Class 11 Political Science Important Chapter 6 ন্যায়পালিকা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 6 ন্যায়পালিকা Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 6 ন্যায়পালিকা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
ন্যায়পালিকা
Chapter: 6
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰ কৰা-
১। আইনৰ শাসন হ’ল নাগৰিকৰ অধিকাৰ আৰু _________ ৰক্ষা কবচ।
উত্তৰঃ আইনৰ শাসন হ’ল নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কবচ।
২। উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ সংৰক্ষনৰ বাবে বিভিন্ন _________ জাৰি কৰিব পাৰে।
উত্তৰঃ উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ সংৰক্ষনৰ বাবে বিভিন্ন লেখ (Writ) জাৰি কৰিব পাৰে।
৩। ন্যায়ালয় হ’ল __________ ৰক্ষক।
উত্তৰঃ ন্যায়ালয় হ’ল ভাৰতীয় সংবিধানৰ ৰক্ষক।
৪। বৰ্তমান ভাৰতত ___________ খন উচ্চ ন্যায়ালয় আছে।
উত্তৰঃ বৰ্তমান ভাৰতত ২৪ খন উচ্চ ন্যায়ালয় আছে।
৫। ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল ____________।
উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সাংবিধানিক।
সত্য/অসত্য-
১। আইনৰ চকুত সমতা (Equality) ই হ’ল ‘আইনৰ শাসন’ৰ সাৰবস্তু।
উত্তৰঃ সত্য।
২। উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ অধিকাৰ ক্ষেত্র অতি বহল।
উত্তৰঃ সত্য।
৩। মুখ্য ন্যায়াধীশৰ নিযুক্তি সদায় ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত থাকে।
উত্তৰঃ অসত্য।
৪। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰণ কৰা ইচ্ছা নিৰ্ভৰশীল আৰু বাধ্যতামূলক নহয়।
উত্তৰঃ অসত্য।
৫। উচ্চ ন্যায়ালয় হ’ল ৰাজ্যৰ সৰ্বোচ্চ ন্যায়ালয়।
উত্তৰঃ সত্য।
চুটি প্রশ্ন-উত্তৰ-
১। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে কিমান বছৰ পূৰ্ণ হ’লে অৱসৰ গ্রহণ কৰিব লাগে?
উত্তৰঃ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে ৬২ বছৰ পূৰ্ণ হ’লে অৱসৰ গ্রহণ কৰিব লাগে।
২। উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী কেইটা আৰু কি কি?
উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীক চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল-
(ক) মৌলিক ক্ষেত্ৰাধিকাৰ (Original Jurisdiction) |
(খ) আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰ (Appellate Jurisdiction)।
(গ) পৰামৰ্শ দানৰ ক্ষেত্ৰাধিকাৰ (Advisory Jurisdiction) ।
(ঘ) বিবিধ ক্ষমতা (Miscellaneous Powers) ।
৩। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় কোনটো?
উত্তৰঃ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় হ’ল- যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়।
৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊর্ধ্বতম বয়স সীমা কিমান?
উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊর্ধ্বতম বয়স সীমা ৬৫ বছৰ।
৫। স্বাধীন ন্যায়পালিকা বুলিলে কি বুজা?
উত্তৰঃ বিধানমণ্ডল আৰু কাৰ্যপালিকা (মন্ত্রী-পৰিষদ)-ৰ নিয়ন্ত্রণাধীন নহৈ স্বাধীনভাবে কাৰ্যনিৰ্বাহ কৰাৰ বাবে সমৰ্থৱান হোৱা ন্যায়পালিকাক স্বাধীন ন্যায়পালিকা বোলা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



