেল’।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top